অসম শঙ্কৰ মিশ্যনঅসম শঙ্কৰ মিশ্যন হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এটি অনুষ্ঠান।[1]বিভিন্ন সমাজ সংস্কাৰমূলক কাম কৰি থকা এই মিশ্যনৰ প্ৰতিষ্ঠাতা আছিল ৰমাকান্ত মুক্তিয়াৰ আতা আৰু হলধৰ ভূঞা।[2][3]
স্থাপন১৯৩১ চনত এই মিশ্যন স্থাপিত হয়।[1]প্ৰথম স্থাপন কৰিছিল ৰমাকান্ত মুক্তিয়াৰ আতা আৰু হলধৰ ভূঞাই। ১৯৩০ চনত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ প্ৰতিষ্ঠা হোৱাৰ পিছত মুক্তিয়াৰ আতাই হৰিনাম ধৰ্ম প্ৰচাৰৰ লগে লগে শঙ্কৰদেৱৰ গীত-বাদ্য-নৃত্য, ভাওনা আদিৰ প্ৰশিক্ষণৰ বাবে এটি কেন্দ্ৰৰ উপলব্ধি কৰিছিল। সেই উদ্দেশ্যে ভূমি সংগ্ৰহৰ মন মেলোতেই কঢ়ালি গাঁৱৰ কেইজনমান লোকে মুক্তিয়াৰ আতাৰ মনৰ পৰিকল্পনা জানিব পাৰি ভূমিদান কৰে। ভূমিদান কৰা লোকসকল হ'লঃ
দান হিচাপে পোৱা ১৯ বিঘা ৩ কঠা মাটিৰ হাবি কাটি বাসোপযোগী কৰাৰ পিছত ৰাইজৰ দান-বৰঙনিৰে নামঘৰ সাজে। শঙ্কৰদেৱৰ অনুগামী কেশৱকান্ত বৰুৱাই এটি গৃহ নিৰ্মাণ কৰাই দিয়ে। তেনেকৈয়ে কঢ়ালি মিশ্যনৰ আৰম্ভণি হয়। উল্লেখযোগ্য কাৰ্যসূচীঅসম শঙ্কৰ মিশ্যনত অনাথ শিশু আৰু মহিলাক আশ্ৰয় দিয়াৰ আঁচনি লোৱা হৈছিল।[1]সেই পৰিপ্ৰেক্ষিতত গোলাঘাটৰ তিনিটা অনাথ শিশু আৰু হাতীয়নি ভেটাৰ মনোমতী শইকীয়া,বাৰপূজীয়াৰ টুবৰী বুঢ়ী আৰু কঢ়ালিৰ চেনী বুঢ়ীক মিশ্যনত আশ্ৰয় দিয়া হৈছিল। অসমৰ বিভিন্ন স্থানৰ পৰা শঙ্কৰী সংস্কৃতিৰ প্ৰশিক্ষণ ল'বৰ বাবে যুৱকসকল আহিছিল।[1] ১৯৮৬ চনৰ পৰা ২০০৪ লৈকে কাৰ্যবিৱৰণীত পোৱা বিভিন্ন সময়ত অসম শঙ্কৰ মিশ্যনৰ পৰিচালনা সমিতিয়ে লোৱা কৰ্ম আঁচনি[1] সমূহ হৈছে-
১৯৮৬-২০০৪ কালছোৱাত বিভিন্ন সময়ত মিশ্যন পৰিচালনা সমিতিয়ে সম্পাদনা কৰা কৰ্মসমূহ[1] হৈছে-
জনা যায় যে ১৯৩৫ চনত মিশ্যনত কেশৱ কান্ত বৰুৱাই কমলা বাগান খোলা ব্যৱস্থা কৰিছিল আৰু ২০০২ চনত পৰিচালনা সমিতিয়ে নগাঁও জিলাৰ উদ্যান সমিতিৰ উদ্যোগত মিশ্যনত উদ্যান শস্যৰ বাগিছা খোলাৰ কথা চিন্তা কৰি সেই কাৰ্য সম্পাদন কৰিছিল।[1] অন্যান্য কৰ্মৰাজিশ্ৰীমন্ত শংকৰদেৱ মিশ্যন নামাকৰণেৰে ৰাজ্যিক চিকিৎসালয়ৰ প্ৰতিষ্ঠাৰ কাৰণে নগাঁও জিলাৰ জনস্বাস্থ্য বিভাগৰ নামত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ মূল কাৰ্যনিৰ্বাহকে ৫ বিঘা মাটি দান কৰে।[1] স্থানীয় প্ৰাথমিক বিদ্যালয়ৰ সুবিধাৰ্থে ৩ বিঘা মাটি দান কৰে।[1] বৰ্তমান জমাবন্দি অনুযায়ী অসম শঙ্কৰ মিশ্যনৰ মাটি ৬ বিঘা ৩ কঠা ১৮ লোচা।[1] অসম শঙ্কৰ মিশ্যনৰ প্ৰাঙ্গনত ১৯৩৭ চনত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ৮ম বাৰ্ষিক অধিবেশন আৰু ১৯৫৪ চনত কৰ্মী সন্মিলন অনুষ্ঠিত হয়। ২০০৪ চনৰ ২৮,২৯ আৰু ৩০ জানুৱাৰীত নগাঁও জিলা শাখাৰ ৭৫ তম বাৰ্ষিক অধিবেশন অনুষ্ঠিত হয়।জৰাজীৰ্ণ অৱস্থাত থকা মিশ্যনৰ মনিকূট আৰু কেশৱ ভৱনটি এই সময়তে ন-ৰূপত সজীৱ কৰি তোলা হয়।[1] একেটা বছৰতে পূৰ্বাঞ্চলিক শাখাৰ সোণালী জয়ন্তীৰ উৎসৱ অনুষ্ঠিত হয়।[1] ২০০৫ চনত মিশ্যনৰ পৰিচালনা সমিতিৰ উদ্যোগত পূৰ্বাঞ্চল আঞ্চলিক, ৰাইজ,মূল সঙ্ঘ আৰু চৰকাৰৰ অনুদানেৰে মিশ্যনৰ বাটচ'ৰা,নামঘৰ-মণিকূট আদি সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে, পানী যোগান আদিৰ ব্যৱস্থাও কৰা হৈছে।[1] বিষয়ববীয়াৰমাকান্ত মুক্তিয়াৰ আতাই প্ৰশিক্ষণৰ কাৰ্যক্ৰম সূচাৰুকৈ চলাবলৈ বিভিন্ন জনক বিভিন্ন দায়িত্ব দিছিল।[1]
প্ৰথম পৰিচালনা সমিতিপ্ৰথম পৰিচালনা সমিতিখন হৈছে-[1]
সভাপতি সকলৰ তালিকা
সম্পাদক সকলৰ তালিকা
তথ্যউৎস
|