কৰন সিং গ্ৰোভাৰ (জন্ম, ফেব্ৰুৱাৰী ২৩, ১৯৮২) এজন ভাৰতীয় টেলিভিছনৰ অভিনেতা আৰু মডেল। এম টিভি ইণ্ডিয়াৰ কিতনী মস্তি হ্যে জিন্দেগীৰ যোগেদি তেওঁ নিজৰ টেলিভিছন কেৰিয়াৰ আৰম্ভ কৰে। .[2] ষ্টাৰ ৱান চেনেলৰ দিল মিল গয়েৰ ড॰ অৰমান মালিক আৰু জী টিভিৰ ধাৰাবাহিক কবুল হ্যেৰ আছাদ আহমেদ খান নামৰ জনপ্ৰিয় চৰিত্ৰ দুটিত কৰা অভিনয়ৰ বাবে কৰন বিখ্যাত।
ব্যক্তিগত জীৱন
কৰন সিং গ্ৰোভাৰৰ জন্ম হৈছিল ১৯৮২ চনৰ ২৩ ফেব্ৰুৱাৰীত ভাৰতৰ দিল্লীত, মূলতঃ হাৰিয়ানাৰ অম্বালাৰ এক পঞ্জাবী শিখ পৰিয়ালত। তেওঁৰ সৰু ভায়েকৰ নাম ইস্মিত সিং। ল’ৰালিকালত কৰনে তেওঁৰ পৰিয়ালৰ সৈতে চৌদি আৰৱৰ আল্ খোবৰত থাকিবলৈ লয়। তেওঁ ইণ্টাৰনেশ্যনেল ইণ্ডিয়ান স্কুল ডামামত শিক্ষা গ্ৰহণ কৰে। ২০০০ চনত, তেওঁ পুনৰ মুম্বাইলৈ ঘূৰি যায় আৰু আই এইচ্ এম মুম্বাইৰ পৰা হোটেল মেনেজমেণ্টৰ ডিগ্ৰী অৰ্জন কৰে, দাদৰ কেটাৰিং কলেজ.[3] কলেজীয়া দিনবোৰত তেওঁ থাউজেণ্ড ডেচিবেলছ্ নামৰ বেণ্ড এটাত আছিল। ডিগ্ৰী সমাপ্ত কৰি কৰন, মাস্কাট, ওমানত থাকিবলৈ লয়, য’ত তেওঁৰ পৰিয়াল আছিল আৰু শ্বেৰাটন হোটেলত প্ৰায় এবছৰৰ কাৰণে মাৰ্কেটিং এক্সিউটিভ হিচাপে কাম কৰে। পাছত তেওঁ মডেলিংৰ কেৰিয়াৰ গঢ়িবলৈ ভাৰতলৈ ঘূৰি আহে আৰু ২০০৪ চনত গ্লাডৰাগচ মেগা মডেল মেনহাণ্ট কণ্টেষ্টত অংশগ্ৰহণ কৰে। তাত তেওঁ মোস্ত পপুলাৰ মডেলপুৰস্কাৰটি পায়। ২০০৮ৰ ২ ডিচেম্বৰত, গোৱাত শ্ৰদ্ধা নিগমৰ সৈতে কৰন বিবাহপাশতআবদ্ধ হয় কিন্তু ২০০৯ চনত তেওঁলোকৰ বিবাহ বিচ্ছদ হয়।[4][5]। ২০১২ৰ ৯এপ্ৰিলত এক ব্যক্তিগত অনুষ্ঠানত তেওঁ তেওঁৰ বান্ধৱী আৰু দিল মিল গয়ে ধাৰাবাহিকৰ সহতাৰকা জেনিফাৰ উইংগেটৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[1]
পেছাদৰী জীৱন
টেলিভিছনত অভিনয় কেৰিয়াৰ আৰম্ভ কৰাৰ আগতে কৰনে বহুতো মডেলিং, ৰেম্প অনুষ্ঠান, বিজ্ঞাপনৰ কাম কৰিছিল আৰু এক ৰেডিঅ’ অনুষ্ঠানো পৰিৱেশন কৰিছিল। পাছত, তেওঁ ২০০৪ চনত গ্লাডৰাগচ মেগা মডেল মেনহাণ্ট কনটেষ্টত অংশগ্ৰহণ কৰে আৰু মোস্ত পপুলাৰ মডেল পুৰস্কাৰ পায়। এক দেশব্যাপী প্ৰতিভাসন্ধানী প্ৰতিযোগিতাৰ দ্বাৰা তেও, আন পাঁচজনৰ সৈতে এম টিভিৰ অনুষ্ঠান কিতনী মস্তি হ্যে জিন্দেগীত প্ৰধান ভূমিকা অভিনয় কৰাৰ বাবে মনোনীত হয় আৰু পাছত প্ৰিনচেছ ডলী অউৰ উচকা মেজিক বেগ ধাৰাবাহিকত অভিনয় কৰে।
কচৌটি জিন্দেগী কে ধাৰাবাহিকত তেওঁক ঋণাত্মক চৰিত্ৰত অভিনয় কৰা দেখা গৈছিল। এইখন ধাৰাবাহিকৰ দ্বাৰা তেওঁ তেওঁৰ প্ৰশংসকসকলৰ মাজত বিপুল জনপ্ৰিয়তা অৰ্জন কৰে। ধাৰাবাহিকখনৰ তেওঁৰ চৰিত্ৰটিৰ বাবে তেওঁ এতিয়াও স্মৰণিত। ইয়াৰ পাছত তেওঁ চাহাৰা ওৱান চেনেলৰ ষোলহ শিংগাৰ ধাৰাবাহিকত অভিনয় কৰিছিল আৰু লগতে সীমিত সময়ৰ বাবে চি.আই.ডি. (ইণ্ডিয়ান টেলিভিছন ছিৰিজ) আৰু পৰিৱাৰত অভিনয় কৰিছিল। পাছত তেওঁ দিল মিল গয়ে ধাৰাবাহিকত অভিনয় কৰা ড॰ অৰমান মালিক চৰিত্ৰটিৰ দ্বাৰা প্ৰখ্যাত হয়, যিটো বহুলভাৱে জনপ্ৰিয় হৈ পৰে আৰু তেওঁ একাংশ প্ৰশংসক মণ্ডলী অৰ্জন কৰে। দিল মিল গয়ে ধাৰাবাহিকৰ লগতে তেওঁ ষ্টাৰ ৱানৰ ৰিয়েলিটী অনুষ্ঠান ঝৰা নাচকে দিখা ৰ প্ৰথম ছিজন আঁত ধৰিছিল। তেওঁ ৰিয়েলিটী নৃত্যানুস্থান ঝলক দিখলা যাৰ তৃতীয় ছিজনৰ দ্বিতীয় ৰানাৰ আপ আছিল।
২০০৯ চনত কালাৰ্চ টিভিৰ সংগীতানুস্থান আইডিয়া ৰকচ ইণ্ডিয়াৰ আঁত ধৰিছিল। ২০১০ চনত তেওঁ ফিয়েৰ ফেক্টৰ: খতৰো কে খিলাড়ী (ছিজন ৩)ত প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰিছিল। ২০১১ চনত তেওঁ চেনেল ভিৰ পাৰফেক্ট কাপল নামৰ ৰিয়েলিটী পৰিভ্ৰমণানুস্থানটি আঁত ধৰিছিল। তেওঁ চেনেল ভি ৰ ধাৰাবাহিক দিল দোস্তি ডান্স ত অতিথী শিল্পী হিচাপে, প্ৰফেছাৰ কৰন মালিক ৰূপেও অভিনয় কৰিছিল। তেওঁ ২০১২ চনৰ আগষ্টত ষ্টাৰ প্লাচ ৰ ধাৰাবাহিক টেলিফিল্ম তেৰি মেৰি লাভ ষ্টোৰীজত অভিনয় কৰিছিল। বৰ্তমান কৰন জী টিভিৰ এখন নতুন জনপ্ৰিয় ধাৰাবাহিক কবুল হ্যেত আছাদ আহমেদ খান চৰিত্ৰটিত অভিনয় কৰি আছে।
টেলিভিছন
চলচ্চিত্ৰপঞ্জী
বৰ্ষ |
শিৰোনাম |
চৰিত্ৰ |
টোকা
|
২০০৮ |
ভ্ৰম |
সৰু চৰিত্ৰ |
কাৰ্লটন ৰূপে, মূল চৰিত্ৰটিৰ অন্যতম বন্ধু।
|
২০১২ |
আই এম ২৪ |
সৰু চৰিত্ৰ |
অমন সিং ৰূপে, ২০০৮ৰ পৰা সম্পূৰ্ণ, ২০১২ৰ ৩০ আগষ্টত মুক্তি লাভ, সৰু ধেমেলীয়া চৰিত্ৰ।
|
২০১২ |
লৰী/দ্য লাভিং ডল |
প্ৰধান পুৰুষ |
অৰ্জুন কাপুৰ ৰূপে, বৰ্তমান পোষ্ট প্ৰডাকচনত, সহ-তাৰকা ডায়েনা হেডেন আৰু নিৰ্দেশক পৱন কৌল।[6]
|
পুৰস্কাৰ আৰু মনোনয়ন
ভূমিকা
বিজ্ঞাপন
বৰ্ষ |
বিজ্ঞাপন |
টোকা
|
২০০৯ |
ৰূপা ফ্ৰণ্টলাইন |
ৰাজপাল যাদৱৰ সৈতে ৰূপা গেঞ্জীৰ বিজ্ঞাপন।
|
২০০৯ |
Cleartrip.com |
Cleartrip.com টিভি বিজ্ঞাপন।
|
২০০৯ |
ইণ্ডিয়ান জেম এণ্ড জুৱেলাৰী |
পুৰুষৰ জুৱেলাৰী কোম্পানীৰ বাবে প্ৰিণ্ট বিজ্ঞাপন।
|
২০১০ |
ৰূপা ফ্ৰণ্টলাইন |
ৰশ্মি দেশাইৰ সৈতে ৰূপা গেঞ্জীৰ বিজ্ঞাপন।
|
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ