ৰছী টনা খেল
ৰছী টনা (ইংৰাজী: Tug of war) হৈছে এক খেল বিশেষ। য'ত দুই বিপৰীত পক্ষই সমুখা-সমুখিকৈ শক্তিৰ পৰীক্ষণত অৱতীৰ্ণ হয়। ইয়াত এডাল ৰছীৰ দুটা বিপৰীত মুৰত ধৰি নিজৰ পক্ষত ৰছীৰ সৰহ অংশ ৰখাৰ উদ্দেশ্যৰে দুটা দলৰ খেলুৱৈ সকলে পৰস্পৰক টানে। উৎপত্তিৰছী টনা খেলৰ উৎপত্তি অনিশ্চিত, সেয়ে হ'লেও কম্বোডিয়া, প্ৰাচীন ইজিপ্ট, গ্ৰীচ, ভাৰত আৰু চীন দেশত এই খেলৰে অনুশীলন কৰা হৈছিল। তাং ৰাজবংশৰ এখন প্ৰাচীন পুথি "দ্যা নোটচ্ অফ ফেং" অনুসৰি ৰছী টনা খেলবিধ "হুক টনা" (牽 鉤) নামেৰে পৰিচিত আছিল। বসন্ত আৰু শৰত কালৰ সময়ত (পঞ্চম-অষ্টম শতাব্দী) 'চু' ৰাজ্যৰ সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ বাবে এই খেলৰ ব্যৱহাৰ কৰিছিল। তাং ৰাজবংশৰ সময়ত সম্ৰাট হোৱানজঙে প্ৰায় ১৬৭ মিটাৰ দৈঘ্যৰ এক বিৰাট আকাৰৰ ৰছীৰ লগতে প্ৰতিটো ফৈদত প্ৰায় ৫০০জন খেলুৱৈৰ অংশগ্ৰহণেৰে এই খেলৰ প্ৰচাৰ কৰিছিল। অংশগ্ৰহণকাৰীক উৎসাহিত কৰিবলৈ আনকি দুয়োটা দলৰ বাবে পৃথকে পৃথকে একোটাকৈ ড্ৰাম বজোৱা দল ৰাখিছিল।[1] প্ৰাচীন গ্ৰীচত এই খেলবিধক হেলকুষ্টিণ্ডা (গ্ৰীক: ἑλκυστίνδα), এফেলকুষ্টিণ্ডা (ἐφελκυστίνδα) আৰু ডিয়েলকুষ্টিণ্ডা (διελκυστίνδα),[2] নামেৰে জনা গৈছিল যি ডিয়েলক' (διέλκω) শব্দৰ পৰা উদ্ভৱ হৈছে। ইয়াৰ অৰ্থ হৈছে "মই টানো"[3], আৰু এই আটাইকেইটা শব্দৰ মূল হৈছে হেলক' (ἕλκω), নামৰ ক্ৰিয়াপদ যাৰ অৰ্থ "উঠাই লওঁ, টানো,। "[4] হেলকুষ্টিণ্ডা আৰু এফেলকুষ্টিণ্ডা হৈছে ৰছী টনা খেলৰ পৌৰাণিক সাধাৰণ নাম। ইয়াৰে ডিয়েলকুষ্টিণ্ডাত ৰছী পৰিবৱৰ্তে প্ৰতিপক্ষৰ হাতত ধৰি টনা হৈছিল।[5] প্ৰাচীন গ্ৰীচৰ শক্তি প্ৰদৰ্শনৰ অন্যান্য খেলৰ লগতে এই ৰছীটনা খেল বিধ অন্যতম আছিল। ই সৈনিক সকলক যুদ্ধ ক্ষেত্ৰৰ বাবে শক্তিশালী ৰূপত গঢ়ি তুলিবলৈ সহায় কৰিছিল।[6] আন্তঃৰ্জাতিক সংস্থাৰছী টনা খেলবিধ বিশ্বৰ প্ৰায় প্ৰতিখন দেশে খেলা এক খেল। কিন্তু একেবাৰে কম সংখ্যক দেশেহে এই খেল পৰিচালনাৰ বাবে একোটা জাতীয় সংস্থা গঠন কৰিছে। এই জাতীয় সংস্থাসমূহৰ বেছি ভাগেই আন্তঃৰ্জাতিক ক্ৰিয়া পৰিচালনা পৰিষদৰ সৈতে যুক্ত: টি.ডব্লিউ.আই.এফ, দ্যা টাগ অফ ৱাৰ ইণ্টাৰনেচনেল ফেডাৰেচন। ২০০৮ চন পৰ্যন্ত টি.ডব্লিউ.আই.এফ-ৰ সৈতে ৫৩খন দেশ সংযুক্ত হৈছে। সেইসমূহৰ ভিতৰত স্কটলেণ্ড, আয়াৰলেণ্ড, ইংলেণ্ড, ভাৰত, চুইজাৰলেণ্ড, বেলজিয়াম, ইটালী, দক্ষিণ আফ্ৰিকা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই প্ৰধান।[7] ক্ৰিয়া হিচাপেবিভিন্ন দেশত ৰছী টনা খেলৰ ক্লাৱ আছে। পুৰুষ আৰু মহিলা উভয়েই ইয়াত অংশগ্ৰহণ কৰে। ১৯০০ চনৰ পৰা ১৯২০ চন পৰ্যন্ত এই খেলবিধ অলিম্পিক খেলৰ অংশ আছিল যদিও পিছত ইয়াক অপসাৰণ কৰা হয়। অৱশ্যে এই খেলবিধ বিশ্ব ক্ৰিয়াৰ অন্তৰ্ভুক্ত। টাগ অফ ৱাৰ ইণ্টাৰনেচনেল ফেডাৰেচন, চমুকৈ TWIFয়ে, জাতীয় দলৰ বাবে দ্বিবাৰ্ষিকভাবে, অভ্যন্তৰীণ আৰু বহিৰঙ্গন উভয় প্ৰতিযোগিতাৰ আয়োজন কৰাৰ লগতে ক্লাৱ দলৰ বাবেও একেই জাতীয় প্ৰতিযোগিতাৰ আয়োজন কৰে। বিপদ শংকাপৰা আৰু পিঠিৰ বিষৰ উপৰি এই খেলৰ দ্বাৰা ভয়াৱহ দুৰ্ঘটনা হোৱাৰ আশংকা থাকে। আনকি শৰীৰৰ বিভিন্ন অংশ যেনেঃ হাত, আঙুলি আদিৰ স্থায়ী ক্ষতি পৰ্যন্ত হ'ব পাৰে। বা হাত বা আঙুলি চিঙি যোৱাৰো সম্ভাৱনা থাকে। এই ঘটনা ঘটাৰ দুটা কাৰণ হ'ব পাৰে: হাতত ৰছী মেৰিয়াই টনা আৰু ৰছী চিঙিযোৱাৰ ফলত শৰীৰৰ ইলাষ্টিক পেশীত হ'ব পৰা ক্ষতি। ৰছী নিৰ্বাচন কৰাৰ ক্ষেত্ৰত যথেষ্ট সাৱধানতা অৱলম্বন কৰা প্ৰয়োজন। অসচেতন আয়োজক মণ্ডলিয়ে এই খেলত উৎপন্ন হোৱা শক্তিৰ প্ৰতি অজ্ঞাত হৈ যিকোনো সাধাৰণ ৰছীৰ ব্যৱহাৰ কৰিব পাৰে। সঠিক ৰছীৰ নিৰ্বাচনে সম্ভাব্য বিপদৰ শংকা কমাব পাৰে। বিশেষকৈ নাইলন ৰছীৰ দ্বাৰা হাত চিঙিযোৱাৰ সম্ভাৱনা বহুত বেছি।[8] তথ্যসংগ্ৰহ
|
Portal di Ensiklopedia Dunia