স্থিতি শক্তি
পদাৰ্থ বিজ্ঞানত স্থিতি শক্তি হৈছে কোনো বস্তু বা পদাৰ্থই অন্যৰ সাপেক্ষে নিজৰ স্থানৰ পৰা লাভ কৰা শক্তি।[1][2] উদাহৰণস্বৰূপে, মহাকৰ্ষণীয় স্থিতি শক্তি, টানি থোৱা স্প্ৰিং এডালৰ ইলাষ্টিক স্থিতি শক্তি, বৈদ্যুতিক ক্ষেত্ৰ এখনত বৈদ্যুতিক আধানৰ বৈদ্যুতিক বিভৱ শক্তি। এছ আই এককত শক্তিৰ একক জুল, আৰু ইয়াক ইংৰাজী J. আখৰেৰে প্ৰকাশ কৰা হয়। স্থিতি শক্তিৰ বিষয়ে ১৯ শতিকাত স্কটিছ অভিযন্তা তথা পদাৰ্থ বিজ্ঞানী উইলিয়াম ৰেংকিনে[3][4] আগবঢ়াইছিল যদিও গ্ৰীক দাৰ্শনিক এৰিষ্টটলৰ potentiality ধাৰণাৰ লগত ইয়াৰ সামঞ্জস্য পোৱা যায়। স্থিতি শক্তিয়ে কোনো বস্তুৰ ওপৰত এনেদৰে ক্ৰিয়া কৰে যাতে এই শক্তিয়ে বস্তুটোৰ ওপৰত কৰা সৰ্বমুঠ কাৰ্যৰ পৰিমাণ বস্তুটোৰ শেষৰ আৰু প্ৰাৰম্ভিক স্থানৰ ওপৰত নিৰ্ভৰ কৰে। স্থিতি বলক কোনো স্থানৰ প্ৰত্যেক বিন্দুত স্কেলাৰ ফলন বিভৱৰ গ্ৰেডিয়েণ্ট হিচাপে প্ৰকাশ কৰা হয়। স্থিতি বলৰ দ্বাৰা প্ৰভাৱিত হৈ কোনো বস্তু যেতিয়া এটা স্থানৰ পৰা আন এটা স্থানলৈ গতি কৰে, তেতিয়া সম্পন্ন হোৱা কাৰ্যৰ পৰিমাণ বস্তুটোৰ স্থানৰ ওপৰতহে নিৰ্ভৰ কৰে, গতিপথৰ ওপৰত নিৰ্ভৰ নকৰে। কাৰ্যৰ পৰিমাণ জানিবৰ বাবে এই দুটা স্থানৰ এক ফলন 'বিভৱ' বা 'বিভৱ শক্তি' নিৰ্ণয় কৰা হয়। পৰিদৰ্শনস্থিতি শক্তি হৈছে কোনো বস্তুৰ অন্তৰ্নিহিত শক্তি। কোনো এটা বস্তুৱে বেলেগ এটা বস্তুৰ সাপেক্ষে নিজৰ স্থানৰ কাৰণে লাভ কৰা শক্তিয়ে হৈছে স্থিতিশক্তি[5]। কোনো স্প্ৰিং এডাল টানি পুনৰাই এৰি দিলে আগৰ অৱস্থালৈ ঘূৰি অহা অৱস্থাৰ বল বা মহাকৰ্ষণ বলৰ সৈতে প্ৰায়ে স্থিতি শক্তি সংযুক্ত হৈ থাকে। স্প্ৰিংডাল টানি দিয়া অথবা কোনো ভৰ উঠোৱা কাৰ্য বিভৱ ক্ষেত্ৰৰ বলৰ বিপৰীতে বাহিৰা বল প্ৰয়োগ কৰি কৰা হয়। এই কৰা কাৰ্যৰ পৰিমাণেই স্থিতি শক্তি হিচাপে সংৰক্ষিত হৈ থাকে। যদি সেই বাহিৰা বল আঁতৰাই দিয়া হয়, তেতিয়া বলৰ ক্ষেত্ৰখনে কাৰ্য কৰি স্প্ৰিংডালক প্ৰাৰম্ভিক অৱস্থালৈ লৈ আনে অথবা ওপৰলৈ উঠাই নিয়া ভৰটো তললৈ পৰি যাব। ধৰা হ'ল, এটা বল, যাৰ ভৰ m, আৰু ইয়াক কোনো এক উচ্চতা h লৈ নিয়া হৈছে। যদি মুক্ত পতনৰ ত্বৰণ g, তেন্তে বলটোৰ ওজন হ'ব mg। গতিকে সৰ্বমুঠ কাৰ্য অথবা শক্তি হ'ব বল x সৰণ = mg × h = mgh সাধাৰণভাৱে কবলৈ গ'লে স্থিতি শক্তি হৈছে কোনো এটা বস্তুৰ কোনো এটা স্থান আৰু তাৰ প্ৰসংগ স্থানৰ শক্তিৰ পাৰ্থক্য। বিভিন্ন প্ৰকাৰৰ স্থিতি শক্তি নিৰ্দিষ্ট বলৰ সৈতে সংযুক্ত হৈ থাকে। উদাহৰণস্বৰূপে, ইলাষ্টিক বলৰ সৈতে ইলাষ্টিক স্থিতি শক্তি, মহাকৰ্ষণিক বলৰ সৈতে মহাকৰ্ষণীয় স্থিতি শক্তি, কুলম্ব বলৰ কাৰ্য বৈদ্যুতিক স্থিতি শক্তি, বেৰিয়ন আধানৰ ওপৰত সবল নিউক্লিয়েৰ বল বা দুৰ্বল নিউক্লিয়েৰ বলে কৰা আন্তঃআণৱিক স্থিতি শক্তি ইত্যাদি। তাপীয় শক্তিৰ সাধাৰণতে দুটা উপাংশ থাকেঃ কণাসমূহৰ যাদৃচ্ছিক গতিৰ বাবে গতিশক্তি আৰু নিজা স্থানৰ বাবে স্থিতিশক্তি। বিভৱৰ পৰা ব্যুৎপন্ন হোৱা বলক ৰক্ষণশীল বল বুলি কোৱা হয়। ৰক্ষণশীল বলৰ দ্বাৰা কৰা কাৰ্য হৈছে য'ত হৈছে বলৰ সৈতে সংযুক্ত স্থিতি শক্তিৰ পাৰ্থক্য। কোনো বলৰ ক্ষেত্ৰৰ বিপৰীতে কৰা কাৰ্যৰ ফলত স্থিতি শক্তিৰ বৃদ্ধি বুজাবলৈ বিয়োগ চিহ্ন ব্যৱহাৰ কৰা বিপৰীতে কোনো বলৰ ক্ষেত্ৰই কাৰ্য কৰিলে স্থিতি শক্তিৰ অৱক্ষয় ঘটে। স্থিতি শক্তি বুজাবলৈ সাধাৰণতে U, V, Ep চিহ্নৰ ব্যৱহাৰ কৰা হয়। তথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia