গৰীয়া নৃত্যগৰীয়া নৃত্য বা গৰিয়া নৃত্য (ইংৰাজী: Goriya Dance) হৈছে ভাৰতৰ পূব প্ৰান্তত থকা ৰাজ্য ত্ৰিপুৰাৰ ত্ৰিপুৰী জনগোষ্ঠীৰ পৰম্পৰাগত লোকনৃত্য।[1] এই নৃত্য পৰিৱেশন কৰা হয় গৰীয়া পূজাৰ সময়ত৷ গৰীয়া পূজা নতুন শস্যৰ বীজ সিঁচাৰ আনন্দ উৎসৱ আৰু ব’হাগ মাহত ভাল শস্যৰ বাবে প্ৰাৰ্থনা কৰা উৎসৱ। পশ্চিমীয়া কেলেণ্ডাৰমতে এই নৃত্য এপ্ৰিল মাহৰ শেষৰটো পষেকত হয়।[2] ত্ৰিপুৰী জনগোষ্ঠীৰ লগতে এই নৃত্য ত্ৰিপুৰীৰ চুবুৰীয়া জনগোষ্ঠী যেনে জামাটিয়া, ৰিয়াং আৰু নাওচিয়াসকলৰ মাজতো প্ৰচলিত৷ [3] এই নৃত্যত নাৰী পুৰুষ উভয়ে ঢোল আৰু বাঁহী বাদ্যৰ সৈতে অংশগ্ৰহণ কৰে।[3] নৃত্যৰ আৰম্ভণি ধীৰে ধীৰে হ’বলৈ ধৰে, লাহে লাহে নৃত্যৰ গতি খৰ হ’বলৈ ধৰে আৰু ইখন গাঁৱৰ পৰা আন এখন গাঁৱলৈ নৃত্য পৰিৱেশনকাৰী আগবাঢ়ি যায়৷ এই নৃত্যৰ লগত হাতৰ বহুতো মুদ্ৰা আৰু হাতৰ কৌশল জড়িত হৈ থাকে। নৃত্যশিল্পীসকলে সমবেত সংগীত গায়। নৃত্যত প্ৰা দুই ডজনতকৈও অধিক মুদ্ৰা আছে যিবোৰৰ বহুতেই জীৱ-জন্তু আৰু চৰাইৰ গতি বা প্ৰকৃতিৰ অন্যান্য বৈশিষ্ট্যক প্ৰতিনিধিত্ব কৰে।[4] মহাবিষু সংক্ৰান্তিত এই পূজাৰ বোধন হয়৷ ব’হাগৰ প্ৰথম সাতদিন ধৰি এই পূজা চলে৷ ত্ৰিপুৰীসকলে প্ৰত্যেকেই এই উৎসৱত যোগ দিয়ে আৰু নৃত্য গীত পৰিৱেশন কৰে৷ গৰীয়া পূজাৰ শেষত গৰীয়া দেৱতাৰ প্ৰতীক বাঁহডালৰ পৰা “ৰিচা’’ বা “ৰিয়া’’ খুলি এটি “কল’’ বা “বৰ্শা’’ৰ মাজত ওলোমাই দেৱভক্তিত মতলীয়া যুৱক-যুৱতীসকলে “খাম’’ বাদ্যৰ তালে তালে গান গাই নাচিবলৈ লয়৷ এইদৰে তেওঁলোকে প্ৰত্যেক ঘৰে ঘৰে গৈ চোতালত গৰীয়া দেৱতাৰ প্ৰতীক থৈ নৃত্য কৰে৷ প্ৰাচীন অৱস্থাত এই নৃত্যৰ মুঠ ১০৮টি মুদ্ৰা আছিল৷ কিন্তু চৰ্চাৰ অভাৱত সকলোবোৰ আয়ত্তাধীন হৈ নাথাকিল৷ বৰ্তমান সৰ্বাধিক ২৪ বা ২৫টি আৰু সৰ্বনিম্ন ৮ বা ৯টি মুদ্ৰাৰে এই নৃত্য কৰা দেখা যায়৷ ত্ৰিপুৰাৰ আন এক উপজাতি নোৱাটিয়াসকলেও গৰীয়া পূজা পালন কৰে আৰু গৰীয়া নৃত্য পৰিৱেশন কৰে যদিও এওঁলোকে সম্পূৰ্ণ পৃথক ৰীতিৰে কৰে৷ ত্ৰিপুৰাৰ হালাম উপজাতিৰ এটি প্ৰশাখা ৰূপিনীসকলৰ মাজতো গৰীয়া নৃত্যই প্ৰধান নৃত্য৷ এওঁলোকৰ মাজত কেৱল ছোৱালীসকলেহে এই নৃত্য কৰে; পুৰুষসকলৰ এজনে কেৱল “অচাই’’ৰ ভূমিকা পালন কৰি নৃত্যৰ মাজে মাজে চিঞৰি চিঞৰি নাচৰ নিৰ্দেশ দিয়ে৷ নৃত্যৰ আৰম্ভণিত অচাইয়ে হাতযোৰ কৰি সম্মুখত বহে আৰু ছোৱালীবোৰ দুই শাৰী কৰি অচাইৰ পিছফালে বহি বন্দনা কৰে৷ বন্দনা শেষ হ’লে উঠি নাচ আৰম্ভ কৰে আৰু গৰীয়া দেৱতাৰ প্ৰতীক বাঁহক ঘূৰি প্ৰদক্ষিণ কৰে৷ [5] তথ্য সূত্ৰ
|
Portal di Ensiklopedia Dunia