আন্তৰ্জাতিক একক পদ্ধতি সংক্ষেপে SI (ফৰাচী ভাষাত Système International) একক নামে পৰিচিত। মেট্ৰিক এককৰ আধুনিক সংস্কৰণ হল SI একক। দৈনন্দিন জীৱনৰ ব্যৱসায় আৰু বিজ্ঞানত পৃথিৱীৰ সবাতোকৈ বেছি বহুলভাৱে ব্যৱহৃত একক পদ্ধতি। [1]
আন্তৰ্জাতিক একক পদ্ধতিৰ সাতটা মৌলিক একক
১৯৬০ চনত SI একক অৰ্থাৎ মিটাৰ-কিলোগ্ৰাম-ছেকেণ্ড (MKS) পদ্ধতি চেণ্টিমিটাৰ-গ্ৰাম-ছেকেণ্ড (CGS) বা Metric এককৰ পৰিবৰ্তে ব্যৱহাৰ আৰম্ভ হয়।
SI মৌলিক একক সমূহ
আন্তৰ্জাতিক একক পদ্ধতিয়ে (International System of Units) (SI) সাতটা মৌলিক ভৌত একক চিহ্নিত কৰিছে যাৰ পৰা অন্যান্য যৌগিক একক সমূহক বৰ্ণনা কৰিব পাৰি। এই সাতটা মৌলিক একক "SI বৰ্ণিত একক (SI derived units)” বা "SI একক” নামে পৰিচিত।
তলত উল্লেখিত এককসমূহ হল মৌলিক SI একক। মাত্ৰাৰ দিশৰ পৰা ইহঁত স্বাধীন।
ফ্ৰান্সৰ সভ্ৰত Bureau International des Poids et Mesures (BIPM) ত সংৰক্ষিত প্লেটিনাম-ইৰিডিয়ামসংকৰ ধাতুৰে তৈয়াৰ কৰা এটা চুঙাৰ ভৰক ১ কিলোগ্ৰাম বোলে। এই চুঙাৰ ব্যাস ৩.৯ চেন্টিমিটাৰ আৰু উচ্চতা ৩.৯ চেন্টিমিটাৰ।[2]
যিমান পৰিমাণ ০.০১২ কিলোগ্ৰাম কাৰ্বন ১২ ত অৱস্থিত পৰমাণুৰ সমান সংখ্যক প্ৰাথমিক একক(যেনেঃ পৰমাণু, অণু, আয়ন, ইলেকট্ৰন ইত্যাদি বা এইবোৰৰ নিৰ্দিষ্ট কোনো গ্ৰুপ) থাকে, তাকে ১ ম'ল বোলে। এই সংখ্যাটি(NA) হল প্ৰায় ৬.০২২১৪১৫×১০২৩ মল।[5]