চে'কচে'ক (ইংৰাজী: cheque), এনে এখন নথি যিয়ে কোনো ব্যক্তিৰ বেংক একাউণ্টৰ পৰা যিজন ব্যক্তিৰ নামত চেক জাৰি কৰা হৈছে তেওঁক নিৰ্দিষ্ট পৰিমাণৰ ধন দিবলৈ নিৰ্দেশ দিয়ে। চেক লিখা ব্যক্তিজনৰ লেনদেন বেংকিং একাউণ্টৰ পৰা হয়, য’ত ধন ৰখা হয়। দিওঁতাই চেকত টকাৰ পৰিমাণ, তাৰিখ আৰু এজন উলিয়াওতাকে ধৰি বিভিন্ন বিৱৰণ লিখে আৰু তাত নিজে স্বাক্ষৰ কৰে, তেওঁৰ বেংকক গ্ৰাহকক উল্লেখ কৰা পৰিমাণৰ ধন দিবলৈ নিৰ্দেশ দিয়ে। যদিও প্ৰাচীন কালৰে পৰা আৰু অন্ততঃ নৱম শতিকাৰ পৰাই চেকৰ প্ৰকাৰৰ ব্যৱহাৰ চলি আহিছে, ২০ শতিকাৰ সময়ছোৱাত ই ধন পৰিশোধ কৰাৰ বাবে এক অতি জনপ্ৰিয় নগদবিহীন পদ্ধতিত পৰিণত হৈছিল আৰু চেক ব্যৱহাৰৰ শিখৰত উপনীত হৈছিল। ২০ শতিকাৰ দ্বিতীয়াৰ্ধলৈকে চেক প্ৰক্ৰিয়াকৰণ স্বয়ংক্ৰিয় হৈ পৰাৰ লগে লগে বছৰি কোটি কোটি চেক জাৰি কৰা হৈছিল; এই খণ্ডসমূহে ১৯৯০ চনৰ আৰম্ভণিতে বা ইয়াৰ আশে-পাশে চে’কৰ ব্যৱহাৰৰ শীৰ্ষত উপনীত হয়।[1] ইলেক্ট্ৰনিক পেমেণ্ট ব্যৱস্থা, যেনে ডেবিট কাৰ্ড আৰু ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰিবলৈ লোৱাৰ পৰাই চেক ব্যৱহাৰ হ্ৰাস পাইছে। ক্ৰমান্বয়ে চেক হয় প্ৰান্তীয় পেমেণ্ট ব্যৱস্থাত পৰিণত হৈছে নহয় সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে।[2][3]
চে'কৰ বৈশিষ্ট্যচে’ক এক বিবেচনাযোগ্য মাধ্যম, যিয়ে এটা বিত্তীয় প্ৰতিষ্ঠানক সেই প্ৰতিষ্ঠানৰ সৈতে ড্ৰয়াৰৰ নামত ৰখা নিৰ্দিষ্ট লেনদেন একাউণ্টৰ পৰা এটা নিৰ্দিষ্ট মুদ্ৰাৰ নিৰ্দিষ্ট পৰিমাণ পৰিশোধ কৰিবলৈ নিৰ্দেশ দিয়ে। ড্ৰয়াৰ আৰু পেয়ী দুয়োজনেই সাধাৰণ ব্যক্তি বা আইনী সত্তা হ’ব পাৰে। চে’ক নিৰ্দেশপত্ৰ, আৰু সাধাৰণতে বাহক মাধ্যমৰ দৰে কেৱল বাহকক প্ৰদান কৰা নহয়, কিন্তু পেয়ীক দিব লাগিব। চে’ক হৈছে এক প্ৰকাৰৰ বিল অৱ এক্সচেঞ্জ যিবোৰ বৃহৎ পৰিমাণৰ ধন কঢ়িয়াই নিয়াৰ প্ৰয়োজন নোহোৱাকৈ পেমেণ্ট কৰাৰ উপায় হিচাপে প্ৰস্তুত কৰা হৈছিল। কাগজৰ নোট প্ৰতিশ্ৰুতিপত্ৰৰ পৰা বিকশিত হৈছিল, চেকৰ সৈতে মিল থকা আন এটা ৰূপৰ বিবেচনাযোগ্য মাধ্যম, কাৰণ ই প্ৰথমে প্ৰদত্ত ধনৰাশি তেওঁলোকৰ হাতত থকা ("বাহক")ক প্ৰদান কৰিবলৈ দিয়া লিখিত আদেশ আছিল। বানান আৰু বুৎপত্তিচেক (check) ইংৰাজী ভাষাৰ মূল বানান।[4][5] নতুন বানান cheque ফৰাচী ভাষাৰ পৰা অহা আৰু ১৮২৮ চনৰ আশে-পাশে ইয়াৰ ব্যৱহাৰ হোৱা বুলি বিশ্বাস কৰা হয়, যেতিয়া জেমছ উইলিয়াম গিলবাৰ্টে তেওঁৰ প্ৰেকটিকেল ট্ৰিটিজ অন বেংকিংত এই শব্দ ব্যৱহাৰ কৰিছিল।[5] ১৭ শতিকাৰ পৰা ২০ শতিকালৈকে বানান check, checque, আৰু cheque সণ্ঢালনিকৈ ব্যৱহাৰ কৰা হৈছিল।[6] কিন্তু ১৯ শতিকাৰ পৰা কমনৱেলথ আৰু আয়াৰলেণ্ডত ফৰাচী শব্দ chèque বিত্তীয় মাধ্যমৰ বাবে মানক হৈ পৰে, আনহাতে check কেৱল অন্য অৰ্থৰ বাবেহে ব্যৱহাৰ কৰা হয়, যাৰ ফলত লিখিতভাৱে সংজ্ঞা দুটাৰ মাজত পাৰ্থক্য দেখা যায়।[7] আমেৰিকান ইংৰাজীত দুয়োটাৰে সাধাৰণ বানান হ’ল check।[8] ব্যুৎপত্তিবিজ্ঞানৰ অভিধানসমূহে checkৰ আৰ্থিক অৰ্থ "জালিয়াতিৰ বিৰুদ্ধে চেক"ৰ পৰা অহা বুলি কয়, য'ত "চেক"ৰ ব্যৱহাৰৰ অৰ্থ "নিয়ন্ত্ৰণ" অৰ্থাৎ দবা খেলত ব্যৱহৃত চেকৰ পৰাই উদ্ভৱ হৈছে, যিটো শব্দ ফৰাচী, লেটিন, আৰবী আৰু শেষত পাৰ্চী শব্দ শ্বাহ বা "ৰজা"ৰ জৰিয়তে ইংৰাজীলৈ আহিছিল।[9][10] ইতিহাসচেকৰ উৎপত্তি প্ৰাচীন বেংকিং ব্যৱস্থাৰ পৰা হৈছিল, য’ত বেংকাৰসকলে তেওঁলোকৰ গ্ৰাহকৰ অনুৰোধত, চিনাক্তকৃত পেয়ীসকলক ধন দিবলৈ অৰ্ডাৰ জাৰি কৰিছিল। এনে আদেশক বিনিময় বিল( bill of exchange) বুলি কোৱা হৈছিল। বিনিময় বিলৰ ব্যৱহাৰে ব্যৱসায়ীসকলক সামগ্ৰী আৰু সেৱা ক্ৰয় কৰিবলৈ বৃহৎ পৰিমাণৰ মুদ্ৰা (উদাহৰণস্বৰূপে সোণ) কঢ়িয়াই নিয়াৰ প্ৰয়োজনীয়তা নাইকিয়া কৰি বাণিজ্যৰ সুবিধা কৰি দিছিল। প্ৰাচীন যুগবিল অৱ এক্সচেঞ্জ ব্যৱহাৰ কৰাৰ প্ৰাচীন প্ৰমাণ পোৱা গৈছে। ভাৰতত মৌৰ্য সাম্ৰাজ্যৰ সময়ত (খ্ৰীষ্টপূৰ্ব ৩২১ চনৰ পৰা ১৮৫ চনলৈকে) আদেশ নামৰ এটা বাণিজ্যিক আহিলা ব্যৱহাৰ হৈছিল, যি আছিল এজন বেংকাৰৰ ওপৰত দিয়া আদেশ, য'ত তেওঁ লিখিত ধনৰাশি ইচ্ছা কৰা তৃতীয়জন ব্যক্তিক দিব পাৰে।[11] প্ৰাচীন ৰোমানসকলে খ্ৰীষ্টপূৰ্ব ১ম শতিকাত চে’কৰ প্ৰাৰম্ভিক ৰূপ, প্ৰেস্ক্ৰিপচন নামেৰে জনাজাত এক আহিলা ব্যৱহাৰ কৰিছিল বুলি বিশ্বাস কৰা হয়।[12] খ্ৰীষ্টীয় তৃতীয় শতিকাৰ পৰাই পাৰ্চী ভূখণ্ডৰ বেংকসমূহে লেটাৰ অৱ ক্ৰেডিট জাৰি কৰিবলৈ আৰম্ভ কৰে।[13] এই কাগজবোৰক čak বুলি কোৱা হৈছিল, যাৰ অৰ্থ আছিল "নথিপত্ৰ" বা "চুক্তি।" [14] čak পিছলৈ আব্বাছি খলিফা আৰু অন্যান্য আৰব শাসিত ভূমিৰ ব্যৱসায়ীসকলে ব্যৱহাৰ কৰা ছাক(sakk) হৈ পৰে।[15] নগদ ধন কঢ়িয়াই নিয়াতকৈ কাগজৰ ছাক কঢ়িয়াই নিয়াটো অধিক নিৰাপদ আছিল। নৱম শতিকাত এখন দেশৰ এজন ব্যৱসায়ীয়ে আন এখন দেশত নিজৰ বেংকত ছাক নগদ ধনলৈ পৰিণত কৰি উলিয়াব পাৰিছিল।[16] পাৰ্চী কবি ফিৰ্দৌছীয়ে তেওঁৰ বিখ্যাত গ্ৰন্থ শ্বাহনামেহত ছাছানিদ বংশৰ কথা কওঁতে কেইবাবাৰো "চেক" শব্দটো ব্যৱহাৰ কৰিছিল। দশম শতিকাৰ “ইবনে হাউকালে’’ আউদাঘোষ্টত লিখা চেক এখনৰ ব্যৱহাৰৰ কথা লিপিবদ্ধ কৰিছে, যাৰ মূল্য আছিল ৪২,০০০ দিনাৰ।[17][18] ত্ৰয়োদশ শতিকাত ভেনিচত বিল অৱ এক্সচেঞ্জৰ বিকাশ হৈছিল যাতে বৃহৎ পৰিমাণৰ সোণ আৰু ৰূপ কঢ়িয়াই নিয়াৰ প্ৰয়োজন নোহোৱাকৈ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য সহজ হয়। পৰৱৰ্তী সময়ত ইয়াৰ ব্যৱহাৰ ইউৰোপৰ অন্যান্য দেশলৈও বিয়পি পৰে। ১৫০০ চনৰ আৰম্ভণিতে নগদ ধনৰ বৃহৎ সঞ্চয়ক সুৰক্ষিত কৰিবলৈ ডাচ্চ ৰিপাব্লিকৰ মানুহে নিজৰ ধন "কেচিয়াৰ"ৰ ওচৰত জমা ৰাখিবলৈ আৰম্ভ কৰে। এই কেচিয়াৰসকলে মাচুলৰ বিনিময়ত ধনখিনি জমা ৰাখিছিল। প্ৰতিযোগিতাই কেচিয়াৰসকলক জমাকাৰীৰ পৰা লিখিত অৰ্ডাৰ বহন কৰা যিকোনো ব্যক্তিক ধন দিয়াকে ধৰি অতিৰিক্ত সেৱা আগবঢ়াবলৈ বাধ্য কৰাইছিল। “নোট’’খন তেওঁলোকে ধন দিয়াৰ প্ৰমাণ হিচাপে ৰাখিছিল। এই ধাৰণা ইংলেণ্ড আৰু অন্যান্য ঠাইলৈও বিয়পি পৰিছিল।[19] আধুনিক যুগ১৭ শতিকাৰ ভিতৰত ইংলেণ্ডত ঘৰুৱা ধন পৰিশোধৰ বাবে “বিল অৱ এক্সেঞ্জ’’ ব্যৱহাৰ কৰা হৈছিল। তাৰ পিছত “চেক’’ নামৰ আন এক প্ৰকাৰৰ বিল অৱ এক্সচেঞ্জৰ বিকাশ হ’বলৈ ধৰিলে। প্ৰথম অৱস্থাত ইয়াক ড্ৰ’ন নোট বুলি কোৱা হৈছিল, কাৰণ ইয়াৰ দ্বাৰা গ্ৰাহকে বেংকৰ একাউণ্টত থকা ধনখিনি উলিয়াই ল’ব পাৰিছিল আৰু তৎক্ষণাত ধন পৰিশোধ কৰিবলগীয়া হৈছিল। এইবোৰ হাতেৰে লিখা আছিল আৰু এতিয়ালৈ পোৱা আটাইতকৈ প্ৰাচীন নোটসমূহৰ ভিতৰত এখন ১৬৫৯ চনৰ ১৬ ফেব্ৰুৱাৰী তাৰিখে লণ্ডন চহৰৰ বেংকাৰ মেছাৰ্ছ মৰিছ আৰু ক্লেটনৰ ওপৰত আঁকিছিল।[20] ১৭১৭ চনত বেংক অৱ ইংলেণ্ড পূৰ্ব-মুদ্ৰিত প্ৰপত্ৰৰ প্ৰথম ব্যৱহাৰৰ পথ প্ৰদৰ্শক। এই প্ৰ-পত্ৰসমূহ প্ৰৱঞ্চনা ৰোধ কৰিবলৈ “চেক পেপাৰ’’ত ছপা কৰা হৈছিল, আৰু গ্ৰাহকে ব্যক্তিগতভাৱে উপস্থিত থাকি কেচিয়াৰৰ পৰা নম্বৰযুক্ত প্ৰ-পত্ৰ লাভ কৰিবলগীয়া হৈছিল। এবাৰ লিখাৰ পিছত চেকখন পুনৰ বেংকলৈ লৈ আহিছিল নিষ্পত্তিৰ বাবে। অষ্টাদশ শতিকাৰ ইংলেণ্ডত বেংকনোট দমন কৰাটোৱে চেক ব্যৱহাৰক আৰু অধিক প্ৰসাৰিত কৰিছিল।[21] প্ৰায় ১৭৭০ চনলৈকে লণ্ডনৰ বেংকৰ মাজত অনানুষ্ঠানিকভাৱে চেক বিনিময় হৈছিল। প্ৰতিটো বেংকৰ কেৰাণীসকলে বাকী সকলো বেংকলৈ গৈ চেক বিনিময় কৰিছিল আৰু ইজনে সিজনৰ লগত নিষ্পত্তি নোহোৱালৈকে তেওঁলোকৰ মাজত বেলেঞ্চৰ হিচাপ ৰাখিছিল। ১৭৭০ চনৰ আশে-পাশে দৈনিক চেক ক্লিয়াৰিং আৰম্ভ হৈছিল, যেতিয়া বেংকৰ কেৰাণীসকলে লণ্ডন চহৰৰ লম্বাৰ্ড ষ্ট্ৰীটৰ এটা টেভাৰ্ণ ফাইভ বেলছত লগ হৈছিল, তেওঁলোকৰ সকলো চেক একে ঠাইতে নগদ ধনেৰে বিনিময় কৰা আৰম্ভ কৰিছিল। এইটো আছিল প্ৰথম বেংকাৰচ্ ক্লিয়াৰিং হাউচ। একেখন চহৰৰ বেংকৰ চেক ক্লিয়াৰিঙৰ সুবিধাৰ বাবে সমগ্ৰ ব্ৰিটেইনৰ ডাঙৰ চহৰসমূহত প্ৰাদেশিক ক্লিয়াৰিংহাউছ স্থাপন কৰা হৈছিল। বাৰ্মিংহাম, ব্ৰেডফোৰ্ড, ব্ৰিষ্টল, হাল, লিডছ, লেইচেষ্টাৰ, লিভাৰপুল, মানচেষ্টাৰ, নিউকেষ্টল, নটিংহাম, শ্বেফিল্ড, চাউথমপটন আদি সকলোৰে নিজা নিজা ক্লিয়াৰিং হাউচ আছিল।[22] আমেৰিকাত ১৭৮৪ চনত আলেকজেণ্ডাৰ হেমিল্টনে প্ৰতিষ্ঠা কৰাৰ পিছত বেংক অৱ নিউয়ৰ্কে চেক জাৰি কৰিবলৈ আৰম্ভ কৰে।[23] ১৭৯০ চনৰ সম্পূৰ্ণ আমেৰিকান চেকবুকৰ আটাইতকৈ পুৰণি এটা আৰ্হি নিউ জাৰ্ছিৰ এটা পৰিয়ালে আৱিষ্কাৰ কৰিছিল। আৱিষ্কৃত নথি-পত্ৰসমূহ কিছুমান দিশত আধুনিক যুগৰ চেকৰ সৈতে মিল আছিল, কিছুমান তথ্য কাগজৰ টুকুৰাটোত আগতে ছপা কৰা আছিল আৰু লগতে কাষত খালী ঠাই আছিল, য’ত প্ৰয়োজন অনুসৰি আন তথ্য হাতেৰে লিখিব পৰা যায়।[24] ধাৰণা কৰা হয় যে, স্কটলেণ্ডৰ কমাৰ্চিয়েল বেংকটোৱেই আছিল প্ৰথমটো বেংক, যিয়ে ১৯১১ চনত একাউণ্টধাৰীৰ নাম বাওঁফালৰ প্ৰান্তত উলম্বভাৱে ছপা কৰি, গ্ৰাহকক ব্যক্তিগতকৰণ চে’ক প্ৰদান কৰিছিল। ১৮৩০ চনত বেংক অৱ ইংলেণ্ডে ৫০, ১০০ আৰু ২০০টা ফৰ্ম প্ৰৱৰ্তন কৰে; বান্ধি বা চিলাই কৰা এই চেক বুকবোৰ বেংকৰ গ্ৰাহকক চে’ক বিতৰণৰ এক সাধাৰণ ফৰ্মেটত পৰিণত হৈছিল। ১৯ শতিকাৰ শেষৰ ফালে কেইবাখনো দেশে চে’ক সম্পৰ্কীয় আইন আনুষ্ঠানিকভাৱে প্ৰণয়ন কৰে। চে’ক বিষয়টোক অন্তৰ্ভুক্ত কৰি ব্ৰিটেইনে বিলছ অৱ এক্সচেঞ্জ এক্ট ১৮৮২ গৃহীত কৰে, আৰু ভাৰতে নেগোচিয়েবল ইনষ্ট্ৰুমেণ্টছ এক্ট, ১৮৮১ গৃহীত কৰে।[25] ১৯৩১ চনত চে’ক সম্পৰ্কীয় আইন একত্ৰীকৰণৰ জেনেভা সন্ধিৰ দ্বাৰা চে’কসমূহৰ আন্তঃৰাষ্ট্ৰীয় ব্যৱহাৰৰ বাবে সৰল কৰাৰ প্ৰয়াস কৰা হয়।[26] ইউৰোপ আৰু দক্ষিণ আমেৰিকাৰ বহু ৰাষ্ট্ৰৰ লগতে জাপানেও এই অধিৱেশনত যোগদান কৰে। কিন্তু আমেৰিকা আৰু ব্ৰিটিছ কমনৱেলথৰ সদস্যকে ধৰি দেশসমূহে ইয়াত অংশগ্ৰহণ কৰা নাছিল আৰু সেয়েহে দেশৰ সীমান্তৰ সিপাৰে চে’ক ব্যৱহাৰ কৰাটো অতি কঠিন হৈয়েই থাকিল। ১৯৫৯ চনত মেচিনেৰে পঢ়িব পৰা আখৰৰ (MICR) এটা মানদণ্ডৰ ওপৰত সহমতত উপনীত হয় আৰু চে’কৰ ব্যৱহাৰৰ বাবে আমেৰিকাত পেটেণ্ট কৰা হয়। ইয়াৰ ফলত চে’ক ক্লিয়াৰিঙৰ বাবে প্ৰথমটো স্বয়ংক্ৰিয় ৰিডাৰ/ছৰ্টিং মেচিনৰ পথ মুকলি হ’ল। স্বয়ংক্ৰিয়কৰণ বৃদ্ধি পোৱাৰ লগে লগে পিছৰ বছৰবোৰত চে’কসমূহ চম্ভালি লোৱা আৰু প্ৰক্ৰিয়াকৰণৰ ধৰণত নাটকীয় পৰিৱৰ্তন দেখা গ’ল। চে’ক ভলিউম বৃদ্ধি পাই থাকিল; ২০ শতিকাৰ শেষৰ ফালে চে’ক আছিল ধন পৰিশোধ কৰাৰ বাবে আটাইতকৈ জনপ্ৰিয় অ-নগদ পদ্ধতি, প্ৰতি বছৰে ইয়াৰে কোটি কোটি টকা প্ৰক্ৰিয়াকৰণ কৰা হৈছিল। বেছিভাগ দেশতে ১৯৮০ চনৰ শেষৰ ফালে বা ১৯৯০ চনৰ আৰম্ভণিতে চে’কৰ পৰিমাণ শীৰ্ষত উপনীত হৈছিল, তাৰ পিছত ইলেক্ট্ৰনিক পেমেণ্ট পদ্ধতি অধিক জনপ্ৰিয় হৈ পৰিছিল আৰু চে’কৰ ব্যৱহাৰ হ্ৰাস পাইছিল। ১৯৬৯ চনত কেইবাখনো দেশত চে’ক নিশ্চয়তা কাৰ্ড প্ৰৱৰ্তন কৰা হয়, যাৰ ফলত এজন খুচুৰা বিক্ৰেতাই নিশ্চিত কৰিব পাৰে যে, বিক্ৰীৰ স্থানত ব্যৱহাৰ কৰিলে চে’কক সন্মান কৰা হ’ব। ড্ৰয়াৰে খুচুৰা বিক্ৰেতাৰ সন্মুখত চে’কখনত চহী কৰিব, যিয়ে স্বাক্ষৰটো কাৰ্ডখনৰ স্বাক্ষৰৰ সৈতে তুলনা কৰিব আৰু তাৰ পিছত চে’কখনৰ পিছফালে চে’ক-গেৰাণ্টী-কাৰ্ড নম্বৰটো লিখিব। সাধাৰণতে এনে কাৰ্ডসমূহ পৰ্যায়ক্ৰমে বন্ধ কৰি ১৯৯০ চনৰ মাজভাগৰ পৰা ডেবিট কাৰ্ড ব্যৱহাৰ আৰম্ভ কৰা হৈছিল৷ তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia