কাৰ্ল ফ্ৰিডৰিখ গাউছ
জ'হানন্ কাৰ্ল ফ্ৰিডৰিখ গাঊছ (/ɡaʊs/; জাৰ্মান: Gauß, উচ্চাৰণ [ɡaʊs] ( শুনক); লেটিন: Carolus Fridericus Gauss ) (৩০ এপ্ৰিল ১৭৭৭ – ২৩ ফ্ৰেব্ৰুৱাৰী ১৮৫৫) এজন জাৰ্মান গণিতজ্ঞ আৰু পদাৰ্থ-বিজ্ঞানী আছিল যিজনে সংখ্যা-তত্ত্ব (number theory), বীজগণিত (algebra), পৰিসংখ্যা (statistics), গাণিতিক বিশ্লেষণ (mathematical analysis), differential geometry, geodesy, geophysics, electrostatics, জ্যোতিৰ্বিজ্ঞান (astronomy) আৰু আলোকবিজ্ঞান (optics)কে আদি কৰি বহুতো ক্ষেত্ৰলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢাই থৈ গৈছে। গণিতৰ যুৱৰাজ বুলি খ্যাত[1] (লেটিন, "the Prince of Mathematicians" or "the foremost of mathematicians") আৰু কেতিয়াবা "অতীজৰ পৰা আজিলৈকে শ্ৰেষ্ঠতম গণিতজ্ঞ" হিচাপে স্বীকৃত গাঊছৰ গণিশাস্ত্ৰ আৰু বিজ্ঞানৰ বহুতো ক্ষেত্ৰত লেখত ল'বলগীয়া প্ৰভাৱ আছিল। তেওঁক ইতিহাসৰ সবাতোকৈ বেছি প্ৰভাৱসম্পন্ন গণিতজ্ঞসকলৰ তালিকাত স্থান দিয়া হয়।[2] শিক্ষাসৰুৰে পৰা গাউছ অতি তীক্ষ্ণ বুদ্ধিৰ আছিল। কিশোৰ গাউছৰ গাণিতিক প্ৰতিভাই ডিউক অৱ ব্ৰুনছউইকৰ দৃষ্টি আকৰ্ষণ কৰিলে আৰু তেওঁ নিজা খৰচত গাউছক 'কলেজিয়াম কেৰ'লিনামলৈ (এতিয়া ব্ৰাউনছৱেগ ইউনিভাৰ্চিটি অৱ টেকনলজি) পঢ়িবলৈ পঠিয়ালে। গাউছে ১৭৯২ চনৰ পৰা ১৭৯৫ চনলৈ তাত পঢ়ে আৰু তাৰ পাছত ১৭৯৫-১৭৯৮ চনৰ কালছোৱা সেইসময়ৰ বিখ্যাত শিক্ষানুষ্ঠান গোটিনজেন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰে।[3] কৰ্মজীৱন আৰু অৱদানসমূহকলেজ-বিশ্ববিদ্যালয়ত পঢ়ি থকা সময়ৰ পৰাই গাউছে কিছুমান গুৰুত্বপূৰ্ণ আৱিষ্কাৰ কৰিছিল। ১৭৯৬ চনত তেওঁ এক উল্লেখযোগ্য আৱিষ্কাৰৰ জৰিয়তে জনালে যে বাহুৰ সংখ্যাৰ ক্ষেত্ৰত এক বিশেষ চৰ্ত পূৰণ কৰিলে যিকোনো বহুভুজকে কেৱল কম্পাছ আৰু স্কেলৰ সহায়ত অংকন কৰিব পৰা যায়। এয়া এক বহুদিনীয়া সমস্যাৰ আংশিক সমাধান আছিল। ১৭৯৬ চনটো গাউছ আৰু সংখ্যাতত্ত্বৰ দুয়োৰে বাবে ভাল আৰু সমৃদ্ধিশালী বছৰ আছিল। সোতৰটা সমান বাহু থকা এক বহুভুজ তৈয়াৰ কৰাটো গাউছে সম্পূৰ্ণ কৰিলে ৩০ মাৰ্চত। একে সময়তে তেওঁ সংখ্যাতত্ত্বৰ হেৰফেৰ কমাবলৈ 'মডুলাৰ এৰিথমেটিক' পদ্ধতিৰ বিকাশ কৰিলে। ৮ এপ্ৰিলত গাউছে 'দ্ধিঘাত প্ৰতিক্ৰমতা সূত্ৰ' প্ৰমাণ কৰি এই কাম সম্পাদনা কৰা প্ৰথম ব্যক্তি হিচাপে পৰিগণিত হয়। ৩১ মে'ত তেওঁ আৱিষ্কাৰ কৰিলে - মৌলিক সংখ্যাৰ সূত্ৰ। তেওঁ আৱিষ্কাৰ কৰিছিল যে প্ৰতিটো ধনাত্মক সংখ্যাত অতি বেছি তিনিটা ত্ৰিভুজীয় সংখ্যাৰ যোগফলৰ দ্ধাৰা প্ৰকাশ কৰিব পাৰি। অৱকলজ জ্যামিতি আৰু সংস্থিতি বিদ্যাৰ (Topology) ক্ষেত্ৰতো তেওঁৰ উল্লেখযোগ্য অৱদান আছিল। বিষয় অধ্যয়নত ব্যৱহৃত 'গাউছিন বক্ৰ'ৰ ধাৰণা তেওঁ সৃষ্টি কৰিছিল।[4] ১৮৩১ চনত গাউছে পদাৰ্থ বিজ্ঞানৰ অধ্যাপক উইলহেল্ম ৱেবাৰৰ লগত একেলগে চুম্বকত্ব আৰু বিদুৎ সম্পৰ্কীয় অধ্যয়ন কৰিবলৈ ল’লে। তেতিয়াই তেওঁ এই ক্ষেত্ৰত নতুন 'গাউছৰ সূত্ৰ' দাঙি ধৰে। গাউছে ভূচুম্বকীয় ক্ষেত্ৰৰ জোখ লোৱাৰ এক পদ্ধতি আৱিষ্কাৰ কৰিছিল। আনহাতে পোহৰ বিজ্ঞান সম্পৰ্কত অধ্যয়ন কৰি তেওঁ 'গাউছিয়ান লেন্স সূত্ৰ' নামৰ এক সূত্ৰ প্ৰতিষ্ঠা কৰিছিল।[4] তথ্যসূত্ৰ
|
Portal di Ensiklopedia Dunia