ৰাজপথৰ হাৰাশাস্তিৰাজপথত হাৰাশাস্তি (ইংৰাজী: Street Harassment)হৈছে এনে এক প্ৰকাৰৰ হাৰাশাস্তি যাক অবাঞ্চিত যৌন উৎপীড়ন, উচটনিমূলক ইংগিত, হৰ্ণ বজোৱা, সুহুৰি বজোৱা, অশ্লীল উন্মোচন, অনুসৰণ,ৰাজহুৱা স্থানঃ যেনে ৰাজপথ, শ্বপিং মল আৰু ৰাজহুৱা পৰিবহণ অচিনাকি মানুহৰ স্পৰ্শ আদিৰে চিহ্নিত কৰা হয়।[1] ৰাজপথত হাৰাশাস্তি কেৱল যৌন অৰ্থ সম্বলিত কাৰ্য্য বা মন্তব্যত সীমাবদ্ধ নহয়।[2] ৰাজপথৰ হাৰাশাস্তিৰ ভিতৰত প্ৰায়ে সমকামী আৰু ট্ৰেন্সফ'বিক নিন্দা, জাতি, ধৰ্ম, শ্ৰেণী, জাতি আৰু অক্ষমতাৰ উল্লেখ কৰি ঘৃণনীয় মন্তব্য আদি অন্তৰ্ভুক্ত কৰা হয়।[2] এই প্ৰথা ক্ষমতা আৰু নিয়ন্ত্ৰণত শিপাই আছে আৰু ই প্ৰায়ে সমাজৰ বৈষম্যৰ প্ৰতিফলন।[2] এনে কাৰ্য কেতিয়াবা আগ্ৰহ বা মৰম প্ৰকাশৰ সুযোগৰ অভাৱ (যেনেঃ সামাজিক পাৰস্পৰিক ক্ৰিয়া-কলাপ কৰিব নোৱাৰা)ৰ ফলত হোৱা বুলি যুক্তি দিয়া হৈছে। হাৰাশাস্তিৰ ভিতৰত সকলো লিংগৰ লোক অন্তৰ্ভুক্ত যদিও মহিলাসকল পুৰুষতকৈ অধিক হাৰাশাস্তিৰ বলি হয়। হাৰ্ভাৰ্ড ল ৰিভিউ (১৯৯৩)ৰ মতে, ৰাজপথত হাৰাশাস্তি কৰাটোক প্ৰধানকৈ ৰাজহুৱা স্থানত মহিলাৰ প্ৰতি অচিনাকি পুৰুষে কৰা হাৰাশাস্তি বুলি গণ্য কৰা হয়।[3] ষ্টপ ষ্ট্ৰীট হাৰাচমেণ্টৰ প্ৰতিষ্ঠাপকৰ মতে, ই শাৰীৰিকভাৱে নিৰাপদ আচৰণৰ পৰা আৰম্ভ কৰি "চুমা খোৱাৰ শব্দ", "তীক্ষ্ণ দৃষ্টিৰে চাই থকা", আৰু "যৌনতাহীন মন্তব্য"ৰ পৰা আৰম্ভ কৰি "অধিক ভাবুকিপূৰ্ণ আচৰণ" যেনেঃ অনুসৰণ, সাবটি ধৰা, যৌন নিৰ্যাতন আৰু ধৰ্ষণ আদিৰে চিহ্নিত।[4][5] ২০১৭ চনৰ এনপিআৰৰ এটা প্ৰবন্ধ এইটো প্ৰসংগত প্ৰণিধানযোগ্য। ইজিপ্ত, লেবানন, মৰক্কো আৰু পেলেষ্টাইনৰ ৰাজপথত হাৰাশাস্তিৰ প্ৰসংগত কৰা এক অধ্যয়ন অনুসৰি অধিক শিক্ষিত পুৰুষসকলে ৰাজপথত হাৰাশাস্তি কৰাৰ সম্ভাৱনা বেছি।[6]গৱেষকসকলে ব্যাখ্যা কৰিছে যে "মাধ্যম পৰ্যায়ৰ শিক্ষা লাভ কৰা যুৱকসকলে তেওঁলোকতকৈ বয়সস্থ, কম শিক্ষিত সমনীয়াতকৈ আন মহিলাক যৌন নিৰ্যাতন চলোৱাৰ সম্ভাৱনা বেছি"।[6] এই অধ্যয়নৰ গৱেষকসকলে ব্যাখ্যা কৰে যে পুৰুষে ৰাজপথত হাৰাশাস্তি কৰাৰ মূল কাৰণ হ’ল নিজৰ ক্ষমতাক দাবী কৰা।[6] তেওঁলোকে এনে কৰে কাৰণ তেওঁলোকৰ জীৱনত মানসিক চাপ বেছি-যেনেঃ পৰিয়াল পোহপাল দিয়া, নিবনুৱাৰ হাৰ অধিক, দেশত ৰাজনৈতিক অস্থিৰতা।[6] ইতিহাসৰাজপথত হাৰাশাস্তিৰ কোনো নিৰ্দিষ্ট আৰম্ভণিমূলক ইতিহাস নাই। ইতিহাসত ৰাজপথত হাৰাশাস্তি১৯ শতিকাৰ লণ্ডনত ৰাজপথৰ হাৰাশাস্তি সামাজিক বিষয় হিচাপে চৰ্চালৈ আহিছিল। ৱেষ্ট এণ্ডৰ ওচৰত নতুন বজাৰ জিলাৰ উত্থানৰ ফলত বহু মধ্যবিত্তীয় মহিলাই পৰম্পৰাগতভাৱে পুৰুষ প্ৰধান চুবুৰীৰ মাজেৰে খোজ কাঢ়ি শেহতীয়া বজাৰলৈ অহা সামগ্ৰী ক্ৰয় কৰিবলৈ বাধ্য হয়। মহিলাসকলক সেই অঞ্চলত কাম কৰা পুৰুষসকলে কেতিয়াবা অনুসৰণ কৰিছিল। পুৰুষসকলৰ আচৰণ সমসাময়িক শ্ৰমিক শ্ৰেণীৰ প্ৰেমৰ আচাৰ-অনুষ্ঠানৰ সৈতে মিল আছিল। এনে আচাৰ-অনুষ্ঠানত এজন যুৱকে ৰাস্তাত এগৰাকী মহিলাক "পুলকিত চকু" ৰাখি নিজৰ পছন্দ ইংগিতৰে দেখুৱাইছিল আৰু মহিলাগৰাকীয়ে তেওঁৰ গতি লেহেমীয়া কৰি সঁহাৰি জনাইছিল।[7] ৱালকোটিজৰ মতে, ৰাজপথত হাৰাশাস্তিৰ বিষয়ে জনসাধাৰণৰ ধাৰণা গঢ় লৈ উঠিছিল মধ্যবিত্তীয় মহিলাসকলৰ জৰিয়তে- যিসকল এই প্ৰেমৰ প্ৰথাৰ নতুন বিষয় আছিল, যাক বিসদৃশ গণ্য কৰি বহু বেছি আকস্মিক আৰু অনানুষ্ঠানিক বুলি ধৰা হৈছিল। শ্ৰমিক শ্ৰেণীৰ মহিলাতকৈ তেওঁলোকৰ অভিজ্ঞতাক সমাজে অধিক গুৰুত্ব দিয়ে। সেই যুগৰ আগশাৰীৰ মহিলা পত্ৰিকাত ব্যৱসায় কৰিবলৈ যোৱাৰ সময়ত পুৰুষে কেনেকৈ "কথা ক'ব নালাগে" তাৰ পৰামৰ্শ দিয়া হৈছিল।[7] আধুনিক ৰাজপথত হাৰাশাস্তি বিৰোধী আন্দোলনএই বিষয়টোক লৈ আধুনিক আলোচনা আৰম্ভ হৈছিল ১৯৪৪ চনত ৰেচি টেইলৰৰ ধৰ্ষণৰ পৰা। আলাবামাৰ এবেভিলত টেইলৰ নামৰ এগৰাকী কৃষ্ণাংগ মহিলাক অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ কৰা অপৰাধৰ তদন্তৰ দায়িত্ব দিয়া হৈছিল ৰোজা পাৰ্কছক। পাৰ্কছে ইয়াৰ উত্তৰত কাম আৰম্ভ কৰে যাক পিছলৈ "এটা দশকত দৃষ্টিগোচৰ হোৱা সমন্যায়ৰ সবাতোকৈ শক্তিশালী অভিযান" বুলি অভিহিত কৰা হয়।[8] ১৯৬০ আৰু ১৯৭০ চনত টেক বেক দ্য নাইট নামৰ এটা আন্দোলনে গুৰুত্ব লাভ কৰিছিল। আজিও শক্তিশালীভাৱে প্ৰতিনিধিত্ব কৰা এই আন্দোলন নাৰীৰ ওপৰত হোৱা যৌন হিংসাৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় প্ৰতিবাদ। টেক বেক দ্য নাইট এটা অলাভজনক সংস্থাত পৰিণত হৈছে যিয়ে ৰাজপথত হাৰাশাস্তিকে ধৰি সকলো ধৰণৰ যৌন হিংসাৰ অন্ত পেলোৱাৰ লক্ষ্য ৰাখে।[9] ১৯৭০ চনত "ৱাল ষ্ট্ৰীট অগল-ইন" অনুষ্ঠিত হয়। কাৰ্লা জেৰ নেতৃত্বত মহিলাসকলে ৱাল ষ্ট্ৰীটত ৰাজপথত হাৰাশাস্তিৰ বিষয়ে লিখা ফলক লৈ সমদল উলিয়ায়। [10] সক্ৰিয়তা২০০০ চনৰ শেষৰ ফালৰ পৰা ৰাজপথত হাৰাশাস্তিৰ বিৰুদ্ধে ৰাজহুৱা সক্ৰিয়তা বৃদ্ধি পাইছে। ষ্টপ ষ্ট্ৰীট হাৰাচমেণ্ট নামৰ এটা গোট ২০০৮ চনত ব্লগ হিচাপে আৰম্ভ হৈছিল আৰু ২০১২ চনত এটা অলাভজনক সংস্থা হিচাপে প্ৰতিষ্ঠিত হৈছিল।[11]সংস্থাটোৱে ৰাজপথত হোৱা হাৰাশাস্তিৰ নিৰাপদ আৰু আত্মবিশ্বাসেৰে মোকাবিলা কৰাৰ বাবে টিপছ প্ৰদান কৰে। লগতে "সম্প্ৰদায়ৰ ব্যৱস্থা গ্ৰহণ" কৰাৰ সুযোগো প্ৰদান কৰে। ২০১০ চনত ষ্টপ ষ্ট্ৰীট হাৰাচমেণ্টে বাৰ্ষিক "আন্তঃৰাষ্ট্ৰীয় ৰাজপথৰ হাৰাশাস্তি বিৰোধী সপ্তাহ" আৰম্ভ কৰে। এপ্ৰিল মাহৰ তৃতীয় সপ্তাহত সমগ্ৰ বিশ্বৰ লোকসকলে এই বিষয়টোৰ প্ৰতি মনোযোগ আকৰ্ষণ কৰাৰ প্ৰয়াসত "মাৰ্চ, ৰেলী, কৰ্মশালা আৰু ফুটপাথৰ চকিং"ত অংশগ্ৰহণ কৰে।[12] আন এটা গোটৰ নাম হ’লাবেক! ২০১০ চনত প্ৰতিষ্ঠা কৰা হৈছিল। তথ্যসূত্ৰ
|
Portal di Ensiklopedia Dunia