খ্মেৰ ভাষাখ্মেৰ ইংৰাজী: :Khmer (/kəˈmɛər/ kə-MAIR; [3] ខ្មែរ, UNGEGN: খ্মেৰ [kʰmae]) হৈছে খ্মেৰ লোকসকলে স্থানীয়ভাৱে কোৱা এটা অষ্ট্ৰিয়া এছিয়াটিক ভাষা। এই ভাষা কম্বোডিয়াৰ চৰকাৰী ভাষা আৰু জাতীয় ভাষা। পূব থাইলেণ্ড আৰু থাইলেণ্ডৰ ইছান, ভিয়েটনামৰ দক্ষিণ-পূব আৰু মেকং বদ্বীপতো এই ভাষাটো বহুলভাৱে কয়। এই অতি পুৰণি খ্মেৰ ভাষা পূৰ্বৰ চেনলা আৰু অংকোৰ সাম্ৰাজ্যৰ ৰাজকীয় আৰু ধৰ্মীয় ভাবে পঞ্জীভুক্ত ভাষা আছিল। সেইবাবে,বৰ্তমানৰ খ্মেৰ ভাষা হিন্দু আৰু বৌদ্ধ ধৰ্মৰ জৰিয়তে, সংস্কৃত আৰু পালি ভাষাৰ দ্বাৰা ষথেষ্ট প্ৰভাৱিত হৈছে।[1] খ্মেৰসকলৰ আটাইতকৈ জনবসতিপূৰ্ণ অঞ্চল কেন্দ্ৰীয় সমভূমিৰ খ্মেৰ ভাষীসকলৰ সৰহ সংখ্যকে মধ্য খ্মেৰ ভাষা কয়। ই হল কেন্দ্ৰীয় সমভূমি অঞ্চল উপভাষা। এই ভাষাৰ উচ্চাৰণসমূহ কম্বোডিয়াৰ দূৰৱৰ্তী অঞ্চলৰ সৈতে একে আছে যদিও ৰাজধানী ফ্নম পেনৰ ভাষা আৰু ষ্টুং ট্ৰেং প্ৰদেশৰ খ্মেৰ খেৰ ভাষা দুয়োটাই, মধ্য খ্মেৰৰ পৰা যথেষ্ট পৃথক, যাৰ বাবে এই দুয়োটাকে খ্মেৰৰ পৃথক উপভাষা বুলি গণ্য কৰা হয়। কম্বোডিয়াৰ বাহিৰৰ পূৰ্বৰ খ্মেৰ সাম্ৰাজ্যৰ অংশ হিচাপে থকা অঞ্চলৰ স্থানীয় খেমাৰসকলে তিনিটা সুকীয়া উপভাষা কয়। উত্তৰ-পূব থাইলেণ্ডৰ দক্ষিণ অঞ্চলত এক মিলিয়নতকৈও অধিক খেমাৰে উত্তৰ-পূব খ্মেৰ উপভাষা কয়, যিটো ভাষাক কিছুমান ভাষাবিদে এক পৃথক ভাষা হিচাপে গণ্য কৰে। ভিয়েটনামৰ খ্মেৰ সকলে প্ৰথম ভাষা হিচাপে খ্মেৰ ক্ৰম বা দক্ষিণ খ্মেৰ কয়,আনহাতে দূৰৱৰ্তী কাৰদামন পৰ্বতমালাত বাস কৰা খ্মেৰসকলে অতি ৰক্ষণশীল উপভাষা কয় যিটো ভাষাত এতিয়াও মধ্য খ্মেৰ ভাষাৰ বৈশিষ্ট্য সমূহ বিদ্যমান। ভাষাত বিষয়-মন্তব্যৰ গঠন সাধাৰণ, আৰু অংশগ্ৰহণকাৰীসকলৰ মাজত অনুভূত সামাজিক সম্পৰ্কই নিৰ্ধাৰণ কৰে যে সৰ্বনাম আৰু সন্মানীয় শব্দৰ কোনবোৰ শব্দৰ গোট সঠিক। খ্মেৰ চুবুৰীয়া ভাষা যেনে বাৰ্মিজ, থাই, লাও, ভিয়েটনামী ভাষাৰ পৰা পৃথক কাৰণ ই কোনো টোনাল ভাষা নহয়। শব্দবোৰক চূড়ান্ত চিলেবলত জোৰ দিয়া হয়, সেয়েহে বহু শব্দই জোৰ দিয়া চিলেবলৰ সাধাৰণ মন–খমেৰ আৰ্হিৰ সৈতে মিল খায় আৰু তাৰ আগত এটা সৰু চিলেবল থাকে। এই ভাষাটো অন্ততঃ ৭ম শতিকাৰ পৰাই দক্ষিণ ভাৰতীয় পল্লৱ লিপিৰ জৰিয়তে ব্ৰাহ্মী লিপিৰ পৰা বংশধৰ আবুগিদা খ্মেৰ লিপিত লিখা হৈছে। যুগ যুগ ধৰি লিপিৰ ৰূপ আৰু ব্যৱহাৰৰ বিকাশ ঘটিছে; ইয়াৰ আধুনিক বৈশিষ্ট্যসমূহৰ ভিতৰত আছে থুপ লিখিবলৈ ব্যৱহাৰ কৰা ব্যঞ্জনবৰ্ণৰ উপলিপিযুক্ত সংস্কৰণ আৰু বিভিন্ন অন্তৰ্নিহিত স্বৰবৰ্ণৰ সৈতে ব্যঞ্জনবৰ্ণসমূহক দুটা শৃংখলাত বিভক্ত কৰা। শ্ৰেণীবিভাজনখ্মেৰ অষ্ট্ৰিয়াটিক ভাষা পৰিয়ালৰ অন্তৰ্গত এটা স্বতন্ত্ৰ ভাষা, আৰু এটা স্বাভাৱিক ভাষাপৰিয়াল হিচাপে মালয় উপদ্বীপৰ পৰা দক্ষিণ-পূব এছিয়া হৈ পূব ভাৰতলৈকে বিস্তৃত অঞ্চলৰ স্বদেশী ভাষা।[2] অষ্ট্ৰ'এছিয়াটিক, য'ত মন, ভিয়েটনামী আৰু মুণ্ডা ভাষাও অন্তৰ্ভুক্ত, প্ৰথম ১৮৫৬ চনৰ পৰা অধ্যয়ন চলি আহিছে আৰু ১৯০৭ চনত প্ৰথমবাৰৰ বাবে ভাষা পৰিয়াল হিচাপে প্ৰস্তাৱ কৰা হৈছিল।[3]বহু অধ্যয়ন আৰু গৱেষণাৰ পৰিমাণ সত্ত্বেও অষ্ট্ৰিয়াটিক ভাষাসমূহৰ অভ্যন্তৰীণ সম্পৰ্কক লৈ সন্দেহ এতিয়াও বিদ্যমান।[4] ডিফ্ল'থে খ্মেৰ ভাষাক মন-খ্মেৰ ভাষাৰ পূব শাখাত স্থান দিছে।[5] এই শ্ৰেণীবিভাজন আঁচনিসমূহত খ্মেৰৰ আটাইতকৈ ঘনিষ্ঠ জিনীয় আত্মীয় হৈছে বাহনাৰিক আৰু পেয়াৰিক ভাষা।[6] শেহতীয়া শ্ৰেণীবিভাজনসমূহে মন-খেমেৰ উপগোটসমূহৰ বৈধতাক লৈ সন্দেহ প্ৰকাশ কৰে আৰু খ্মেৰ ভাষাক পৰিয়ালটোৰ আন ১২টা শাখাৰ পৰা সমদূৰত্বত অষ্ট্ৰিয়াটিকৰ নিজস্ব শাখা হিচাপে স্থান দিয়ে।[4] খ্মেৰ মূলতঃ এটা বিশ্লেষণাত্মক, বিচ্ছিন্ন ভাষা। বিভক্তি, সংযোজন বা গোচৰৰ অন্ত নাই। তাৰ পৰিৱৰ্তে ব্যাকৰণগত সম্পৰ্ক সূচাবলৈ কণা আৰু সহায়ক শব্দ ব্যৱহাৰ কৰা হয়। উদাহৰণতলৰ পাঠটো মানৱ অধিকাৰৰ সৰ্বজনীন ঘোষণাৰ ১ নং অনুচ্ছেদৰ পৰা লোৱা হৈছে।
সংখ্যা
তথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia