চাইকেল চালনা আৰু নাৰীবাদবহুকেইটা ক্ষেত্ৰতে বাইচাইকেলে নাৰীৰ জীৱনধাৰাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছে৷ [1][2][3]১৮৯০ৰ দশকত আমেৰিকান আৰু ইউৰোপিয়ান সমাজক প্ৰভাৱান্বিত কৰি যোৱা বাইচাইকেলৰ উন্মাদনাৰ সময়তে নাৰীৰ সামাজিক ভূমিকাইও গুৰুত্বপূৰ্ণ প্ৰসংগ হিচাপে ঠাই পাইছে৷ [4] এইখিনি সময়তে এই বাইচাইকেলবোৰে মহিলাক চলন-ফুৰণৰ বাবে যথেষ্ট সুবিধা প্ৰদান কৰিছিল৷[3][5] নাৰীবাদী এন্নি লণ্ডনডেৰীয়ে পৃথিৱীৰ-চৌপাশে চাইকেল ভ্ৰমণ কৰা প্ৰথমগৰাকী মহিলা হিচাপে সেইসময়ত নাম আৰ্জিছিল৷ [6][7][8] আমেৰিকান চাইকেল কোম্পানীয়ে আগবঢ়োৱা মূল্য আৰু বিভিন্ন পৰিশোধ পৰিকল্পনাৰ বাবে চাইকেলখন বেছিভাগ লোকৰ বাবে সেইসময়ত সুলভ হৈ উঠিছিল।[3] অৱশ্যে, বাইচাইকেলে উচ্চ আৰু মধ্য বিত্তীয় শ্বেতাংগ মহিলাৰ সমাজখনতহে প্ৰভাৱ পেলাইছিল৷[3] এই পৰিৱৰ্তনৰ ফলস্বৰূপে এই মহিলাসকলে কেৱল পৰিচৰ্যাকাৰী, পত্নী, অথবা ঘৰৰ ভিতৰতে সোমাই থকা মাতৃৰ ব্যক্তিগত ভূমিকাৰ পৰা খন্তেক আঁতৰ হৈ সমাজৰ অন্যান্য কৰ্মত অংশগ্ৰহণ কৰাৰ সুবিধা পাইছিল আৰু এই সামাজিক সংযোগৰ সূত্ৰেই তেওঁলোকক ৰাজহুৱা স্থানতো নতুন ৰূপত দেখা গৈছিল৷ [3][9] চাইকেল উন্মাদনাৰ আগৰছোৱা১৮৯০ৰ দশকৰ আগতে, বাইচাইকেলে সাধাৰণতে এবিধ বেলেগধৰণৰ বাহন বুলি গণ্য কৰা হৈছিল আৰু ই জনপ্ৰিয় হৈ উঠা নাছিল৷ ১৮৬০ৰ দশকত আৰু ১৮৮০ৰ দশকৰ মধ্যছোৱাৰ মাজত দৃশ্যমান হোৱা বাইচাইকেলখন আছিল ওখ চকাসম্পন্ন৷ ইয়াক ব্যৱহাৰ কৰা যিমান জটিল, এইখন চলোৱাত নৈপুণ্য অৰ্জন কৰাটোও সিমানেই বিপদজনক৷ সাধাৰণ চাইকেলখন ব্যৱহাৰ কৰিছিল পুৰুষসকলে৷ আনহাতে মহিলাসকলে দুই-আসনযুক্ত, টেণ্ডেম আৰু ত্ৰি-চাইকেল ব্যৱহাৰ কৰিছিল৷১৮৬০ৰ দশকৰ আৰম্ভণিতে সংগযুক্ত চালনা জনপ্ৰিয় হৈ উঠিছিল আৰু পুৰুষ-মহিলাৰ মাজত সমান লোকপ্ৰিয়তা অৰ্জন কৰিছিল৷ এই বাহনবোৰে পুৰুষ আৰু মহিলাৰ মাজত সমন্বিত সামাজিকীকৰণৰ কেতবোৰ নতুন ৰীতিৰ বিকাশ ঘটাবলৈ প্ৰৰোচিত কৰিছিল৷ অৱশ্যে, ১৮৮০ৰ দশকৰ মাজলৈকে, চাইকেলৰ চালনাত মহিলাসকল প্ৰায়েই পুৰুষৰ ওপৰত নিৰ্ভৰশীল হৈ আছিল৷ এই ব্যৱস্থাটোৰ জৰিয়তে প্ৰকাৰান্তৰে পুৰুষেই যে মহিলাসকলক নিৰাপদে ৰাখিব জানে আৰু তেওঁলোকৰ ওপৰত যে এক কতৃত্বশীলতা ন্যস্ত হৈ আছে-তাৰেই এটা বাৰ্তা সমাজলৈ গৈছিল৷ সেয়েহে সংগপূৰ্ণ চালনাই পুৰুষ আৰু মহিলাৰ মাজত সামাজিক ব্যৱধানৰ হ্ৰাস ঘটাই এক বিপ্লৱৰ সূচনা কৰিলেও মহিলাৰ স্থান সেইসময়ত নিম্নয়েই হৈ (নিচাত্মিকাবোধ) আছিল আৰু ইয়াৰ লগে লগে ভবা হৈছিল যে, কেৱল পুৰুষেই বাইচাইকেলখন চলাব পৰাকৈ ক্ষমতাশালী৷ [3][10] সাজ-সজ্জা১৮৮৫ আৰু ১৮৯৫ চনৰ ভিতৰৰ উদ্ভাৱক আৰু অভিযন্তাসকলে পূৰ্বৰ নিৰাপদ বাইচাইকেলৰ প্ৰজন্মটোৰ বিকাশ ঘটাবলৈ সক্ষম হৈছিল৷ [3] এইবোৰ বিকাশৰ জৰিয়তে, এক নতুনধৰণৰ সুৰক্ষিত বাইচাইকেল মহিলাৰ বাবে ডিজাইন কৰা হৈছিল, যাৰ জৰিয়তে তেওঁলোকৰ সাজ-সজ্জাই চাইকেল চালনাত অসুবিধা জন্মোৱাৰ শংকা কমি গৈছিল৷ অৱশ্যে, দীঘলীয়া স্কাৰ্টৰ দৰে কেতবোৰ পৰিধানে চাইকেল-চালনাৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি নকৰাকৈ থকা নাছিল৷ সেইবাবে বাইচাইকেল চলাবলৈ সুবিধাজনক হোৱাকৈ কেতবোৰ সাজ-পোছাকো মহিলাৰ বাবে প্ৰস্তুত কৰা হৈছিল৷ তাৰে ভিতৰত বিভক্ত স্কাৰ্ট, চুটি ড্ৰষ্ট্ৰিঙৰ সৈতে স্কাৰ্ট, ব্লুমাৰলৈ পৰিৱৰ্তিত হোৱা স্কাৰ্ট আদি উল্লেখ কৰিব পাৰি৷ এই সকলোবোৰ বাইচাইকেল পৰিধানৰ ভিতৰত, ব্লুমাৰ সাজযোৰ এতিয়াও জনপ্ৰিয়৷ ইয়াত সম্পূৰ্ণ ট্ৰাউজাৰ আছিল, গোৰোহাৰ ওপৰত গোট খাইছিল, ওপৰত দেখনীয়াৰ জেকেটৰ সৈতে কম দৈৰ্ঘ্যৰ স্কাৰ্ট পিন্ধা হৈছিল।[10] স্বাস্থ্যঊনবিংশ শতিকাৰ শেষৰ ফালে চিকিৎসকসকলে ৰাজহুৱা স্থানত সকলোকে সঘনাই ব্যায়াম কৰিবলৈ উৎসাহিত কৰিছিল৷ ইয়াৰ সমান্তৰালকৈ তেওঁলোকে চাইকেল-চালনাক এটা জনপ্ৰিয় কামত পৰিণত কৰিবলৈ প্ৰয়াস কৰিছিল। কিন্তু অত্যধিক চাইকেল চলোৱাৰ প্ৰভাৱ, বিশেষকৈ মহিলাসকলৰ ক্ষেত্ৰত চাইকেল-চালনাৰ প্ৰভাৱ সম্পৰ্কে চিকিৎসকসকল চিন্তিত হৈ পৰিছিল। ১৮৯৫ চনত দ্য লিটাৰেৰী ডাইজেষ্টত প্ৰকাশিত এটা প্ৰবন্ধত চাইকেলৰ সন্মুখৰ অংশৰ বিষয়ে পৰ্যালোচনা কৰা হৈছিল৷ দ্য স্প্ৰিংফিল্ড ৰিপাব্লিকানে "মহিলা, ছোৱালী আৰু মধ্যবয়সীয়া পুৰুষে" অত্যধিক চাইকেল চালনাৰ বিৰুদ্ধে সকীয়াই দিছিল।[12]এনেধৰণৰ প্ৰবন্ধই এনে এটা বিশ্বাস সমাজত প্ৰতিষ্ঠিত কৰিছিল যে অত্যধিক চাইকেল-চালনাই মহিলাসকলৰ দেহত এক্স'ফ্থালমিক গ'ইটাৰ, এপেণ্ডিচাইটিছ আৰু অভ্যন্তৰীণ প্ৰদাহ হোৱা আদি ৰোগৰ সৃষ্টি কৰিব পাৰে[13] একাংশ পুৰুষ চিকিৎসকে চাইকেলৰ সম্পৰ্কত মহিলাৰ সামৰ্থ্য আৰু তেওঁলোকৰ শৰীৰৰ দুৰ্বলতাৰ বিষয়ে উল্লেখ কৰি থকাৰ সময়তে চাইকেল অনুৰাগীসকলে এই চিকিৎসা মূল্যায়নৰ বিৰোধ কৰিছিল৷ তেওঁলোকে দৃঢ়তাৰে কৈছিল যে শাৰীৰিক কাৰ্যকলাপে মানুহৰ স্বাস্থ্য সজীৱ কৰি তোলে।[14] মহিলাসকলে কিছুসংখ্যক প্ৰবন্ধৰ জৰিয়তে তেওঁলোকৰ শৰীৰী সক্ষমতাৰ বিষয়ে প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিলে৷ মেৰী বিছলেণ্ড, মেৰী চাৰ্জেণ্ট হপকিন্স, এমা মফেট টিঙৰ দৰে মহিলাসকলে কৈছিল যে চাইকেল-চালনাই দীৰ্ঘদিন ধৰি নিষ্ক্ৰিয় হৈ থকা পেশীবোৰক পুনৰ জীৱন্ত কৰি তোলে আৰু আৰোহীসকলক আৱেগিকভাৱে সুস্থিৰ অনুভৱ কৰাত সহায় কৰে৷ ইয়াৰ লগতে মহিলাসকলক চাইকেল-চালনাৰ জৰিয়তে নিজৰ শাৰীৰিক সীমা পুনৰ-নিৰ্ধাৰণ কৰিবলৈ উৎসাহিত কৰে। তেওঁলোকে কৈছিল যে-চাইকেলে তেওঁলোকক আক্ষৰিক অৰ্থত শক্তিশালী কৰাই নহয়, নিজৰ সামৰ্থৰ ওপৰতো অধিক আত্মবিশ্বাসী কৰি তুলিছে। ইয়াৰ ফলত মহিলাসকলে কেৱল তেওঁলোকৰ শৰীৰৰ ওপৰত অধিক গুৰুত্ব দিয়াই নহয়, তেওঁলোকৰ পূৰ্বৰ ঘৰুৱা ভূমিকা গ্ৰহণ কৰিবলৈ আৰু ৰাজহুৱা ক্ষেত্ৰত নতুন ভূমিকা অন্বেষণ কৰিবলৈও মানসিকভাৱেও শক্তিশালী হৈ উঠে।[15] ১৯৭৭ চনত ইজিপ্তৰ নাৰীবাদী নৱাল এল সাদাৱীৰ গ্ৰন্থ Women in the Arab Worldত লিখা হৈছে যে আৰব সংস্কৃতিয়ে আগতে নাৰী কুমাৰীত্বক অযথা গুৰুত্ব দিছিল। উদাহৰণস্বৰূপে, চাইকেল-চালনা বা ঘোঁৰা-চালনাৰ দৰে ক্ৰীড়াৰ ফলত সতীচ্ছদ (Hymen) ক্ষতিগ্ৰস্ত হোৱা ছোৱালী এজনীয়ে পাৰিবাৰিক আৰু সামাজিক জীৱনত নেতিবাচক পৰিণতিৰ সন্মুখীন হ’বলগীয়া হৈছিল।[16] একক মহিলা চাইকেল ভ্ৰমণকাৰী
লিংগ ব্যৱধানজেনিফাৰ বনহাম আৰু কেট জংনিকে ক'ব খোজে যে, লিংগ আৰু চাইকেল-চালনাৰ সাহিত্যই একাধিক জনবসতিৰ মাজত থকা চাইকেল-চালনাৰ অসমান গ্ৰহণযোগ্যতাৰ আঁৰৰ কাৰণসমূহ অধ্যয়ন কৰে।[17] তেওঁলোকৰ মতে, অষ্ট্ৰেলিয়া, ব্ৰাজিল, কানাডা, চিলি, ব্ৰিটেইন আৰু আমেৰিকাৰ দৰে কম চাইকেল চলোৱা দেশৰ চাইকেল আৰোহীৰ মাজত মহিলাৰ সংখ্যা প্ৰভাৱশালী নহ'লেও তেওঁলোকৰ সংখ্যা অধিক হাৰত চাইকেল চলোৱা দেশ যেনে নেডাৰলেণ্ড আৰু ডেনমাৰ্কৰ পুৰুষৰ সৈতে সাদৃশ্যতুল্য৷ সেয়েহে মহিলাসকলৰ বাইচাইকেল-চালনাৰ প্ৰতি কোনো স্বাভাৱিক বিতৃষ্ণা আছে বুলি অনুমান কৰাটো ভুল।[17] চন্দ্ৰপ্ৰভা শইকীয়ানী আৰু চাইকেলচন্দ্ৰপ্ৰভা শইকীয়ানী (১৬ মাৰ্চ, ১৯০১ – ১৬ মাৰ্চ, ১৯৭২) আছিল অসম,ভাৰতৰ এগৰাকী স্বাধীনতা সংগ্ৰামী, সমাজসেৱী আৰু সাহিত্যসেৱী। তেওঁক অসমৰ নাৰীবাদী আন্দোলনৰ পথ প্ৰদৰ্শক বুলি গণ্য কৰা হয়৷ তেওঁ মহিলাসকলৰ কল্যাণৰ বাবে কাম কৰা বেচৰকাৰী সংস্থা সদৌ অসম প্ৰদেশিক মহিলা সমিতিৰ প্ৰতিষ্ঠাপকসকলৰো অন্যতম। ১৯৭২ চনত চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে চতুৰ্থ সৰ্বোচ্চ ভাৰতীয় অসামৰিক বঁটা পদ্মশ্ৰী লাভ কৰিছিল। ইয়াৰ তিনিটা দশকৰ পিছত ২০০২ চনত ভাৰত চৰকাৰে সামাজিক সংগঠকৰ শৃংখলাত শইকীয়ানীৰ অৱদান সুঁৱৰি এটি স্মৃতিচাৰক ডাকটিকট প্ৰকাশ কৰে। চন্দ্ৰপ্ৰভা শইকীয়ানী অসমত চাইকেল চলোৱা প্ৰথমগৰাকী মহিলা আছিল৷ [18] অসম তথা ভাৰতত স্বাধীনতা আন্দোলনৰ সময়ছোৱাত অসমত গঠিত হোৱা মহিলা সমিতিৰ গঠন আৰু সমিতিৰ কাৰ্যাৱলী প্ৰচাৰ-প্ৰসাৰৰ দিশসমূহ চোৱা-চিতা কৰিবলৈ চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে চাইকেলৰ সহায় লৈছিল৷ বিংশ শতিকাৰ ৰক্ষণশীল আৰু পুৰষতান্ত্ৰিক সময়ছোৱাত এইদৰে চাইকেল চলাই সমাজ সংগঠনৰ কামত ঘূৰি ফুৰাৰ বাবে তেওঁ সমাজৰ এটা চামৰ পৰা নিন্দা আৰু অনাকাংক্ষিত মন্তব্যৰো মুখামুখি হৈছিল৷ মহিলাৰ শিক্ষাৰ বাবে নিষ্ঠাসহকাৰে একক যাত্ৰা অব্যাহত ৰখাত চন্দ্ৰপ্ৰভা শিইকীয়ানীক এই চাইকেলখনে বাৰুকৈয়ে সহায় কৰিছিল আৰু ইয়াৰ জৰিয়তে সেই সময়ছোৱাতেই চন্দ্ৰপ্ৰভা শইকীয়ানী নাৰীবাদৰ এক প্ৰতীক হিচাপে বিবেচিত হৈছিল৷ ১৯৩৭ চনত চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে তেওঁৰ দ্বাৰা লিখিত উপন্যাস 'পিতৃভিঠা'খন প্ৰকাশ হোৱাৰ পিছত সেই কিতাপখন বিক্ৰী কৰিবলৈ কিতাপৰ টোপোলাটো চাইকেলত বান্ধি ঠায়ে-ঠায়ে গৈ বিক্ৰীৰ দিহা কৰিছিল৷ [19] গ্ৰন্থ১৮৯০ চনৰ সময়ছোৱাত মহিলাসকলক চাইকেল-চালনাৰ সহায় কৰাৰ উদ্দেশ্যে বহু মহিলা আৰু একাংশ পুৰুষে কিছুসংখ্যক আত্মসহায়ক কিতাপ লিখিছিল। এই কিতাপসমূহৰ ভিতৰত তেওঁলোকৰ জীৱনত চাইকেলে কি প্ৰভাৱ পেলাব পাৰে সেই বিষয়ে কিছু কৌশল আৰু ব্যক্তিগত চিন্তা-চৰ্চা সন্নিৱিষ্ট কৰা হৈছিল। উইমেনছ খ্ৰীষ্টান টেম্পৰেন্স ইউনিয়নৰ (ডব্লিউ চি টি ইউ) ৰাষ্ট্ৰীয় সভানেত্ৰী ফ্ৰান্সিছ এলিজাবেথ উইলাৰ্ডে A Wheel Within A Wheel নামৰ এখন কিতাপ লিখিছিল, য’ত তেওঁ বাইচাইকেল-চালনাৰ জৰিয়তে প্ৰাপ্ত হোৱা আনন্দ আৰু স্বাস্থ্যজনিত উপকাৰিতাৰ লগতে চাইকেল চলোৱাক কেনেকৈ পুৰুষ আৰু মহিলাক মদ্যপান কৰাত বাধা দিয়ে-তাকে প্ৰকাৰান্তৰে প্ৰকাশ কৰিছিল।[1] এলিজাবেথ কেডি ষ্টেণ্টনে লিখিছিল যে: চাইকেল হৈছে এনে এক আহিলা যিয়ে মহিলাসকলক শক্তিশালী কৰিবলৈ আৰু সমাজত বৃদ্ধি পোৱা ভূমিকা গ্ৰহণ কৰিবলৈ প্ৰেৰণা দিয়ে।[20] চুজান বি এন্থনীয়ে ১৮৯৬ চনত লিখিছিল: "চাইকেল চলোৱাৰ বিষয়ে মই ভাবোঁ যে চাইকেলে পৃথিৱীৰ আন সকলোবোৰ উপাদানতকৈ নাৰীক মুক্ত কৰাৰ দিশত অধিক সহায় কৰিছে। মহিলাই চাইকেল চলাই যোৱা দেখিলে মই প্ৰতিবাৰেই থিয় হৈ আনন্দ প্ৰকাশ কৰোঁ৷ [20]
লগতে পঢ়কতথ্যসূত্ৰ
|