চুৰাহী
চুৰাহী (টাকৰী লিপিত: 𑚏𑚰𑚤𑚭𑚩𑚯) এটি পশ্চিমীয়া পাহাড়ী ভাৰতীয়-আৰ্য ভাষা যি উত্তৰ ভাৰতৰ হিমাচল প্ৰদেশত কোৱা হয়। এই ভাষা মুখ্যতঃ চম্বা জিলাৰ চৌৰাহ আৰু সলুনী তেহসীলত ব্যৱহাৰ কৰা হয়। এই ভাষা এটি বিপন্ন ভাষা।[2] ফকৰা যোজনা
লিপিএই ভাষা টাকৰী লিপি ব্যৱহাৰ কৰি লিখা হয়। স্থিতিএই ভাষাক অনেকে পাহাড়ী বা হিমাচলী বুলিও কয়। কোনো কোনোৱে এই ভাষাক ডোগ্ৰী ভাষাৰ উপভাষাও জ্ঞান কৰে। চুৰাহী ভাষাৰ কোনো আনুষ্ঠানিক স্বীকৃতি নাই। ইউনেস্ক'ৰ মতে এই ভাষা নিশ্চিতভাৱে বিলুপ্তপ্ৰায়, যাৰ অৰ্থ হ'ল, এই ভাষা শিশুৱে মাতৃভাষা হিচাপে নিশিকা হৈছে।[3] ২০১০ চনত হিমাচল প্ৰদেশৰ বিধান সভাই ভাৰতৰ সংবিধানত 'পাহাড়ী (হিমাচলী)' অন্তৰ্ভুক্ত কৰাৰ দাবী তুলিছিল, যিয়ে হিমাচল প্ৰদেশৰ অনেক ভাষাক প্ৰতিনিধিত্ব কৰিলেহেতেন।[4] কিন্তু তাৰ পাছত এই দিশত কোনো অগ্ৰগতি দেখা হোৱা নাই, যদিও অনেক সৰু সৰু সংগঠনে এই ক্ষেত্ৰত কাম কৰি আহিছে।[5] ৰাজনৈতিক কাৰণত, এই ভাষাক হিন্দী ভাষাৰ উপভাষা গণ্য কৰা হয়,[6] যদিও চুৰাহী আৰু হিন্দী ভাষী দুজন লোকে ইজনে সিজনক বুজা কঠিন। তথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia