গাৰ্জা পূজা
গাৰ্জা পূজা অসমৰ বড়ো জনগোষ্ঠীৰ লোকসকলে পালন কৰা এক ধৰ্মীয় অনুষ্ঠান। বড়োসকলে ইয়াক 'মওদাই হওনাই' বুলিও কয়। 'মওদাই হওনাই'ৰ অৰ্থ হৈছে অশুভ শক্তি বা অপদেৱতা বিতাড়ন কৰা। ই এক সমূহীয়া ভিত্তিত কৰা পূজা। বড়োসকলৰ মতে 'গাজৰি মওদাই' বা অপদেৱতাসকলে মানুহ আৰু জীৱ-জন্তুলৈ মহামাৰী, প্ৰাকৃতিক দুৰ্যোগ আদি কঢ়িয়াই আনে আৰু মূলতঃ গাঁওবাসীক মহামাৰী বা এনে দুৰ্যোগৰ পৰা আঁতৰাই ৰাখিবলৈ গাৰ্জা পূজাৰ আয়োজন কৰা হয়। বড়োসকলে বিশ্বাস কৰে যে বৈশাগু অৰ্থাৎ ব'হাগ বিহুৰ সময়ত একেলগে ৰং-ৰহইচ কৰি খাই-বৈ, ইঘৰ-সিঘৰ ফুৰি গাঁওবাসী অপবিত্ৰ হৈ পৰে। তেওঁলোকৰ শুদ্ধিকৰণ কৰাৰ লগতে কোনো লোকে পাপাচাৰত লিপ্ত হ'লে 'মওজাং মওদাই' বা উপকাৰী দেৱতাসকলক শান্ত কৰিবলৈয়ো গাৰ্জা পূজা অনুষ্ঠিত কৰা হয়।[1] গাৰ্জা পূজাৰ কোনো নিৰ্দিষ্ট দিন নাথাকে। পৰম্পৰাগতভাৱে ইয়াক বছৰত দুবাৰ: ব'হাগ বিহু বা বৈচাগুৰ পিছত জেঠ বা আহাৰ মাহত আৰু কাতি বা আঘোণ মাহত অনুষ্ঠিত কৰা হয়।[2] প্ৰকাৰজেঠ-আহাৰ মাহৰ গাৰ্জা পূজা মহামাৰী বা এনে দুৰ্যোগ খেদাবৰ নিমিত্তে অনুষ্ঠিত কৰা হয়। ইয়াক কোৱা হয় 'হাম্বাই গাৰ্জা'। এই পূজাত শিশু আৰু যুৱতীৰ গমন নিষেধ। ইয়াত কলৰ ভূৰ এখন সাজি তাতে ৰঙা ফুল, কণী আৰু বলি দিয়া ক'লা ৰঙৰ মতা ছাগলী এটাৰ মূৰ তুলি দি ভূৰখন নৈৰ পাৰলৈ নি মন্ত্ৰোচ্ছাৰণৰ পিছত নৈত উটুৱাই দিয়া হয়। কাতি-আঘোণ মাহত পতা গাৰ্জা পূজাক 'মাইনাও গাৰ্জা' নামেৰে জনা যায়। এই পূজাত বয়স বা লিংগ নিৰ্বিশেষে সকলোৱে ভাগ ল'ব পাৰে আৰু ইয়াত শস্যৰ অধিষ্ঠাত্ৰী দেৱী মাইনাও অৰ্থাৎ লক্ষ্মী দেৱীক আদৰা হয়।[2] উপাস্য দেৱ-দেৱীগাৰ্জা পূজাত বহুসংখ্যক দেৱ-দেৱীৰ পূজা কৰা হয় আৰু পূজাত উচ্চাৰিত মন্ত্ৰসমূহত তেওঁলোকৰ নামসমূহৰ উল্লেখ পোৱা যায়। তেওঁলোকৰ ভিতৰত আছে মাইনাও, বৰাই ৰজা, ধন কুবেৰ, বাথৌ গাৰ্জা, দছমালি, বৰমালি আদি। বড়োসকলৰ বাথৌ ধৰ্মৰ নিজা দেৱ-দেৱীৰ বাহিৰেও অনা-বড়ো দেৱ-দেৱী যেনে মহাদেৱ, বিষহৰি, গৰখীয়া গোঁসাই, চিকণা ৰজা, আই ঠাকুৰাণী, গণেশ ঠাকুৰ আদিকো পূজ্য আসন দিয়া হয়। এই পূজাত ওজা বা পূজাৰীজনে অঞ্চলটোৰ কাষৰীয়া নৈ-নিজৰাকো দেৱতা মানি সেইবিলাকৰ নাম লয়।[3] গাৰ্জাশালীএই পূজা সাধাৰণতে মানুহ-দুনুহ যাবলৈ ভয় কৰা আওহতীয়া ঠাইত অনুষ্ঠিত কৰা হয়। সাধাৰণতে প্ৰতিখন গাঁৱৰ গাৰ্জা পূজাৰ স্থলীসমূহ নিৰ্দিষ্ট বা স্থায়ী। এই স্থানক গাৰ্জাশালী বোলা হয়। পূজাৰ বাবে গাৰ্জাশালী চাফ-চিকুণ কৰি মাটিৰে লিপি মোচা হয়। ইয়াৰ পিছতে দেৱতাসকলৰ আসন হিচাপে সৰু সৰু কিছুমান জুপুৰি সজা হয়। এই জুপুৰিবোৰক কোৱা হয় 'দেৰা'। ইয়াৰে মাজত এটা চাংঘৰো থাকে যি কেৱল 'বৰাই ৰজা' নামৰ দেৱতাগৰাকীৰ বাবে নিৰ্দিষ্ট। এই চাংঘৰৰ সোঁহাতে অনা-বড়ো দেৱ-দেৱীসকলক আসন দিয়া হয়। পূজাৰ আগদিনা কুকুৰা এটা বলি দি তাৰ তেজেৰে গাৰ্জাশালি শুদ্ধ কৰি লোৱা হয়। এই পূজা দুজন দেউৰী যথাক্ৰমে গহাই দেউৰী (মূল পুৰোহিত) আৰু লেঙি দেউৰী (সহায়ক পুৰোহিত) আৰু এজন ওজাই সম্পন্ন কৰে। দেৱ-দেৱীসকলক উদ্দেশ্যি কুকুৰা, হাঁহ আৰু মতা ছাগলী বলি দিয়াৰ লগতে তিনিটা পাৰ উৰুৱাই দিয়া হয়। উপাস্য দেৱতাসকলক পৰম্পৰাগত পানীয় 'জুমাই' অৰ্পণ কৰা হয়।[2] তথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia