এইচ টি এম এল
এইচ টি এম এল (ইংৰাজী: HTML) হ’ল 'হাইপাৰ টেক্সট মাৰ্কআপ লেংগুৱেজ' (Hyper Text Markup Language)-ৰ চমু ৰূপ। ই প্ৰগ্ৰামিং লেংগুৱেজ নহয় যদিও,[2] তাৰ দৰেই এই মাৰ্কআপ লেংগুৱেজসমূহো, টেগসমূহৰ সহায়ত ৱেবপেজৰ তথ্যসমূহৰ বিভিন্নধৰণৰ আকৃতিৰ সাধাৰণ পৰিকাঠামোবোৰ সজোৱাত সহায় কৰে। ইয়াক চি এছ এছ আৰু জাভাস্ক্ৰীপ্টৰ সহায়ত উন্নতমানৰ ৰূপ প্ৰদান কৰিব পাৰি। ইণ্টাৰনেটত ৱেবছাইটৰ পেজসমূহ তৈয়াৰ কৰাত ই সকলোতকৈ জনপ্ৰিয়। ইয়াৰ এক্সটেনশ্বন ফাইল .html আৰু .htm উভয়ে হ’ব পাৰে। বিভিন্ন ধৰণৰ টেগ ব্যৱহাৰ কৰি এই এইচ টি এম এলৰ সহায়ত বিভিন্ন ধৰণৰ ফৰমেট তৈয়াৰ কৰিব পাৰি। ইয়াৰ শেহতীয়া সংস্কৰণটো হ’ল- এইচ টি এম এল ৫ (HTML5) । ইতিহাস১৯৮০ চনত ব্ৰিটিছ কম্পিউটাৰ বিজ্ঞানী টিম বাৰ্নাৰ্ছ লী চাৰ্ণৰ (CERN) এজন ঠিকাদাৰ আছিল। পোনপ্ৰথমে চাৰ্ণ গৱেষকসকলোৰ মাজত দস্তাবেজ শ্বেয়াৰ কৰাৰ কাৰণে ENQUIRE prototyped নামৰ এটি System -ৰ প্ৰস্তাৱ দিয়ে। ১৯৮৯ চনত টিম বাৰ্নাৰ্ছ লীয়ে ব্ৰাউজাৰ তথা চাৰভাৰৰ চফ্টৱেৰ এইচ টি এম এল (HTML) -ৰ কথা উল্লেখ কৰে। এবছৰতেই চাৰ্ণৰ তথ্য চিষ্টেম ইঞ্জিনীয়াৰ Robert Cailliau -ৰ সৈতে যৌথভাৱে চাৰ্ণৰ ই প্ৰকল্পৰ বাবে অনুৰোধ কৰে, যদিও প্ৰকল্পটো আনুষ্ঠানিকভাৱে চাৰ্ণৰ দ্বাৰা গৃহীত নহয়। এইচ টি এম এলৰ সংস্কৰণসমূহ
মাৰ্কআপ* টোকা : ইয়াৰে কেৱল উদাহৰণস্বৰূপে[7]<! DOCTYPE html>
<html>
<body>
<h1>হেডিং নম্বৰ ১</h1>
<h2>হেডিং নম্বৰ ২</h2>
<h3>হেডিং নম্বৰ ৩</h3>
<h4>হেডিং নম্বৰ ৪</h4>
<h5>হেডিং নম্বৰ ৫</h5>
<h6>হেডিং নম্বৰ ৬</h6>
</body>
</html>
এইখিনি (ক্ৰমে ডাঙৰৰ পৰা সৰুলৈ) প্ৰদৰ্শিত হ’ব এনে ধৰণে। (ইয়াৰে <h1> আৰু </h1>, <h2> আৰু </h2>, <h3> আৰু </h3>, <h4> আৰু </h4>, <h5> আৰু </h5>, <h6> আৰু </h6> আদি প্ৰদৰ্শিত নহয়। )
হেডিং নম্বৰ ১ হেডিং নম্বৰ ২ হেডিং নম্বৰ ৩ হেডিং নম্বৰ ৪ হেডিং নম্বৰ ৫ হেডিং নম্বৰ ৬ এইচ টি এম এল টেগৰ উদাহৰণ
* টোকা :প্ৰথম টেগসমূহক আৰম্ভণি টেগ (Start tag) বা খোলা টেগ (Opening tag) আৰু শেষৰ টেগসমূহক বন্ধ টেগ (Closing tag) বা শেষ টেগ (End tag) বুলি কোৱা হয়। ল’গ’১৮ জানুৱাৰী, ২০১১ চনত, ডাব্লিউ থ্ৰী চি এইচটিএমএল ৫ ৰ ব্যৱহাৰ বা আগ্ৰহৰ প্ৰতিনিধিত্ব কৰাৰ বাবে এটি ল’গ’ প্ৰৱৰ্তন কৰিছিল, যি ডাব্লিউ থ্ৰী চিৰ আগত জাৰি কৰা অন্যান্য বেজেজসমূহৰ তুলনাত কোনো নিৰ্দিষ্ট মানৰ বৈধতা বা সংগতিক নহয়। ১ এপ্ৰিল ২০১১ চন পৰ্যন্ত, এই ল’গ’টি শাসকীয় হয়।[8] প্ৰাথমিকভাৱে ইটোক ৰাজহুৱা কামত উপস্থাপন কৰাৰ সময়ত, ডাব্লিউ থ্ৰী চি এইচটিএমএল ৫ ল’গ’টোক “সাধাৰণ এইছটিএমএল ৫, চিএছএছ, এছভিজি, ডাব্লিউঅ’এফএফ, আৰু অন্যান্য অপেন ৱেব প্ৰযুক্তিৰ বিস্তৃত চেটসমূহৰ বাবে সাধাৰণ-উদ্দেশ্য ভিজুৱেল পৰিচয় হিচাবে ঘোষণা কৰিছে।”[9] ৱেব ষ্টেণ্ডাৰ্ড প্ৰজেক্টসহ কিছু ৱেব ষ্টেণ্ডাৰ্ড এডভোকেটৰ “এইচটিএমএল ৫” ৰ সংজ্ঞাটোকে এটি সৰু শব্দ হিচাবে সমালোচনা কৰিছিল আৰু পৰিভাষাৰ অস্পষ্টতা আৰু ভুল যোগাযোগৰ সম্ভাৱনা নিৰ্দেশ কৰে।[9] তিনি দিন পাছত, ডাব্লিউ থ্ৰী চি সম্প্ৰদায়ৰ প্ৰতিক্ৰিয়াৰ প্ৰতিক্ৰিয়া জনায় আৰু ল’গ’ সংজ্ঞা পৰিৱৰ্তন কৰে, সম্পৰ্কিত প্ৰযুক্তিসমূহৰ সংখ্যাটোক বাদ দি ডাব্লিউ থ্ৰী চি তেতিয়া কৈছিল যে, ল’গ’টো “আধুনিক ৱেব এপ্লিকেচনসমূহৰ মূল ভিত্তি এইচটিএমএল ৫ ক উপস্থাপন কৰে।”[10][8] তথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia