চিন্তাৰ ভগ্নাংশ
চিন্তাৰ ভগ্নাংশ (ইংৰাজী: Sintaar Vognaangsho) হৈছে অসমীয়া শিক্ষাবিদ, লেখক, সমালোচক ময়ূৰ বৰাৰ এখন প্ৰবন্ধ সংকলন। ২০১৫ চনৰ নৱেম্বৰ মাহত আঁক-বাক প্ৰকাশনৰ পৰা প্ৰথম প্ৰকাশ পোৱা গ্ৰন্থখনৰ মূল্য ডেৰশ টকা। লেখকে গ্ৰন্থখন আগবঢ়াইছে এনেদৰে, "মৰম আৰু আগ্ৰহেৰে মানস প্ৰতিম বৈদ্যৰ হাতত দিলোঁ...।" [1] বিৱৰণকিতাপখনৰ পাতনিৰ পৰিৱৰ্তে কলমত কিতাপখনৰ নামৰ সম্পৰ্কত লেখকে লিখিছে, "মোৰ চিন্তাই পূৰ্ণতাৰ কাষ চপা বুলি মই কাহিনীও ভবা নাই। কিন্তু যুক্তিপূৰ্ণ মনোভাব আৰু অসমপ্ৰেমক সাৰথি কৰি তেনে চিন্তাবোৰক সাধ্যানুসৰি প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰি আহিছোঁ। সেয়েহে তেনে চিন্তাক ভগ্নাংশ বুলিহে ক'বৰ মন গ'ল।" কিতাপখনত থকা প্ৰবন্ধসমূহ হ'ল[1]-
লেখকৰ পৰিচয়প্ৰধান প্ৰবন্ধ: ময়ূৰ বৰা
ময়ূৰ বৰা হৈছে এজন অসমীয়া লেখক আৰু সমালোচক। একবিংশ শতিকাৰ প্ৰথম দশকত বাতৰিকাকত আৰু আলোচনীৰ মাধ্যমেৰে প্ৰবন্ধ ৰচনাৰ দ্বাৰা সাহিত্যকৰ্মক সমৃদ্ধ কৰা অসমীয়া নতুনচাম লেখকৰ ভিতৰত এজন ময়ূৰ বৰা। [2]তেখেতে ২০১৮ চনলৈকে ১৪খন গ্ৰন্থ ৰচনা কৰে।[3] ইয়াৰে দুখন গ্ৰন্থ ইংৰাজী ভাষাত ৰচনা কৰা। তেওঁ ইংৰাজীলৈ এখন গল্প সংকলনো অনুবাদ কৰিছে। ধৰ্মীয় আৰু সামাজিক দিশত চলি থকা ভণ্ডামি, অন্ধবিশ্বাস, জাতিবাদ প্ৰথা, আৰু সামগ্ৰিকভাৱে অসমৰ জ্বলন্ত সমস্যা তথা সাম্প্ৰতিক সময়ৰ দুৰ্নীতি আদি তেওঁৰ লেখাৰ মূল বিষয়বস্তু। প্ৰথাগত চিন্তা আৰু ধাৰণাৰ বিৰুদ্ধে যুক্তিনিষ্ঠ প্ৰশ্ন উত্থাপন, জাতিৰ ঐতিহ্যৰ প্ৰতি দায়বদ্ধতা[4] আৰু ঐতিহাসিক সমলৰ সন্ধান আদি বৈশিষ্ট্যবোৰো ময়ূৰ বৰাৰ প্ৰবন্ধৰ অন্যতম শক্তি।[2]বৰ্তমানলৈকে তেওঁ সৰ্বমুঠ ১৬খন গ্ৰন্থৰ লেখক।[5] তথ্যৰ উৎস
লগতে চাওক |
Portal di Ensiklopedia Dunia