পাল সাম্ৰাজ্যএই প্ৰবন্ধটো বংগ অঞ্চলৰ পাল সাম্ৰাজ্যৰ বিষয়ে। প্ৰাচীন কামৰূপৰ পাল ৰাজবংশৰ বিষয়ে জানিবৰৰ বাবে পাল ৰাজবংশ (কামৰূপ) চাওক।
পাল সাম্ৰাজ্য (ইংৰাজী: Pala Empire; ৭৫০-১১৬১ খ্ৰীষ্টাব্দ)[1] ভাৰতীয় উপমহাদেশৰ উত্তৰ-ধ্ৰুপদী যুগৰ এক সাম্ৰাজ্যবাদী শক্তি আছিল,[2] যাৰ উৎপত্তি বংগ অঞ্চলত হৈছিল। সাম্ৰাজ্যখনৰ শাসক বংশ ‘পাল’ৰ নামেৰে ইয়াৰ নামকৰণ কৰা হৈছে। এই সাম্ৰাজ্যৰ শাসকসকলে নামৰ শেষত পাল লিখিছিল, প্ৰাকৃত ভাষাত যাৰ অৰ্থ পালন কৰোঁতা বা ৰক্ষা কৰোঁতা। খ্ৰীষ্টীয় অষ্টম শতিকাৰ শেষৰ ফালে গোপাল নামৰ ব্যক্তি এজনক গৌড়ৰ সম্ৰাট হিচাপে নিৰ্বাচিত কৰা হয় আৰু এনেকৈয়ে এই সাম্ৰাজ্যৰ প্ৰতিষ্ঠা হয়।[3] বংগ আৰু পূব বিহাৰৰ গৌড়, বিক্ৰমপুৰ, পাতালিপুত্ৰ, মুংগেৰ, সোমপুৰা, ৰামাৱতী (বৰেন্দ্ৰ), তাম্ৰলিপ্ত, জগদলা আদি নগৰ পালসকলৰ শক্তিকেন্দ্ৰ স্বৰূপ আছিল।[4] পালসকল আছিল চতুৰ কূটনীতিবিদ আৰু সমৰবিজয়ী। তেওঁলোকৰ সেনাবাহিনী বিশাল হস্তী বাহিনীৰ বাবে বিখ্যাত আছিল। তেওঁলোকৰ নৌসেনাই বংগোপসাগৰত ব্যৱসায়িক আৰু প্ৰতিৰক্ষামূলক দুয়োটা ভূমিকা পালন কৰিছিল।[5] নৱম শতিকাৰ আৰম্ভণিতে সম্ৰাট ধৰ্মপাল আৰু দেৱপালৰ শাসনকালত শিখৰত উপনীত হোৱা পাল সাম্ৰাজ্যই উত্তৰ ভাৰতীয় অঞ্চললৈ নিজৰ আধিপত্য বিস্তাৰ কৰিছিল। ইয়াৰ ভূখণ্ড গাংগেয় উপত্যাকাৰ ওপৰেৰে বিস্তৃত হৈ পশ্চিম, দক্ষিণ আৰু উত্তৰ-পূব ভাৰত, নেপাল আৰু বাংলাদেশৰো কিছু অংশ সামৰি লৈছিল।[6] ধৰ্মপালে তিব্বতৰ লগতে দক্ষিণ-পূব এছিয়াতো বৌদ্ধ পণ্ডিত আতিছ দীপাংকৰৰ জৰিয়তে প্ৰবল সাংস্কৃতিক প্ৰভাৱ বিস্তাৰ কৰিছিল। অৱশ্যে উত্তৰ ভাৰতৰ পালৰ নিয়ন্ত্ৰণ অল্পকালীন আছিল। তেওঁলোকে কনৌজৰ ওপৰত আধিপত্য বিস্তাৰৰ বাবে গুৰজৰা-প্ৰতিহাৰ আৰু ৰাষ্ট্ৰকুটৰ সৈতে যুঁজ-বাগৰ কৰিছিল আৰু পৰাজিত হৈছিল। অল্পকালীন অৱনতিৰ পিছত সম্ৰাট প্ৰথম মহিপালে দক্ষিণ ভাৰতীয় চোল আক্ৰমণৰ বিৰুদ্ধে বংগ আৰু বিহাৰৰ দুৰ্গসমূহ ৰক্ষা কৰিব পাৰিছিল। সম্ৰাট ৰামপালেই আছিল কামৰূপ আৰু কলিংগৰ ওপৰত নিয়ন্ত্ৰণ লাভ কৰা শেষ শক্তিশালী পাল শাসক। সাম্ৰাজ্যখন যথেষ্ট দুৰ্বল হৈ পৰিছিল আৰু একাদশ শতিকাৰ বিদ্ৰোহৰ জৰিয়তে সামন্তসকলৰ ওপৰত তেওঁলোকৰ অত্যধিক নিৰ্ভৰশীলতা উন্মোচিত হৈছিল। অৱশেষত ইয়াৰ ফলত দ্বাদশ শতিকাত সাৰ্বভৌম শক্তি হিচাপে পুনৰুজ্জীৱিত হিন্দু সেনাৰ উত্থান হয় আৰু পালসকলক ক্ষমতাৰ পৰা উৎখাত কৰে। এনেকৈয়ে উপমহাদেশৰ শেষৰটো প্ৰমুখ বৌদ্ধ সাম্ৰাজ্যবাদী শক্তিৰ অন্ত পৰে।[7][8] পাল যুগক বঙালী ইতিহাসৰ অন্যতম সোণালী যুগ বুলি গণ্য কৰা হয়। বিভিন্ন যুদ্ধপ্ৰবণ গোটৰ মাজত শতিকাজুৰি চলি থকা গৃহযুদ্ধৰ অন্তত পালসকলে বংগলৈ স্থিৰতা আৰু সমৃদ্ধি কঢ়িয়াই আনিছিল। তেওঁলোকে পূৰ্বৰ বাংলা সভ্যতাৰ সাফল্যক আগুৱাই নিয়াৰ লগতে অসাধাৰণ শিল্প আৰু স্থাপত্যৰ সৃষ্টি কৰিছিল। তেওঁলোকৰ শাসনকালতে তান্ত্ৰিক পৰম্পৰাৰ বৌদ্ধ মহাসিদ্ধসকলৰ দ্বাৰা প্ৰাৰম্ভিক বঙালী ভাষাৰ চৰ্যাপদ ৰচিত হৈছিল, যিয়ে কেইবাটাও পূব ভাৰতীয় ভাষাৰ ভিত্তি স্থাপন কৰিছিল। পালসকলে সোমপুৰা মহাবিহাৰ আৰু ওদান্তপুৰীকে ধৰি কেইবাটাও বিশাল মন্দিৰ আৰু মঠ নিৰ্মাণ কৰিছিল আৰু নালন্দা আৰু বিক্ৰমশিলাৰ দৰে শ্ৰেষ্ঠ বিশ্ববিদ্যালয়সমূহলৈ পৃষ্ঠপোষকতা আগবঢ়াইছিল। শ্ৰীবিজয় সাম্ৰাজ্য, তিব্বতী সাম্ৰাজ্য আৰু আৰব আব্বাছিদ খিলাফতৰ সৈতে পাল সাম্ৰাজ্যৰ সম্পৰ্ক গঢ় লৈছিল। মধ্যপ্ৰাচ্যৰ সৈতে বিকশিত ব্যৱসায়িক আৰু বৌদ্ধিক সম্পৰ্কৰ ফলত এই সময়ছোৱাত ইছলাম প্ৰথমে বংগত উপস্থিত হয়। পালসকলৰ উত্তৰাধিকাৰ এতিয়াও তিব্বতী বৌদ্ধ ধৰ্মত প্ৰতিফলিত হয়।[9] তথ্য সংগ্ৰহ
|