অবিভক্ত কামৰূপ জিলাঅবিভক্ত কামৰূপ জিলা (ইংৰাজী: Undivided Kamrup district) হৈছে পশ্চিম অসমৰ পূৰ্বৰ এখন প্ৰশাসনিক জিলা, য’ৰ পৰা কামৰূপ গ্ৰাম্য (২০০৩), কামৰূপ মহানগৰ (২০০৩), বৰপেটা (১৯৮৩), নলবাৰী (১৯৮৫) আৰু বাক্সা (২০০৪) জিলাৰ প্ৰতিষ্ঠা কৰা হৈছিল।[1][2] উপনিৱেশৰ সময়ত ই এক বৃহৎ প্ৰশাসনিক জিলা আছিল আৰু কালক্ৰমত ইয়াৰ আয়তন কমি আহিবলৈ ধৰে। প্ৰতিষ্ঠা১৮২৬ চনত ইয়াণ্ডাবু সন্ধিৰ দ্বাৰা বৃটিছে অধিকাৰ কৰা বাৰ্মা সাম্ৰাজ্যৰ পশ্চিম অংশৰ পৰা কামৰূপ প্ৰশাসনিক জিলা প্ৰথম প্ৰতিস্থা কৰা হৈছিল।[3] জিলাখনৰ পশ্চিম সীমাত আছিল মানস নদী,[4] আৰু পূৱৰ সীমাত আছিল বৰনদী।[4] ১৮২৬ চনৰ পিছত নতুনকৈ অধিকাৰ কৰা অঞ্চলটোত দুজন আয়ুক্ত নিয়োগ কৰিছিল: জেষ্ঠ আয়ুক্ত যি "উত্তৰ-পূৱ ৰংপুৰ" (অবিভক্ত গোৱালপাৰা জিলা) শাসন কৰিছিল তেওঁক অতিৰিক্তভাবে মানসৰ পৰা বিশ্বনাথলৈকে নতুনকৈ অধিকাৰ কৰা অঞ্চলৰ দায়িত্ব দিছিল; আৰু কনিষ্ঠ আয়ুক্ত, যি সেই অঞ্চলৰ পৰা বিশ্বনাথৰ পূৱৰ অঞ্চলসমূহ শাসন কৰিছিল।[5] ১৮৩৩ চনত বিট্ৰিছে ধনশিৰি নদীৰ পশ্চিমৰ অঞ্চলত প্ৰশাসনিক জিলাৰ প্ৰতিষ্ঠা কৰিছিল, ফলত অন্য তিনিখন জিলাৰ সৈতে কামৰূপ জিলা দুটা খণ্ডত বিভক্ত হৈছিল: ছয় পাৰগানা বৰ্তমানৰ বৰপেটা আৰু নগৰবেৰা; আৰু উত্তৰে বিশ পাৰগানা আৰু দক্ষিণে ছয় দুৱাৰ।[6] প্ৰত্যেক জিলাকে এজন প্ৰধান সহায়কে, এজন উপ-সহায়কৰ সহযোগত শাসন কৰিছিল, কিন্তু পূঁজিৰ অভাৱৰ বাবে ছয় পৰগনা অঞ্চলত কেৱল এজন উপ-সহায়কহে আছিল। ১৮৩৬ চনত কামৰূপে ইয়াৰ “অবিভক্ত” ৰূপ আৰু নাম লাভ কৰিছিল।[7] ১৯৪৭ চনত ভাৰতে স্বাধীনতাৰ পিছত “অবিভক্ত” কামৰূপ জিলাৰ পৰা বৰপেটা জিলা (১৯৮৩), আৰু নলবাৰী জিলাক (১৯৮৫) বিভক্ত কৰা হয়। ২০০৩ চনত কামৰূপক কামৰূপ মহানগৰ জিলা আৰু কামৰূপ গ্ৰাম্য জিলা হিচাপে বিভক্ত কৰা হয়। ২০০৪ চনত বৰপেটা, নলবাৰী আৰু কামৰূপ গ্ৰাম্য জিলাৰ কিছু অংশ মিলাই বাক্সা জিলা প্ৰতিষ্ঠা কৰা হয়। ইতিহাসপৌৰাণিকপ্ৰধান প্ৰবন্ধ: কামৰূপ
অবিভক্ত কামৰূপ জিলাৰ ইতিহাস কামৰূপ সাম্ৰাজ্যৰ পৰা আৰম্ভ হৈছিল। বৰ্মণ ৰাজ্য আৰু পাল ৰাজ্যৰ ৰাজধানী ক্ৰমে প্ৰাগ-জ্যোতিষপুৰ আৰু দূৰ্জয় কামৰূপত আছিল। অবিভক্ত কামৰূপ জিলাক পূৰ্বতে কামৰূপ পীঠসমূহৰ অন্তৰ্গত কামপীঠ বুলিও কোৱা হৈছিল। ইয়াক কামৰূপা বা কামৰূপ বোলা হৈছিল যদিও ই এক বৃহৎ অঞ্চলক বুজাইছিল। মহাকাব্য সমূহত ইয়াক প্ৰাগ-জ্যোতিষ বুলিও পোৱা যায়। চীনা পৰিব্ৰাজক হিউৱেন চাঙৰ লেখনিত প্ৰাগ-জ্যোতিষপুৰৰ উল্লেখ আছে, এই স্থান নিম্ন আৰু সেমেকা আছিল, খেতি ভাল হয়, জলবায়ু সুন্দৰ আৰু ইয়াৰ মানুহবোৰ ভদ্ৰ। তেওঁ কৈছিল, “ৰজা ভাস্কৰ বৰ্মন জ্ঞান-অন্বেষী পুৰুষ আছিল। তেওঁ নিজে হিন্দু আছিল যদিও, বৌদ্ধ ভিক্ষুসকলক সন্মান কৰিছিল।” তথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia