ৰাহুল দ্ৰাবিড়
ৰাহুল দ্ৰাবিড় (ইংৰাজী: Rahul Dravid; ১১ জানুৱাৰী, ১৯৭৩) এজন প্ৰাক্তন ভাৰতীয় ক্ৰিকেট খেলুৱৈ আৰু ভাৰতীয় জাতীয় দলৰ অধিনায়ক। তেওঁক বিশ্ব ক্ৰিকেটৰ শ্ৰেষ্ঠ খেলুৱৈ সকলৰ ভিতৰত অন্যতম।[1] মাৰাঠী পৰিয়ালত জন্মগ্ৰহণ কৰা দ্ৰাবিড়ে ১২ বছৰ বয়সৰ পৰাই ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰিছিল আৰু পাছলৈ ১৫ অনূৰ্ধ্ব, ১৭ অনূৰ্ধ্ব আৰু ১৯ অনূৰ্ধ্ব পৰ্যায়ত নিজ ৰাজ্যক প্ৰতিনিধিত্ব কৰিছিল। দ্য ৱাল হিচাপে পৰিচিত দ্ৰাৱিড়ে ৱিজডেন ক্ৰিকেটাৰ্চ অলমঞ্চকৰ (Wisden Cricketers' Almanack) ২০০০ চনৰ বছৰটোৰ বিশ্বৰ পাঁচজন শ্ৰেষ্ঠ ক্ৰিকেটাৰৰ তালিকাত স্থান লাভ কৰিছিল আৰু ২০০৪ চনত আই চি চি ৰ এৱাৰ্ড চেৰিমনীত বছৰটোৰ শ্ৰেষ্ঠ টেষ্ট খেলুৱৈ সন্মানেৰে সন্মানিত হৈছিল। ২০১১ চনৰ ডিচেম্বৰ মাহত কাণবেৰাত (Canberra) দ্ৰাৱিড় ব্ৰেডমেন অ'ৰেচন প্ৰদান কৰা প্ৰথমজন অনা-অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ ৰূপে পৰিগণিত হয়।[2] ২০১২ চনৰ অক্টোবৰ মাহলৈকে টেষ্ট ক্ৰিকেট আৰু এদিনীয়া উভয়তে ১০,০০০ ৰাণ সংগ্ৰহ কৰা দ্ৰাবিড় শচীন তেণ্ডুলকাৰ, ৰিকি পণ্টিং আৰু জেক কালিছৰ পাচতে বিশ্বৰ চতুৰ্থ আৰু দ্বিতীয় ভৰতীয়। [3] ২০০৪ চনত বাংলাদেশৰ বিৰুদ্ধে চিটাগঙত শতৰাণ অৰ্জন কৰাৰ লগেলগে দ্ৰাবিড় সকলো ১০খন টেষ্ট খেলা দেশৰ বিৰূদ্ধে ন্যূনতম এটা শতক অৰ্জন কৰা বিশ্বৰ প্ৰথম গৰাকী খেলুৱৈ হিচাপে পৰিগণিত হয়। দ্ৰাবিড়ৰ এই অভিলেখ এটিয়াও অক্ষুণ্ণ আছে। ২১০টা কেটচৰ সৈতে ২০১২ চনৰ অক্টোবৰ মাহলৈকে দ্ৰাবিড় আছিল টেষ্ট ক্ৰিকেটৰ সৰ্বাধিক কেটচ গ্ৰহণ কৰা খেলুৱৈ (উইকেট কীপাৰ নোহোৱা)।[4] ২০১১ চনৰ অগষ্ট মাহত ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া ভ্ৰমণ সমাপ্ত কৰি ওভতাৰ পাচতেই দ্ৰাৱিড়ে এদিনীয়া আৰু টি-টুৱেণ্টি ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰে। ইয়াৰ পাছতেই ২০১২ চনৰ মাৰ্চ মাহত তেও আন্তঃৰাষ্ট্ৰীয় আৰু প্ৰথম শ্ৰেণীৰ ক্ৰিকেটৰ পৰাও অৱসৰ গ্ৰহণ কৰে।[5] তেওঁ ২০১২ চনত ইণ্ডিয়ান প্ৰীমিয়াৰ লীগত ৰাজস্থান ৰয়েলছৰ অধিনায়কৰ ভূমিকা পালন কৰিছিল। ২০১২ চনৰ ১ নবেম্বৰত ছিডনীত ৰাহুল দ্ৰাবিড় আৰু গ্লেন মেকগ্ৰাথক সপ্তম বাৰ্ষিক ব্ৰেডমেন বঁটা বিতৰণী সভাত সন্মানিত কৰা হয়। ২০০৪ বৰ্ষত পদ্মশ্ৰী সন্মান লাভ কৰা দ্ৰাৱিডে ২০১৩ চনত ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ লাভ কৰাৰ সন্মান অৰ্জন কৰে।[6] ২০১৪ চনত দ্ৰবিডে গ'স্প'টৰ্চ, বেংগালুৰুৰ উপদেষ্টা কমিটিৰ সদস্য হিচাপে যোগদান কৰে। আৰম্ভণি জীৱন আৰু ক্ৰিকেটৰ সৈতে চিনাকিদ্ৰাৱিড়ৰ জন্ম হৈছিল ইন্দোৰ, মধ্যপ্ৰদেশৰ এটা মহাৰাষ্ট্ৰীয়ান ব্ৰাহ্মণ পৰিয়ালত।[7] কিছুদিন পাছেতেই তেওঁৰ পৰিয়াল বেংগালুৰুলৈ স্থানান্তৰিত হয় আৰু তাতেই তেওঁৰ বাল্য জীৱন আৰম্ভ হয়। তেওঁৰ দেউতাকে এটা জাম বনোৱা আৰু সংৰক্ষণ কৰা কাৰখানাত কাম কৰিছিল, যাৰ বাবে পাছলৈ তেওঁক "জেমী" নামেৰেও জনা গৈছিল। দ্ৰাৱিড়ৰ মাতৃ পুষ্পা বিশ্বেশ্বৰ কলেজ অৱ ইঞ্জিনীয়াৰিং, বেংগালুৰুৰ স্থাপত্যবিদ্যা বিভাগৰ প্ৰৱক্তা আছিল।[8] দ্ৰাৱিড়ৰ কনিষ্ঠ ভাতৃৰ নাম হৈছে বিজয়।[9] ষ্টিফেন জোচেফ বয়জ হাইস্কুল বেংগালুৰুৰ পৰা স্কুলিয়া শিক্ষা লাভ কৰা দ্ৰাৱিড়ে ষ্টিফেন জোচেফ কলেজ অৱ কমাৰ্চৰ বাণিজ্য বিভাগৰ স্নাতক। ষ্টিফেন জোচেফ কলেজ অৱ বিজনেচ এডমিনিষ্ট্ৰেচনত MBA বিষয়ত অধ্যয়ন কৰি থকা সময়তে তেওঁ ভৰতীয় জাতীয় ক্ৰিকেট দললৈ নিৰ্বাচিত হৈছিল। ১২ বছৰ বয়সতে ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰা দ্ৰাৱিড়ে পাছলৈ ১৫ অনূৰ্ধ্ব, ১৭ অনূৰ্ধ্ব আৰু ১৯ অনূৰ্ধ্ব পৰ্যায়ত নিজ ৰাজ্যক প্ৰতিনিধিত্ব কৰিছিল।[10] চিন্নস্বামী ষ্টেডিয়ামত গ্ৰীষ্মকালীন প্ৰশিক্ষণ শিৱিৰত দ্ৰাৱিড়ৰ প্ৰতিভা প্ৰথম বাৰৰ বাবে লক্ষ্য কৰে প্ৰাক্তন খেলুৱৈ কেকি তৰপুৰে।[11] উইকেট ৰক্ষকৰ ভূমিকা পালন কৰা দ্ৰাৱিড়ে নিজ বিদ্যালয়ৰ হৈ শতক অৰ্জন কৰিছিল। ১৯৯১ চনত মহাবিদ্যালয়ত অধ্যয়নৰত অৱস্থাতে দ্ৰাৱিড়ে ৰঞ্জি ট্ৰফীত নিজাৰ জীৱনৰ পাতনি মেলে।[12] পুনেত, ভৱিষ্যতৰ সতীৰ্থ খেলুৱৈ মহাৰাষ্ট্ৰৰ জভাগল শ্ৰীনাথ আৰু অনিল কুম্বলেৰ বিৰুদ্ধে অমীমাংসিত খেলখনত দ্ৰাৱিড়ে ৮২ ৰাণ সংগ্ৰহ কৰিছিল।[13] ১৯৯১-৯২ চনত ৬৩.৩ গড়ত দুটা শতৰাণৰ হৈতে সংগ্ৰহ কৰা ৩৮০ ৰাণৰ[14] ফলশ্ৰুতিতেই দ্ৰাৱিড়ে দুলীপ ট্ৰফীত দক্ষিণ মণ্ডল ক্ৰিকেট দললৈ নিৰ্বাচিত হয়।[15] আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰআন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত ভূমুকণি১৯৯৬ চনৰ বিশ্বকাপ ক্ৰিকেটৰ পাছতেই বিনোদ কাম্বলিক স্থানন্তৰিত কৰি ১৯৯৬ চনৰ ৩ এপ্ৰিল তাৰিখে চিংগাপুৰত অনুষ্ঠিত হোৱা "সিংগাৰ কাপ"ত দ্ৰাৱিড়ে আন্তৰ্জাতিক এদিনীয়া ক্ৰিকেটৰ পাতনি মেলে।[16] চমকপ্ৰদ প্ৰদৰ্শন দাঙি ধৰিব নোৱাৰা দ্ৰাৱিডে মাত্ৰ ৩ ৰাণ কৰিয়েই মুথায়া মুৰুলিধৰৰ বলত খেল্পথাৰৰ পৰা বিদায় লয়।[17] ইয়াৰ পাছৰ খেল খনতো সফল হ'ব নোৱাৰা দ্ৰাৱিড়ে পাকিস্তানৰ বিৰুদ্ধে ৰাণ আউট হোৱাৰ পূৰ্বে মাত্ৰ ৪ ৰাণ সংগ্ৰহ কৰিছিল।[18] অধিনায়কত্বৰ খাতিয়ানটেষ্ট খেল
এদিনীয়া আৰ্ন্তজাতিক
তথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia