ৱিকিস্পিচিজ
ৱিকিস্পিচিজ (ইংৰাজী: Wikispecies) হৈছে ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ এটা অনলাইন প্ৰকল্প। ইয়াৰ লক্ষ্য হৈছে বৈজ্ঞানিক সকলৰ দ্বাৰা সকলো প্ৰজাতিৰ এখন বিনামূলীয়া তালিকা প্ৰস্তুত কৰা। ৱিকিমিডিয়াৰ সভাপতি জিম্মী ৱেলছে কৈছে যে, ইয়াত প্ৰবন্ধ লিখিবলৈ কোনো নিম্মতম যোগ্যতাৰ সীমা বন্ধা নাই যদিও প্ৰবন্ধসমূহ পৰীক্ষা কৰাৰ পাছতহে ইয়াত প্ৰকাশ কৰা হ’ব। .[1][2] ৱিকিস্পিচিজ জি. এন. ইউ. ফ্ৰী ডকুমেণ্টেশ্যন লাইচেন্স আৰু CC-BY-SA 3.0ৰ অধীনত উপলব্ধ। ২০০৪ চনৰ ছেপ্তেম্বৰৰ পৰা বিশ্বৰ সকলো জীৱবিজ্ঞানৰ পণ্ডিত সকলে ৱিকিস্পিচিজত বৰঙণি আগবঢ়াবলৈ আৰম্ভ কৰে।[3] ইতিহাস২০০৪ চনৰ জহকালিৰ প্ৰথম ভাগত, ৱিকিস্পিচিজ প্ৰকল্পৰ লগত জড়িত হ’বলৈ আগ্ৰহ থকা সকলোকে Benedikt Mandl –এ যোগাযোগ কৰে। তেঁৱেই এই প্ৰকল্পৰ কাম সমূহত আগভাগ লয়। ডাটাবেছ সমূহ নিৰিক্ষণ কৰা হ’ল আৰু প্ৰশাসক সকলৰ লগতো যোগাযোগ কৰা হ’ল। ইয়াৰে কিছুমানে ৱিকিস্পিচিজত তথ্যসমূহ দিবলৈ সন্মতি দিয়ে। Benedikt Mandl-এ এই প্ৰকল্পত দুটা মুখ্য কামৰ কথা উল্লেখ কৰে:
ৱিকিমিডিয়াৰ মেইলিং লিষ্টত ৱিকিস্পিচিজৰ সুবিধা আৰু অসুবিধা সমূহ আলোচনা কৰা হ’ল। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ বৰ্ড অফ ডাইৰেক্টৰ সকলৰ মাজত ভোট গ্ৰহণ অনুষ্ঠিত হয়। ৱিকিস্পিচিজৰ প্ৰতিষ্ঠা কৰাৰ সপক্ষে সকলোৱে ইয়াত ভোটদান কৰে। ২০০৪ চনৰ আগষ্টত এই প্ৰকল্পটো প্ৰতিষ্ঠা কৰা হয়। ইয়াৰ ৱেবছাইট হৈছে species.wikimedia.org। ২০০৪ চনৰ ১৪ ছেপ্তেম্বৰত আনুষ্ঠানিকভাৱে ইয়াক ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ ভগ্নী প্ৰকল্প হিচাবে অন্তৰ্ভুক্ত কৰা হয়।
নীতিনিজা চিত্ৰ আপল’ড কৰাৰ সলনি ব্যৱহাৰকাৰী সকলে ৱিকিমিডিয়া কমন্সৰ পৰা ৱিকিস্পিচিজত চিত্ৰসমূহ ব্যৱহাৰ কৰাৰ সুবিধা দিয়া হয়। ইয়াত ফ্ৰী-লাইচেন্স নথকা কোনো ফাইল ব্যৱহাৰ কৰাৰ অনুমতি প্ৰদান কৰা নহয়। তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
|