চ্যু-পাত-ফা
চাওফা চ্যু-পাত-ফা (টাই-আহোম: 𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜆𑜄𑜫 𑜇𑜡, ইংৰাজী: Supatphaa, শাসনকাল: ১৬৮১ - ১৬৯৬)[2], বা গদাধৰ সিংহ অসমৰ ২৯তম চাওফা (স্বৰ্গদেউ) আছিল। তেওঁ আহোম ৰাজবংশৰ টুংখুঙীয়া ফৈদৰ প্ৰতিষ্ঠা কৰে, আহোম সাম্ৰাজ্যৰ অন্ত পৰালৈকে এই ফৈদে অসমত শাসন কৰি যায়। তেওঁ চুহুংমুংৰ উত্তৰ পুৰুষ গোবৰ ৰজাৰ পুত্ৰ আছিল। গোবৰ ৰজা মাত্ৰ ২০ দিনৰ বাবে ৰাজপাটত উঠিছিল। গোবৰ কোঁৱৰ বিজ্ঞ আৰু সাংসাৰিক কাৰ্য্যত সুনিপুণ আছিল ; সেইবাবেই তেওঁ নিজৰ সন্তানসকলকো সৰুৰে পৰাই নৈতিক বল আৰু বাহুবল দুয়োফালৰ পৰাই বিচক্ষণ কৰি তুলিব পাৰিছিল। আগতে গদাপাণি বুলি জনাজাত, গদাধৰ সিংহই শৰাইঘাটৰ যুদ্ধ জয় কৰাৰ পাছত আহোম সাম্ৰাজ্যৰ অস্থিৰতা দূৰ কৰি এখন সুস্থিৰ ৰাজ্য স্থাপনত সফল হৈছিল। ইয়াৰ আগৰ সময়চোৱা ল’ৰা ৰজা চুলিকফাৰ শাসনকাল দেবেৰা বৰবৰুৱা আৰু লালুক সোলা বৰফুকনৰ অত্যাচাৰী শাসনৰ সময় আছিল এই সময়তে গুৱাহাটীও প্ৰায় হেৰুৱাব লগা হৈছিল, গদাধৰ সিংহ স্বৰ্গদেউ হৈ নিজ ৰণ-কৌশল আৰু ৰাজনৈতিক বলেৰে সকলোকে দমাই চিৰকালৰ বাবে গুৱাহাটীক মোগলৰ পৰা নিজৰ হাতলৈ আনে। পাছত গদাধৰ সিংহৰ বৈষ্ণৱ সত্ৰ সমূহৰ সৈতে কিছু মতবিৰোধ হয় সেইসময়তে তেওঁ শাসনৰ বাঘজৰী পুত্ৰ ৰুদ্ৰ সিংহক দিয়ে, যি সময়ত সাম্ৰাজ্য খ্যাতিৰ শিখৰত প্ৰতিষ্ঠিত হয়[2]। গদাধৰ সিংহৰ শাসনকালত ৰাজ্যৰ ৰাজধানী আছিল বৰকলা[2]। তেওঁ চৈধ্য বছৰ কাল আহোম ৰাজ্যত শাসন কৰি প্ৰায় আঢ়ৈ কুৰি বছৰ বয়সত স্বৰ্গগামী হয়। শাসনকালগদাধৰ সিংহ বা গদাপাণি আছিল গোবৰ গোহাঁইৰ পুত্ৰ, ১৬৭৫ চনত গোবৰ গোহাঁইক দেবেৰা বৰবৰুৱাই স্বৰ্গদেউ পাতে। তেওঁ মাত্ৰ ২০ দিনৰ বাবে ৰজা হয়, তাৰ পাছত দেবেৰা বৰবৰুৱা, আতন বুঢ়াগোহাঁইৰ হাতত পৰাস্ত হয় আৰু গোবৰ ৰজাক মৃত্যুদণ্ড দিয়া হয়। ১৬৭৯ চনত আতন বুঢ়াগোহাঁইক লালুক সোলা বৰফুকনে হত্যা কৰে আৰু "ল’ৰা ৰজা"ক সিংহাসনত বহুৱাই নিজে আহোম সাম্ৰাজ্যৰ শাসনকৰ্তা হৈ পৰে। এই সময়চোৱাত নিজৰ স্থান সুৰক্ষিত কৰিবৰ বাবে, লালুক সোলা বৰফুকনে ৰজা হ’ব পৰা আহোম কোৱঁৰ সকলৰ অংগক্ষত কৰা আৰম্ভ কৰে[2]। ইয়াৰ পৰা বাচিবলৈ গদাপাণি কোৱঁৰে নগাপাহাৰত আত্মগোপন কৰি থাকে। এতিয়াৰ ম’ন জিলাৰ আশে পাশে গদাপানিয়ে আত্মগোপন কৰিছিল। এই সময়চোৱাতে তেওঁৰ পত্নী জয়মতীক ল’ৰা ৰজা আৰু লালুকসোলা বৰফুকনে অত্যাচাৰ কৰি হত্যা কৰে। ইয়াৰ পাছতে গদাপাণিয়ে ল’ৰা ৰজাক হত্যা কৰি আহোম ৰাজ্য নিজৰ দখললৈ আনে আৰু তেওঁৰ শাসনকালৰ আৰম্ভ হয়। তথ্য সংগ্ৰহ
উৎস প্ৰসংগবাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia