সুভদ্ৰা যোশী
সুভদ্ৰা যোশী (ইংৰাজী: Subhadra Joshi; ২৩ মাৰ্চ ১৯১৯ – ৩০ অক্টোবৰ ২০০৩; শিয়ালকোট, পঞ্জাৱ) এগৰাকী ভাৰতীয় স্বাধীনতা কৰ্মী, ৰাজনীতিবিদ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ সাংসদ আছিল। তেওঁ ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰিছিল আৰু পিছত দিল্লী প্ৰদেশ কংগ্ৰেছ কমিটিৰ (ডিপিচিচি) সভাপতি হৈছিল।[2] তেওঁ ব্ৰিটিছ ভাৰতৰ অধীনৰ শিয়ালকোটৰ (বৰ্তমান পাকিস্তানত) বাসিন্দা।[3] প্ৰাৰম্ভিক জীৱন আৰু শিক্ষাতেওঁ জয়পুৰৰ মহাৰাজা ছোৱালী বিদ্যালয়, লাহোৰৰ লেডী মেক্লেগান হাই স্কুল আৰু জলন্ধৰৰ কন্যা মহাবিদ্যালয়ত পঢ়িছিল। তেওঁ লাহোৰৰ ফৰ্মেন খ্ৰীষ্টান কলেজৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।[1] তেওঁৰ দেউতাক ভি.এন. দত্ত জয়পুৰৰ এজন আৰক্ষী বিষয়া আৰু তেওঁৰ সম্পৰ্কীয় ভাতৃ কৃষ্ণন গোপাল দত্ত পঞ্জাৱৰ এজন সক্ৰিয় কংগ্ৰেছী আছিল।[1] কৰ্মজীৱনস্বাধীনতা আন্দোলনত ভূমিকাগান্ধীজীৰ আদৰ্শৰ দ্বাৰা আকৰ্ষিত হৈ সুভদ্ৰাই লাহোৰত পঢ়ি থাকোতে ৱাৰ্ধাত থকা গান্ধীজীৰ আশ্ৰমলৈ গৈছিল। এগৰাকী ছাত্ৰী হিচাপে তেওঁ ১৯৪২ চনত ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰিছিল আৰু অৰুণা আছফ আলিৰ সৈতে কাম কৰিছিল।[4] এই সময়ছোৱাত, তেওঁ দিল্লীলৈ আহি তাত আত্মগোপন কৰে আৰু হামাৰা সংগ্ৰাম আলোচনী সম্পাদনা কৰে। এসময়ত আন্দোলনকাৰী হিচাপে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু লাহোৰ মহিলা কেন্দ্ৰীয় কাৰাগাৰত সময় কটোৱাৰ পিছত, তেওঁ ঔদ্যোগিক শ্ৰমিকসকলৰ মাজত কাম কৰা আৰম্ভ কৰিছিল। বিভাজনৰ পৰিপ্ৰেক্ষিতত সংঘটিত সাম্প্ৰদায়িক দাঙ্গাৰ সময়ত তেওঁ শান্তি দল নামেৰে এটা স্বেচ্ছাসেৱক সংগঠন স্থাপনত সহায় কৰিছিল। সেই সমস্যাৰ সময়ত এই সংগঠনটো এক শক্তিশালী সাম্প্ৰদায়িক বিৰোধী শক্তি হৈ পৰিছিল। যোশীক পাৰ্টিৰ আহ্বায়কৰ দায়িত্ব দিয়া হৈছিল।[5] তেওঁ পাকিস্তানৰপৰা উদ্ধাৰ হোৱা লোকসকলৰ পুনৰ্সংস্থাপনৰ ব্যাৱস্থা কৰিছিল। আনিছ কিডৱাইয়ে তেওঁৰ ‘ইন ফ্ৰীডমছ শ্বেড’ নামৰ কিতাপখনত, তেওঁ আৰু সুভদ্ৰা যোশীয়ে মুছলমানসকলৰ বলপূৰ্বক স্থানান্তৰনক প্ৰতিৰোধ কৰা আৰু শান্তি বজাই ৰখাৰ চেষ্টা কৰিবলৈ বিভিন্ন সময়ত দিল্লীৰ চাৰিওফালৰ বিভিন্ন গাওঁলৈ যোৱাৰ বহুতো উদাহৰণ উল্লেখ কৰিছে।[5] তেওঁ ৰফী আহমেদ কিডৱাইৰো অতি ঘনিষ্ঠ আছিল আৰু ১৯৮৭ চনৰ ডিচেম্বৰত দিয়া এটা সাক্ষাৎকাৰত ৰাজনীতি ক্ষেত্ৰত আগবাঢ়ি যাবলৈ তেওঁক ৰফী চাহাবে কিদৰে উৎসাহিত কৰিছিল, এই কথা উল্লেখ কৰিছিল।[6] ১৯৯৮ চনত সাগৰী ছাব্ৰাৰ সৈতে হোৱা এক সাক্ষাৎকাৰত যোশীয়ে বিভাজনৰ সময়ত সাম্প্ৰদায়িক সম্প্ৰীতি বজাই ৰাখিবলৈ তেওঁ কৰা কামৰ বিষয়ে কৈছিল।[7] স্বাধীন ভাৰতত ভূমিকাসুভদ্ৰা যোশী এগৰাকী উৎসাহী ধৰ্মনিৰপেক্ষ মহিলা আছিল, যি ভাৰতত সাম্প্ৰদায়িক সম্প্ৰীতিৰ কাৰণে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। ১৯৬১ চনত সাগৰত ভাৰতৰ স্বাধীনতাৰ পিছৰ প্ৰথমটো ডাঙৰ গণ বিপ্লৱৰ সময়ত তেওঁ কেইবামাহো তাত অতিবাহিত কৰিছিল। পৰৱৰ্তী বছৰত তেওঁ এক উমৈহতীয়া সাম্প্ৰদায়িক বিৰোধী ৰাজনৈতিক মঞ্চ হিচাপে ‘সম্প্ৰদায়িকতা বিৰোধী সমিতি’ স্থাপন কৰে আৰু ১৯৬৮ চনত এই উদ্দেশ্যৰ সমৰ্থনত ‘চেকুলাৰ ডেমক্ৰেচি’ শীৰ্ষক আলোচনীখন মুকলি কৰে। ১৯৭১ চনত দেশত ধৰ্মনিৰপেক্ষতা আৰু সাম্প্ৰদায়িক সম্প্ৰীতি বজাই ৰাখিবৰ বাবে ‘কৌমি একতা ট্ৰাষ্ট’ স্থাপন কৰা হয়।[8] সাংসদ ৰূপেতেওঁ ১৯৫২ চনৰ পৰা ১৯৭৭ চনলৈ চাৰিটা কাৰ্যকালৰ বাবে সাংসদ আছিল। ১৯৫২ চনত কৰ্ণাল (হাৰিয়ানা), ১৯৫৭ চনত আম্বালা (হাৰিয়ানা), ১৯৬২ চনত বলৰামপুৰ (উত্তৰ প্ৰদেশ) আৰু ১৯৭১ চনত চান্দনী চক লোকসভা সমষ্টিৰপৰা তেওঁ নিৰ্বাচিত হৈছিল।[9] ১৯৬২ চনত বলৰামপুৰত অটল বিহাৰী বাজপেয়ীক পৰাস্ত কৰাৰ পিছত তেওঁ ১৯৬৭ চনৰ লোকসভা নিৰ্বাচনত একেখন আসনৰ বাবে প্ৰতিদ্বন্দিতা কৰি পৰাজিত হয়। ১৯৭১ চনত তেওঁ দিল্লীৰ চান্দনী চকৰ পৰা লোকসভা নিৰ্বাচনত জয়ী হৈছিল; কিন্তু ১৯৭৭ চনত একেখন আসনৰ বাবে চিকন্দৰ বখ্তৰ হাতত পৰাজিত হৈছিল। তেওঁ পঞ্জাৱৰ প্ৰথমগৰাকী মহিলা সাংসদ আছিল; যি কৰ্ণালৰপৰা (তেতিয়াৰ পঞ্জাৱ) নিৰ্বাচনত জয়ী হৈছিল।[10] ১৯৮৭ চনত দিয়া এক সাক্ষাৎকাৰত, তেওঁ যে কৰ্ণালৰপৰা নিৰ্বাচনত থিয় দিয়া উচিত, এই সিদ্ধান্ত কেনেকৈ গ্ৰহণ কৰা হৈছিল, এই বিষয়ে কৈছিল।[11] ১৯৬২ চনৰ নিৰ্বাচনত তেওঁ বলৰামপুৰৰ সাংসদ অটল বিহাৰী বাজপেয়ীক পৰাস্ত কৰিছিল।[7][12] সুভদ্ৰা যোশীয়ে বিশেষ বিবাহ আইন, বেংকৰ ৰাষ্ট্ৰীয়কৰণ, প্ৰাইভি পাৰ্চৰ বিলুপ্তি আৰু আলিগড় বিশ্ববিদ্যালয় সংশোধনী আইন গৃহীত কৰাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল। স্বামীয়ে দ্বিতীয় বিবাহ কৰাৰ পিছত এগৰাকী মহিলাই মোকৰ্দমাত ধন খৰচ কৰিবলৈ হোৱা কষ্ট আঁতৰাবলৈ[13] তেওঁ ফৌজদাৰী প্ৰক্ৰিয়া সংশোধনী বিধেয়ক, ১৯৫৭ (বিল নং ৯০, ১৯ ডিচেম্বৰ, ১৯৫৭[14]) উত্থাপন কৰিছিল। ১৯৬০ চনত এই বিলখন গৃহীত হৈছিল আৰু ই স্বাধীনতাৰ পিছত গৃহীত হোৱা মাত্ৰ ১৫ খন ব্যক্তিগত সদস্য বিধেয়কৰ ভিতৰত এখন আছিল।[13] তেওঁৰ এই বৃহৎ সাফল্য ফৌজদাৰী প্ৰক্ৰিয়াৰ সংহিতা সংশোধন কৰাৰ এক সফল পদক্ষেপ আছিল, যি সাম্প্ৰদায়িক উত্তেজনা বা শত্ৰুতাৰ কাৰণে চলোৱা যিকোনো সংগঠিত প্ৰচাৰক এক জনা-শুনা অপৰাধ বুলি স্বীকৃত কৰিছিল।[3] ইন্দিৰা গান্ধীৰ স্বামী ফিৰোজ গান্ধীৰ সৈতে তেওঁৰ সম্পৰ্ক থকা বুলি অভিযোগ তোলা হৈছিল।[15] ১৯৬৩ চনৰ ২৯ মাৰ্চ তাৰিখে তেওঁ ভাৰত-চীন যুদ্ধৰ পিছত ৰাষ্ট্ৰীয় সম্পদ সংগ্ৰহ কৰিবলৈ বেংকসমূহক ৰাষ্ট্ৰীয়কৰণ কৰাৰ বাবে লোকসভাত এক প্ৰস্তাৱ উত্থাপন কৰে।[16][17] ১৯৬৩ চনৰ ৬ ডিচেম্বৰত, ২৭টি সমৰ্থনৰ বিপৰীতে ১১৯টা বিৰোধী ভোট পোৱাৰ বাবে প্ৰস্তাৱটো গৃহীত নহ’ল।[18] তেওঁক ৰাজীৱ গান্ধী ফাউণ্ডেচনে আগবঢ়োৱা ৰাজীৱ গান্ধী সদ্ভাৱনা বঁটা প্ৰদান কৰা হৈছিল।[2] মৃত্যু২০০৩ চনৰ ৩০ অক্টোবৰত দিল্লীৰ ৰাম মনোহৰ লোহিয়া চিকিৎসালয়ত ৮৪ বছৰ বয়সত দীৰ্ঘদিনীয়া অসুস্থতাৰ পিছত সুভদ্ৰা যোশীৰ মৃত্যু হয়।[2] তেওঁ নিঃসন্তান আছিল।[2] ২০১১ চনৰ ২৩ মাৰ্চত, তেওঁ জন্ম জয়ন্তীৰ দিনা, ডাক বিভাগৰ দ্বাৰা তেওঁৰ সন্মানত এটা স্মাৰক ডাকটিকট জাৰী কৰা হৈছিল।[19] তথ্যসূত্ৰ
|
Portal di Ensiklopedia Dunia