সৰুমূগী হাঁহ
সৰুমূগী হাঁহ (ইংৰাজী: Gadwall, বৈজ্ঞানিক নাম-Anas strepera), 'Anatidae' গোটৰ অন্তৰ্গত বহুলভাৱে বিস্তৃত হৈ থকা এবিধ হাঁহৰ প্ৰজাতি৷ বিৱৰণসৰুমূগী হাঁহ দেহৰ দৈৰ্ঘ্য ৪৬-৫৬ ছে:মি: আৰু ডেউকাৰ দৈৰ্ঘ্য ৭৮-৯০ ছে:মি: হয়৷ [2] মতা সৰুমূগী হাঁহ মাইকীতকৈ আকাৰত কিছু ডাঙৰ হয় আৰু ইয়াৰ ওজনো তুলনামূলকভাৱে অধিক হয়৷ [3] প্ৰজননৰ সময়ত মতা সৰুমূগী হাঁহ দেহৰ বৰণ মুগা, ডেউকা বাদামী হয় ৷ [4] অন্য সময়ত ই মাইকীৰ দৰে প্ৰায় একে হয়, কেৱল ঠোঁটৰ বৰণ পাতল কমলা হোৱা দেখা যায় ৷ [3] মাইকী খন্তীয়া হাঁহৰ দেহ পাতল মটিয়া হয়৷ ইয়াৰ ঠৌঁট গাঢ় কমলা আৰু বুকু বগা বৰণৰ হোৱা দেখা যায়৷[4] ই সাধাৰণতে নীৰৱ হৈ থাকে৷ কেৱল প্ৰজননৰ সময়ত মতা খন্তীয়া হাঁহে 'nheck' ধৰণে হুইছেলৰ দৰে মাত মাতে আৰু মাইকী জনীয়ে 'কোৱেক' ধৰণে মাত উলিয়ায়৷ [3] টেক্স'নমিকেৰ'লাছ লিনিয়াছে ১৭৫৮ চনত প্ৰকাশিত গ্ৰন্থ 'চিষ্টেমা নেচুৰী' ত সৰুমূগী হাঁহৰ প্ৰথম উল্লেখ কৰিছিল৷[5] Anas গোত্ৰৰ ভিতৰত সৰুমূগী হাঁহৰ আটাইতকৈ ওচৰসম্পৰ্কীয় হাঁহৰ প্ৰজাতি হ'ল 'Falcated Duck ৷ [6] সৰুমূগী হাঁহৰ দুটা উপ-প্ৰজাতি পোৱা যায়, অৱশ্যে ইয়াৰে এটা ইতিমধ্যে লুপ্ত হৈ পৰিছে: বিতৰণসৰুমূগী হাঁহে প্ৰধানকৈ ইউৰোপ, এছিয়া আৰু উত্তৰ আমেৰিকাত প্ৰজনন কৰে৷ উত্তৰ আমেৰিকাত ই ছেইন্ট ল'ৰেঞ্চ নদী, আলবাৰ্টা, ড'কোটাৰ পৰা কেলিফ'ৰ্ণিয়া, আলাস্কালৈকে বিস্তৃত৷ [2][4] ইয়াৰ বিস্তৃতি পৰ্য্যায়ক্ৰমে বৃদ্ধি পোৱা বুলি তথ্য পোৱা যায়৷ ই সাধাৰণতে পৰিভ্ৰমী চৰাইৰ প্ৰজাতি ৷ সৰুমূগী হাঁহে আলাস্কা. আমেৰিকা, অহায়', ভাৰ্জিনিয়া আদিত শীটকালত পৰিভ্ৰমণ কৰে৷[2][4] বৰ্তমান ইয়াক আই.ইউ.চি.এন.ৰ ৰেড ডাটা বুকত 'Least Concern' প্ৰজাতিৰ স্থানত ৰকা হৈছে৷ [1] আচৰণসৰুমূগী হাঁহে প্ৰধানকৈ জলজ উদ্ভিদেৰে পৰিপূৰ্ণ কিন্তু মুকলি জলাশয়ত চৰে৷ ই পানীৰ পৰা আঁতৰত মাটিত বাহ সাজে৷ প্ৰজননৰ সময়ৰ বাহিৰে অন্য সময়ত ই সৰু গোটত বাস কৰে৷ সৰুমূগী হাঁহ সাধাৰণতে নীৰৱে থাকে৷ মতা হাঁহৰ হুইছেলৰ দৰে এটা মাত আছে৷ তথ্যসূত্ৰ
লগতে চাওক
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia