হৰিশ্চন্দ্ৰ উপাখ্যানহৰিশ্চন্দ্ৰ উপাখ্যান শ্ৰীমন্ত শংকৰদেৱ বিৰচিত এখন কাহিনী-প্ৰধান উপাখ্যান৷ হৰিশ্চন্দ্ৰ উপাখ্যানৰ মূল মাৰ্কণ্ডেয় পুৰাণৰ অন্তৰ্গত এটি সৰু কাহিনী৷ পুৰাণৰ সাৰ বুলি গ্ৰহণ কৰি লেখকে নিজৰ মৌলিক সাহিত্যিক প্ৰতিভাৰে উপাখ্যানটি সজাই-পৰাই লৈছে৷ এই পুথিখন শংকৰদেৱৰ আগবয়সৰ ৰচনা৷ হৰিশ্চন্দ্ৰ উপাখ্যানতেই শংকৰদেৱে তেওঁৰ প্ৰচাৰিত ধৰ্মৰ মূল চাৰি বস্তু:নাম-দেৱ-গুৰু-ভকতৰ প্ৰকাশ কৰে৷[1] হৰিশ্চন্দ্ৰ উপাখ্যানত পৰম ধাৰ্মিক ৰজা হৰিশ্চন্দ্ৰই ৰাজসূয় যজ্ঞ কৰি ত্ৰিভুৱনত যশস্যা ৰাখিবলৈ মন কৰে আৰু শেষত বিশ্বামিত্ৰ ঋষিক সৰ্ব্বস্ব দান কৰি ৰাজ-সিংহাসন ত্যাগ কৰি দেশান্তৰী হৈ দক্ষিণাৰ অৰ্থে এজন ব্ৰাহ্মণৰ ওচৰত পুত্ৰ ভাৰ্যাক বিক্ৰী কৰে। সৰ্বশেষত নিজেও চণ্ডালৰ ঘৰত বিক্ৰী গৈ চণ্ডালৰ দাসৰূপে কালাতিবাহিত কৰি থাকে। বাহ্মণক বিক্ৰী কৰা পুত্ৰৰ বাগিছাত সৰ্প দংশনত মৃত্যু হৈ পুনৰ কি স্বৰূপে জীৱন প্ৰাপ্ত হয় আৰু পিতা-মাতা-পুত্ৰ তিনিওজনৰে কি ভাৱে সদ্গতি হয়, তাৰ বিৱৰণ এই উপাখ্যানত পয়াৰ ছন্দত লিখা আছে৷[2] তথ্য সূত্ৰ
|
Portal di Ensiklopedia Dunia