আৱেগৰ কুঁৱলী ফালি
আৱেগৰ কুঁৱলী ফালি(ইংৰাজী: Aabegor kuoli Faali) হৈছে অসমীয়া শিক্ষাবিদ, লেখক, সমালোচক ময়ূৰ বৰাৰ এখন প্ৰবন্ধ সংকলন। আঁক-বাক প্ৰকাশনে ২০১৩ চনৰ অক্টোবৰ মাহত প্ৰথম প্ৰকাশ কৰা কিতাপখনত লেখকে তেওঁৰ মোমায়েক-মামীয়েকলৈ অৰ্পণ কৰি লিখিছে, "মোৰ মামা-মামী হেমন্ত কুমাৰ বৈদ্য আৰু অৰুন্ধতী বৈদ্যৰ হাতত শ্ৰদ্ধা আৰু আগ্ৰহেৰে-ময়ূৰ"।[1] বিৱৰণকিতাপখনৰ আৰম্ভণিতে লেখকে "মনৰ কথা"ত উল্লেখ কৰিছে "শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু ব্ৰাহ্মণ্যবাদৰ দৰে স্পৰ্শকাতৰ বিষয়ত মই লিখা গ্ৰন্থ দুখনে ৰাইজৰ কিছু সমাদৰ পোৱাৰ পাছত মই আচলতে প্ৰবন্ধ সংকলনৰ কথা চিন্তা কৰা নাছিলোঁ। কিন্তু বাতৰি কাকতত ছেগা-চোৰোকাকৈ লিখি থকা কাৰণে বিভিন্ন সময়ত ভিন ভিন পঢ়ুৱৈয়ে মোৰ লগত মনৰ কথা পাতিছিল। তেওঁলোকৰ অধিকাংশই বিচাৰে মোৰ ভিন্নধৰ্মী ৰচনসমূহ গ্ৰন্থকাৰত প্ৰকাশ হওক। তদুপৰি লেখাসমূহক চিৰস্থায়ী কৰি ৰখাৰ এক বাসনায়ো মোক আমনি নকৰাকৈ থকা নাই। সেয়েহে যোৱা এক-দুই বছৰৰ ভিতৰত লিখা কেতবোৰ নিৰ্বাচিত প্ৰবন্ধক লৈ এইবাৰ আকৌ গ্ৰন্থাকাৰে পঢ়ুৱৈ ৰাইজলৈ আগবঢ়াইছোঁ।" কিতাপখনত থকা প্ৰবন্ধসমূহ হ'ল- [1]
লেখকৰ পৰিচয়প্ৰধান প্ৰবন্ধ: ময়ূৰ বৰা
ময়ূৰ বৰা হৈছে এজন অসমীয়া লেখক আৰু সমালোচক৷ একবিংশ শতিকাৰ প্ৰথম দশকত বাতৰিকাকত আৰু আলোচনীৰ মাধ্যমেৰে প্ৰবন্ধ ৰচনাৰ দ্বাৰা সাহিত্যকৰ্মক সমৃদ্ধ কৰা অসমীয়া নতুনচাম লেখকৰ ভিতৰত এজন ময়ূৰ বৰা। [2]তেখেতে ২০১৮ চনলৈকে ১৪ খন গ্ৰন্থ ৰচনা কৰে।[3] ইয়াৰে দুখন গ্ৰন্থ ইংৰাজী ভাষাত ৰচনা কৰা।তেওঁ ইংৰাজীলৈ এখন গল্প সংকলনো অনুবাদ কৰিছে। ধৰ্মীয় আৰু সামাজিক দিশত চলি থকা ভণ্ডামি, অন্ধবিশ্বাস, জাতিবাদ প্ৰথা, আৰু সামগ্ৰিকভাৱে অসমৰ জ্বলন্ত সমস্যা তথা সাম্প্ৰতিক সময়ৰ দুৰ্নীতি আদি তেওঁৰ লেখাৰ মূল বিষয়বস্তু। প্ৰথাগত চিন্তা আৰু ধাৰণাৰ বিৰুদ্ধে যুক্তিনিষ্ঠ প্ৰশ্ন উত্থাপন, জাতিৰ ঐতিহ্যৰ প্ৰতি দায়বদ্ধতা[4] আৰু ঐতিহাসিক সমলৰ সন্ধান আদি বৈশিষ্ট্যবোৰো ময়ূৰ বৰাৰ প্ৰবন্ধৰ অন্যতম শক্তি।[2]বৰ্তমানলৈকে তেওঁ সৰ্বমুঠ ১৬ খন গ্ৰন্থৰ লেখক।[5] তথ্যৰ উৎস
লগতে চাওক |
Portal di Ensiklopedia Dunia