কোমলদেহী প্ৰাণী
![]() কোমলদেহী প্ৰাণী (ইংৰাজী: Mollusca) হৈছে অমেৰুদণ্ডী প্ৰাণীৰ এটা পৰ্ব। এই পৰ্বৰ অধিকাংশ সামুদ্ৰিক প্ৰজাতি। ইয়াৰে অধিকাংশ অগভীৰ জলত বাস কৰে। এই পৰ্ব সকলোতকৈ বৃহত্তম সামুদ্ৰিক অমেৰুদণ্ডী প্ৰাণীৰ প্ৰজাতি। এই পৰ্বত প্ৰায় ৮৫,০০০ প্ৰজাতি আছে। নামকৰণকোমলদেহীৰ ইংৰাজী mollusc আৰু mollusk দুয়োটা শব্দ ফৰাচী mollusque শব্দৰ পৰা আহৰণ কৰা হৈছে, ফৰাচী শব্দটোৰ মূল হৈছে লেটিন শব্দ molluscus, ইয়াৰ অৰ্থ mollis, কোমল। Molluscus শব্দটো এৰিষ্টটলৰ τὰ μαλάκια ta malákia (কোমল; < μαλακός malakós "কোমল") শব্দৰ পৰা লোৱা হৈছে, ইয়াৰ দ্বাৰা তেঁও inter alia কাটলফিছক বুজাইছিল।[1] কোমলদেহী সম্পৰ্কে কৰা বৈজ্ঞানিক অধ্যয়নক মালাক'লজি (malacology) বুলি কোৱা হয়।[2] আদিতে মলাছক'ইড (Molluscoida) শব্দটো ব্ৰাংকিঅ'পদ, ব্ৰাঅ'জৱা আৰু টিউনিকেট নামৰ কোমলদেহীৰ সৈতে কিছু পৰিমানে মিল থকা তিনিটা গোট অন্তৰ্ভূক্ত প্ৰাণী জগতৰ এটা বিভাগৰ বাবে ব্যৱহাৰ কৰা হৈছিল। বৰ্তমান সময়ত, এই গোট সমূহৰ সৈতে কোমলদেহীৰ কোনো সম্পৰ্ক নাই, আৰু এটাৰ সৈতে আনটোৰ অতি কম সম্পৰ্ক আছে, সেইবাবে বৰ্তমান মলাছক'ইড শব্দটো ব্যৱহাৰ কৰা নহয়।[3] বৈশিষ্ট্যইহঁতৰ দেহ কোমল। কোমল দেহটো কঠিন খোলাৰ দ্বাৰা আবৃত। পেশীবহুল নিম্নাংশৰ সহায়ত ইহঁতে চলাচল কৰে। বহিঃত্বক, হাঁওফাঁও বা ফুলৰ সহায়ত শ্বাসকাৰ্য সমাপন কৰে। ইহঁত বৈচিত্ৰপূৰ্ণ প্ৰাণী। ইহঁতৰ অধিকাংশই সামুদ্ৰিক। ছেলোমেট,অধিকাংশ দ্বিপাশ্বীয় প্ৰতিসম। ৰক্তত হিম'চায়ানিন (haemocyanin) আৰু এমিব'চাইট (amoebocyte) কণিকা থাকে। দেহত মেণ্টেল নামৰ পাতল আৱৰণ থাকে। বিচিত্ৰতাকোমলদেহী প্ৰাণীৰ অন্তৰ্গত আনুমানিক প্ৰায় ৫০,০০০ ৰ পৰা ১২০,০০০ জীৱিত প্ৰজাতি আছে। ১৯৬৯ চনত ডেভিদ নিকলে প্ৰায় ১০৭,০০০ জীৱিত প্ৰজাতি আছে বুলি অনুমান কৰিছিল। ইয়াৰ ভিতৰত প্ৰায় ১২,০০০ প্ৰজাতি আছিল স্বচ্ছ পানীৰ গেষ্ট্ৰ'পদ আৰু ৩৫,০০০ প্ৰজাতি আছিল মাটিত বাস কৰা কোমলদেহী। তুলনামূলক ভাবে প্ৰায় ১৪% কোমলদেহী বাইভালভিয়া শ্ৰেণীৰ অন্তৰ্গত আৰু বাকী পাঁচটো শ্ৰেণীৰ জীৱিত কোমলদেহী প্ৰায় ২%তকৈও কম।[4] ২০০৯ চনত চাপমেনৰ তথ্য মতে জীৱিত কোমলদেহীৰ সংখ্যা প্ৰায় ৮৫,০০০।[5] ২০০১ চনলৈকে প্ৰায় ৯৩,০০০ প্ৰজাতিৰ নামকৰণ কৰা হৈছিল, ইয়াৰ ভিতৰত নামকৰণ কৰা সকলো সাগৰীয় জীৱৰ ২৩% অন্তৰ্ভূক্ত আছিল।[6] জীৱিত প্ৰাণীৰ ভিতৰত কোমলদেহী হৈছে সন্ধিপদী প্ৰাণীৰ পিছতেই দ্বিতীয় বৃহৎ জৈৱ গোট।[7] শ্ৰেণীবিভাজনকোমলদেহীৰ অন্তৰ্গত শ্ৰেণী সম্পৰ্কে বিভিন্ন মত পোষণ কৰা দেখা যায়; উদাহৰণ স্বৰূপে, তলৰ তালিকাত সাতটা জীৱিত শ্ৰেণী,[8] আৰু দুটা বিলুপ্ত শ্ৰেণী প্ৰদৰ্শন কৰা হৈছে। তথাপি সিহঁতক এটা ক্লেড বুলি কব পৰা নাযায়, কিছুমান পুৰণি পদ্ধতিত কাউড'ফভিটা আৰু ছলেন'গেছটাৰ নামৰ শ্ৰেণী দুটাক একেলগে এপলেক'ফৰা নামৰ শ্ৰেণীত ৰখা হৈছিল। সাধাৰণতে চিনাক্ত কৰা দুটা "শ্ৰেণী" জীৱাশ্মৰ পৰাহে জনা গৈছে।
এই গোট সমূহৰ উচ্চ পৰ্যায়ৰ শ্ৰেণীবিভাজন এতিয়াও সমস্যাজৰ্জৰ। শেহতীয়া অধ্যয়ন মতে মনফাইলেটিক এপ্লেক'ফৰাই পলিপ্লেক'ফৰাৰ সৈতে এটা ক্লেড সৃষ্টি কৰে।[13] ইয়াৰোপৰি, বাইভালভিয়া আৰু গেষ্ট্ৰপডাৰ এটা ভগ্নী গোট সম্পৰ্ক আছে বুলি অধ্যয়নে কব বিচাৰে। টেম্টাকুলিয়েটাও কোমলদেহীৰ অন্তৰ্ভূক্ত বুলি কব পাৰি। তথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia