গোকুল পাঠক
প্ৰাৰম্ভিক জীৱন১৯২৬ চনৰ ১৪ অক্টোবৰত সৰভোগ-বৰনগৰৰ আমগুৰি-সাপনা নামৰ গাওঁত গোকুল পাঠকৰ জন্ম হয়৷ তেওঁৰ দেউতাক আছিল লোকশিল্পী গহীন চন্দ্ৰ পাঠক আৰু মাতৃ পদ্মাৱতী পাঠক৷ দেউতাকৰ পৰাই গোকুল পাঠকে শৈশৱতে বিভিন্ন লোকবাদ্য যেনে খোমক, একতাৰা, খোল, খঞ্জৰি, দোতাৰা আদিৰ লগতে লোকগীতৰো প্ৰশিক্ষণ লাভ কৰে৷ তেওঁ কেতেকীবাৰী প্ৰাথমিক বিদ্যালয়ত প্ৰাৰম্ভিক শিক্ষা লাভ কৰে৷ বৰনগৰ জুৰোৰাম পাঠক হাইস্কুলৰ পৰা ১৯৪৭ চনত গোকুল পাঠকে প্ৰবেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়৷ তাৰপিছত তেওঁ গুৱাহাটীৰ বি বৰুৱা কলেজ আৰু বৰপেটাৰ মাধৱ চৌধুৰী কলেজত কলেজীয়া শিক্ষা লাভ কৰে৷[2] সাংসাৰিক জীৱন১৯৫০ চনত শিক্ষয়ত্ৰী দেৱবালা পাঠকৰ সৈতে তেখেত বিবাহপাশত আৱদ্ধ হয় যদিও ১৯৫৪ চনত পত্নীবিয়োগ ঘটে। তেখেতৰ দুটি সন্তান।[1] কৰ্মজীৱন১৯৪১-১৯৪৭ চনৰ স্বাধীনতা আন্দোলনৰ সময়ত গোকুল পাঠকে মুক্তি আন্দোলনক লৈ ৰচিত তেওঁৰ প্ৰথমখন গানৰ সংকলন 'মুক্তি অভিযান' প্ৰকাশ কৰে৷ পৰৱৰ্ত্তী কালত তেওঁ 'কৃষকৰ জয়গান', 'অবিচাৰ' আদি গ্ৰন্থ ৰচনা কৰে৷ কলেজত অধ্যয়ন কৰি থকা কালত তেওঁ কমিউনিষ্ট দলত সক্ৰিয়ভাৱে অংশ ল'বলৈ আৰম্ভ কৰে৷ ফলত পুলিচৰ হেঁচাত তেওঁ বৰপেটালৈ আহি শিক্ষা গ্ৰহণ কৰিব লগা হয়৷ তেওঁ পোন্ধৰ বছৰ কাল গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ যোগে লোকগীত পৰিবেশন কৰে৷ অৱদানগোকুল পাঠকে 'আমাৰ দেশ' নামৰ এখন বাতৰি কাকত উলিয়াইছিল আৰু ১৯৬৮ চনৰপৰা ১৯৯০ চনলৈ কাকতখন তেখেতে নিজে সম্পাদনা কৰিছিল। তেখেতে 'ৰূপান্তৰ' নামৰ এখন আলোচনীৰো সম্পাদক আছিল। এই আলোচনীখন তেখেতে ১৯৬১ চনৰপৰা ১৯৬৮ চনলৈ চলাই আছিল ।[1] গ্ৰন্থ[2]
বঁটা আৰু সন্মান
মৃত্যু২০২০ চনৰ ১০ মে' তাৰিখে বৰপেটা জিলাৰ ব্যক্তিগত চিকিৎসালয় 'অংকুৰম'ত ৯৫ বছৰ বয়সত বাৰ্দ্ধক্যজনিত কাৰণত শিল্পীগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে।[1] তথ্যসূত্ৰ
|
Portal di Ensiklopedia Dunia