চোল ৰাজবংশচোল ৰাজবংশ (ইংৰাজী: Chola dynasty) দক্ষিণ ভাৰতৰ তামিলাকম তামিল সামুদ্ৰিক সাম্ৰাজ্য (thalassocratic) আৰু বিশ্ব ইতিহাসৰ অন্যতম দীৰ্ঘদিনীয়া বংশ আছিল। মৌৰ্য সাম্ৰাজ্যৰ অশোকৰ ৰাজত্বকালৰ খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাৰ শিলালিপিৰ পৰা চোলসকলৰ বিষয়ে সময়ৰ উল্লেখ থকা তথ্য পোৱা যায়। চেৰা আৰু পাণ্ডিয়াৰ সৈতে এই ৰাজবংশটোৱে খ্ৰীষ্টিয় ত্ৰয়োদশ শতিকালৈকে তামিলাকমৰ বিভিন্ন ভূখণ্ডত শাসন অব্যহত ৰাখিছিল। খ্ৰীষ্টীয় নৱম শতিকাৰ মাজভাগত চোল সাম্ৰাজ্য শিখৰত উপনীত হৈছিল। এই ৰাজবংশৰ সৈতে সম্পৰ্কিত বংশসমূহ হ’ল- অন্ধ্ৰৰ তেলুগু চোল, কলিংগৰ চোলগংগা, কৰ্ণাটকৰ নিদুগল চোলা, চেবু আৰু সন্মলন। চোলাসকলৰ মুখ্যভূমি আছিল কাবেৰী নদীৰ উৰ্বৰ উপত্যকা। নৱম শতিকাৰ শেষৰ ফালৰ পৰা ত্ৰয়োদশ শতিকাৰ আৰম্ভণিলৈকে ক্ষমতাৰ শিখৰত উপনীত হৈ তেওঁলোকে এক বৃহৎ অঞ্চলত শাসন কৰিছিল। তেওঁলোকে তুংগভদ্ৰা নদীৰ দক্ষিণে উপদ্বীপীয় ভাৰতক একত্ৰিত কৰে আৰু ৯০৭ খ্ৰীষ্টাব্দৰ পৰা ১২১৫ খ্ৰীষ্টাব্দলৈ, তিনি শতিকা ধৰি এই ভূখণ্ডক এখন ৰাজ্য হিচাপে ধৰি ৰাখিছিল।[1] প্ৰথম ৰাজৰাজ আৰু তেওঁৰ উত্তৰাধিকাৰী ৰাজেন্দ্ৰ প্ৰথম, ৰাজাধিৰাজ প্ৰথম, ৰাজেন্দ্ৰ দ্বিতীয়, বীৰাৰাজেন্দ্ৰ আৰু কুলোথুংগা চোল প্ৰথমৰ অধীনত এই বংশ দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়াৰ সামৰিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক শক্তিৰ কেন্দ্ৰবিন্দুত পৰিণত হয়।[2] চোলসকলৰ গংগা অভিযান, সুমাত্ৰা দ্বীপৰ শ্ৰীবিজয় সাম্ৰাজ্যৰ চহৰসমূহত নৌবাহিনীৰ আক্ৰমণ আৰু চীনলৈ কূটনৈতিক অভিযানৰ দ্বাৰা দক্ষিণ, দক্ষিণ-পূব আৰু পূব এছিয়াৰ ৰাজনৈতিক শক্তিসমূহৰ মাজত তেওঁলোকে যি ক্ষমতা আৰু প্ৰতিপত্তি লাভ কৰিছিল, সেয়া তাৰেই প্ৰমাণ।[3] চোল নৌবহৰে প্ৰাচীন ভাৰতীয় সামুদ্ৰিক ক্ষমতাৰ শীৰ্ষস্থানক প্ৰতিনিধিত্ব কৰিছিল। ১০১০–১১৫৩ খ্ৰীষ্টাব্দৰ সময়ছোৱাত চোল ভূখণ্ড দক্ষিণে মালদ্বীপৰ পৰা উত্তৰ সীমা হিচাপে অন্ধ্ৰপ্ৰদেশৰ গোদাবৰী নদীৰ পাৰলৈকে বিস্তৃত আছিল। ৰাজৰাজা চোলই দক্ষিণ ভাৰত উপদ্বীপ জয় কৰি বৰ্তমানৰ শ্ৰীলংকাৰ ৰাজৰাত ৰাজ্যৰ এটা অংশ নিজৰ অধীনলৈ আনে আৰু মালদ্বীপৰ দ্বীপসমূহ দখল কৰে। তেওঁৰ পুত্ৰ ৰাজেন্দ্ৰ চোলই গংগা নদী স্পৰ্শ কৰা উত্তৰ ভাৰতলৈ বিজয়াভিযান চলায় আৰু পাটলিপুত্ৰৰ পাল শাসক মহিপালক পৰাস্ত কৰি চোলৰ ভূখণ্ড আৰু অধিক সম্প্ৰসাৰণ কৰে। ১০১৯ খ্ৰীষ্টাব্দৰ ভিতৰত তেওঁ শ্ৰীলংকাৰ ৰাজাৰাত ৰাজ্যও সম্পূৰ্ণৰূপে জয় কৰি চোল সাম্ৰাজ্যৰ লগত সংযুক্ত কৰে।[4] ১০১৭ আৰু ১০২৫ খ্ৰীষ্টাব্দত ৰাজেন্দ্ৰ চোলই শ্ৰীবিজয় সাম্ৰাজ্যৰ চহৰসমূহত অভিযান চলায়[5] যদিও এই আক্ৰমণে শ্ৰীবিজয়ৰ ওপৰত প্ৰত্যক্ষ প্ৰশাসন স্থাপন কৰাত ব্যৰ্থ হয়। কিয়নো আক্ৰমণটো চমু আছিল আৰু উদ্দেশ্য আছিল কেৱল শ্ৰীবিজয়ৰ সম্পদ লুণ্ঠন। কিন্তু শ্ৰীবিজয়ৰ ওপৰত চোলৰ প্ৰভাৱ ১০৭০ খ্ৰীষ্টাব্দলৈ অব্যহত থাকিল। তাৰপিছতে চোলসকলে বহিঃৰাষ্ট্ৰৰ প্ৰায় সকলো ভূখণ্ড হেৰুৱাবলৈ আৰম্ভ কৰে। পিছৰ চোলসকলে (১০৭০–১২৭৯ খ্ৰীষ্টাব্দ) দক্ষিণ ভাৰতৰ কিছু অংশত শাসন কৰি থাকিল। ত্ৰয়োদশ শতিকাৰ আৰম্ভণিৰে পৰা পাণ্ডিয়ান বংশৰ উত্থানৰ লগে লগে চোলা বংশৰ অৱনতি ঘটে আৰু শেষত গৈ পতন হয়।[6] চোলাসকলে ভাৰতৰ ইতিহাসৰ সৰ্বশ্ৰেষ্ঠ থেলাচক্ৰেটিক বা সামুদ্ৰিক সাম্ৰাজ্য গঢ়ি তোলাত সফল হৈছিল; যাৰ ফলত তেওঁ স্থায়ী উত্তৰাধিকাৰ ৰৈ গৈছিল। তেওঁলোকে কেন্দ্ৰীভূত চৰকাৰ আৰু শৃংখলাবদ্ধ আমোলাতন্ত্ৰ প্ৰতিষ্ঠা কৰিছিল। তদুপৰি তামিল সাহিত্যৰ প্ৰতি তেওঁলোকৰ পৃষ্ঠপোষকতা আৰু মন্দিৰ নিৰ্মাণৰ প্ৰতি তেওঁলোকৰ উদ্যমৰ ফলত তামিল সাহিত্য আৰু স্থাপত্যৰ কিছুমান শ্ৰেষ্ঠ কৰ্ম সৃষ্টি হৈছিল। চোল ৰজাসকল আছিল উৎসাহী নিৰ্মাতা আৰু তেওঁলোকৰ ৰাজ্যত থকা মন্দিৰসমূহক কেৱল উপাসনা স্থলী হিচাপেই নহয়, অৰ্থনৈতিক কাৰ্যকলাপৰ কেন্দ্ৰ হিচাপেও কল্পনা কৰিছিল।[7][8] ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ, ১০১০ খ্ৰীষ্টাব্দত ৰাজাৰাজ চোলৰ নিৰ্দেশত নিৰ্মিত থাঞ্জাৱুৰৰ বৃহদিশ্বৰ মন্দিৰ চোল স্থাপত্যৰ এক উৎকৃষ্ট উদাহৰণ। শিল্পৰ পৃষ্ঠপোষকতা কৰাৰ ক্ষেত্ৰতো তেওঁলোক সুপৰিচিত আছিল। তেওঁলোকৰ শাসন কালতে ব্ৰঞ্জৰ ভাস্কৰ্য নিৰ্মাণৰ নিৰ্দিষ্ট কৌশলৰ বিকাশ হৈছিল চোলাৰ শিল্প পৰম্পৰা বিয়পি পৰিছিল আৰু দক্ষিণ-পূব এছিয়াৰ স্থাপত্য আৰু শিল্পক ই প্ৰভাৱিত কৰিছিল।[9][10] তথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia