এইপিনে কি আছে ? (গল্প সংকলন)
এইপিনে কি আছে ? হৈছে গল্পকাৰ সঞ্জীৱ পল ডেকাৰ প্ৰথমখন গল্প সংকলন। ২০১০ চনত প্ৰথম প্ৰকাশিত তেওঁৰ এই প্ৰথম গল্প সংকলনখনত দহটা গল্প সন্নিৱিষ্ট কৰা হৈছে। এই সংকলনখনে ২০১২ চনত মুনীন বৰকটকী বঁটা, ২০১৫-১৬ চনৰ ভাৰতীয় ভাষা পৰিষদৰ যুৱ বঁটা আৰু ২০১৯ চনত সাহিত্য অকাডেমি যুৱ পুৰস্কাৰ লাভ কৰে। ২০২০ চনত এই সংকলনটিৰ তৃতীয় সংস্কৰণ প্ৰকাশ পায়। গ্ৰন্থখনিৰ প্ৰথম সংস্কৰণৰ বেটুপাতৰ শিল্পী দেৱানন্দ উলুপ। গল্পকাৰৰ চমু পৰিচয়প্ৰধান প্ৰবন্ধ: সঞ্জীৱ পল ডেকা
সঞ্জীৱ পল ডেকাৰ জন্ম দৰং জিলাৰ দীঘিপাৰত। তেওঁ কটন কলেজৰ পৰা অসমীয়া বিষয়ত স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ২০১৮ চনত পিএইচ ডি লাভ কৰে। ২০১৭ চনৰ আগষ্ট মাহৰ পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক হিচাপে যোগদান কৰে। ২০০৫ চনত প্ৰান্তিকত প্ৰকাশিত 'সময়' নামৰ গল্প এটিৰে আত্মপ্ৰকাশ কৰা ডেকাৰ গল্প ইংৰাজীৰ উপৰি মাৰাঠী, কন্নড়, আৰু বাংলা ভাষালৈ এওঁৰ গল্প অনূদিত হৈছে। পেংগুইনৰ দ্বাৰা প্ৰকাশিত First Proof (২০০৮)-ত ডেকাৰ গল্পই স্থান পাইছে। তেওঁ সাতসৰী আলোচনীত দুই বছৰৰো অধিক কাল উপ সম্পাদকৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। বৰ্তমান তেখেত তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক হিচাপে কৰ্মৰত।[1] তেওঁ এইপিনে কি আছে ? আৰু বৰমঝিলী নামৰ দুখন গল্প-সংকলন ৰচনা কৰাৰ উপৰিও স্বৰ্ণলতা ৰায়ৰ "আৰ্হি তিৰুতা আৰু অন্যান্য ৰচনা" তথা বিপুল খাটনিয়াৰৰ স্মৃতিত প্ৰকাশিত স্মৃতিগ্ৰন্থ খোজৰ শব্দৰো সম্পাদনা কৰিছে। গল্পসমূহএইপিনে কি আছে ? গ্ৰন্থখনত সংকলিত আটাইকেইটা গল্পই সাতসৰী, গৰীয়সী, গৰিমা আদি আলোচনীত পূৰ্ব-প্ৰকাশিত।প্ৰায়বোৰ গল্পৰে পটভূমি দৰং জিলাৰ গাঁৱলীয়া অঞ্চল। সংকলনটিত অন্তৰ্ভুক্ত হোৱা গল্পসমূহত প্ৰধানকৈ বিশ্বায়নে বিয়পাই দিয়া বজাৰকেন্দ্ৰিক সমাজ ব্যৱস্থাৰ উত্থানৰ লগে লগে অসমীয়া গ্ৰাম্য সমাজলৈ নামি অহা জটিলতা আৰু তাৰ পটভূমিত বিশেষভাৱে নিম্ন মধ্যবিত্ত শ্ৰেণীয়ে সন্মুখীন হোৱা সমস্যাৰবোৰৰ চিত্ৰ প্ৰকাশ পাইছে। উচ্চবিত্ত লোকৰদ্বাৰা নিম্নশ্ৰেণীৰ লোকক কৰা শোষণ আৰু তাৰ বিপৰীতে এই শ্ৰেণীৰ লোকৰ জাগি উঠিব খোজা মনৰ বৈপ্লৱিক প্ৰতিশ্ৰুতিও গল্পসমূহত ফুটি উঠিছে। সংকলনটিৰ আটাইবোৰ গল্পতেই কথিত কামৰূপী বা দৰঙীয়া ভাষাৰ গ্ৰহণযোগ্য ব্যৱহাৰ কৰা হৈছে।[2] সংকলনটিত অন্তৰ্ভুক্ত গল্পবোৰ হৈছে -
আলোচনা আৰু মন্তব্যসমালোচক দেৱভূষণ বৰাই লিখিছে “সঞ্জীৱ পল ডেকাৰ প্ৰায়বোৰ গল্পতে কেন্দ্ৰীয় ফ’কাছ সমাজৰ নিশকতীয়া লাওলোৱা মানুহখিনিআৰু এক structred প্ৰাত্যহিকতাত তেওঁলোকৰ দুখ –যাতনা-সংগ্ৰাম...সঞ্জীৱৰ গল্পই সীমাৰ পৰিধি ভাঙি ওলাই আহিছে, দৰঙৰ দীঘিৰপাৰ হ’ব পাৰে অসমৰ যিকোনো জকাইচুকৰ প্ৰতিনিধি”।[3] বঁটা আৰু সন্মান
তথ্যসূত্ৰ
|