কেঁচা পাতৰ কঁপনি
কেঁচা পাতৰ কঁপনি (ইংৰাজী: Kesa Paator Koponi) হৈছে অসমৰ সাহিত্যিক, ঔপন্যাসিক, গৱেষক প্ৰফুল্ল দত্ত গোস্বামীৰ এখন উপন্যাস। ১৯৫২ চনত প্ৰথমবাৰৰ বাবে প্ৰকাশিত হোৱা এই উপন্যাসখনক কথন-ৰীতিক স্বৰাজোত্তৰ কালৰ অসমীয়া উপন্যাসৰ পৰম্পৰাগত শৈলীৰ পৰা সামান্য পৃথক বুলি কোৱা হয়।[1] গ্ৰন্থকাৰৰ চমু পৰিচয়প্ৰধান প্ৰবন্ধ: প্ৰফুল্ল দত্ত গোস্বামী
প্ৰফুল্লদত্ত গোস্বামী (১৯১৯-১৯৯৪) হৈছে একাধাৰে ঔপন্যাসিক, প্ৰবন্ধকাৰ, লোক-সংস্কৃতিৰ গৱেষক আৰু অধ্যাপক। লোক-সংস্কৃতি, ভ্ৰমণ সাহিত্য, গৱেষণামূলক গ্ৰন্থৰ জৰিয়তে তেখেতে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। কেঁচা পাতৰ কঁপনি তেখেতৰ এখনি বহুজনসমাদৃত গ্ৰন্থ। গ্ৰন্থৰ চমু পৰিচয়উপন্যাসখনৰ কেন্দ্ৰীয় চৰিত্ৰ হৈছে উৎপল নামৰ যুৱকজন। মানসিক অস্থিৰতাই কিদৰে সম্ভাৱনাপূৰ্ণ যুৱক উৎপলৰ মনত সিদ্ধান্তহীনতাৰ বীজ উদ্ৰেক কৰিলে আৰু কিদৰে নিজৰ অদূৰদৰ্শিতাৰ বাবে পৰৱৰ্তী জীৱনটো তেওঁ কোনো এটা সিদ্ধান্তত উপস্থিত হব পৰা নাই, তাৰেই বৰ্ণনা প্ৰধানকৈ উপন্যাসখনত উপস্থাপিত কৰা হৈছে। উৎপলৰ জীৱিকা নিৰ্বাচনৰ জটিলতাৰ যোগেদি আধুনিক মানুহৰ জটিল মনস্তত্ত্বৰ প্ৰতিফলন ঘটিছে বুলি ধৰিব পাৰি। উপন্যাসখনত উৎপল এজন আধুনিক শিক্ষিত মধ্যবিত্ত পৰিয়ালৰ ডেকা।[1] সমালোচনাএকাংশ সমালোচকৰ মতে, প্ৰফুল্ল দত্ত গোস্বামীৰ এইখন উপন্যাসৰ জৰিয়তেই অসমীয়া উপন্যাস সাহিত্যত পোনপ্ৰথমবাৰৰ বাবে আধুনিক জীৱনৰ অস্থিৰতা, একাকিত্ব, দ্বিধাবোধ আৰু সংশয়ৰ স্পষ্ট প্ৰতিফলন ঘটিছে।[1] তথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia