হলধৰ ভূঞা
হলধৰ ভূঞা (২৮ ছেপ্টেম্বৰ ১৮৯১ – ২৮ মাৰ্চ ১৯৬৮), (ইংৰাজী: Haladhar Bhuyan) এগৰাকী ভাৰতৰ স্বাধীনতা সংগ্ৰামী আৰু সমাজকৰ্মী আছিল। শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ আৰু শঙ্কৰ মিছনৰ প্ৰতিষ্ঠাতা ভূঞা ৰাজ্যৰ বিধান সভাৰো নিৰ্বাচিত প্ৰতিনিধি আছিল৷[1] নগাঁৱৰ চৰকাৰী হাইস্কুলত শিক্ষকতা কৰা ভূঞাই পিছলৈ কংগ্ৰেছত যোগদান কৰি ১৯২১ চনৰ পৰা ১৯৪৪ চনলৈ কেইবাবাৰো কাৰাবাস খাটি মুঠ পাঁচ বছৰমনা কাৰাগাৰয় আছিল।[2] বহুতো পুথি অধ্যয়নৰ লগতে সাহিত্য চৰ্চাও কৰিছিল।[3] জন্ম পৰিচয়নগাঁও জিলাৰ কামপুৰ ৰাজহ চক্ৰৰ তেতেলিসৰা গাঁৱত ১৮৯১ চনৰ ২৮ ছেপ্টেম্বৰ দেওবাৰে (১১ আহিন,১৮১২ শক) হলধৰ ভূঞাৰ জন্ম হৈছিল।[3]তেখেতৰ পিতৃৰ নাম বাবুল ভূঞা আৰু মাতৃৰ নাম সুলভা ভূঞা।[3][2] অতি কম বয়সতে তেওঁ ঘাট-মাউৰা হৈছিল[4] আৰু কামপুৰ মৌজাৰ মৌজাদাৰ বৰদেউতাক মদন ভূঞাৰ তত্ত্বাৱধানত ডাঙৰ দীঘল হৈছিল৷[5] দাম্পত্য জীৱনহলধৰ ভূঞাই দুবাৰ বিয়া কৰাইছিল৷ ১৯২৬ চনত তেওঁ নগাঁৱৰ ধৰমতুলৰ মুক্তিযোদ্ধা চন্দ্ৰমোহন বিশ্বাসৰ প্ৰথমা কন্যা পাৰ্বতী বিশ্বাসক বিয়া কৰায়। বিয়াৰ তৃতীয় বছৰত দুৰাৰোগ্য ৰোগত তেখেতৰ মৃত্যু হোৱাত চন্দ্ৰমোহন বিশ্বাসৰে আন এগৰাকী কন্যা মৃণালিনী বিশ্বাসক বিয়া কৰায়।[4] তেখেতসকলৰ সন্তানসকল হʼল ক্ৰমে মিত্ৰদেৱ, পদ্মাৱতী, দুলালী, জগদীশ, মুকুট, পূৰ্ণিমা, দিপালী আৰু যজ্ঞেশ্বৰ।[3] শিক্ষামাতৃক তিনিবছৰত আৰু পিতৃক পাঁচ বছৰ বয়সত হেৰুৱাই অকলশৰীয়া হোৱা হলধৰ ভূঞাৰ শিক্ষা আৰম্ভ হৈছিল ১০/১১ বছৰ বয়সত।[3]বৰদেউতাক মদন ভূঞাই ঘাট-মাউৰা হলধৰক তেতেলিসৰা প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি কৰি দিছিল। উক্ত বিদ্যালয়ৰ পৰা বৃত্তি লাভ কৰি পিছত প্ৰথমে কামপুৰ মজলীয়া বিদ্যালয়ত শিক্ষাগ্ৰহণ কৰিছিল। পিছলৈ নগাঁও চৰকাৰী উচ্চ বিদ্যালয়ত নামভৰ্তি কৰে। সেই সময়ত তেওঁ নগাঁৱৰ ছোটহয়বৰ গাঁৱৰ কালিৰাম কাকতি নামৰ লোকজনৰ বাৰীত এটা সৰু খেৰৰ ঘৰত থাকি পঢ়া-শুনা কৰিছিল আৰু ইয়াৰ যাৱতীয় খৰচ বৰদেউতাকে বহন কৰিছিল।[3] হাইস্কুলত পঢ়াকালত তেওঁ নানা আলৈ-আহুকালৰ সম্মুখীন হ’বলগীয়াত পৰে যদিও ১৯১৪ চনত তেওঁ দ্বিতীয় বিভাগত হাইস্কুলৰ শেষ পৰীক্ষাত উত্তীৰ্ণ হয়৷ তেওঁৰ সহপাঠী আছিল, মহীচন্দ্ৰ বৰা, আব্দুল গনি, ৰত্নকান্ত বৰকাকতি আদি৷[5] তাৰপিছত তেওঁ কটন কলেজত পঢ়িবলৈ যায়৷ আৰ্থিক দৈন্যতাৰ বাবে তেওঁ পঢ়া সম্পূৰ্ণ কৰিব নোৱাৰিলে৷ কটনত তেওঁৰ সহপাঠী আছিল, কৃষ্ণকান্ত সন্দিকৈ, ইন্দ্ৰেশ্বৰ বৰঠাকুৰ আদি গুণী লোক৷[4] কৰ্মজীৱনআৰ্থিক অনাটনৰ কাৰণে তেতিয়াৰ নগাঁও চৰকাৰী হাইস্কুলৰ প্ৰধান শিক্ষক ৰামেশ্বৰ বৰুৱাই হলধৰক এম.ই. খাপত কেইমাহমানৰ বাবে শিক্ষকতা কৰাৰ সুবিধা কৰি দিছিল। তাৰপৰাই তেওঁ কটন কলেজত নাম ভৰ্তি কৰিছিল৷ ১৯১৫ চনত কলেজ ত্যাগ কৰি নগাঁৱৰ কাছাৰীত নকল নবিছৰ চাকৰিত যোগদান কৰিছিল যদিও সেইটো ইস্তফা দিয়ে আৰু ১৯১৬ চনত নগাঁও চিভিল চাৰ্জন অফিচত ৪৫ টকাৰ দৰমহাত কেৰাণীৰ চাকৰিত যোগদান কৰে। ১৯২১ চনলৈকে তেওঁ সেই চাকৰিত থাকে।[3][5] কংগ্ৰেছত যোগদান কৰাৰ পিছত জীৱিকাৰ বাবে All India Store নামৰ এখন স্বদেশী কাপোৰৰ দোকান দিছিল৷ কিন্তু তেওঁ দোকানখন চলাব নোৱাৰিলে৷ বাকী দি দি দেউলীয়া হৈ দোকানখন বন্ধ কৰি দিলে৷ ১৯৪৮ চনত তেওঁ “ফিচাৰি কোম্পানী’’ নামৰ এটা ব্যক্তিগত প্ৰতিষ্ঠান স্থাপন কৰি মাছ ব্যৱসায়তো হাত দিছিল৷[5] ৰাজনৈতিক জীৱনমহাত্মা গান্ধীৰ আদৰ্শ শিৰোগত কৰি ১৯২১ চনৰ ২০ এপ্ৰিল তাৰিখে নগাঁৱৰ জুবিলি পথাৰত হোৱা ৰাজহুৱা সভাত হলধৰ ভূঞাই কেৰাণীৰ চাকৰি ইস্তফা দি কংগ্ৰেছত যোগদান কৰিছিল। উক্ত সভাৰ কেইমাহমান পিছত নগাঁও জিলা কংগ্ৰেছৰ সম্পাদক হিচাপে তেওঁ নিৰ্বাচিত হয়। তেওঁৰ আমোলাপট্টিৰ নিজা ঘৰখন সেই সময়ত জিলা কংগ্ৰেছৰ কাৰ্যালয়স্বৰূপ হৈ পৰিছিল।[3] ব্ৰিটিছৰ বিৰুদ্ধে সভা-সমিতি আয়োজন কৰাৰ অপৰাধত তেখেতক ১৯২১ চনৰ ১৬ নবেম্বৰ তাৰিখে গ্ৰেপ্তাৰ কৰি এবছৰ সশ্ৰম কাৰাদণ্ড আৰু ডেৰশ টকা জৰিমনা অনাদায়ে তিনিমাহ কাৰাদণ্ড বিহা হৈছিল।[3] কাৰাদণ্ডৰ সময়ছোৱাত তেওঁক নগাঁৱৰ পৰা যোৰহাটলৈ আৰু যোৰহাটৰ পৰা শ্ৰীহট্ট জিলালৈ প্ৰেৰণ কৰা হৈছিল৷ চিলেট জিলাৰ জেইলত থাকোঁতে ভূঞাই নিৰক্ষৰ অৰাজনৈতিক বন্দীক লিখা-পঢ়া শিকাইছিল৷ ২২-১১-১৯২২ত তেওঁ জেলৰ পৰা মুকলি হয়৷ ১৯২২ চনৰ গয়াত হোৱা কংগ্ৰেছৰ বছৰেকীয়া অধিৱেশনত কংগ্ৰেছৰ দুটা দল হয়, পৰিৱৰ্তনকামী আৰু পৰিৱৰ্তন বিৰোধী৷ হলধৰ ভূঞা পৰিৱৰ্তন বিৰোধী দলত থাকি গান্ধীজীৰ গঠনমূলক কামত মনোনিৱেশ কৰিছিল৷ ১৯২৯ চনৰ “লাহোৰ অধিৱেশন’’ত অসমৰ পৰা হলধৰ ভূঞাই প্ৰতিনিধিত্ব কৰিছিল৷ ১৯২৩ চনৰ নগাঁৱত বহা “অসম ছাত্ৰ সন্মিলন’’ৰ অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ যুটীয়া সম্পাদক আছিল, হলধৰ ভূঞা আৰু মতিৰাম বৰা৷[5] মহাত্মা গান্ধীৰ দাণ্ডি যাত্ৰাৰ সমৰ্থনত তেওঁ কামপুৰত পতাকা উত্তোলন কৰে আৰু পিকেটিং কৰি গ্ৰেপ্তাৰ হয়৷[6] পুনৰ ১৯৩০ চনৰ ৬ এপ্ৰিলত ব্ৰিটিছৰ হাতত বন্দী হৈ ছমাহ সশ্ৰম কাৰাদণ্ড খাটে আৰু ডেৰশ টকা জৰিমনা ভৰিব লগা হয়।[3] ১৯৩৯ চনত দ্বিতীয় মহাসমৰত ভাৰতে ইংৰাজৰ হৈ যুদ্ধ কৰিবলগীয়া হোৱাৰ প্ৰতিবাদত তেওঁ ব্যক্তিগতভাৱে সত্যাগ্ৰহ কৰাৰ বাবে ১৯৪০ চনত পুনৰ ছমাহৰ বাবে কাৰাবাস খাটে।[3] ১৯৩৭ চনৰ পৰা ১৯৫১ চনলৈকে তেওঁ কংগ্ৰেছ দলৰ হ=প্ৰতিনিধি হিচাপে বিধান সভাৰ সদস্য হৈছিল৷ ১৯৫৩ চনত কৃষক মজদুৰ পাৰ্টি আৰু পিছত প্ৰজা চোছিয়েলিষ্ট দলত যোগ দিয়ে৷[2] লাহৰিঘাট বিধান সভা সমষ্টিৰ পৰা তেওঁ বিনা প্ৰতিদ্বন্দ্বিতাৰে বিধান সভালৈ নিৰ্বাচিত হৈ তেওঁ অসম বিধান সভাৰ সুদীৰ্ঘ ১৫ বছৰ কাল সদস্য আছিল৷[6] স্বাধীনতা লাভৰ সময়লৈকে নগঞা মানুহৰ বাবে “বৰচাহাব’’ যেন হৈ পৰা জনপ্ৰিয় হলধৰ ভূঞা স্বাধীনতা প্ৰাপ্তিৰ পিছতেই এচাম ধুৰন্ধৰ মানুহৰ কুচক্ৰান্তত পৰি কংগ্ৰেছৰ সদস্যপদ হেৰুৱাবলগীয়াত পৰে৷ তাৰপিছত তেওঁ কংগ্ৰেছ ত্যাগ কৰি আচাৰ্য বিনোৱা ভাৱেৰ ভূদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে৷ তেওঁ “প্ৰজা ছোছিয়েলিষ্ট পাৰ্টি’’ৰ অসম শাখাৰ সভাপতি নিৰ্বাচিত হয়৷[5] অন্যান্য সামাজিক কৰ্মঅসম শংকৰ মিশ্যন (কঢ়ালি)স্থানীয় ৰাইজৰ দান-বৰঙনি আৰু সহায় সহযোগত ৰমাকান্ত মুক্তিয়াৰ আতাৰ সৈতে লগ হৈ হলধৰ ভূঞাই ১৯৩১ চনত গঢ়ি তোলা এটি আশ্ৰম সদৃশ অনুষ্ঠান হৈছে অসম শঙ্কৰ মিশ্যন। নগাঁও টাউনৰ পৰা প্ৰায় দহ কিলোমিটাৰ দূৰৰ পলাশনিৰ সমীপত থকা কঢ়ালি গাঁৱত এই অনুষ্ঠান গঠন কৰে।[3] শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ জন্মমহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ মতে সমাজ সংস্কাৰ, অস্পৃশ্যতা বৰ্জ্জন আদিৰ বিষয়ে আলোচনা কৰি এখন ধৰ্ম সভা স্থাপনৰ পোষকতা কৰি হলধৰ ভূঞাই বহু সত্ৰৰ বহু সত্ৰাধিকাৰৰ সৈতে ১৯২৯ চনলৈকে সাক্ষাৎ আৰু আলোচনা কৰে। সকলোৰে সন্মতি লৈ ১৯৩০ চনৰ ১ জানুৱাৰীত আউনীআটীয় সত্ৰাধিকাৰ হেমচন্দ্ৰ গোস্বামীক নগাঁও জিলাৰ আউনীআটি সত্ৰৰ বাহৰত শ্ৰীযুত ৰমাকান্ত মুক্তিয়াৰ আতাৰ সৈতে দেখা কৰে।[3]হেমচন্দ্ৰ গোস্বামীয়ে তেখেতলোকৰ উদ্দেশ্যৰ বিষয়ে মীমাংসাত উপস্থিত হʼবলৈ এমাহৰ সময় লʼলে আৰু এমাহৰ মূৰত তেখেতৰ মজুমদাৰজনক উত্তৰ গুৱাহাটীৰ পৰা পঠিয়াই খবৰ দিলে যে সেই কাম তেওঁৰ দ্বাৰা নহ'ব। তেতিয়া হলধৰ ভূঞাই তেওঁক জনালে যে "তেন্তে আমি নিজেই তেনে ধৰ্ম সঙ্ঘ পাতি সেই কাম সাধন কৰিম; তেতিয়া আমাৰ গাত দোষ দিব নোৱাৰিব। "[3] তেনেকৈয়ে ১৯৩০ চনত নগাঁও পলাশনিত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ জন্ম হয়।[3][7] সেৱা মিছন১৯২৮ চনত হলধৰ ভূঞাই সেৱা মিছন নামে এটা অনুষ্ঠান গঠন কৰে৷ এই অনুষ্ঠানৰ কাম আছিল, ঔষধৰ আৰু চিকিৎসাৰ অভাৱত থকা ৰোগীৰ সাহাজ্য কৰা আৰু গৰাকী নোহোৱা ৰোগীৰ মৃতদেহ শেষ সৎকাৰ কৰা৷ এই কামত টুনিৰাম বৰুৱা, ৰাধিকা বৰুৱা, ক্ষীৰোদ চৌধুৰী, ৰামচন্দ্ৰ চৰকাৰ, দেবেন ঘোষ সুধাংশু বেনাৰ্জী আদি ভালেমান লোকে সহায় কৰিছিল৷ নগাঁও হাইস্কুলৰ ছাত্ৰসকলকো সেই কামত সহায় কৰিবলৈ প্ৰধান শিক্ষক ৰামেশ্বৰ বৰুৱাই অনুমতি দিছিল৷[5] সাহিত্য চৰ্চাহাইস্কুলত পঢ়ি থকাকালতেই ৰত্নকান্ত বৰকাকতী, মহীচন্দ্ৰ বৰা আদিৰ সহযোগত “কিৰণ’’ নামে হাতেলিখা আলোচনী এখনি উলিয়ায়৷[4][5] সৰুকালৰে পৰা হলধৰ ভূঞাই কীৰ্ত্তন, নামঘোষা,ভাগৱত আদিৰ পাঠ আৰু ব্যাখ্যাত উপস্থিত আছিল। তেনেকৈ জ্যেষ্ঠজনৰ পৰা জ্ঞান আহৰণ কৰাৰ অভ্যাস গঢ়ি উঠিছিল। নিজেও দশম, ৰত্নাৱলী,কীৰ্ত্তন, নামঘোষা আদি গভীৰভাৱে অধ্যয়ন কৰিছিল।[3] কটনত থকাকালতে তেওঁ “সেউতী’’ নামৰ আলোচনীখনৰ লগতো জড়িত হৈ পৰিছিল৷ তাত তেওঁ ছবি আঁকিছিল৷ “সেউতী’’ৰ সম্পাদক আছিল ইন্দ্ৰেশ্বৰ বৰঠাকুৰ৷[5] 'গান্ধীবন্দনা' আৰু 'ঘৰ' তেওঁৰ দুটি কবিতা।[3][8] বনৌষধি চিকিৎসাহলধৰ ভূঞা এজন বন-দৰৱৰ চিকিৎসকো আছিল। যʼলৈকে গৈছিল, তাৰ পৰাই বিভিন্ন বন-দৰৱ সংগ্ৰহ কৰি আনি নিজৰ লগতে আনকো ব্যৱহাৰ কৰিবলৈ দিছিল।[3] ১৯১৮ চনত সমগ্ৰ ভাৰত ব্যাপী হোৱা “ইনফ্লুৱেঞ্জা’’ ৰোগত নগাঁও জিলাতো প্ৰায় তিনিহেজাৰ লোক মৃত্যুমুখত পৰে৷ হলধৰ ভূঞাই এই ৰোগীসকলৰ নিজৰ কবিৰাজী চিকিৎসাৰে সেৱা আগবঢ়াইছিল৷ ইয়াৰ বাবে তেওঁ কোনো ধন লোৱা নাছিল৷ নিজৰ বাৰীতে বনৌষধি ৰুই শ শ ঔষধি উদ্ভিদেৰে মানুহৰ উপকাৰ কৰিছিল৷[5] ভূঞাৰ বনৌষধিয়ে সন্তানহীনাকো সন্তান ধাৰণ কৰাৰ ক্ষমতা দিব পাৰিছিল আৰু অন্ধ লোকেও দৃষ্টি ওভোতাই পায় বুলি জনবিশ্বাস প্ৰচলিত আছিল৷[6] উপাধি প্ৰদান১৯৬৪ চনত নগাঁও জিলাৰ ৰাজনৈতিক নিৰ্যাতিত সঙ্ঘই হলধৰ ভূঞাক লোকসেৱক উপাধিৰে বিভূষিত কৰে।[3] বাগ্মীবৰ নীলমণি ফুকনৰ সভাপতিত্বত “লোকপ্ৰিয় গোপীনাথ বৰদলৈ হল’’ত বেণুধৰ শৰ্মা, মহীচন্দ্ৰ বৰা আদি লোকৰ উপস্থিতিত ১৬ আগষ্টত এই উপাধি প্ৰদান কৰে৷[5] তেতিয়াৰে পৰা তেওঁ “লোকসেৱক হলধৰ ভূঞা’’ নামে জনাজাত হৈ পৰে৷ মৃত্যু১৯৬৮ চনৰ ২৮ মাৰ্চত হলধৰ ভূঞাৰ মৃত্যু হয়।[3][6] তথ্যউৎস
|