ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জানুৱাৰী-২০২৫

ৱিকিপত্ৰিকা
অসমীয়া ৱিকিপিডিয়াৰ দাপোণ
চতুৰ্দশ বৰ্ষ | জানুৱাৰী | ২০২৫ | প্ৰথম সংখ্যা
উচৰ্গা
সদ্য প্ৰয়াত ব্যক্তি সম্পাদনা কৰক
অসমীয়া ৱিকিপিডিয়াত তেওঁলোকৰ বিষয়ে পঢ়িবলৈ অনুগ্ৰহ কৰি নামটোত ক্লিক কৰক।
মুখবন্ধ
ৱিকিসংযোগ প্ৰকল্পৰ অভিজ্ঞতা সম্পাদনা কৰক
  • বিভূতি গগৈ

এই প্ৰকল্পত যোগ দিয়াৰ পূৰ্বে ৱিকিপিডিয়াত কেনেকৈ কাম কৰিব লাগে সেই বিষয়ে মই একেবাৰে অজ্ঞ আছিলোঁ। প্ৰথম দুমাহত ৱিকিপিডিয়াত প্ৰবন্ধ লিখা, কমন্সত ফটো আপলোড কৰা, ৱিকি উদ্ধৃতিত লেখা দিয়া আদি শিকিলোঁ। কিন্তু শাৰীৰিক অসুস্থতাৰ বাবে ডিচেম্বৰ মাহত একো কাৰ্যতে ভাগ ল'ব নোৱাৰি বহুখিনি পিছ পৰি গ'লোঁ। ভৱিষ্যতে অভিজ্ঞ ৱিকিমিডিয়ানসকলৰ পৰা শিকিব পাৰিম বুলি আশা কৰিছোঁ। ৱিকিত সমস্যা হৈছিল ব্যক্তি এজনৰ ইমেজ বক্সটো ক'পি কৰি অনাত। তালিকা আকাৰত থকা তথ্যবোৰ যথাস্থানত বহুৱাওঁতে অসুবিধা পাওঁ। শ্ৰেণী সংযোগ কিয় কৰা দৰকাৰী ভালকৈ এতিয়াও বুজা‌ নাই। অন্যান্য প্ৰশিক্ষাৰ্থীসকলৰ তুলনাত বিশেষ শিকা নহ'ল। তথাপি ভৱিষ্যতে যি পাৰোঁ শিকিবলৈ যত্ন কৰিম। এই ছেগতে সকলো প্ৰদৰ্শকলৈ আন্তৰিক ধন্যবাদ জনালোঁ। আপোনালোকৰ অৱদান অতুলনীয়। JAKHINI (বাৰ্তা)

  • পৱন বৰ্মন

ইয়াৰ পূৰ্বে ৱিকিপিডিয়াত কেনেকৈ কাম কৰিব পাৰি সেই বিষয়ে মই একেবাৰে অজ্ঞ আছিলোঁ, আচলতে ৱিকিপিডিয়াত কিবা লিখা কথা কেতিয়াও ভবাও নাছিলোঁ। প্ৰথম অৱস্থাত এটা শংকা আছিল যিহেতু মই অনভিজ্ঞ, কিন্তু মোৰ মেণ্টৰ সন্মানীয় অজয় দাসে যথেষ্ট কষ্ট কৰি মোক কিছু শিকালে। প্ৰবন্ধ লিখা, কমন্সত ফটো আপলোড কৰা, ৱিকিউৎসত সংশোধন কৰা আদি শিকিলোঁ। এয়া অন্য এক অভিজ্ঞতা লাভ কৰিলোঁ; কিন্তু ব্যস্ততাৰ বাবে বছি সময় দিব নোৱাৰিলোঁ। ভৱিষ্যতে অভিজ্ঞ ৱিকিমিডিয়ানসকলৰ পৰা আৰু অধিক শিকিব পাৰিম বুলি আশা ৰাখিছোঁ। ৱিকিত তালিকাত লিখা আৰু সাঁচ কপি কৰাত অলপ সমস্যাৰ সন্মুখীন হৈছোঁ। অন্যান্য প্ৰশিক্ষাৰ্থীসকলৰ তুলনাত কিছু পিছ পৰি ৰ'লোঁ যদিও ভৱিষ্যতে শিকিবলৈ চেষ্টা কৰি যাম। এই প্ৰকল্পত জড়িত ন-পুৰণি সকলো সদস্যকে আন্তৰিক ধন্যবাদ জনালোঁ। আপোনালোকৰ অৱদান শলাগিবলগীয়া। পৱন বৰ্মন (বাৰ্তা) 17:20, 28 December 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

  • নৰুনা বৰুৱা

২০২৪ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ম‌ই অসমীয়া ৱিকিপিডিয়াৰ স্বয়ংক্ৰিয় সদস্য হৈ লৈছিলোঁ। বিশেষকৈ প্ৰয়াত সাহিত্যিক লোহিত দত্তবৰুৱা ডাঙৰীয়াই সামাজিক মাধ্যমৰ সাহিত্যৰ গ্ৰুপ এটাত মোৰ লেখা এটাত অসমীয়া ভাষাৰ ডিজিটেল ৰূপত স্থায়ীভাৱে সংৰক্ষিত কৰিব পৰাকৈ অসমীয়া ৱিকিপিডিয়াত লিখিবলৈ পৰামৰ্শ আগবঢ়াইছিল। তেখেতৰ পৰামৰ্শটো মই অতিশয় ভাল পালোঁ। সেয়ে সদস্য হৈ পৰিলোঁ। আগতে ইণ্টাৰনেটত তথ্য চাওঁতে দেখা পাওঁ যে ইংৰাজী ৱিকিপিডিয়াত সকলো বিলাক পোৱা যায়। কিন্তু অসমীয়া ভাষাত সকলোবোৰ পোৱা নাযায়। ৱিকিপিডিয়াত সদস্য হোৱাৰ পাছত ছেগা-চোৰোকাকৈ প্ৰবন্ধ বিলাক সম্পাদনা কৰি গৈছিলোঁ, যদিও প্ৰবন্ধ এটা সৃষ্টি কৰিবলৈ জনা নাছিলোঁ। প্ৰথমাৱস্থাত ৱিকিপিডিয়াত মোৰ প্ৰবন্ধ লিখোঁতে সাহিত্যৰ ৰচনাৰ দৰে হৈছিল বাক্যবোৰ। ৱিকিপিডিয়াৰ প্ৰবন্ধ লিখোঁতে নিৰপেক্ষ আৰু তথ্যজনক হোৱাটো দৰকাৰী আৰু ৱিকিপিডিয়াত যে সকলোৱে সম্পাদনাত অৰিহণা যোগাব পৰা এখন ডিজিটেল বিশ্বকোষ,সেয়া পাছলৈ গম পাইছিলোঁ। মেণ্টৰশ্বিপ প্ৰকল্প আৰম্ভ হোৱাৰ পাছত ৰুমী বৰা বাইদেউক মেণ্টৰ হিচাপে পাই তেওঁৰ পৰা ভাল দিহা পৰামৰ্শৰ লগতে অন্যান্য মেণ্টৰসকলেও গ্ৰুপত নজনা কথাবিলাক সুধিলে ভালদৰে সঁহাৰি দি বুজাই দিছিল। সেয়ে সকলোকে ধন্যবাদ জনালোঁ। কিন্তু মোৰ ব্যক্তিগত অসুবিধাৰ বাবে ৱিকিউৎসত লিখা নহ'ল আৰু শিকা নহ'ল। আশা কৰোঁ পাছলৈও শিকি যাব পাৰিম।Naruna Baruah (বাৰ্তা) 22:45, 28 December 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

  • হিমাশ্ৰী বৰা

২০২৪ চনৰ ৫ আৰু ৬ এপ্ৰিল তাৰিখে মহাবিদ্যালয়ত অৰ্থাৎ ৱিমেনজ্ কলেজ,তিনিচুকীয়াত আয়োজিত ৱিকিমিডিয়া কৰ্মশালাৰ সুবাদতে ৱিকিপিডিয়াৰ সদস্যভুক্ত হৈছিলোঁ কৰ্মশালাৰ সমল ব্যক্তি তথা সক্ৰিয় ৱিকিমিডিয়ান ভাস্কৰ ভূঞা ছাৰৰ সহায়ত। পৰৱৰ্তী সময়ত ছাৰৰ লগতে ৱিকিমিডিয়াৰ বিভিন্ন প্ৰকল্পৰ গঢ়-গতিৰ বুজ ল'বলৈ সক্ষম হওঁ অনামিকা বড়াবা আৰু ৰুমী বৰা জেঠাইৰ যোগেদি। অক্টোবৰ মাহৰ পৰা তিনিমহীয়া 'ৱিকি-মেণ্টৰশ্বিপ প্ৰকল্প'ৰ মেণ্টি হিচাপে অংশ লোৱাৰ পাছত শিকাৰ ইচ্ছাক গতি দিয়াৰ সৌভাগ্য হয় মেণ্টৰ দিব্য দত্ত ছাৰৰ তত্ত্বাৱধানত। তিনিমাহ নহওঁতেই ৱিকিউৎসত প্ৰায় চাৰিখন কিতাপৰ মুদ্ৰণ সংশোধন কৰিব পৰাকৈ পোৱা তেখেতৰ সহযোগিতাৰ ভৰত অনাগত দিনতো যথাসাধ্য বৰঙণি আগবঢ়াবলৈ সক্ষম হ'ম বুলি বিশ্বাস জন্মিছে। ৱিকিপিডিয়াত সম্পাদনাৰ মৰসাহ কৰিব পৰা নাই যদিও আগন্তুক বছৰটোত এই কাম সম্ভৱ কৰি তোলাৰ বাবে মন বান্ধিছোঁ। মেণ্টৰশ্বিপ প্ৰকল্প সমাপ্ত হোৱাৰ পাছতো শিকিবলৈ ৰৈ যোৱাখিনি শিকি,বৰঙণি যোগাবলৈ পালেহে 'মেণ্টি' আভূষণ সাৰ্থক হ'ব বুলি ভাবিম। চলিত বছৰৰ এপ্ৰিল মাহত সদস্যভুক্ত হৈ মে' মাহৰ পৰা ডিচেম্বৰ মাহলৈ যি সীমিত বৰঙণিৰেও সক্ৰিয় সদস্য হৈ থাকিব পাৰিলোঁ, সতীৰ্থ মেণ্টিসকলে যি অভূতপৰ্ব কৰ্মদক্ষতাৰে সক্ৰিয় সদস্যৰ সংখ্যা বৃদ্ধিৰ অংশীদাৰ হ'ল - এই সক্ৰিয়তা বৰ্তি থকাৰ কামনা কৰিলোঁ। অসমীয়া ৱিকিপিডিয়াৰ অক্লান্ত কৰ্মীসকললৈ অনিঃশেষ শুভেচ্ছা।Himashree Borah (বাৰ্তা) 14:53, 30 December 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

  • পাপৰি বৰা

২০২১ বৰ্ষত প্ৰথমবাৰৰ বাবে অসমীয়া ৱিকিপিডিয়াৰ বিষয়ে কিছু পৰিমাণে জানিব পাৰি এটা একাউণ্ট খুলিছিলোঁ। কিন্তু সেই সময়ত,কিদৰে এই ক্ষেত্ৰত আগবাঢ়িব পাৰি,সেই বিষয়ে কোনো ধাৰণা নথকাৰ বাবে সেই যাত্ৰা সিমানতে ৰৈ গৈছিল। কিন্তু সম্পূৰ্ণ তিনিবছৰৰ পিছত ২০২৪ বৰ্ষৰ,ছেপ্টেম্বৰ মাহত এই প্ৰকল্পৰ সৈতে পুনৰ জড়িত হোৱাৰ আমাৰ সৌভাগ্য হ'ল। মেণ্টৰ হিচাপে লাভ কৰা জলি ৰুমী বৰা বাইদেউৰ আন্তৰিকতা,সহযোগিতা আৰু সহৃদয়তাই বিমুগ্ধ কৰিলে। লগতে প্ৰতিগৰাকী অভিজ্ঞ ৱিকিমিডিয়ানৰ পৰা লাভ কৰা প্ৰত্যয়ভৰা সঁহাৰিও আদৰণীয় আছিল। বিভিন্ন গ্ৰন্থ, উপন্যাস, চিনেমাৰ প্ৰিয় সংলাপসমূহ সংগ্ৰহ কৰি সাঁচি ৰখাটো আমাৰ এটা অন্যতম প্ৰিয় কাম। পূৰ্বতে জনা নাছিলোঁ যে 'ৱিকি উদ্ধৃতি' শীৰ্ষক কোনো প্ৰকল্প আছে। প্ৰথম এই প্ৰকল্পৰ বিষয়ে জানিব পাৰি অত্যন্ত আহ্লাদিত হৈছিলোঁ। মোৰ বাবে সপোন সপোন লগা এটা প্ৰকল্প আছিল-'ৱিকি উদ্ধৃতি'। এই প্ৰকল্পত কাম কৰি খুবেই ভাল লাগিল। ৱিকিউৎসত বৰ বিশেষ কাম আৰম্ভ কৰিব পৰা নাই,তথাপি অনাগত সময়ত ৱিকিৰ প্ৰতিটো প্ৰকল্পতে নিজৰ যৎপৰোনাস্তি অৱদান আগবঢ়াবলৈ চেষ্টা কৰিম। ৱিকি সংযোগ মেণ্টৰশ্বিপ প্ৰকল্পৰ সৈতে জড়িত হৈ যেন নিজৰ ভাষাটোক আৰু অকণমান বেছিকৈ ভাল পাবলৈ ল'লোঁ,দায়বদ্ধতা অনুভৱ কৰিলোঁ। আশা ৰাখিছোঁ,এই দায়বদ্ধতাই আগন্তুক সময়তো আমাক উদ্বুদ্ধ কৰি ৰাখিব,সংকুচিত জীৱনৰ পৰিধিৰ পৰিৱৰ্তে বিশাল পোহৰৰ বাটৰ সন্ধান দিব। শেষত,এটা বিশুদ্ধ, মহৎ উদ্দেশ্যৰ কাৰণে নিজৰ জীৱনৰ পৰা এখিনি সোণ সৰা সময় আগবঢ়াই দিয়া অসমীয়া ৱিকিমিডিয়া সমাজৰ প্ৰতিগৰাকী সদস্যৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিলোঁ। পাপৰি বৰা (বাৰ্তা) 15:00, 30 December 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

  • সুস্মিতা লেখাৰু

প্ৰথমেই অসমীয়া ৱিকিৰ সমূহ সতীৰ্থলৈ সম্ভাষণ। মই ২০২৪ বৰ্ষৰ ২৬ চেপ্তেম্বৰত প্ৰথম ৱিকিৰে জড়িত হওঁ ফেচবুক বন্ধু এজনৰ পোষ্ট এটাৰ যোগেদি ৰুমী বাইদেউৰ তত্ত্বাৱধানত ৱিকি মেণ্টৰশ্বিপ প্ৰগামৰ দ্বাৰা। তাৰ আগলৈকে ৱিকিৰ বিষয়ে মোৰ কোনো স্পষ্ট ধাৰণা নাছিল। কিন্তু মাতৃভাষাৰ প্ৰতি কিবা কৰাৰ টান সদায় আছে। ইয়েই মোক উদুদ্ধ কৰিলে ৱিকিলৈ আৰম্ভণি যাত্ৰাত। মই কি দিব পাৰিছোঁ বা পাৰিম নাজানো, কিন্তু ৱিকিৰে সৈতে যে থাকিম সেয়া নিশ্চিত। মেণ্টৰসকল, উদ্যোক্তাসকলক ধন্যবাদ -- আমাক ইমান সুন্দৰকৈ আগুৱাই নিয়াৰ বাবে, কাৰণ একোৱেই নজনা মোক তথা মোৰদৰে আনসকলক হাতত ধৰি অ,আ, শিকোৱাৰ দৰে শিকাইছিল। যোৱা ৩ মাহত অলপকৈ চিনাকি হ’লো ৱিকিৰে, ভৱিষ্যতলৈ আৰু বহু বাকী আছে শিকিবলৈ। আশাকৰোঁ সকলোৱে হাতে হাত ধৰি আমি আগুৱাই যাম। অসমীয়াৰ, অসমীয়া ৱিকিৰ জয়যাত্ৰা সদায় অটুত থাকক তাৰ কামনা সদায় কৰিম। জয়তু অসমীয়া ৱিকি॥ Sushmita Lekharu (বাৰ্তা) 15:55, 30 December 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

  • কুমুদ ঘোষ

এই প্ৰকল্পত যোগ দিয়াৰ পূৰ্বে অসমীয়া ৱিকিপিডিয়া সম্পৰ্কে মই বিশেষ একো জনা নাছিলোঁ। এই প্ৰকল্পৰ জৰিয়তে ৱিকিপিডিয়াত কেনেকৈ প্ৰবন্ধ লিখিব লাগে, কাকত-আলোচনীতকৈ ৱিকিপিডিয়াত লিখাৰ শৈলীৰ ভিন্নতা কিদৰে পৃথক, ৱিকিমিডিয়া কমন্সত ফটো আপলোড কৰা, ৱিকিউদ্ধৃতিত উদ্ধৃতি সংযোগ কৰা, ৱিকিউৎসত পাঠ শুদ্ধ কৰা আদি কথাৰ লগতে বিভিন্ন সাঁচৰ প্ৰয়োগ আৰু তথ্যসূত্ৰ সংযোগ আদিৰ বিষয়ে‍ কিছু পৰিমাণে শিকিলোঁ। ব্যক্তিগতভাৱে ৱিকিপিডিয়া, ৱিকিমিডিয়া কমন্স, ৱিকিউদ্ধৃতি আৰু ৱিকিউৎস আটাইকেইটাতে কাম কৰি ভাল পাইছোঁ। এই তিনিমাহত বহু কথা শিকিলোঁ আৰু বহু কথা শিকিবলৈ এতিয়াও বাকী আছে বুলি অনুভৱ কৰিছোঁ। মোৰ শ্ৰদ্ধাৰ মেণ্টৰ প্ৰণামিকা অধিকাৰী বাইদেউৰ আন্তৰিকতাই বহু কথা শিকাত সহায় কৰিলে। অসমীয়া ৱিকিপিডিয়া সমাজৰ প্ৰতিজন সদস্যৰ ওচৰত নতুন জগত এখনৰ সৈতে পৰিচয় হ’বলৈ সুযোগ দিয়াৰ বাবে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। ইংৰাজী নৱবৰ্ষই সকলোৰে মনলৈ নতুন কৰ্ম-প্ৰেৰণাৰ শক্তি কঢ়িয়াই আনক সেই আশাৰে অসমীয়া ৱিকিপিডিয়াৰ জয়যাত্ৰা কামনা কৰিলোঁ।

কুমুদ ঘোষ (বাৰ্তা) 05:45, 31 December 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

  • দিপাংকৰ দাস

মই ২০২২ চনৰ ডিচেম্বৰ মাহত ৱিকিৰ সৈতে জড়িত হওঁ। ৱিকি সম্বন্ধে সম্যক জ্ঞান লৈয়ে প্ৰবন্ধ লিখি গৈছিলোঁ। তাৰ পিছত এদিন ফেচবুকৰ যোগেদি "ৱিকি-মেণ্টৰশ্বিপ প্ৰকল্প"ৰ বিষয়ে জ্ঞাত হওঁ। মই পূৰ্বতে লিখা প্ৰবন্ধবোৰত বহু পৰিমাণে ভুল-ত্ৰুটি ৰৈ গৈছিল। সেয়ে মোৰ বাবে ই এক সোণালী-সুযোগ আছিল। "ৱিকি মেণ্টৰশ্বিপ" নামৰ হোৱাট্‌ছএপ গ্ৰুপটোত জড়িত হোৱাৰ পিছত জলি ৰুমী বৰা বাইদেৱে মোৰ মেণ্টৰ বাবুল বৈশ্য ছাৰৰ লগত চিনাকি কৰাই দিয়ে। এই তিনিমহীয়া কাৰ্যসূচীটোত, সন্মানীয় মেণ্টৰগৰাকীৰ পৰা আগেয়ে নজনা বহুতো কথাই শিকিলোঁ। আন্তঃৱিকি সংযোগৰ পৰা আৰম্ভ কৰি ফাইল আপলোড, শ্ৰেণীকৰণ, অনুবাদ কৌশল আদি বিভিন্ন কথা শিকিলোঁ। আৰু অনেক কৌশল-কিটিপ শিকিবলৈ বাকী আছে। ব্যক্তিগতভাৱে মই প্ৰবন্ধ লিখিয়ে ভাল পাইছোঁ। ডিজিটেল পৃথিৱীখনত নিজ মাতৃভাষাক চহকী কৰাৰ লক্ষ্যৰে আগন্তুক দিনতো ৱিকিত কাম কৰি যাম আৰু অভিজ্ঞসকলৰ দিহা-পৰামৰ্শও পাই থাকিম বুলি আশা থাকিল। শেষত, অসমীয়া ৱিকিপিডিয়াৰ সকলো অক্লান্ত কৰ্মীৰে শলাগ লৈছোঁ। Dasdipankar2005 (বাৰ্তা) 12:02, 31 December 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

  • অঞ্জুমণি শইকীয়া

২০২৪ৰ আগষ্ট মাহৰ ২২ তাৰিখ,হঠাৎ মোৰ ভগ্নীসম অনামিকা বড়াৰ পৰা এটি বাৰ্তা পালোঁ যে, "বাইদেউ আপোনালোকৰ প্ৰশিক্ষণ স্থলিত শ্ৰদ্ধাৰ দিব্য দত্ত ছাৰক লগ কৰিবচোন। তেখেত ৱিকিপিডিয়াৰ এজন নীৰৱ কিন্তু সক্ৰিয় সাধক।" কিন্তু মোৰেই দুৰ্ভাগ্য যে তাৰ আগদিনাই সেই ঠাইত আমাৰ কাৰ্যসূচীৰ সমাপন ঘটিছিল। গতিকে তেখেতক লগ পাইও লগ পোৱাৰ সৌভাগ্য নহ'ল। কিন্তু ৱিকিপিডিয়াৰ কাম শিকাৰ দুৰ্বাৰ হেঁপাহ। প্ৰৱল ইচ্ছাৰ বাবেই হয়তো ৱিকিৰ তিনিমহীয়া প্ৰকল্প কাৰ্যসূচী মোৰ বাবে আশীৰ্বাদ হৈ আহিল। সোণতে সুৱগা চৰাই মেণ্টৰ ৰূপত লাভ কৰিলোঁ সুদুৰ কানাডাৰ ড৹ জলী ৰুমী বৰা বাইদেউক। তেখেতে ৱিকিৰ "অ আ ক খ" ৰ পৰা অৰ্থাৎ একাউণ্ট খুলাৰ পৰা প্ৰত্যেকটো প্ৰকল্পই অতি সুন্দৰভাৱে তথা নিখুঁতভাৱে আমাৰ আগত উনুকিয়াই গ'ল। তাৰে ভিতৰত মই প্ৰথমেই "ৱিকি উদ্ধৃতি" আৰু তাৰ পিছত "ৱিকিউৎস"ত জনা নজনাৰ মাজেৰে কাম কৰিবলৈ অধিক আগ্ৰহী হ'লোঁ। লগতে ইংৰাজী ৱিকিপিডিয়াৰ পৰা অসমীয়া ৱিকিপিডিয়ালৈ দুই এটা প্ৰৱন্ধ অনুবাদ কৰিবলৈও চেষ্টা কৰি চালোঁ। ইয়াৰ বাবে শ্ৰদ্ধাৰ আনসকল মেণ্টৰলৈও কৃতজ্ঞতা জনালোঁ। প্ৰকল্পৰ সময়ত আৰম্ভণিতে টান পোৱা কামবোৰ জলী বাইদেৱে খুব সুন্দৰকৈ বুজাই দিয়াৰ বাবে পাছলৈ সহজ হৈ পৰে। এয়া শিকাৰ আৰম্ভণিহে। ভৱিষ্যতেও আপোনালোক সকলোৰে সহায় সহযোগত যাতে নিজ মাতৃভাষাক বিশ্ব দৰবাৰত জিলিকাই তোলাত অলপ হলেও বৰঙণি যোগাব পাৰোঁ তাৰেই কামনা কৰিলোঁ। শেষত সদৌটিলৈ শ্ৰদ্ধা নিবেদিলোঁ।অঞ্জুমণি শইকীয়া (বাৰ্তা) 15:03, 31 December 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

  • দীপেন বৰুৱা

শ্ৰদ্ধাৰ মেণ্টৰসকলে অতি কম সময়তে বোধগম্য হোৱাকৈ সৰলীকৃত কৰি প্ৰতিটো কথা ইমান সাৱলীলভাৱে বুজাই দিলে যে ইয়াৰ কাৰিকৰী ব্যৱস্থাবোৰ বুজি পোৱাত অলপো অসুবিধা নহ’ল। শ্ৰদ্ধাৰ গীতাৰ্থ বৰদলৈকে আদি কৰি সকলো মেণ্টৰে সুন্দৰভাৱে পৰ্যায়ক্ৰমে প্ৰতিটো বিষয় যেনে পৃষ্ঠা সৃষ্টি, ৱিকিপিডিয়াত লিখা আৰু প্ৰকাশ কৰাৰ ভাষা, সম্পাদনাৰ বিভিন্ন কৌশল, তথ্য সূত্ৰ যোগ কৰা, ছবি আপল’ড, কবিতা সম্পাদনা আদি সকলো বুজাই গ’ল ৷৷ চমু কথাত ৱিকিপিডিয়াত অৰিহণা যোগাব পৰাকৈ আমি সকলোৱে কম-বেছি পৰিমাণে প্ৰাৰম্ভিক জ্ঞানখিনি লাভ কৰিবলৈ সক্ষম হ’লোঁ এই মেণ্টৰশ্বিপ কাৰ্যক্ৰমৰ জৰিয়তে ৷৷ ৱিকিপিডিয়াৰ প্ৰতিটো ক্ষেত্ৰতেই কাম কৰিবলৈ ইচ্ছা জাগে যদিও ৱিকি উৎসত কাম কৰিবলৈকে অলপ বেছি ভাল হয় যেন অনুভৱ হয় ৷৷ শেষত, অসমীয়া ৱিকিপিডিয়ালৈ অৰিহণা আগবঢ়োৱা সকলো স্বেচ্ছাসেৱীৰ লগতে এই মেণ্টৰশ্বিপ কাৰ্য্যক্ৰমৰ লগত জড়িত সকলো শ্ৰদ্ধাৰ ব্যক্তিসকললৈ মোৰ আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ আমাক এইখন জগতৰ লগত নতুনকৈ চিনাকি কৰি দিয়াৰ বাবে ৷৷ শুভকামনাৰে -

দীপেন বৰুৱা (বাৰ্তা) 15:40, 31 December 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
সৃষ্টি কৰা প্ৰবন্ধসমূহ
ডিচেম্বৰ-২০২৪ত সৃষ্টি কৰা প্ৰবন্ধসমূহ সম্পাদনা কৰক
মুঠ প্ৰবন্ধৰ সংখ্যা =  ২৩৭

বিশ্বৰ প্ৰেক্ষাপট

ব্যক্তি বিষয়ক

  1. আব্দুল ৰহমান মুনিফ
  2. নাৰায়ণ গোপাল
  3. স্নেহা শ্ৰেষ্ঠ (শিল্পী)
  4. উপাসনা সিং ঠাকুৰী
  5. ফাতিমা বিন্ত মহম্মদ
  6. মীনা কেশ্বৰ কমল
  7. নাদিয়া অঞ্জুমান
  8. জাৰতাজ গুল
  9. গজমান নোনা
  10. ভিভিমাৰী ভেণ্ডাৰপুৰ্টেন
  11. কেকী অধিকাৰী
  12. টিকা ভাণ্ডাৰী
  13. আবিদ আজাদ
  14. ওছামু দাজাই
  15. নেপালৰ ৰাণী ঐশ্বৰ্য
  16. মীমানা প্ৰেমথিলকে
  17. সত্য মোহন যোশী
  18. হেমন্ত মিশ্ৰ
  19. চন্দ্ৰিকা কুমাৰতুঙ্গা
  20. চিন্ময় কৃষ্ণ দাস
  21. দাউদ কামাল
  22. শ্বাহ আব্দুল কৰিম
  23. আল খোৱাৰিজমি
  24. ডিং লিৰেন
  25. অলিভিয়া মৰিছ
  26. আজমেৰী হক বাঁধন
  27. পাপিয়া সৰৱাৰ
  28. মৰিষ্কা পোখৰেল
  29. খৌ কে কিম
  30. অৰুণী ৰাজপক্ষ
  31. বিষাদ সিন্ধু
  32. মিৰ মোছাৰফ হুছেইন
  33. মোস্তফা সৰোৱাৰ ফাৰুকী
  34. চন্দ্ৰৰত্ন বান্দৰা
  35. ফ্ৰেংকলিন ডি ৰুজভেল্ট
  36. ছাৰা মনছুৰ
  37. মনোজ মিত্ৰ
  38. বনিতা সান্ধু
  39. খাজা ইউনুছ আলী এনায়েতপুৰী
  40. আমিন খান
  41. হুছেইন ইবন আলী

গ্ৰন্থ বিষয়ক

  1. দ্য আৰ্ট অফ ৱাৰ
  2. শাহনামা

চলচ্চিত্ৰ বিষয়ক

  1. ব'ক্সী কো ঘৰ
  2. ভাঙন (চলচ্চিত্ৰ)

অন্যান্য

  1. আলাউঙ্গদাও কাঠাপা ৰাষ্ট্ৰীয় উদ্যান
  2. ১৯২৩ চনৰ নেপাল-ব্ৰিটেইন চুক্তি
  3. ম্লাব্ৰি জনগোষ্ঠী
  4. চিতৱান ৰাষ্ট্ৰীয় উদ্যান
  5. খ্মেৰ জনগোষ্ঠী
  6. জিগমে দৰ্জী ৰাষ্ট্ৰীয় উদ্যান
  7. হাইনান দ্বীপ মৌচুমী বৰ্ষাৰণ্য
  8. লাম্পি দ্বীপ সামুদ্ৰিক ৰাষ্ট্ৰীয় উদ্যান
  9. শ্ৰী লংকাৰ ৰন্ধন প্ৰণালী
  10. বৰোবুদুৰ
  11. ৰেম ৰাষ্ট্ৰীয় উদ্যান
  12. ইণ্ডোনেছিয়াৰ দ্বীপপুঞ্জ
  13. বাংকে ৰাষ্ট্ৰীয় উদ্যান
  14. বৰ্দিয়া ৰাষ্ট্ৰীয় উদ্যান
  15. মাউণ্ট গেডে পাংৰাংগো ৰাষ্ট্ৰীয় উদ্যান
  16. মতিথাং টাকিন সংৰক্ষণ
  17. বুমডেলিং বন্যপ্ৰাণী অভয়াৰণ্য
  18. চৰ কুকৰি-মুকৰি বন্যপ্ৰাণী অভয়াৰণ্য
  19. মহা চীনা দুৰ্ভিক্ষ
  20. কাপ্তাই ৰাষ্ট্ৰীয় উদ্যান
  21. ইণ্ডোনেছিয়াৰ ভিছা নীতি
  22. বগদ খান উল জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল
  23. ভাৱাল ৰাষ্ট্ৰীয় উদ্যান
  24. পূবৰ ক'লা জঁ-যুক্ত হলৌ বান্দৰ
  25. শ্ৰীলংকাৰ পতাকা
  26. ২০২৪ বাংলাদেশৰ হিন্দু বিৰোধী হিংসা
  27. সাতছড়ি ৰাষ্ট্ৰীয় উদ্যান
  28. আফগানিস্তানৰ সংস্কৃতি
  29. এছিয়ান একাডেমী ক্ৰিয়েটিভ বঁটা
  30. চতুৰ্থ মে' আন্দোলন
  31. ৰামসাগৰ ৰাষ্ট্ৰীয় উদ্যান
  32. এছিয়া মহাদেশ পৰা অস্কাৰ বঁটা বিজয়ী আৰু মনোনীতৰ তালিকা
  33. বালিৰ গ্ৰীণ স্কুল
  34. হিমছড়ি ৰাষ্ট্ৰীয় উদ্যান
  35. নেপালৰ ৰাষ্ট্ৰীয় প্ৰতীকচিহ্নসমূহ
  36. ৰেজাং নৃত্য
  37. মেণ্টাৱাই দ্বীপপুঞ্জৰ বৰ্ষাৰণ্য
  38. মধুপুৰ ৰাষ্ট্ৰীয় উদ্যান
  39. ৰামেন নুডল্‌চ
  40. মৰিয়নেছ উৎসৱ
  41. নিঝুম দ্বীপ ৰাষ্ট্ৰীয় উদ্যান
  42. ডানাম উপত্যকা সংৰক্ষিত এলেকা
  43. উত্তৰৰ বগা-গালৰ হলৌ বান্দৰ
  44. ইণ্ডোনেছিয়াত ধান উৎপাদন
  45. সুন্দৰবন পশ্চিম বন্যপ্ৰাণী অভয়াৰণ্য
  46. সুন্দৰবন দক্ষিণ বন্যপ্ৰাণী অভয়াৰণ্য
  47. বালি আৰ্টছ ফেষ্টিভেল
  48. বুজকশী
  49. লাংটাং ৰাষ্ট্ৰীয় উদ্যান
  50. নেপালৰ প্ৰাকৃতিক ইতিহাসৰ সংগ্ৰহালয়
  51. মাউণ্ট চিৰেমাই ৰাষ্ট্ৰীয় উদ্যান
  52. বালুৰণ ৰাষ্ট্ৰীয় উদ্যান
  53. এছিয়াৰ শ্ৰেষ্ঠ বিশ্ববিদ্যালয়সমূহ
  54. অলিম্পিকত চীন
  55. শ্ৰীলংকাৰ সংসদ
  56. অলিম্পিকত জাপান
  57. অলিম্পিকত উত্তৰ কোৰিয়া
  58. অলিম্পিকত হংকং
  59. নেয়েপি
  60. নেচনেল ডায়েট
  61. কেলিমুটু ৰাষ্ট্ৰীয় উদ্যান
  62. কাবনে
  63. মাউণ্ট ৰিঞ্জানী ৰাষ্ট্ৰীয় উদ্যান
  64. ড্ৰিগলাম নামঝা
  65. পাকিস্তানৰ ৰাষ্ট্ৰীয় প্ৰতীকচিহ্নসমূহ
  66. চুনতি বন্যপ্ৰাণী অভয়াৰণ্য
  67. চিত্ৰাল ৰাষ্ট্ৰীয় উদ্যান
  68. বাংলাদেশৰ সংৰক্ষিত অঞ্চলসমূহৰ তালিকা
  69. নেপাল ৰাষ্ট্ৰ বেংক
  70. অলিম্পিকত পাকিস্তান
  71. অলিম্পিকত মালদ্বীপ
  72. ইণ্ডোনেছিয়াৰ নাম
  73. ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকা
  74. ১৯৭১ বাংলাদেশী বুদ্ধিজীৱী হত্যাকাণ্ড
  75. চাইবেৰিয়া
  76. আন্তজাৰ্তিক ৰেডক্ৰছ সমিতি

ভাৰতীয় পটভূমি

ব্যক্তি বিষয়ক

  1. উদ্ধব বৰ্মন
  2. অৰুণাভ সৰকাৰ
  3. নিৰ্মলেন্দু গুণ
  4. দুলাৰী দেৱী
  5. হেলাল হাফিজ
  6. শিবো মিশ্ৰ
  7. সঞ্জয় মালহোত্ৰা
  8. চিন্তামণি‍ কৰ
  9. মাণিক বন্দ্যোপাধ্যায়
  10. জাকিৰ হুছেইন (সংগীতজ্ঞ)
  11. ছাহজাহান
  12. আয়েশ্বা আব্দুল বাছিত
  13. সমৰেশ মজুমদাৰ
  14. পেমা খাণ্ডু
  15. ৰেচুল পুকুট্টি
  16. নবাম টুকি
  17. আৰুষী শৰ্মা
  18. বৃন্দা আচাৰ্য
  19. কল্যাণজী-আনন্দজী
  20. বৰ্ষা ভোঁচলে
  21. গিৰীশ কুমাৰ

চলচ্চিত্ৰ বিষয়ক

  1. পুষ্পা ২: দ্য ৰুল
  2. দিলৱালে দুলহনিয়া লে জায়েংগে
  3. হাইমন্তীৰ ইতিহাস
  4. কালি আৰু অৰ্জুন (চলচ্চিত্ৰ)
  5. ৰামাইয়া ৱাস্তাৱৈয়া
  6. আৰোহী (১৯৬৪ চনৰ ছবি)

অন্যান্য

  1. নামদফা ৰাষ্ট্ৰীয় উদ্যান
  2. ককলাবাৰী চাপাগুৰি মহাবিদ্যালয়, হজুৱা
  3. কংলা দুৰ্গ
  4. মিচিমি পাহাৰ
  5. তেজু
  6. উজ্জয়ন্ত প্ৰসাদ
  7. নীৰমহল
  8. ত্ৰিপুৰ সুন্দৰী মন্দিৰ
  9. উদয়পুৰ, ত্ৰিপুৰা
  10. কহিমা
  11. ডিমাপুৰ
  12. পাংচাউ পাছ
  13. নেচনেল ষ্টক একচেঞ্জ
  14. ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, ১৯৩৪
  15. ইনফোচিচ লিমিটেড
  16. মেকমোহন লাইন

অসম বিষয়ক

ব্যক্তি বিষয়ক

  1. অৰুণ দাস
  2. ৰূপশ্ৰী গোস্বামী
  3. কৌশিক ৰায়
  4. অজয় কুমাৰ ৰায়
  5. চন্দন কুমাৰ সৰকাৰ
  6. শিলাদিত্য দেৱ
  7. কৃষ্ণেন্দু পাল
  8. প্ৰফুল্ল কুমাৰ সাহা
  9. দীপাংকৰ বৰা

গ্ৰন্থ বিষয়ক

  1. বাহিৰে ৰং চং, ভিতৰে কোৱা ভাতুৰী
  2. ফৰিংবোৰে বাটৰ কথা জানে

অন্যান্য

  1. বৰমা মহাবিদ্যালয়
  2. পাটাছাৰকুছি
  3. মটক ৰাজ্য
  4. ফেলকন উৎসৱ
  5. ব্ৰহ্মপুত্ৰ স্নাতক মহাবিদ্যালয়
  6. জাগুন
  7. আহমদ আলি বাঁশকান্দি বঁটা
  8. কৃষ্ণাই নদী

সানমিহলি

  1. ইছলামিক দৰ্শন
  2. মালয় ভাষা
  3. প্যাটথাট্
  4. বাস্তৱতা
  5. থাই বৌদ্ধ ভাস্কৰ্য্য
  6. ক্ৰনিক অবষ্ট্ৰাক্টিভ পালমোনাৰী ডিজিজ
  7. শব্দ (ব্যাকৰণ)
  8. পৰ্তুগীজ ভাষা
  9. স্পেনীছ ভাষা
  10. গ্ৰীক ভাষা
  11. স্বাহিলী ভাষা
  12. মালয়েছিয়াৰ বাঘ
  13. তুৰ্কী ভাষা
  14. ধ্বনি
  15. আখৰ
  16. হিব্ৰু ভাষা
  17. ফৰাচী ভাষা
  18. চিৰিলিক লিপি
  19. হানগুল লিপি
  20. আৰবী বৰ্ণমালা
  21. জীৱন দক্ষতা
  22. প্ৰ'টন
  23. পিৰাহা ভাষা
  24. মোহিঙ্গা
  25. নিউট্ৰন
  26. অকিনাৱা ৰেল
  27. ডুৰিয়ান
  28. সূৰ্য ভালুক
  29. চীনা বনৰৌ
  30. তৰা আপেল
  31. বাৰ্মিজ তাৰকা কাছ
  32. পাগাই দ্বীপ মেকাক
  33. সৰু পুণী
  34. বালিৰ মইনা
  35. বাজু কুৰুঙ্গ
  36. জাভা দ্বীপ
  37. ছাকে
  38. মাৰখোৰ
  39. জাপানী খাদ্য
  40. জান্নাতুল বাকী
  41. টেম্পুৰা
  42. হালধীয়া-গালৰ হলৌ বান্দৰ
  43. দক্ষিণৰ বগা-গালৰ হলৌ বান্দৰ
  44. সোণালী শিয়াল
  45. যোগী ভাষা
  46. গ্ৰামীণ বেংক
  47. আলহামদুলিল্লাহ
  48. বনৰীয়া ছাগলী
  49. জুম্মাৰ নামাজ
  50. সংগীতানুষ্ঠান
  51. মনপা জনগোষ্ঠী
  52. বাবা ৰতন হিন্দী
  53. পূব মৈথিলী
  54. ঠেঠী মৈথিলী
নিৰ্বাচিত চিত্ৰ সম্পাদনা কৰক
২০১২ চনত গুৱাহাটীৰ ভৰলুমুখৰ সোণাৰাম খেলপথাৰত ভোগালী বিহুৰ মেজি।
চিত্ৰ শিল্পী: শুভ্ৰজিত
পদক সম্পাদনা কৰক
পদক
পাওঁতাৰ নাম
এই মাহৰ ৱিকিমিডিয়ান
কুমুদ ঘোষ
এছিয়ান মাহৰ বৰকটকী
কুমুদ ঘোষ
ৱিকিসংযোগ মুদ্ৰণ সংশোধন মেলা পদক
সুস্মিতা লেখাৰু,
কুমুদ ঘোষ,
পৱন বৰ্মন,
দিম্পল দাস,
হিমাশ্ৰী বৰা,
নিপন নিয়ৰ শেনছোৱা,
কেশৱ ফুকন,
অঞ্জুমণি শইকীয়া
সাত শতাধিক প্ৰবন্ধ পদক
নয়ন জ্যোতি নাথ
ৱিকি শতক পদক
দিপাংকৰ দাস
বৰ্ষশ্ৰেষ্ঠ প্ৰবন্ধকাৰ পদক (২০২৪)
অজয় দাস
ঈশান জ্যোতি বৰা
বৰ্ষশ্ৰেষ্ঠ প্ৰশাসক পদক
দিব্য দত্ত
শ্ৰেষ্ঠ নৱাগত সম্পাদক
কুমুদ ঘোষ
বৰ্ষশ্ৰেষ্ঠ অৱদানকাৰী পদক
প্ৰণামিকা অধিকাৰী
শ্ৰেষ্ঠ সমন্বয়ক পদক
জলি ৰুমী বৰা



বিশেষ অভিলেখ
ডিচেম্বৰ-২০২৪ৰ বিশেষ অভিলেখ সম্পাদনা কৰক
  • সক্ৰিয় অসমীয়া ৱিকিমিডিয়ান নয়ন জ্যোতি নাথে ৱিকিপিডিয়াত ৭০০ প্ৰবন্ধৰ সীমা অতিক্ৰম কৰি অভিলেখ গঢ়ে।
  • সক্ৰিয় অসমীয়া ৱিকিমিডিয়ান দিপাংকৰ দাসে ৱিকিপিডিয়াত ১০০ প্ৰবন্ধৰ সীমা অতিক্ৰম কৰি অভিলেখ গঢ়ে।
উল্লেখনীয় কাম সম্পাদনা কৰক
  • অসমীয়া ৱিকিপিডিয়াত বিগত বৰ্ষৰ সংস্কৰণ ৱিকিপিডিয়া এছিয়ান মাহ(WAM)ৰ সম্পাদনা মেলা সক্ৰিয় ৱিকিমিডিয়ান চাণক্য কুমাৰ দাস, প্ৰাণজ্যোতি নাথ, আৰু ৰুমী বৰাৰ যৌথ উদ্যোগত ১৫ নৱেম্বৰৰ পৰা ১৫ ডিচেম্বৰলৈ অনুষ্ঠিত হয়। এই প্ৰতিযোগিতাত মুঠ ১৭জন সদস্যই অংশগ্ৰহণ কৰি ১৮৯টা নতুন প্ৰবন্ধ সৃষ্টি কৰে।
  • ৱিকিপিডিয়া এছিয়ান মাহ, ২০২৪ উপলক্ষে যোৰহাটৰ নকছাৰি মহাবিদ্যালয়ৰ সহযোগত মহাবিদ্যালয়ৰ নৱনিৰ্মিত প্ৰেক্ষাগৃহত যোৱা ১৯ ডিচেম্বৰ তাৰিখে এখন অসমীয়া ৱিকিপিডিয়া কৰ্মশালা অনুষ্ঠিত হয়। এই কৰ্মশালাখনত মহাবিদ্যালয়ৰ মাননীয় অধ্যক্ষ উত্তম বৰুৱা, শি‍ক্ষাতত্ত্ব বিভাগৰ মুৰব্বী অধ্যাপক কুমুদ ঘোষ, কেইবাগৰাকীও অধ্যাপক-অধ্যাপিকা, ছাত্ৰ-ছাত্ৰীকে ধৰি প্ৰায় ৫০ গৰাকী অংশগ্ৰহণকাৰী উপস্থিত থাকে।
  • অসমীয়া ৱিকিমিডিয়া সমাজৰ ৱিকিসংযোগ প্ৰকল্পৰ সৈতে সংগতি ৰাখি অসমীয়া ৱিকিউৎসত সক্ৰিয় ৱিকিমিডিয়ান প্ৰণামিকা অধিকাৰী আৰু দিব্য দত্তৰ তত্ত্বাৱধানত ২০২৪ চনৰ ১৬ ডিচেম্বৰৰ পৰা ২২ ডিচেম্বৰলৈ এটি মুদ্ৰণ সংশোধন মেলা আয়োজন কৰা হয়। এই মুদ্ৰণ সংশোধন মেলাত সম্পাদক সকলে সৰ্বমুঠ ৫৭৬ টা পৃষ্ঠাৰ মুদ্ৰণ সংশোধন আৰু ৪৬৬টা পৃষ্ঠাৰ বৈধকৰণ কৰে।
  • অসমীয়া ৱিকিমিডিয়া সমাজৰ ৱিকিসংযোগ প্ৰকল্পৰ সৈতে সংগতি ৰাখি অসমীয়া ৱিকিপিডিয়াত ২০২৪ চনৰ ২৩ ডিচেম্বৰ-৩১ ডিচেম্বৰলৈ এক পোখালি বিস্তাৰ সম্পাদনা মেলাৰ আয়োজন কৰা হয়। এই মুদ্ৰণ সংশোধন মেলাত ১৮ গৰাকী অংশগ্ৰহণকাৰীয়ে মুঠ ৯৯ টা পোখালি প্ৰৱন্ধ বিস্তাৰ কৰে।
  • অসমীয়া ৱিকিমিডিয়াৰ বিভিন্ন প্ৰকল্পত অৱদান আগবঢ়াবলৈ আগ্ৰহী যিকোনো নতুন ব্যক্তিক সহায় আৰু পথ প্ৰদৰ্শনৰ বাবে অসমীয়া ৱিকিমিডিয়া সম্প্ৰদায়ৰ উদ্যোগত যোৱা ১ অক্টোবৰৰ পৰা ৩১ ডিচেম্বৰলৈ ৱিকিসংযোগ নামৰ মেণ্টৰশ্বিপ প্ৰকল্প সম্পন্ন হয়। এই প্ৰকল্পৰ অধীনত যোগ দিয়া ৫৮ গৰাকী নতুন সদস্যৰ ভিতৰত ছগৰাকী মেণ্টিয়ে ১০০০+, আঠগৰাকীয়ে ১০০+, ১৩ গৰাকীয়ে ১০+ আৰু বাকী ১১ গৰাকীয়ে ১+ টা সম্পাদনা কৰি ৱিকিৰ বিভিন্ন প্ৰকল্পলৈ অৱদান আগবঢ়ায়। প্ৰকল্পৰ শেষ দিনটোলৈকে সকলো মেণ্টিৰ সৰ্বমুঠ সম্পাদনা ১৯৭৬৭ টা। ইয়াৰ ভিতৰত সৰ্বোচ্চ সম্পাদনাৰে প্ৰথম তিনিটা স্থান পোৱা মেণ্টিসকল হৈছে কুমুদ ঘোষ (৪,৯৭৬ টা সম্পাদনা), পাপৰি বৰা (৩,৯৫২ টা) আৰু নৰুনা বৰুৱা (২,৭৮৩ টা)। তাৰোপৰি এই প্ৰকল্পৰ অধীনত অসমীয়া ৱিকিপিডিয়াত কুমুদ ঘোষে সৰ্বমুঠ ৯১ টা, নৰুনা বৰুৱাই ৭০ টা আৰু দীপাংকৰ দাসে ৪৬ টা নতুন প্ৰবন্ধ সৃষ্টি কৰে। তেনেদৰে ৱিকিউৎসত সৰ্বোচ্চ সম্পাদনা কৰা প্ৰথম তিনিগৰাকী মেণ্টি হৈছে হিমাশ্ৰী বৰা (৭৯৪ টা), সুস্মিতা লেখাৰু (৬৪৬ টা) আৰু অঞ্জুমণি শইকীয়া (৩৭০ টা)।
নিৰ্বাচিত উদ্ধৃতি
নিৰ্বাচিত উদ্ধৃতি সম্পাদনা কৰক

পকা ধানৰ পথাৰ
ভাল প্ৰবন্ধ
ভাল প্ৰবন্ধ সম্পাদনা কৰক

বৰোবুদুৰ বা বাৰাবুদুৰ ইণ্ডোনেছিয়াৰ মধ্য জাভা অঞ্চলৰ মাগেলাং ৰিজেন্সিৰ মাগেলাং চহৰ আৰু মুণ্টিলান চহৰৰ ওচৰত অৱস্থিত নৱম শতিকাৰ এক মহাযান বৌদ্ধ মন্দিৰ।

ধূসৰ ৰঙৰ এণ্ডেচাইটৰ দৰে শিলেৰে নিৰ্মিত এই মন্দিৰটো ছটা বৰ্গক্ষেত্ৰ আৰু তিনিটা বৃত্তাকাৰ নটা এটাৰ ওপৰত এটাকৈ নিৰ্মাণ কৰা মঞ্চৰে গঠিত। ইয়াৰ ওপৰত এটা কেন্দ্ৰীয় গম্বুজ আছে। গোটেই মন্দিৰ ২৬৭২টা ভাস্কৰ্যৰ লগতে আৰু ৫০৪টা বুদ্ধৰ মূৰ্তিৰে সজাই তোলা হৈছে। কেন্দ্ৰীয় গম্বুজটোৰ চাৰিওফালে ৭২টা বুদ্ধ মূৰ্তি আছে আৰু প্ৰত্যেকটো মূৰ্তি ছিদ্ৰযুক্ত স্তুপৰ ভিতৰত বহি থকা ৰূপত আছে। তীৰ্থযাত্ৰীসকলে চিৰি আৰু কৰিডৰৰ এক বিস্তৃত ব্যৱস্থাৰ মাজেৰে এই স্মৃতিসৌধৰ পৰিভ্ৰমণ কৰে। ইয়াৰ দেৱাল আৰু স্তম্ভসমূহত ১৪৬০টা আখ্যানমূলক ভাস্কৰ্য আছে। ইয়াত বৌদ্ধ ধৰ্মৰ ভাস্কৰ্যৰ বিশ্বৰ অন্যতম বিস্তৃত সংগ্ৰহ আছে। ইয়াত বিতংকৈ পঢ়ক...

যোৱামাহৰ ভাল প্ৰবন্ধ পাৰ্থজিৎ বৰুৱাৰ বিষয়ে ইয়াত পঢ়ক...
পৰিসংখ্যা আৰু অন্যান্য সম্পাদনা কৰক
পৰিসংখ্যা

অন্যান্য সংযোগ


  • ইন্‌ষ্টাগ্ৰামত অনুসৰণ কৰক: @assamesewikimedia

ঘোষণা


ৱিকিপিডিয়াত থাকিব লগা অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকাৰ পৰা প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাত সহায় কৰক।
ক্ৰ.
নং
সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
ৱিকিপিডিয়া ৱিকিউৎস ৱিকিউদ্ধৃতি ৱিকিকমন্স ৱিকিতথ্য
অজয় দাস ৩৭৫ ৭৮৯
কন্দৰ্পজিৎ কল্লোল ১২৪০ ১৪০
কুমুদ ঘোষ ২৫৪০ ৩৬০ ১৫৫ ২৭৯ ৪৩
ছাদ্দাম হুছাইন ৰহমানী ৫১২ ১৪
ঈশান জ্যোতি বৰা ৪৫ ৩১ ১৮
গীতাৰ্থ বৰদলৈ ৩৩২
জলি ৰুমী বৰা ২৬৭ ২১ ৩১ ৭৯
জোনালী বৰুৱা ১৩৩ ০ ‌
জ্যোতি চিৰিং ৫০ ২৮৭ ১৪
১০ দিব্য দত্ত ৪১৮ ২৭০ ১৩ ২৪
১১ দিপাংকৰ দাস ১৫৫ ২৩৮
১২ দিম্পল দাস ৬৮ ৬৬
১৩ নৰুনা বৰুৱা ১৯৫৮ ৩৩
১৪ নয়ন জ্যোতি নাথ ৯০ ২০
১৫ নিপন নিয়ৰ শেনছোৱা ১০১ ৬৫ ১৪
১৬ পাপৰি বৰা ১০৫ ৭০ ১৩৫৩
১৭ পৱন বৰ্মন ১৭১ ১০৬
১৮ প্ৰণামিকা অধিকাৰী ৪০৯ ৩০৬ ২১ ২৩
১৯ প্ৰাণজ্যোতি নাথ ১২৭ ৩১৯ ৬২
২০ বাবুল বৈশ্য ১৮৩ ১৪৬
২১ বিভূতি গগৈ ১৪৩
২২ ৰাকেশ মোদক ২৪২ ১০
২৩ হিমাশ্ৰী বৰা ৩৭২
২৪ সুস্মিতা লেখাৰু ১৩ ৫৭৪

বিঃদ্ৰঃ তালিকাখন সদস্যনামৰ বৰ্ণানুক্ৰমিক কৰি সজোৱা হৈছে।

ৱিকিপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক।
ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাটো আপোনাৰ উপযোগীকৈ বনোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল।
ৱিকিপত্ৰিকাৰ বিষয়ে আপোনাৰ মন্তব্য ইয়াত লিখক।

 

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia