গীতা উপাধ্যায়
গীতা উপাধ্যায় (ইংৰাজী: Gita Upadhyay) এগৰাকী ভাৰতীয় সাহিত্যিক। তেওঁ মূলতঃ নেপালী আৰু অসমীয়া ভাষাত সাহিত্য চৰ্চা কৰে। তেওঁ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ "কাৰেঙৰ লিগিৰী" নাট নেপালী ভাষালৈ অনুবাদ কৰি ২০১২ চনৰ সাহিত্য অকাডেমিৰ অনুবাদ বঁটা লাভ কৰিছিল। আকৌ তেওঁৰ নেপালী ভাষাৰ উপন্যাস "জনমভূমি মেৰৌ স্বদেশ"ৰ বাবে ২০১৬ চনৰ নেপালী ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰে। প্ৰাৰম্ভিক জীৱন১৯৩৯ চনত মাজগাঁও নামৰ গাঁও এখনত গীতা উপাধ্যায়ৰ জন্ম হয়। অবিভক্ত দৰং জিলাৰ অন্তৰ্গত গাঁওখন বৰ্তমান শোণিতপুৰ জিলাত অৱস্থিত। তেওঁ সেই ঠাইৰে বালিকা বিদ্যালয়ত শিক্ষা জীৱনৰ পাতনি মেলিছিল। তাৰ পিছত তেওঁ বিহালী হাইস্কুলত হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰি সেই শিক্ষানুষ্ঠানৰ পৰাই ১৯৫৫ চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পিছত সন্দিকৈ মহাবিদ্যালয়ত ইণ্টাৰমিডিয়েট (আজিকালিৰ উচ্চতৰ মাধ্যমিক) পঢ়িবলৈ যায়। তাৰ পৰায়ে তেওঁ বিএ পাছ কৰে। কৰ্ম জীৱনসন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পৰা বি.এ. পাছ কৰাৰ পিছত তেওঁ মোমায়েকৰ লগত নেপাললৈ যায় আৰু তাতে পৰ্যটন বিভাগত পৰ্যটন বিষয়া হিচাপে কৰ্ম জীৱনৰ পাতনি মেলে। নেপালত এবছৰ থকাৰ পিছত তেওঁ অসমলৈ ঘূৰি আহে আৰু গৌহাটী বিশ্ববিদ্যালয়ৰ পৰা ১৯৬৪ চনত ৰাজনীতি বিজ্ঞানত এম.এ. ডিগ্ৰী লাভ কৰে। তাৰ পিছত তেওঁ শিৱসাগৰ কলেজত অধ্যাপক হিচাপে যোগ দিয়ে আৰু ১৯৯৯ চনত তাৰে পৰা চাকৰি জীৱনৰ পৰা অৱসৰ লয়।[1] সাহিত্যিক জীৱনশিৱসাগৰ কলেজত অধ্যাপনা কৰি থকা কালছোৱাত তেওঁ সাহিত্য চৰ্চাত মনোনিৱেশ কৰে। ১৯৬৫-৬৬ মানত ভানুভক্তৰ ৰামায়ণখন অনুবাদ কৰিছিল। তাৰপিছত তেওঁ ১৯৭১ চনত নেপালী আৰু ১৯৭৬ চনত অসমীয়া ভাষাত অনুবাদীত "এন ফ্ৰাংকৰ ডায়েৰী" প্ৰকাশ পায়। তেওঁ ইয়াৰ নাট্যৰূপ ৰচনা কৰি মঞ্চস্থ কৰিছিল। তাৰ পিছত তেওঁ কেইবাখনো গ্ৰন্থ ইতিমধ্যে প্ৰকাশিত হৈছে। তদুপৰি তেওঁ অসম তথা ভাৰতৰ এগৰাকী আগশাৰীৰ নেপালী ভাষাৰ সাহিত্যিক হিচাপে জনাজাত। বঁটা আৰু সন্মান
তথ্য উৎস
|
Portal di Ensiklopedia Dunia