গলমণিকা
গলমণিকা (ইংৰাজী: Rose-ringed Parakeet, বৈজ্ঞানিক নাম-Psittacula krameri) এটা জাকৰুৱা এফ্ৰো-এছিয়ান (Afro-Asian) ভাটৌৰ প্ৰজাতি। ই সমগ্ৰ ভাৰতত বহুলভাৱে বিস্তৃত। যিহেতু ইয়াৰ জনসংখ্যা দিনক দিনে বৃদ্ধি পাই আহিছে, সেয়ে আই.ইউ. চি. এন এ ইয়াক 'Least Concern' প্ৰজাতিসমূহৰ অন্তৰ্ভুক্ত কৰিছে। [1] গলমণিকা ঘৰচীয়া চৰাই হিচাপেও বিখ্যাত।[2] ই জনবসতিপূৰ্ণ অঞ্চলত বসবাস কৰিবলৈ বিশেষভাৱে অভিযোজিত বাবে বনাঞ্চল ধ্বংস বা নগৰীকৰণে ইয়াৰ ওপৰত বিশেষ প্ৰভাৱ পেলাব পৰা নাই। বিৱৰণগলমণিকাৰ দেহৰ গড় দৈৰ্ঘ্য প্ৰায় ৪০ ছে: মি: হয়। কেৱল ডেউকাৰ দৈৰ্ঘ্য ১৫-১৭.৫ ছে: মি: হয়। ইয়াৰ দেহ মূলতঃ সেউজীয়া বৰণৰ আৰু নেজ যথেষ্ট দীঘল। গলমণিকাৰ মতা আৰু মাইকী দেখিবলৈ কিছু ভিন্ন হয়। মতা চৰাইৰ ডিঙিত গুলপীয়া ৰঙৰ মণিৰ দৰে এডাল আঁচ থাকে বাবে ইয়াক গলমণিকা নামেৰে অভিহিত কৰা হয়। টেক্স'নমিগলমণিকাৰ মুঠ চাৰিটা উপপ্ৰজাতি দেখা যায়-
খাদ্যবনৰীয়া গলমণিকাই প্ৰধানতঃ ফল-মূল, শাক-পাচলি, গুটি আদি খাই জীয়াই থাকে। ইহঁতে বৃহৎ জাক পাতি খেতি-পথাৰ আদিত খাই বিস্তৰ ক্ষতি কৰে। [3] অন্য দক্ষিণ এছিয়াৰ চৰাইৰ প্ৰজাতিৰ পৰা ব্যতিক্ৰম হিচাপে ইহঁতে শীতকালতো প্ৰজনন কৰে। [4] এভিকালচাৰ (Aviculture)গলমণিকা পোহনীয়া চৰাই হিচাপে যথেষ্ট জনপ্ৰিয়। ঐতিহাসিক কালৰে পৰা ইয়াক মানুহে পোহাৰ তথ্য পোৱা যায়। পূ্ৰ্বতে গ্ৰীচত ভাৰতীয় উপ-প্ৰজাতি P. krameri manillensis আৰু ৰোমত আফ্ৰিকান উপ-প্ৰজাতি es P. krameri krameriক পোহনীয়া হিচাপে ৰখাৰ তথ্য আছে। বৰ্তমান বিভিন্ন ধৰণৰ ৰঙত ভাৰতীয় গলমণিকা বজাৰত পোৱা যায়। [5] অনুকৰণধৰ্মিতা (Mimicry)গলমণিকাৰ মতা আৰু মাইকী দুয়োটা চৰাইৰে মানুহৰ মাত নকল কৰিব পৰাৰ ক্ষমতা আছে। প্ৰথমে ই চাৰিওফালৰ শব্দবোৰ শুনে আৰু তাৰ পিছত একেধৰণে নকল কৰে। কিছুমান মানুহে কেৱল এইবাবেই গলমণিকাৰ পোৱালি নিজে ডাঙৰ কৰে। [উদ্ধৃতিৰ প্ৰয়োজন] আলোকচিত্ৰৰ ভঁৰাল
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia