ৰাঘৱ চন্দ্ৰ ডেকা
ৰাঘৱ চন্দ্ৰ ডেকা এগৰাকী ভাৰতীয় ভূ-চুম্বকীয় বিজ্ঞানী তথা দক্ষিণ মেৰুত বা এণ্টাৰ্কটিকাত খোজ পেলোৱা প্ৰথম গৰাকী অসমীয়া ব্যক্তি।[1] ১৯৮৭ চনৰ ২৫ নৱেম্বৰত কুমেৰু অভিমুখে যাত্ৰা কৰা সপ্তম ভাৰতীয় কুমেৰু অভিযাত্ৰী দলৰ তেওঁ এজন সদস্য আছিল। তেওঁ এণ্টাৰ্কটিকাত অৱস্থিত ভাৰতীয় গৱেষণা কেন্দ্ৰ "দক্ষিণ গংগোত্ৰী"ত ১৬ মাহ থাকি দক্ষিণ মেৰুৰ চুম্বকীয় ক্ষেত্ৰৰ ওপৰত গৱেষণা কৰিছিল। প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা১৯৪৮ চনত বৰপেটা জিলাৰ কাৰাকুছি গাঁৱত ৰাঘৱ চন্দ্ৰ ডেকাৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম দীননাথ কলিতা। ১৯৬৪ চনত তেওঁ সৰ্থেবাৰী বালক উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰপিছত তেওঁ ১৯৬৮ চনত গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ পৰা বিজ্ঞানৰ স্নাতক আৰু ১৯৭০ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা গণিত বিভাগৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। পিছলৈ তেওঁ উত্তৰ-পূৰ্বাঞ্চল পাৰ্বত্য বিশ্ববিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্ৰীও লাভ কৰিছিল। কৰ্মজীৱনতেওঁ ১৯৭৩ ভাৰতীয় ভূ-চুম্বকীয় বিজ্ঞান প্ৰতিষ্ঠান, শ্বিলঙত যোগদানেৰে কৰ্মজীৱনৰ পাতনি মেলিছিল। ১৯৮১ চনত তেওঁ শ্বিলঙৰ "চৌম্বকীয় নিৰীক্ষণ কেন্দ্ৰ" স্থাপন কৰিছিল। ১৯৮৭ চনৰ ২৫ নৱেম্বৰত কুমেৰু অভিমুখে যাত্ৰা কৰা সপ্তম ভাৰতীয় কুমেৰু অভিযাত্ৰী দলৰ তেওঁ এজন সদস্য আছিল। তেওঁ এণ্টাৰ্কটিকাত অৱস্থিত ভাৰতীয় গৱেষণা কেন্দ্ৰ "দক্ষিণ গংগোত্ৰী"ত ১৬ মাহ থাকি দক্ষিণ মেৰুৰ চুম্বকীয় ক্ষেত্ৰৰ ওপৰত গৱেষণা কৰিছিল। ১৯৮৯ চনৰ এপ্ৰিল মাহত তেওঁ দক্ষিণ মেৰুৰ পৰা ভাৰতলৈ ঘূৰি আহে। ১৯৮৯ চনতে তেওঁ মুম্বাইৰ অলিবাগত অৱস্থিত ভাৰতীয় ভূ-চুম্বকীয় বিজ্ঞান প্ৰতিষ্ঠানৰ মুৰব্বী হিচাপে নিযুক্ত হয়। তেওঁ চুম্বকীয় বিজ্ঞানৰ ওপৰত গৱেষণা কৰি উচ্চমানৰ চুম্বকীয় তথ্য লিপিবদ্ধ কৰা কেইবাটাও পদ্ধতি উদ্ভাৱন কৰিছিল। তেওঁ শিলাস্তৰৰ চুম্বকত্ব জোখৰ বাবে ইণ্টাৰমেগনেট নামৰ এক নতুন পদ্ধতি উলিয়াইছিল। তেওঁ অলিবাগ কেন্দ্ৰত ভূ-চুম্বকীয় যাদুঘৰ স্থাপন কৰিছিল। তেওঁ পুডুচেৰী, বিশাখাপত্তনম আৰু শিলচৰত চৌম্বকীয় নিৰীক্ষণ কেন্দ্ৰ স্থাপন কৰিছিল। ২০০৮ চনত ভাৰতীয় ভূ-চুম্বকীয় বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা তেওঁ অৱসৰ গ্ৰহণ কৰে। বঁটা আৰু সন্মান২০০৫ চনত আন্তৰ্জাতিক ভূ-চুম্বকীয় বিজ্ঞান আৰু মহাকাশ বিজ্ঞান সংস্থায়ে তেওঁক ভূ-চুম্বকীয় বিজ্ঞানৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে জীৱনজোৰা সাধনা বঁটা, আই.এ.জি.এ. লং ছাৰ্ভিছ বঁটা প্ৰদান কৰিছিল। তথ্য উৎস
|
Portal di Ensiklopedia Dunia