হাৰুৱা কপৌ
হাৰুৱা কপৌ (ইংৰাজী: Red Turtle Dove or Red Collared Dove , বৈজ্ঞানিক নাম: Streptopelia tranquebarica), কপৌ গোত্ৰৰ অন্তৰ্ভুক্ত এবিধ থলুৱা চৰাইৰ প্ৰজাতি। বিৱৰণহাৰুৱা কপৌৰ দেহটো শকত, নেজ চুটি। মতা কপৌৰ ঠোঁট ক'লা, মূৰ মুগা বৰণৰ আৰু ডিঙিৰ পিছফালে কলাৰৰ দৰে এটা গাঢ় আঁচ থাকে। মাইকী হাৰুৱা কপৌৰ ৰঙ পাতল মটীয়া (dull brown) ধৰণৰ হয়।[2] বিতৰণহাৰুৱা কপৌ ঘাইকৈ ভাৰত উপমহাদেশ, টাইৱান আৰু ফিলিপাইনছ আদিত বিস্তৃত হৈ আছে।[2] টেক্স'নমিবৰ্তমানলৈকে হাৰুৱা কপৌৰ দুবিধ উপ-প্ৰজাতি চিনাক্ত কৰা হৈছে-[3]
বসতিস্থানহাৰুৱা কপৌ সাধাৰণতে সাগৰ পৃষ্ঠৰ পৰা কম উচ্চতাৰ বনাঞ্চল, খেতি-পথাৰ আৰু মানুহৰ বসতিস্থানৰ ওচৰে পাজৰে দেখা যায়[2]। খাদ্যহাৰুৱা কপৌৱে ঘাইকৈ বিভিন্ন গুটি খাই জীয়াই থাকে।[2] প্ৰজননএপ্ৰিলৰ পৰা জুলাই মাহৰ ভিতৰত হাৰুৱা কপৌৰ প্ৰজনন হয়। ইহঁতে গছৰ ডালত বাহ সাজে। এবাৰত সাধাৰণতে দুটাকৈ পোৱালি হয়।[2] তথ্য সংগ্ৰহ
|