ৰুটী
ৰুটী (en:Roti)হৈছে গোল চেপেটা আটা বা ময়দাৰে প্ৰস্তুত কৰা এবিধ খাদ্য । ইয়াক চাপাটি বুলিও জনা যায়। ইয়াৰ ব্যৱহাৰ প্ৰথমে ভাৰতীয় উপমহাদেশত আৰম্ভ হয়। ইয়াক শিলত গুৰি কৰা ঘেঁহুৰ আটাৰ লগত পানী, নিমখ আৰু তেল মিহলাই প্ৰথমে লাৰুৰ দৰে কৰি বেলনাৰে বেলি গোল আৰু চেপেটা কৰি লোৱা হয় ।[4] ব্যুৎপত্তিৰুটী শব্দটো সংস্কৃতৰ পৰা সংকলিত। সংস্কৃতত ইয়াক ৰুটীকা মানে ব্ৰেড বুলি জনা যায় ।[5] প্ৰণালীপ্ৰথমে আটাখিনিত পানী,তেল আৰু অলপ নিমখ মিহলাই সানি লৈ ৫মিনিটমান সময় ঢাকি ৰাখিব লাগে। তাৰপাছত সৰু সৰু বলৰ দৰে আটাৰ লদা কৰি লৈ বেলনা এখনৰ ওপৰত থৈ বেলনা মাৰিৰে লাহে লাহে ওপৰেৰে ঘূৰাই ফুৰাই লৈ যাব লাগে যাতে আকৃতিটো চেপেটা আৰু ঘূৰণীয়া হয়। তাৰ পাছত ইয়াক এখন টাৱাত দুয়োফালে ভালদৰে সেকিব লাগে। সেকা হোৱাৰ পাছত গৰম ৰুটীখনত সোৱাদ অনুযায়ী ঘিউ বা তেল লগাই ল’ব পৰি।[6] ৰুটী আধা সেকা হোৱাৰ পাছত জুইত দি ফুলাই ল’ব পাৰি৷ ভাৰতীয় উপমহাদেশভাৰতীয় উপমহাদেশৰ পৰা আফ্ৰিকালৈকে আৰু আফ্ৰিকাৰ পৰা ওচেনিয়ালৈকে আৰু ওচেনিয়াৰ পৰা মাল উপদ্বীপলৈকে আৰু মাল উপদ্বীপৰ পৰা আমেৰিকা মহাদেশলৈকে চেপেটা ব্ৰেড আৰু ৰুটীৰ বিভিন্ন ধৰণৰ বৈচিত্ৰ্য পৃথিৱীৰ বিভিন্ন সংস্কৃতিত পোৱা যায় ।[7]ৰুটী হৈছে ভাৰতীয় উপমহাদেশৰ ঐতিহাসিকভাৱে গ্ৰহণ কৰা এবিধ চেপেটা ব্ৰেড ।[8] ইয়াক সাধাৰণতে ভাজি, জোল বা দাইলৰ লগত গ্ৰহণ কৰা হয়। সেইবাবেই ইয়াক এইবোৰৰ বাহক বুলিও কোৱা হয় ।[9] ইয়াক সাধাৰণতে ঘেহুৰ আটাৰ পৰা তৈয়াৰ কৰা হয় আৰু এখন চেপেতা লোহাৰ টাৱাত সেকা হয় । অবশ্যে অতীত কালৰ দৰে আজিকালিও ৰুটী জৱাৰ, বাজৰী, গুমধানৰ নাইবা চাউলৰ আটাৰ পৰাও তৈয়াৰ কৰা হয় । শ্ৰীলঙ্কাশ্ৰীলঙ্কাত পোল ৰুটী নামেৰে এবিধ ৰুটী ঘেহু বা কুৰাক্কান আটাৰে নাৰিকল দি বনোৱা হয় ।কেতিয়াবা, কেঁছা জলকীয়া আৰু পিয়াঁজ সৰুকৈ কাটি লৈ আটাৰ লদাত মিহলাই লৈ সেকা হয় ।এইবোৰ ৰুটী সাধাৰণতে আনবোৰ ৰুটীতকৈ শকতকৈ বেলা হয় । পোল ৰুটী এওঁলোকে জোল বা চাম্ভাৰ বা লুনু মিৰিৰ লগত লগত প্ৰধান আহাৰ হিচাবে গ্ৰহণ কৰে ।
চিত্ৰ বিথীকা
|