মতিৰাম বৰা
মতিৰাম বৰা (ইংৰাজী: Motiram Bora) ভাৰতৰ স্বাধীনতা যুঁজৰ সংগ্ৰামী আৰু স্বাধীনোত্তৰ অসমৰ গোপীনাথ বৰদলৈ মন্ত্ৰীসভা আৰু বিষ্ণুৰাম মেধি মন্ত্ৰীসভাৰ বিভিন্ন বিভাগৰ মন্ত্ৰী আছিল৷ বৰ্তমানৰ মৰিগাঁও জিলাৰ অন্তৰ্গত বৰঙাবাৰীত তেখেতে জন্মগ্ৰহণ কৰিছিল৷ জন্ম পৰিচয় আৰু শিক্ষা১৮৯৭ চনত মতিৰাম বৰাৰ জন্ম হয়৷ জন্ম তাৰিখ অজ্ঞাত৷ তেওঁৰ পিতৃ বুদুৰাম আৰু মাতৃৰ নাম আছিল ৰূপহী৷ বুদুৰাম এজন সাধাৰণ খেতিয়ক আছিল৷ প্ৰাথমিক শিক্ষা গাঁৱতে শেষ কৰি ১৯১০ চনত নগাঁও হাইস্কুলত নাম লগায় আৰু তাৰেপৰা প্ৰথম বিভাগত প্ৰৱেশিকা পাছ কৰে৷ ১৯১৭ চনত তেওঁ মেট্ৰিকুলেছন পৰীক্ষাত অৱতীৰ্ণ হয় আৰু প্ৰথম বিভাগত পাছ কৰে৷ ১৯১৯ চনত তেখেতে বুৰঞ্জী, ৰসায়ন আৰু তৰ্কবিজ্ঞান বিষয় লৈ আই,এ পাছ কৰে৷[1] অসম উপত্যকাৰ আই,এ পৰীক্ষাৰ্থীসকলৰ মাজত মতিৰাম বৰাই পঞ্চম স্থান অধিকাৰ কৰিছিল আৰু আন সাতগৰাকী ছাত্ৰৰ লগতে তেওঁ “ছিনিয়ৰ স্কলাৰশ্বিপ’’ লাভ কৰিছিল৷ ১৯২১ চনত তেওঁ কটন মহাবিদ্যালয়ৰ পৰা বুৰঞ্জীত অনাৰ্চসহ বি,এ পাছ কৰে৷ অসমৰ পৰা কলিকতা বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিব বিচৰা দুগৰাকী শ্ৰেষ্ঠ শিক্ষাৰ্থীক প্ৰতি বছৰে জলপানি দিয়াৰ বাবে নিৰ্বাচিত কৰা হৈছিল৷ মতিৰাম বৰাই এই সন্মানীয় জলপানি লাভ কৰি প্ৰতিমাহে মাচুলসহ ২৫ টকাকৈ পাইছিল৷ ১৯২৩ চনত বৰাই দ্বিতীয় শ্ৰেণীৰ দ্বিতীয় স্থান লাভ কৰি বুৰঞ্জীত এম,এ পৰীক্ষাত উত্তীৰ্ণ হয়৷[2] কলিকতা বিশ্ববিদ্যালয়ৰ পৰা বুৰঞ্জীতে স্নাতকোত্তৰ উপাধি লোৱাৰ লগতে আইনৰ গ্ৰেজুৱেট হৈ তেওঁ ১৯২৫ চনত নগাঁৱলৈ উভতি আহে৷[3] পৰিয়ালবৰ্গমতিৰাম বৰাৰ পত্নীৰ নাম আছিল ভোগেশ্বৰী বৰা৷ তেওঁলোকৰ তিনিটা ল’ৰা সন্তান আৰু চাৰিজনী ছোৱালী৷ ল’ৰাকেইগৰাকী নাম ক্ৰমে, হেম বৰা(অসম প্ৰশাসনিক সেৱাৰ উচ্চ পদস্থ বিষয়া), অতুল বৰা(প্ৰাক্তন মহাধিবক্তা) আৰু ফণীন্দ্ৰ কুমাৰ বৰা(অধিবক্তা)৷ ছোৱালী চাৰিজনীৰ নাম আছিল, সত্যব্ৰতী শইকীয়া, অমিয়া বৰা, অৰুণা বৰা আৰু মীৰা চৌধুৰী৷[2] কৰ্মজীৱনমতিৰাম বৰাই ১৯২৫ চনত নগাঁৱত ওকালতি আৰম্ভ কৰিছিল৷ সেইবছৰ তেওঁ অসম সাহিত্য সভাৰ নগাঁওত বহা অষ্টম অধিৱেশনত আদৰণী সমিতিৰ সহকাৰী সম্পাদক হৈছিল৷ এই অধিৱেশনতে প্ৰতিটো অধিৱেশনত এখনি বুৰঞ্জী বিভাগৰ সভা বহাৰ সিদ্ধান্ত লোৱা হৈছিল আৰু এই প্ৰস্তাৱ মতিৰাম বৰাই দিছিল[1]৷ বিয়াল্লিছৰ গণ-আন্দোলনৰ সময়ত দিগাৰু-পানীখাইতীৰ মাজত ৰে’ল বগৰোৱাৰ অপৰাধত ধনপুৰ লস্কৰ, ভিভিৰাম বৰা, মাণিক চন্দ্ৰ বৰা, বেণুধৰ ডেকা, কামেশ্বৰ বৰদলৈ, ৰূপৰাম সুত, মহদানন্দ গোস্বামী, দধি বৰদলৈ, লয়ৰাম কোচ, ভোগৰাম কোচ আৰু মধুৰাম কোচ:- এই এঘাৰজনৰ হৈ ওকালতি কৰাৰ দায়িত্ব কংগ্ৰেছ দলে মতিৰাম বৰাক দিছিল৷ কাৰাবাস খাটি থকা বৰাই জেলৰ পৰাই কনপাই দাস উকীল, আৰু কেইবাজনো মোক্তাবৰ দ্বাৰা এই গোচৰৰ আচামী পক্ষৰ হৈ ওকালতি কৰিছিল৷[4] ১৯২৬ চনত ৰহা চাৰ্কোলৰ লোকেল বোৰ্ডৰ সদস্য হৈ পিছত ১৯৫০ চনলৈ এই বোৰ্ডৰে ভাইচ চেয়াৰমেন, চেয়াৰমেন ইত্যাদি পদত নিযুক্ত আছিল৷ ১৯৪৭ চনত কংগ্ৰেছ প্ৰাৰ্থী হিচাপে তেওঁ বিধানসভাৰ সদস্য নিৰ্বাচিত হয়৷ ১৯৫০ চনত গোপীনাথ বৰদলৈ মন্ত্ৰীসভাত মন্ত্ৰীপদ লাভ কৰিছিল৷ তাৰপিছত মেধি মন্ত্ৰীসভাতো মন্ত্ৰীত্ব লাভ কৰিছিল৷[3] কেন্দ্ৰীয় আৰু প্ৰাদেশিক পৰিষদ গঠনৰ বাবে ১৯৪৬ চনত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী হিচাপে মতিৰাম বৰাই হলধৰ ভূঞা, পূৰ্ণচন্দ্ৰ শৰ্মা আদিৰ লগতে জয়ী হৈছিল৷[5] স্বাধীনতা যুঁজকটন কলেজত পঢ়ি থকাকালত তেওঁ ভাৰতৰ অসহযোগ আন্দোলনত নামি পৰিছিল পঢ়া-শুনাৰ বাবে সম্পূৰ্ণৰূপে আত্মনিয়োগ কৰিব পৰা নাছিল৷ তেতিয়া তেওঁৰ সহযোগী আছিল, কনকচন্দ্ৰ শৰ্মা, পূৰ্ণচন্দ্ৰ শৰ্মা আদি৷[2] পিছলৈ মতিৰাম বৰাই ১৯৩০ চনৰ ২৫ ছেপ্তেম্বৰ তাৰিখে মতিৰাম বৰাই শেনচোৱাত অনুষ্ঠিত এখন সভাত ভাষণ দি থকা অৱস্থাত পুলিচে তেওঁক গ্ৰেপ্তাৰ কৰে আইন অমান্য আন্দোলনত যোগ দিয়াৰ বাবে চাৰিমাহৰ সশ্ৰম কাৰাদণ্ডেৰে দণ্ডিত কৰে৷ ১৯৪০ চনত সমগ্ৰ ভাৰতব্যাপী হোৱা ব্যক্তিগত সত্যাগ্ৰহ আন্দোলনত এগৰাকী সত্যাগ্ৰহী হিচাপে মতিৰাম বৰাক গ্ৰেপ্তাৰ কৰি ৬ মাহৰ কাৰাদণ্ড আৰু এশ টকা জৰিমনা বিহা হয়৷[1] ৪২ৰ ভাৰত ত্যাগ আন্দোলনত সক্ৰিয় ভূমিকা লৈ দুবছৰৰ বাবে কাৰাবাস লাভ কৰে৷[3] ৪২ৰ গণ আন্দোলনৰ প্ৰথমখন সভা নগাঁও জিলাৰ বঢ়মপুৰত ১৯৪২ চনৰ ৯ আগষ্টত হৈছিল৷ এই সভাতেই আন্দোলনৰ ভৱিষ্যত কাৰ্যপন্থা সম্পৰ্কে আঁচনি লোৱা হৈছিল৷ সেই সভাতে আন নেতাসকলৰ সৈতে মতিৰাম বৰাই উদাত্ত ভাষণ দি নগঞা ৰাইজক আন্দোলনত জঁপিয়াই পৰিবলৈ আহ্বান জনাইছিল৷ ১৩ আগষ্টত বাৰপুজীয়াৰ এখন সভাত জনসাধাৰণক আইন অমান্য কৰিবলৈ উচটনি দিয়াৰ অপৰাধত গ্ৰেপ্তাৰ কৰি ১১ মাহ জেল আৰু ৫০০ টকা জৰিমনা বিহে৷ ১৯৪৩ চনৰ ১৬ জুলাইত মুক্তি লাভ কৰাৰ পিছত পুনৰ চৰকাৰবিৰোধী কাৰ্য কৰাৰ অপৰাধত ১৯৪৪ চনৰ ২৪ আগষ্টত গ্ৰেপ্তাৰ হৈ ১০ মাহ তেজপুৰ কাৰাগাৰত থাকিবলগীয়া হৈছিল৷[1] সামাজিক কৰ্মমতিৰাম বৰাই স্বাধীন ভাৰতত বিধায়ক নিৰ্বাচিত হৈ নানা সামজিক কল্যাণকৰ কাম কৰিছিল৷ তেওঁ শিক্ষাৰ প্ৰসাৰৰ বাবে নগাঁও মহাবিদ্যালয়, শ্ৰীমন্ত শংকৰ মিছন,[3] স্ত্ৰী-শিক্ষাৰ বাবে বিদ্যালয় আদি স্থাপন কৰিছিল৷ দ্বিতীয় মহাসমৰৰ পাছত অসম সাহিত্য সভাৰ কাম কিছু পৰিমাণে স্তিমিত হৈ পৰিছিল৷ পিছত ১৯৫৩ চনত শ্বিলঙৰ “মুকুল সংঘ’’ই হৰিপ্ৰসাদ বৰুৱাৰ নেতৃত্বত অসম সাহিত্য সভাক পুনৰ উজ্জীৱিত কৰিবলৈ উঠি-পৰি লাগিছিল৷ এই কামত তেতিয়াৰ বিত্তমন্ত্ৰী মতিৰাম বৰাই সক্ৰিয় সহায়-সহযোগ কৰিছিল৷[6] বিয়াল্লিছৰ আন্দোলনত প্ৰাণ আহুতি দিয়া নগঞা শ্বহীদসকলৰ স্মৃতিত ১৯৪৮ চনত “নগাঁও শ্বহীদ ভৱন’’ আৰু “পাব্লিক লাইব্ৰেৰী’’ৰ কাম আৰম্ভ কৰি ১৯৫০ চনত শেষ কৰিছিল৷ ডিব্ৰুগড় মেডিকেল কলেজ, গুৱাহাটী বিশ্ববিদ্যালয়, গুৱাহাটী উচ্চ ন্যায়ালয় আদি প্ৰতিষ্ঠাৰ গুৰিত দেখুওৱা কৰ্মতৎপৰতাৰ বাবে তেওঁ গোপীনাথ বৰদলৈ মন্ত্ৰীসভাত ঠাই পাইছিল৷ গোপীনাথ বৰদলৈ মৃত্যুৰ পিছত বিষ্ণুৰাম মেধিৰ মন্ত্ৰীসভাত মতিৰাম বৰাই ৰাজহ আৰু বিত্ত বিভাগৰ মন্ত্ৰীত্ব লাভ কৰিছিল৷ ১৯৫৭ চনত তেওঁ লাহৰীঘাট সমষ্টিৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী হিচাপে জয়ী হয় আৰু এই কাৰ্যকালত তেওঁ গৃহ আৰু শিক্ষা বিভাগৰ মন্ত্ৰীত্ব লাভ কৰিছিল৷[1] বিধান সভাতঅসম বিধান সভাত মতিৰাম বৰা এগৰাকী সৰৱ বিধায়ক আছিল৷ তেখেতে প্ৰায় সকলোবোৰ বিতৰ্কত অংশ লৈছিল৷ The Gauhati University Bill 1947ৰ সংশোধনী প্ৰস্তাৱত বিশ্ববিদ্যালয় কোৰ্টৰ মুঠ সদস্যৰ ২০ শতাংশ মুছলমানৰ বাবে সংৰক্ষণ কৰাৰ প্ৰস্তাৱৰ তেওঁ বিৰোধিতা কৰিছিল৷ ১৯৪৮ চনত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন হোৱাৰ পিছত বিশ্ববিদ্যালয়ৰ অধিনিয়মমতে পাঁচগৰাকী বিধায়ক গুৱাহাটী বিশ্ববিদ্যালয় কোৰ্টলৈ নিৰ্বাচন কৰা হৈছিল, তাৰে মাজৰ এগৰাকী আছিল, মতিৰাম বৰা৷ অসম পথ যোগাযোগ পৰিষদৰ সদস্য, অসম মীন পাম আৰু উদ্যোগ লিমিটেডৰ তেওঁ এগৰাকী সঞ্চালক আছিল৷ গোপীনাথ বৰদলৈ মন্ত্ৰীসভাত তেওঁ অসম সংখ্যালঘু পৰিষদৰ অধ্যক্ষৰ দায়িত্ব পালন কৰিছিল৷ বিষ্ণুৰাম মেধি মন্ত্ৰীসভাৰ বিত্তমন্ত্ৰী হিচাপে দায়িত্ব লৈ ১৯৫১-৫২ চনৰ বাজেট দাখিল কৰি প্ৰথমটো বাজেট ভাষণ দি কৈছিল,
বিত্তমন্ত্ৰী হিচাপে বৰাই দক্ষতাৰ পৰিচয় দিছিল যদিও তেওঁ দাখিল কৰা আটাইকেইখন বাজেট ঘাটি বাজেট আছিল৷ মতিৰাম বৰাই ৰাজ্যৰ শিক্ষা, স্বাস্থ্য পথ আৰু যোগাযোগৰ উন্নয়নত অধিক গুৰুত্ব দিছিল৷ বাজেটত ধাৰ্য কৰা মুঠ ধনৰাশিৰ ১৬ শতাংশ শিক্ষা ক্ষেত্ৰত ব্যয় কৰাত গুৰুত্ব দিছিল৷ কৃষিৰ উন্নতি আৰু বাণিজ্যৰ বাবে পথ উন্নয়নক গুৰুত্ব দি কেইবাটাও নতুন পথ নিৰ্মাণ কৰিছিল৷ প্ৰতিখন বাজেটতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে পুঁজি আবন্তন দিছিল৷ ১৯৫৫-৫৬ চনৰ বাজেটত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উন্নয়নৰ ছবি দাঙি ধৰিছিল এনেদৰে,
তেওঁৰ উদ্যোগতে নগাঁও জিলাৰ ৰহাত “জোঙাল বলহু গড় মীন পাম’’ গঢ়ি উঠিছিল৷ তেওঁ বিত্তমন্ত্ৰীত্বৰ সময়তে অনুমোদন দিয়া “উমট্ৰু জলবিদ্যুৎ উৎপাদন কেন্দ্ৰ’’টো ১৯৫৭ চনৰ ৯ জুলাইত তেতিয়াৰ ৰাজ্যপাল ফজল আলীয়ে উদ্বোধন কৰিছিল৷[2] নগাঁৱৰ পৰিকল্পনাবিত্তমন্ত্ৰী আৰু ৰাজহ মন্ত্ৰী হিচাপে ক্ষমতাত থকা মতিৰাম বৰাই নগাঁও জিলাত এখন আদৰ্শ নগৰ আৰু এখন আদৰ্শ গাঁও স্থাপনৰ পৰিকল্পনা কৰিছিল৷ ১৯৫৪ চনত নগাঁও চহৰৰ মাজেৰে বৈ যোৱা কলং নৈক ভেটা দি হয়বৰগাঁৱৰ ওচৰত এটুকুৰা ভূমিত এখন আদৰ্শ নগৰৰ পৰিকল্পনা কৰি নগাঁৱৰ ভূমিহীন মানুহক আঢ়ৈ কঠাকৈ মাটি একচনা পট্টাত ভগাই দিছিল৷ আহল-বহল পথেৰে সেই ঠাইখন বৰ্তমান মিলনপুৰ নামে জনা যায়৷ ভূমিহীন কৃষকক পুনৰ সংস্থাপন কৰিবলৈ কাকী বনাঞ্চলক জনাঞ্চললৈ ৰূপান্তৰ কৰি, সহজতে যাতে আনৰ ওচৰত বিক্ৰী কৰিব নোৱাৰে, সেই কথা ভাবি কৃষকক একচনা পট্টাত মাটি ভগাই দিছিল৷ স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দিনৰ পৰাই বৰদোৱাৰ স্বত্ব লৈ নৰোৱা সত্ৰ আৰু শলগুৰি সত্ৰৰ মাজত থকা বিবাদ মীমাংসা কৰি বৰদোৱা সত্ৰ একত্ৰিত কৰাসকলৰ মাজত মতিৰাম বৰা অন্যতম আছিল৷ তেওঁৰ দিনতে বৰদোৱা কীৰ্তনঘৰটি পুনৰ নিৰ্মাণ কৰা হৈছিল৷[2] মৃত্যুবিষ্ণুৰাম মেধি অসমৰ ৰাজনীতিৰ পৰা আঁতৰি যোৱাৰ পিছৰপৰাই মতিৰাম বৰাই কংগ্ৰেছ দলত খোপনি হেৰুৱাবলৈ ধৰিছিল আৰু এটা চক্ৰই তেওঁক দলৰ পৰা আঁতৰাবলৈ সুযোগ বিচাৰি আছিল৷ ১৯৬২ চনৰ সাধাৰণ নিৰ্বাচনত তেওঁ নগাঁৱৰ চি,পি,এমৰ প্ৰাৰ্থী ফণী বৰাক ১৫,৫১৬টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে যদিও অসম প্ৰদেশ কংগ্ৰেছৰ মতিৰাম বিৰোধী চক্ৰটোৰ মিছা অভিযোগত অভিযুক্ত কৰি তেওঁক দলৰ পৰা বহিষ্কাৰ কৰে৷ এই খবৰ পোৱাৰ দিনাই তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে৷ পিছত নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে তদন্ত কৰি তেওঁক নিৰ্দোষী প্ৰমাণ কৰে আৰু দলে দিয়া শাস্তিৰ পৰা তেওঁক ১৯৬৩ চনৰ ১০ অক্টোবৰত ৰেহাই ঘোষণা কৰে৷ কিন্তু এই খবৰ প্ৰকাশ হোৱাৰ দিনাই অৰ্থাৎ ১১ অক্টোবৰত মতিৰাম বৰাই বাতৰি কাকতখন হাতত লৈ জ্ঞানশূন্য হৈ পৰে আৰু তাৰ আধাঘণ্টা পিছতে তেওঁৰ মৃত্যু ঘটে৷[2] তথ্য সূত্ৰ
|