চি এছ এছ
কাচকেডিং ষ্টাইল চীটচ্ (ইংৰাজী: Cascading Style Sheets) হৈছে এক ষ্টাইল চীটচ্ লেংগুৱেজ, যাক এইচ টি এম এলৰ দৰে মাৰ্কআপ লেংগুৱেজত লিখিত ডকুমেণ্টসমূহক কেনেধৰণে উপস্থাপন কৰিব সেইয়া বৰ্ণনা কৰিবলৈ ব্যৱহাৰ কৰা হয়।[1] এইচ টি এম এল আৰু জাভাস্ক্ৰীপ্টৰ লগতে চিএছএছ হ’ল ৱৰ্ল্ড ৱাইড ৱেবৰ ভিত্তিক এক প্ৰযুক্তি।[2] চি এছ এছক এনেধৰণে তৈয়াৰ কৰিছে, যাতে ৱেবৰ মূল বিষয়বস্তুৰ পৰা বিন্যাস, ৰং, ফণ্ট ইত্যাদি পৃথকভাৱে নিৰ্ধাৰণ কৰিব পাৰি।[3] এই পৃথককৰণে ৱেব ডেভলপাৰক বহুতো সুবিধা প্ৰদান কৰি আহিছে। কাৰণ বহুতো ৱেবপেজৰ বিন্যাস, ৰং ইত্যাদি পৃথক চি এছ এছ ব্যৱহাৰ কৰি একেখন মাৰ্কআপ পেজক বিভিন্ন ডিভাইচ আৰু ব্ৰাউজাৰত বিভিন্নভাৱে উপস্থাপন কৰিব পাৰি। তথ্যসূত্ৰ
|