অনুৰাধা শৰ্মা

অনুৰাধা শৰ্মা
জন্ম নলবাৰী, নিজপকোৱা, অসম
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষা গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত স্নাতকোত্তৰ
বিষয় অসমীয়া সাহিত্য

অনুৰাধা শৰ্মা (ইংৰাজী: Anuradha Sarma) অসমৰ এগৰাকী শিক্ষাবিদ, গৱেষক আৰু সাহিত্যিক। তেখেতে ২০০২ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত অধ্যাপনা কৰিছিল। পৰৱৰ্তী সময়ত ২০০৭ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগত যোগদান কৰে। তেখেতৰ বৰ্তমানলৈকে ১৪খন প্ৰবন্ধ সংকলন, ৭খন সম্পাদিত গ্ৰন্থ, ৭খন উপন্যাস, ১খন উপন্যাসিকাৰ সংকলন, ৪খন নাটক প্ৰকাশ পাইছে। ৰুদ্ৰাণী শৰ্মা তেখেতৰ ছদ্মনাম। নতুন নিনাদ আলোচনীখনৰো তেওঁ সম্পাদক।[1]

জন্ম আৰু বংশ পৰিচয়

অনুৰাধা শৰ্মাৰ জন্ম হয় ৭ জানুৱাৰী, ১৯৭৩ চনত, নলবাৰী জিলাৰ নিজ পকোৱা গাঁৱত। পিতৃৰ নাম গোলোকনাথ শৰ্মা আৰু মাতৃৰ নাম জানকী দেৱী।[2]


শিক্ষা

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ। তেখেতৰ ডক্টৰেট ডিগ্ৰীৰ বাবে নিৰ্বাচিত গৱেষণাৰ বিষয়- ‘বাণীকান্ত কাকতিঃ জীৱন আৰু কৃতি’।[3]

কৰ্মজীৱন

অনুৰাধা শৰ্মাই ২০০২ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত অধ্যাপনা কৰিছিল আৰু পৰৱৰ্তী সময়ত ২০০৭ চনৰ এপ্ৰিল মাহত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগত যোগদান কৰে।[4]


সাহিত্য চৰ্চা

গ্ৰন্থ

  • বাণীকান্ত কাকতি ও জীৱন আৰু কৃতি; নৱেম্বৰ ২০১৫ চন (দ্বিতীয় সংস্কৰণ), ভবাণী বুকছ
  • অন্বেষণঃ সাহিত্য আৰু চেতনা; ২০১২ চন, ভবাণী প্ৰিণ্ট এণ্ড পাব্লিকেছন
  • সংহতি আৰু অসমীয়া ভাষা; ২০১২ চন, ভৱানী প্ৰিণ্ট এণ্ড পাব্লিছেন
  • গৰাখহনীয়া; ২০১২ চন, নিনাদ
  • কালান্তৰৰ কাণ্ডাৰী, ২০১৪, চন্দ্ৰ প্ৰকাশ
  • শৈলী আৰু শৈলীবিজ্ঞান, বান্ধৱ; ২০১৫ চন (তৃতীয় সংস্কৰণ), পাণবজাৰ গুৱাহাটী
  • বৰেণ্য লেখক বাণীকান্ত কাকতি, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰকাশন বিভাগ, ২০১৫
  • নাৰী পৰিসৰ; ২০১৫ চন, বিশাল প্ৰকাশন
  • সমাজভাষাবিজ্ঞান পৰিচয়; মে' ২০১৬ চন, বান্ধৱ
  • Banikanta Kakati, Makers of Indian Literature, Published by Sahitya Akademi, 2016
  • সাহিত্যৰ সত্তানুসন্ধানঃ মাটিৰ পৰা জাতিলৈ; জুন ২০১৮ চন, ৰেখা প্ৰকাশন
  • তুলনাত্মক ভাৰতীয় সাহিত্য প্ৰকল্প আৰু প্ৰয়োগ; ছেপ্টেম্বৰ ২০১৮ চন, চন্দ্ৰ প্ৰকাশ
  • নিনাদিত কলম, ২০২০ পাঞ্চজন্য
  • ভাষাবিজ্ঞান আৰু অসমীয়া ভাষা, নৱেম্বৰ, ২০২০, বান্ধৱ

সম্পাদিত গ্ৰন্থ

  • ভাষাবিজ্ঞান পাৰিভাষিক কোষ (যুটীয়াভাৱে); জানুৱাৰী ২০০৮ চন, অসমীয়া বিভাগ, ডিব্ৰুগড় বিশ্ববিদ্যালয়
  • মুক্তিদেউলৰ ৰূপকাৰ (যুটীয়াভাৱে); ডিচেম্বৰ ২০০৮ চন, জ্যোতি প্ৰকাশন
  • আধুনিকতাৰ অধিনায়ক সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা, ২০১৪ চন, জ্যোতি প্ৰকাশন
  • অসম বিদ্যা, ২০১৫ চন, নিনাদ
  • মানৱতাৰ সপক্ষে সংকীৰ্ণতাৰ বিপক্ষে এমুঠি অসমীয়া গল্প; ২০১৭ চন, অসমীয়া সাহিত্য সন্মিলনী
  • সাৰস্বত সাধক সত্যেন্দ্ৰনাথ শৰ্মা (যুটীয়াভাৱে); নবেম্বৰ ২০১৬ চন, আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগ, গুৱাহাটী
  • নাৰী ভাবনা, অবাক প্ৰকাশন, ২০২৩ (সহযোগীঃ জুনু বৰা)

সৃষ্টিশীল ৰচনা

অনুৰাধা শৰ্মাই সৃষ্টিশীল ৰচনা কৰি আছে ৰুদ্ৰাণী শৰ্মা নামেৰে।

উপন্যাস

  • উত্তৰকাল; ২০১৩ চন, আঁকবাক[5]
  • দমিতাৰ দস্তাবেজ; ২০১৫ চন, জ্যোতি প্ৰকাশন
  • লৌহিত্য তীৰৰ অমৃত গাথা; ২০১৫ চন, বিশাল প্ৰকাশন
  • পাণবজাৰৰ পাণ্ডুলিপি; ২০১৬ চন, চন্দ্ৰ প্ৰকাশ
  • কাঁহিবুনৰ মালিতা; ২০১৭ চন, পূৰ্বায়ণ[6]
  • ত্ৰিভূজ,২০২০ পূৰ্বায়ণ প্ৰকাশন
  • বতাহৰ ছবি,২০২১, জাগৰণ প্ৰকাশন

ঔপন্যাসিকা

  • শকুন্তলা কৌশিক আৰু চিলনীৰ জীয়েকৰ সাধু, ২০২৩, জাগৰণ প্ৰকাশন

কবিতা

  • শূণ্য আৰু অন্যান্য, জাগৰণ প্ৰকাশন, ২০২৩

নাটক

  • জনকনন্দিনী-২০১৮
  • ৰজাৰ হুকুম-২০২১
  • লালচুৰ্ণী
  • কালচক্ৰ

বঁটা আৰু সন্মান

  • মাতঙ্গিনী হাজৰা মহিলা সচেতনতা বঁটা, ২০১৭
  • শ্বহীদ ওমৰ আলী ভাষা সন্মান, ২০১৭

তথ্যসূত্ৰ

  1. মুক্তি দেউলৰ ৰূপকাৰ, সম্পাদক-অনুৰাধা শৰ্মা, দিলীপ বৰা, জ্যোতি প্ৰকাশন, ২০০৯, পৃষ্ঠা-১৭৫
  2. বাণীকান্ত কাকতি, সম্পা. অনুৰাধা শৰ্মা, ডিব্ৰুগড় বিশ্ববিদ্যালয়, প্ৰথম প্ৰকাশ,২০১৫, পৃষ্ঠা-বেটুপাত
  3. মুক্তি দেউলৰ ৰূপকাৰ, পৃষ্ঠা-১৭৫
  4. বাণীকান্ত কাকতি, সম্পা. অনুৰাধা শৰ্মা, ডিব্ৰুগড় বিশ্ববিদ্যালয়, প্ৰথম প্ৰকাশ,২০১৫, পৃষ্ঠা-বেটুপাত
  5. নন্দ সিং বৰকলা:উত্তৰকাল:অনবদ্য বৰ্ণনশৈলীৰ অনুপম উপন্যাস,পৃষ্ঠা 107-108,গৰীয়সী,জুলাই 2014
  6. জয়ন্ত দত্ত,গীতাশ্ৰী শইকীয়া (সম্পাদনা): একবিংশ শতিকাৰ অসমীয়া উপন্যাস,অসম বুক ট্ৰাষ্ট

 

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia