অভিনেতা, stand-up comedian, film producer, screenwriter
প্ৰভাৱ
Peter Sellers, Richard Pryor, Jonathan Winters, George Carlin, Chuck Jones, Spike Milligan
প্ৰভাৱিত কৰিছে
Conan O'Brien, Frank Caliendo,[1] Dat Phan, Jo Koy, Gabriel Iglesias, Alexei Sayle, Eddie Murphy[2]
দাম্পত্যসঙ্গী
Valerie Velardi (1978–1988; divorced)
Marsha Garces (1989–2008; divorced)
Susan Schneider (2011–2014; his death)
সন্তান
Zachary Pym Williams
Zelda Williams
ৰবীন ৱিলিয়ামছ (ইংৰাজী: Robin Williams) এগৰাকী আমেৰিকান অভিনেতা, ষ্টেণ্ড-আপ কৌতুক অভিনেতা (Stand-up comedian), চলচ্চিত্ৰ প্ৰযোজক তথা চিত্ৰনাট্য লিখক (screenwriter)। টেলিভিছন চিৰিজ Mork & Mindy ত ১৯৭৮-১৯৮২ কালত মৰ্ক (Mork) ৰূপে অভিনয় কৰি তেওঁ খ্যাতি লাভ কৰিবলৈ সক্ষম হয়। পৰৱৰ্ত্তীকালত তেওঁ চলচ্চিত্ৰ অভিনয়ৰ লগতে কৌতুক অভিনয়তো সমানে পাৰদৰ্শিতা দেখুৱাই প্ৰসিদ্ধি লাভ কৰে। তেওঁৰ দ্বাৰা অভিনীত প্ৰসিদ্ধ চলচ্চিত্ৰ সমূহৰ ভিতৰত উল্লেখযোগ্য হৈছে-The World According to Garp (১৯৮২), Good Morning, Vietnam (১৯৮৭), Dead Poets Society (১৯৮৯), Awakenings (১৯৯০), The Fisher King (১৯৯১), Good Will Hunting (১৯৯৭), Popeye (১৯৮০), Hook (১৯৯১), Aladdin (১৯৯২), Mrs. Doubtfire (১৯৯৩) আৰু Jumanji (১৯৯৫) ইত্যাদি।
তিনিবাৰকৈ শ্ৰেষ্ঠ অভিনেতাৰ অস্কাৰ বঁটাৰ বাবে মনোনীত হোৱাৰ পিছত ৰবীন ৱিলিয়ামছে তেওঁৰ Good Will Hunting ত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ সহ অভিনেতাৰ অস্কাৰ বঁটা লাভ কৰে। তদুপৰি তেওঁ দুটা প্ৰাইমটাইম এমি বঁটা (Primetime Emmy Award), চাৰিটা গ’ল্ডেন গ্ল’ব বঁটা (Golden Globe Award) আৰু পাঁচটা গ্ৰেমী বঁটা (Grammy Awards) লাভ কৰিছে।[3][4]
২০১৪ চনৰ ১১ আগষ্টত কেলিফৰ্ণিয়াৰ নিজা বাসভৱনত ৰবীন ৱিলিয়ামছক মৃত অৱস্থাত পোৱা যায়। চৰকাৰীসূত্ৰত মৃত্যুৰ সম্ভাব্য কাৰণ ‘asphyxiation’ বুলি উল্লেখ কৰা হৈছে।
প্ৰাৰম্ভিক জীৱন
ৰবীন ৱিলিয়ামছৰ জন্ম হৈছিল চিকাগোৰ ইলিনইছত ১৯৫১ চনৰ ২১ জুলাই তাৰিখে।[5][6][7] তেওঁ মিচিগানৰ ডেট্ৰ'ইট কাণ্ট্ৰি ডে বিদ্যালয় (Detroit Country Day School) ত প্ৰাৰম্ভিক শিক্ষা লাভ কৰে।[8] পৰৱৰ্ত্তী সময়ত তেওঁ কেলিফৰ্ণিয়াৰ মেৰিন কাণ্টি (Marin County) লৈ যায় আৰু তাৰে ৰেডউদ হাই স্কুলত শিক্ষা লাভ কৰে। ৱিলিয়ামছে 'Claremont McKenna College' কলেজীয়া শিক্ষাগ্ৰহণ কৰে।[9][10]
দূৰদৰ্শনত কেৰিয়াৰ
পোণপ্ৰথমে ৱিলিয়ামছে NBC ৰ 'The Richard Pryor Show' নামৰ এখন দূৰদৰ্শন ধাৰাবাহিকত অভিনয় কৰে। কিন্তু এইখন কম দিনৰ ভিতৰতে বন্ধ হয়। ইয়াৰ পিছত ১৯৭৮ চনত তেওঁ জনপ্ৰিয় ধাৰাবাহিক Happy Days ত মৰ্ক (Mork)নামৰ অন্য গ্ৰহৰ প্ৰাণীৰ ভূমিকাত অভিনয় কৰে।[2][11] ইয়াত তেওঁৰ মৰ্ক চৰিত্ৰতো ইমানেই জনপ্ৰিয় হয় যে ১৯৭৮ ত তাৰেই অনুসৰণত অন্য এক কৌতুক ধাৰাবাহিক Mork & Mindy আৰম্ভ হয়। এই ধাৰাবাহিকখন ১৯৮২ চনলৈ প্ৰচাৰিত হয়।[12]
১৯৭০ৰ দশকৰ পৰা অভিনয় জীৱন আৰম্ভ কৰি এটা দশকৰ ভিতৰতে ৱিলিয়ামছে কেইবাখনো কৌতুক ধাৰাবাহিকত অভিনয় কৰি সমাদৰ লাভ কৰে। ইয়াৰ ভিতৰত Off The Wall (১৯৭৮), An Evening with Robin Williams (১৯৮২), আৰু Robin Williams: Live at the Met (১৯৮৬) আদি উল্লেখযোগ্য।
চলচ্চিত্ৰত অভিনয়
ৱিলিয়ামছৰ অভিনয় কেৰিয়াৰ মূলতে চলচ্চিত্ৰ অভিনয়। তেওঁৰ অভিনীত প্ৰথম চলচ্চিত্ৰখন হ'ল ১৯৭৭ ত মুক্তি পোৱা Can I Do It 'Till I Need Glasses? তেওঁৰ Good Morning, Vietnam (১৯৮৭), Dead Poets Society (১৯৮৯) আৰু The Fisher King (১৯৯১) নামৰ চলচ্চিত্ৰ কেইখনত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ অস্কাৰ পদকৰ বাবে মনোনয়ন লাভ কৰিছিল।[2][13]
Williams at the 62nd Academy Awards in 1990 with journalist Yola Czaderska-Hayek
তদুপৰি তেওঁ 'Good Will Hunting' নামৰ চলচ্চিত্ৰত এগৰাকী মনোৰোগ চিকিৎসক ৰূপে অভিনয় কৰি শ্ৰেষ্ঠ সহ অভিনেতাৰ অস্কাৰ বঁটা লাভ কৰে।[2] ইয়াৰ উপৰিও তেওঁ অভিনয় কৰা অন্যান্য উচ্চ প্ৰশংসিত চলচ্চিত্ৰ হৈছে- Moscow on the Hudson (১৯৮৪), Awakenings (১৯৯০), What Dreams May Come (১৯৯৮)[14] আৰু Insomnia (২০০২)[15]
স্বত:স্ফূৰ্ত সংলাপ নিক্ষেপণ আৰু কৌতুক অভিনয় ৰবীন ৱিলিয়ামছৰ অভিনয়ৰ এক প্ৰধান বৈশিষ্ট্য হিচাপে জনা যায়।[16]
কৌতুক অভিনয়
Williams performing a United Service
১৯৭০ৰ দশকত ৰবীন ৱিলিয়ামছে ভালেসংখ্যক কৌতুক অভিনয়ৰ যাত্ৰা (stand-up comedy tours) কৰিছে। ইয়াৰে ভিতৰতে An Evening With Robin Williams (১৯৮২), Robin Williams: At The Met (১৯৮৬), আৰু Robin Williams LIVE on Broadway (২০০২) আদি প্ৰধান।
↑ 2.02.12.22.3James Lipton (host) (June 10, 2001). "Robin Williams". Inside the Actors Studio. Season 7. Episode 710. Bravo. Archived from the original on February 4, 2007. Retrieved August 13, 2014.
↑ 18.018.1Hochman, David (September 9, 2 013). "Still Crazy: Years after Mork and Buffy, Robin Williams and Sarah Michelle Gellar hope to rope us in with a new sitcom". TV Guide. pp. 16–19.