WDM2
WDM-2 ভাৰতীয় ৰেলৰ এক দীৰ্ঘ সময়ৰ প্ৰধান ডিজেল ইঞ্জিন। এই ইঞ্জিনশ্ৰেণীৰ প্ৰথম কেইটামান এলকোৰদ্বাৰা (আমেৰিকান ল'ক'মটিভ কোম্পানী) নিৰ্মিত আছিল আৰু ১৯৬২ চনত আমদানি কৰা হৈছিল। কিন্তু ১৯৬৪ চনৰপৰা এই শ্ৰেণীৰ ইঞ্জিনৰ নিৰ্মাণ প্ৰক্ৰিয়া বাৰানসীস্থিত ডিজেল ৰেলইঞ্জিন কাৰখানা (Diesel Locomotive Works)ত (ডিৰেকা) আৰম্ভ হয়। আৰ্হিটোৰ নামকৰণ এইদৰে কৰা হৈছিল ব্ৰডগজ (W), ডিজেল (D), মিশ্ৰিত পৰিবাহক (M) ইঞ্জিন। চালকৰ কোঠা বা কেবটো ইঞ্জিনৰ মাজভাগত দুটা অসমান অংশ বা হুডৰ মাজত অৱস্থিত। দীঘল অংশক লংহুড আৰু চুটি অংশক চৰ্টহুড বোলা হয়। ভাৰতীয়া ৰেল ব্যৱস্থাত WDM-2 হৈছে সততে পোৱা ইঞ্জিন। WDM-2A হৈছে মূল WDM-2ৰে এক সামান্য পৰিৱৰ্তিত ৰূপ। এই সমূহ মূলতে ভেকুৱাম ব্ৰেকযুক্ত আছিল যদিও পৰৱৰ্তী সময়ত ওপৰঞ্চিভাৱে এয়াৰ ব্ৰেকৰ সংযোজন কৰা হৈছিল। WDM-2Bসমূহ হৈছে একেবাৰে শেহতীয়াকৈ নিৰ্মিত যিবিলাক নিৰ্মাণকালতে কেৱল এয়াৰ ব্ৰেকযুক্ত কৰি নিৰ্মাণ কৰা হৈছিল। উভমুখী সঞ্চালনক্ষম WDM-2 ইঞ্জিনৰ সৰ্বোচ্চ গতিবেগ হৈছে 120 km/h (75 mph),[1] কিন্তু লংহুড সমুখত ৰাখি চালনাৰ ক্ষেত্ৰত অঞ্চলবিশেষে 100 km/h (62 mph)ত সীমিত ৰখা হৈছে - গীয়েৰ অনুপাত ৬৫:১৮। ইতিহাস১৯৬০ৰ দশকৰ আৰম্ভণিতে ভাৰতীয় ৰেলবিভাগে ইয়াৰ মুখ্যপথসমূহত ভাপচালিত ইঞ্জিনসমূহৰ বিকল্প হিচাপে ডিজেল ইঞ্জিন ব্যৱহাৰৰ সিদ্ধান্ত লয়। এই পৰিৱৰ্তনৰ কাৰণে জেনেৰেল মটৰ্চৰ ইলেক্ট্ৰ'ম'টিভ ডিভিজন (EMD) আৰু আমেৰিকান ল'ক'মটিভ কোম্পানীক (ALCO) নতুন ডিজেল ইঞ্জিনৰ আৰ্হি জমা দিবলৈ আহ্বান কৰা হ'ল। দুয়োটা কোম্পানীয়েই প্ৰাৰম্ভিক নমুনা প্ৰস্তুত কৰি উলিয়ালে। ভাৰতীয় ৰেলবিভাগে এই নমুনা দুটাক ক্ৰমে WDM-4 শ্ৰেণী আৰু WDM-2 শ্ৰেণীত বিভক্ত কৰিলে। মুঠ শক্তিনিৰ্গমণ সমান হ'লেও কাৰিকৰীদিশৰপৰা জেনেৰেল মটৰ্চৰ WDM-4 ইঞ্জিনটো এলকোৰ WDM-2তকৈ উন্নত আছিল, কিন্তু ভৱিষ্যতে এই ইঞ্জিনসমূহৰ বৰ্ধিত চাহিদা অনুযায়ী দেশৰ ভিতৰতে নিৰ্মাণ কৰাৰ উদ্দেশ্যে ভাৰতীয় ৰেলৰ কাৰণে প্ৰযুক্তি হস্তান্তৰ প্ৰয়োজন আহি পৰিল। জেনেৰেল মটৰ্চে এই প্ৰস্তাৱত সন্মতি নিদিয়াৰ ফলত এলকোৰ আৰ্হিটোৱেই বৰ্ধিত নিৰ্মাণৰ উদ্দেশ্যে গ্ৰহণ কৰা হয়। প্ৰথম কেইটামান আৰ্হি আমেৰিকাস্থিত এলকোৰ কাৰখানাৰপৰা আমদানি কৰা হৈছিল। বাৰানসীত ১৯৬১ চনত ডিজেল ৰেলইঞ্জিন কাৰখানা (ডিৰেকা) স্থাপিত হোৱাৰ পাচত ১৯৬৪ চনৰপৰা ভাৰততে WDM-2ৰ নিৰ্মাণ আৰম্ভ হয়। ইয়াৰে প্ৰথম ১২টা ইঞ্জিন এলকোৱে আমেৰিকাৰপৰা যোগানধৰা যন্ত্ৰাংশৰে সাজি উলিওৱা হৈছিল। ডিৰেকাই সাজি উলিওৱা প্ৰথমটো ডিজেল ইঞ্জিন WDM-2 18233 সফলতাৰে পঞ্চাশ বছৰ পাৰ কৰাৰ পিচত ২০১৪ চনত ডিৰেকাৰ স্বৰ্ণজয়ন্তী উপলক্ষে কাৰখানা পৰিসৰতে সংৰক্ষণৰ ব্যৱস্থা কৰা হয়। এই প্ৰথমটো ইঞ্জিনক 'কুণ্ডণ' নামেৰে নামকৰণো কৰা হৈছে। ১৯৬৪ চনৰ পিচৰপৰা ডিৰেকাই নিজে প্ৰস্তুত কৰা যন্ত্ৰাংশৰেই WDM-2 সাজিবলৈ আৰম্ভ কৰে। তেতিয়াৰপৰা ২৭০০তকৈও অধিক WDM-2 সাজি উলিওৱা হৈছে আৰু ই ভাৰতৰ সৰ্বাধিকৰূপত ব্যৱহৃত ডিজেল ইঞ্জিন হিচাপে পৰিগণিত হৈছে। সাধাৰণতে মানুহৰ মনত বাস কৰা এক ভুল ধাৰণা হৈছে যে বিজুলীচালিত ইঞ্জিনৰ বেগ আৰু ক্ষমতা বেছি। কিন্তু সেই ধাৰণা এসময়ত নাকচ কৰি বহুতো অঞ্চলত এসময়ত বৈদ্যুতিক ইঞ্জিনৰপৰা WDM-2ৰ পুনৰ্ব্যৱহাৰ কৰিবলৈ লোৱা হৈছিল, উদাহৰণস্বৰূপে হাওড়া ৰাজধানী এসময়ত বিজুলীচালিত ইঞ্জিনৰ সলনি পুনৰ বিশ্বাসী WDM-2ৰে চলোৱা হৈছিল। মূলতঃ একক WDM-2ৰে ৯টা দবাৰ ৰেল আৰু যুৰীয়া WDM-2ৰে ১৮টা দবাৰ ৰেল চলোৱাৰ বিধি আছিল যদিও একক ইঞ্জিনেৰেই সাধাৰণতে ১৮টা আৰু কেতিয়াবা ২০টা পৰ্যন্তদবাৰ ৰেল হেলাৰঙে চলোৱা হয়। কিছুসংখ্যক দ্ৰুতবেগী বিশিষ্ট ৰেলগাড়ী আৰু অতি বেছি পাহাৰীয়া অসমান ৰেলপথৰ কাৰণে অৱশ্যে যুৰীয়া ইঞ্জিন বাধ্যতামূলকভাৱে ব্যৱহাৰ কৰা হৈছিল। যুৰীয়া WDM-2ৰে তীব্ৰগতিত বহুতো আগশাৰীৰ ৰেল ৰেলপথত বেগাই পাৰ হৈ যোৱা দৃশ্যটো বহু ৰেলপ্ৰেমীৰ মনত এক পাহৰিব নোৱৰা স্মৃতি। বৈদ্যুতিক ইঞ্জিনৰ পিচৰ সময়ৰ বহুতো উন্নীতকৰণ প্ৰক্ৰিয়াত WDM-2ৰ যান্ত্ৰিক ব্যৱস্থাকে সামান্য পৰিৱৰ্তনেৰে ব্যৱহাৰ কৰা হৈছিল। পিচৰ যুগৰ অধিক ক্ষমতাৰ বহুতো ডিজেল ইঞ্জিনৰো ভেঁটি হিচাপে WDM-2কে লোৱা হৈছে। ভাৰতীয় ৰেলৰ শেহৰটো WDM-2 ১৯৯৮ চনৰ আগষ্ট মাহত নিৰ্মাণ কৰা হৈছিল। চালকৰ সমুখৰ দিশত দৃষ্টিপৰিসৰ বৃদ্ধি কৰিবলৈ ডিৰেকাই পৰীক্ষামূলকভাৱে ১৭xxx ক্ৰমাংকৰ কিছুসংখ্যক ইঞ্জিনৰ চৰ্টহু়ড অংশৰ উচ্চতা কমাই নিৰ্মাণ কৰিছিল। সেইসমূহক বহুতো শ্বেডত ধেমেলীয়াকৈ জাম্ব' (কাষৰ ছবিৰ ঝাঁসী ল'ক'শ্বেডৰ WDM-2 17860 (জাম্ব') ঝাঁসী-লখনউ ইণ্টাৰচিটি এক্সপ্ৰেছৰ সৈতে চাওক ) নাম দিয়া হৈছিল। কিন্তু আশানুৰূপ ফল নোপোৱাত ডিৰেকাই পুনৰ পূৰ্বৰ WDM-2ৰ আৰ্হিটোলৈ ঘূৰি যায়। বহুতো জাম্ব' পুনৰ সাধাৰণ WDM-2লৈ পুনৰনিৰ্মাণ কৰা হৈছিল। অৱশ্যে, WDM-2ৰ আগমণৰো পূৰ্বে আন এক শ্ৰেণীৰ ডিজেল ইঞ্জিন ১৯৫৭ চনৰ আৰমভণিতে এলকোৰপৰা আমদানি কৰা হৈছিল। সেই ইঞ্জিনশ্ৰেণী WDM-1ৰূপে নামকৰণ কৰা হৈছিল। মূল WDM-2ৰ আৰ্হিটোৰ সালসলনি আৰু উন্নীতকৰণ কৰি আন বহুতো শ্ৰেণী উপশ্ৰেণীৰ ইঞ্জিন সাজি উলিওৱা হৈছ। সেইসমূহ হ'ল WDM-2A, WDM-2B আৰু WDM-3A (পূৰ্বতে WDM-2C)। বৰ্তমান কিছুসংখ্যক WDM-2 ইঞ্জিন পঞ্জাবৰ পাটিয়ালাস্থিত ডিজেল ইঞ্জিন আধুনিকীকৰণ কাৰখানাত WDM-3A, WDM-3C শ্ৰেণীলৈ উন্নীতকৰণেৰে পুনৰনিৰ্মাণ কৰি উলিওৱা হৈছে। সৰল যান্ত্ৰিকতা আৰু নিৰ্ভৰযোগ্যতাৰে WDM-2 ভাৰতীয় ৰেলব্যৱস্থাত প্ৰথম শ্ৰেণীৰ ইঞ্জিনৰূপে পৰিগণিত হৈছে। ৰেলব্যৱস্থাত ক্ৰমিক সংখ্যাউল্লেখনীয় যে ইঞ্জিনসমূহত নিৰ্মাণবৰ্ষ অনুসৰি ৰেলপথ ক্ৰমিকসংখ্যা দিয়া হোৱা নাছিল
যান্ত্ৰিক বিৱৰণ[2]
শ্ৰীলংকাতপ্ৰধান প্ৰবন্ধ: Sri Lanka Railways M8
১৯৯৬ চনত ৮টা WDM-2 ইঞ্জিন শ্ৰীলংকাৰ চৰকাৰী ৰেল পৰিচালন সংস্থা শ্ৰীলংকা ৰেলৱেই ক্ৰয় কৰে। শ্ৰীলংকা ৰেলৱেৰ অধীনত এইকেইটাই হৈছিল সেইসময়ৰ আটাইতকৈ শক্তিশালী আৰু দীৰ্ঘতম ইঞ্জিন। সিহঁতক M8 শ্ৰেণীভুক্ত কৰা হৈছিল।[3] অৱশ্যে শ্ৰীলংকা ৰেলৱেই কিছুমান বাহ্যিক ৰূপত সালসলনি ঘটাইছিল।[4] সংখ্যা[5]
লগতে চাওকতথ্যসূত্ৰ
গ্ৰন্থপঞ্জী
বাহ্যিক লিংকসমূহ |
Portal di Ensiklopedia Dunia