কমলালয়া কাকতি
কমলালয়া কাকতি(ইংৰাজী: Kamalalaya Kakoti) হৈছে প্ৰথম অসমীয়া মহিলা আলোচনী 'ঘৰ জেউতি'ৰ প্ৰতিষ্ঠাপক সম্পাদক।[1][2] জন্ম পৰিচয়১৮৯৪ চনত শিৱসাগৰত কমলালয়া কাকতিৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম কালীপ্ৰসাদ চলিহা আৰু মাতৃৰ নাম নিকুঞ্জলতা চলিহা।[1] বিবাহকমলালয়াৰ ১৯০৮[উদ্ধৃতিৰ প্ৰয়োজন] চনত মাত্ৰ চৈধ্য বছৰ বয়সত কমলচন্দ্ৰ কাকতিৰ লগত বিবাহ হয়। কালক্ৰমত তেওঁলোকৰ এটি পুত্ৰ সন্তান জন্ম হয়। কিন্তু স্বামীয়ে পিছত দ্বিতীয় বিবাহৰ প্ৰস্তুতি চলায়। সেইদেখি কমলালয়াই পুত্ৰসহিতে পিতৃগৃহলৈ গুচি আহে।[1] কৰ্মজীৱনকমলালয়া কাকতিয়ে শিৱসাগৰত সক্ৰিয়ভাৱে বিভিন্ন সামাজিক কাম-কাজত আত্মনিয়োগ কৰে। কমলালয়াই বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠা কৰাত মুখ্য ভূমিকা গ্ৰহণ কৰে। তাৰ ভিতৰত শিৱসাগৰত গঠিত শিল্পী-ভাৰত, মহিলা সন্মিলনী আদি প্ৰধান। তেওঁৰ নবৌয়েক কনকলতা চলিহাৰ সৈতে লগলাগি ১৯২৮ চনত যুটীয়াভাৱে প্ৰকাশ কৰে 'ঘৰ জেউতি' নামৰ এখন আলোচনী। এইখনেই অসমৰ প্ৰথমখন মহিলা আলোচনী। ১৯৩৫ চনত 'ঘৰ জেউতি'ৰ প্ৰকাশ বন্ধ হৈ যায়।[1] সাহিত্যৰাজিমৃত্যু১৯৪৬ চনৰ ২৪ জুনত কমলালয়া কাকতিৰ মৃত্যু হয়।[1][2] তথ্যউৎস
|
Portal di Ensiklopedia Dunia