পঞ্চী বৰা
পঞ্চী বৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। তেওঁ দূৰদৰ্শন ধাৰাবাহিক ‘কয়ামত’, ‘কিতনী মস্ত হ্যে জিন্দেগী’ আদিত অভিনয় কৰিছে। শেহতীয়াকৈ তেওঁ তেলুগু চলচ্চিত্ৰ জগততো পদাৰ্পন কৰিছে।[1] কেৰিয়াৰপঞ্চী বৰাৰ ঘৰ অসমত যদিও আৰ্মি বিষয়া পিতৃয়ে অৱসৰৰ পিছত পুনেত বসবাস কৰিবলৈ লয়।[2] তেওঁ পুনেত আইন মহাবিদ্যালয়ত শিক্ষাগ্ৰহণ কৰে। সেই সময়তে দুৰদৰ্শনৰ বিভিন্ন বিজ্ঞাপনত পঞ্চী বৰাই অংশগ্ৰহণৰ সুযোগ পায়।[3][4] বালাজী টেলিফিল্মৰ মুখ্য কাৰ্য্যবাহী একতা কাপুৰে এম টিভিৰ প্ৰথমখন ধাৰাবাহিক ‘কিতনী মস্ত হ্যে জিন্দেগী’ত অভিনয়ৰ বাবে পঞ্চী বৰাক সুযোগ দিয়ে।[4][2] তেওঁ ধাৰাবাহিকখনত ৰেডিঅ’ জ’কী অনন্যা পুৰীৰ ভূমিকাত অভিনয় কৰে। ইয়াৰ পিছতে পঞ্চী বৰাই আইন শিক্ষা বাদ দি পুনেৰ ফাৰ্গুছন মহাবিদ্যালয়ত স্নাতক মহলাত ভৰ্তি হয়।[5] পৰৱৰ্ত্তীকালত একতা কাপুৰৰে অন্য এখন ধাৰাবাহিক ‘কয়ামত’ত পঞ্চী বৰাই প্ৰাচীৰ ভূমিকাত অভিনয় কৰে।[5][2] ইয়াত কৰা বলিষ্ঠ অভিনয়ৰ বাবে তেওঁ ২০০৮ চনত ষ্টাৰ পৰিবাৰ এৱাৰ্ডছত দুটাকৈ নমিনেশ্যন লাভ কৰে।[6] ২০০৯ ৰ পৰা ২০১২ চনলৈ অভিনয়ৰ পৰা আঁতৰি থকাৰ পিছত পঞ্চী বৰাই ষ্টাৰ প্লাছৰ ‘Bid Aai’-ত ভূমুকি মাৰে। ২০১০ চনত তেওঁ ‘দ্য হিন্দু-দ্য ইণ্ডিয়ান’ নামৰ ৰাছিয়ান দুৰদৰ্শন ধাৰাবাহিক এখনত অভিনয়ৰ সুযোগ পায়।[7] ইয়াত তেওঁ এগৰাকী ভাৰতীয় মহিলা ‘মায়া’ ৰ ভূমিকাত অভিনয় কৰে।[7] ২০১২ চনত তেওঁ ‘গুমৰাহ: এণ্ড অব ইঞ্চেন্স’ ত অভিনয় কৰি প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয়।[8] ২০১১ চনত পঞ্চী বৰাই তেলুগু চলচ্চিত্ৰত অভিনয় কৰি চলচ্চিত্ৰ অভিনেত্ৰীৰূপে আত্মপ্ৰকাশ কৰে।[9] তেওঁ ইতিমধ্যে ভালেসংখ্যক তেলুগু ছবিত অভিনয় কৰিছে।[10][11] অভিনয়চলচ্চিত্ৰ
দুৰদৰ্শন
তথ্য উৎস
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia