সুন্দৰীদিয়া সত্ৰ

সুন্দৰীদিয়া সত্ৰ

গজ দুৱাৰ বা দালান
সুন্দৰীদিয়া সত্ৰ is located in অসম
সুন্দৰীদিয়া সত্ৰ
সুন্দৰীদিয়া সত্ৰ
অসম মানচিত্ৰত সুন্দৰীদিয়াৰ অৱস্থান
ভূ-স্থানাংক 26°20′14″N 91°01′36″E / 26.3373°N 91.0268°E / 26.3373; 91.0268
স্থান
দেশ ভাৰত
ৰাজ্য/ অঞ্চল অসম
জিলা বৰপেটা
স্থাপত্য আৰু সংস্কৃতি
মুখ্য দেৱ/ দেৱী কৃষ্ণ
ইতিহাস
নিৰ্মাণকাল
(বৰ্তমান গৃহ)
১৫৭০ খ্ৰীষ্টাব্দ
প্ৰতিস্থাপক মাধৱদেৱ

সুন্দৰীদিয়া সত্ৰ (ইংৰাজী: Sundaridiya Satra) অসমৰ মহাপুৰুষীয়া নৱবৈষ্ণৱ ধৰ্মৰ চাৰি সংহতিৰ ভিতৰৰ নিকা সংহতিৰ এক সত্ৰ৷ শংকৰদেৱৰ প্ৰিয় শিষ্য মাধবদেৱে ১৫৭০ চনত এই সত্ৰ স্থাপন কৰিছিল৷ বৰপেটা সত্ৰৰ উত্তৰ পূব কোণত প্ৰায় ৩ কিলোমিটাৰ দূৰত বৰপেটা ভবানীপুৰ পথত এই সুন্দৰীদিয়া সত্ৰ অৱস্থিত আৰু ইয়াতে মাধবদেৱে ১৪ বছৰ ছমাহ কাল বাস কৰি নানা পদ-পুথি ৰচনা কৰিছিল৷[1]

নামৰ ইতিবৃত্ত

কেৱলীয়া ভকতৰ বাহাৰ সম্মুখভাগ
কাপেলিৰে সৈতে মূল দুৱাৰ
পাটনাদ

সুন্দৰীদিয়া সত্ৰৰ নাম সম্পৰ্কে একাধিক জনশ্ৰুতি আছে৷ চৰিত পুথিমতে, এবাৰ শংকৰদেৱে মাধবদেৱ আৰু আন ভকতসকলৰ সৈতে নাৱেৰে ভটিয়াই যাওঁতে সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এটি বালিচৰ দেখি নাও ৰখাবলৈ কৈ স্থানীয় লোকৰ পৰা ঠাইখনৰ নাম জানিবলৈ খোজাত ক’লে, “কহিলন্ত ইটো গ্ৰাম সুন্দৰী বোলয়’’৷ শংকৰদেৱে সুন্দৰী নাম কিয় হ’ল জানিব খোজাত ক’লে, “নৰকাসুৰে কন্যা নিলে ষোড়শ হাজাৰ৷ দশ পঞ্চ গ্ৰামে এক সুন্দৰী নপাইল৷ এহি গ্ৰাম মধ্যে দুই জনী কন্যা পাইলা৷ এহি হেতু ইটো গ্ৰাম সুন্দৰী বোলয়’’৷[2] গুৰু চৰিত কথা মতে, নৰকৰ সৈতে যুদ্ধ কৰিবলৈ যাওঁতে সত্যভামা সহিতে কৃষ্ণ তাতে কিছুসময় জিৰাইছিল৷ নৰকক বধ কৰি ওভোতাই অনা ষোল্ল হাজাৰ কন্যাৰ তিনিগৰাকীয়ে বাট হেৰুৱাই তাতে ৰ’ল৷ তেওঁলোকৰ পৰাই অসংখ্য সুন্দৰীৰ জন্ম হ’ল৷ (কৃষ্ণদেএ সত্যভামা সমে নৰকৰ যুদ্ধলৈ যাঞতে : জিৰাইছিল তম্ভি খানেক ধূলা পৈল : নৰক মূৰ বধি ষোল্ল হাজাৰ কন্যা : দ্বাৰকালৈ পঠাঞতে : ভাৰি পলাই বাট হৰাই ৰল তিনিজনা : তাৰে অংশে চাতে অনেক সুন্দৰী স্ত্ৰী হ’ল)৷[3] এনেকৈয়ে ঠাইখনৰ নাম সুন্দৰী হ’ল৷ কামৰূপী ভাষাত চাপৰিক “দিয়া’’ বোলে৷ সুন্দৰ দিয়া অৰ্থাৎ সুন্দৰ চাপৰিৰ পৰাই সুন্দৰীদিয়া নামটো হ’ল বুলি কোৱা হয়৷[2] কথিত আছে এই ঠাইৰ পানী, মাটি, বালি সকলো সুন্দৰ আছিল৷ সুন্দৰীদিয়া নামৰ চাৰি অৰ্থ; “জল সুন্দৰ, থল সুন্দৰ, বালি সুন্দৰ আৰু সুন্দৰী স্ত্ৰী’’[3] এই অৰ্থে গ্ৰামখনৰ নাম সুন্দৰী বা সুন্দৰীদিয়া হ’ল৷[4]

সত্ৰ স্থাপন

শংকৰদেৱে নাৱেৰে ভটিয়াই আহোঁতে পোৱা সুন্দৰ বলিচৰৰ বিষয়ে জানিব পাৰি মাধৱদেৱক “বোলন্ত শংকৰে থাকিবাৰ নয়৷ সুন্দৰীসকলে বশ্য কৰে পুৰুষক৷ নাযাবা বুলিয়া বাধিলন্ত মাধৱক’’ বুলি তাত নৰৈ নাওঁ চলাই আঁতৰি গৈছিল যদিও পিছত শংকৰদেৱৰ মৃত্যু হোৱাত গুৰুপত্নী কালিন্দ্ৰী আইৰ কথামতে মাধবদেৱে সুন্দৰীদিয়াত সত্ৰ স্থাপন কৰে৷ শংকৰদেৱৰ মৃত্যুৰ পিছত পাটবাউসীত গুৰুপত্নী কালিন্দ্ৰী আই আৰু গণককুছিত মাধবদেৱ আছিল৷ গণককুছিৰ পৰা মাধবদেৱে পাটবাউসীলৈ গৈ নিতৌ গুৰুপত্নীৰ খা-খবৰ লৈ থকাত দুই-এক চকুচৰহাই কুৎসা ৰটনা কৰিবলৈ প্ৰয়াস কৰাত মাধবদেৱে মনত দুখ পাই সেই ঠাই ত্যাগ কৰিবলৈ মানস কৰে৷ তেতিয়া কালিন্দ্ৰী আয়ে মাধবদেৱক সুন্দৰীত থাকিবলৈ পৰামৰ্শ দিয়ে যদিও গুৰুবাক্য লঙ্ঘন কৰিবলৈ ইচ্ছা নকৰি ক’লে, “সুন্দৰীলৈ গ’লে মোৰ গুৰুবাক্য নৰয়’’; তেতিয়া কালিন্দ্ৰী আয়ে ক’লে, “বাপু, মোৰ গোঁসাইকে আমাকে কেনে ৰূপে লৈছা’’? তেতিয়া মাধবদেৱে গুৰুপত্নীক “গুৰুৰ অৰ্ধ শৰীৰ বুলি মানি সেৱা কৰিছোঁ’’ বোলাত আয়ে মাধবদেৱক “তেনেহলে মোৰ গোসাএ বাধিছে : তাৰাৰ বাক্য শিৰত লৈ আমি বাধিচো : তুমি সুন্দৰীতে থাকাগৈ : এ গোসাএহে যিহক লাগি বাধি গৈচে : সি কোটি সুন্দৰীয়েও তোমাক দেখি চাৰখাৰ হব’’৷[3] ইয়াৰ পিছত মাধবদেৱে ১৫৭০ খৃষ্টাব্দত(১৪৯২ শক) সুন্দৰীদিয়াত সত্ৰ স্থাপন কৰে৷ সুন্দৰীদিয়াত থকা মাধবদেৱৰ ভগ্নী উৰ্বশীৰ ঘৰত কিছুদিন থাকি পিছত সেই ঠাইৰ চহকী ব্যক্তি খীৰা মৰলে দান দিয়া মাটিত মাধবদেৱে ঘৰ সাজি থাকিবলৈ লয়৷ মাধবদেৱ থাকিবলৈ লোৱা ঘৰটো “আদি ভিঠি’’ নামে আজিও পৰিচিত৷ শংকৰদেৱৰ মৃত্যুৰ পিছত মাধবদেৱে একক প্ৰচেষ্টাৰে স্থাপন কৰা সত্ৰসমূহৰ ভিতৰত সুন্দৰীদিয়াই প্ৰথম সত্ৰ৷[1]

বিৱৰণ

১৫৭০ চনতে স্থাপিত সুন্দৰীদিয়া সত্ৰ বৰপেটা সত্ৰৰ উত্তৰ-পূব কোণত বৰপেটা-ভবানীপুৰ পথত বৰপেটা সত্ৰৰ পৰা প্ৰায় তিনিকিলোমিটাৰ দূৰৈত অৱস্থিত৷ গোটেই সত্ৰখন পূবহাটী, পশ্চিমহাটী, উত্তৰ হাটী, দক্ষিণ হাটী, কলয়া হাটী আৰু আই গোঁসানীৰ ভকতৰ হাটী নামে ছয়খন হাটীত বিভক্ত৷ প্ৰত্যেক হাটীৰ নিৰ্বাচিত সদস্যৰ দ্বাৰা সত্ৰ পৰিচালনা সমিতি গঠন কৰা হয়৷ এই সমিতিত বংশানুক্ৰমিক হোৱা সত্ৰাধিকাৰ বা মেধি সভাপতি আৰু সমিতিয়ে গণতান্ত্ৰিক পৰম্পৰাৰে সত্ৰৰ উন্নয়নমূলক কাম সম্পন্ন কৰে৷[2]

আদি ভিঠি

সুন্দৰীদিয়ালৈ আহি মাধবদৱেে পোনতে বৈনায়েক ৰামদাসৰ ঘৰত থাকিবলৈ লয় যদিও পিছত খীৰা মৰল নামৰে ব্যক্তিৰ পুত্ৰ মাধব মৰলে দান কৰা মাটিত গৃহ সাজি থাকিবলৈ লয়৷ এই গৃহকে বৰ্তমান ’আদি ভিঠি’ নামে জনা যায়৷ ইয়াতেই মাধবদেৱে ভক্তি ৰত্নাৱলী গ্ৰন্থখন অনুবাদ কৰে৷[3] এই আদি ভিঠিৰ পৰাই মাধবদেৱে ভক্তিপ্ৰাণ মহিলাসকলক “আইসকল’’ বুলি সম্বোধন কৰিছিল আৰু তেতিয়াৰ পৰাই মহাপুৰুষীয়া সত্ৰসমূহত মহিলাসকলক ’আইসকল’ বোলা পৰম্পৰাত পৰিণত হয়৷[1]

কীৰ্তনঘৰ

কীৰ্তনঘৰ
সুন্দৰীদিয়া সত্ৰৰ ’মঠ’
ভাঁজঘৰ
দৌল গৃহ
জগমোহন গৃহ
কালিন্দী আইৰ গৃহ

আদি ভিঠিৰ পৰা ধৰ্মচৰ্চা কৰি থকা মাধবদেৱে পিছলৈ ভক্তৰ সংখ্যা বৃদ্ধি পোৱাত আহলবহল ঠাইৰ সন্ধান কৰাত খীৰা মৰলৰ পুত্ৰ মাধব মৰলে নিজৰ আস্তাবলটোকে নামঘৰ সাজিবলৈ দান দিয়ে৷ এই মাটিতেই পোনতে খেৰ-বাঁহেৰে সজা কীৰ্তনঘৰটো বৰ্তমান পকী কৰা হয়৷ মণিকূট বা ভাঁজঘৰকে ধৰি কীৰ্তনঘৰটোৰ দৈৰ্ঘ ১২০ হাত আৰু বহল ৪২ হাত৷ ইয়াৰ চালিখন টিনপাতৰ আৰু তিনিখন চালিৰে ত্ৰিভূজাকাৰ ৰূপত নিৰ্মিত৷ কীৰ্তনঘৰটিৰ ভিতৰলৈ সোমাবলৈ উত্তৰ আৰু পশ্চিম দিশে দুখন দুৱাৰ আৰু ভাঁজঘৰত সোমাবলৈ এখন দুৱাৰ আছে৷[1][2]

মঠ

স্বৰ্গদেৱ প্ৰমত্তসিংহৰ দিনত শিৱদৌলৰ আৰ্হিত কৰ্দৈশিৰীয়াকৈ সত্ৰৰ মঠটি ১৭৭১ শক (১৮৪৯ চন)ত নিৰ্মাণ কৰা হয়৷ মঠটোৰ চাৰিওফালে বাৰটাদৰিকণা মঠ আছে, যিকেইটা বাৰজন বৈষ্ণৱৰ প্ৰতীক বুলি গণ্য কৰা হয়৷ মঠৰ সম্মুখৰ “বুলনি ঘৰ’’ৰ বাহিৰৰ বেৰতো বাৰজন বৈষ্ণৱৰ প্ৰতিমূৰ্তি আছে৷ বুলনি ঘৰৰ সম্মুখৰ বেৰৰ শীৰ্ষৰ ফালে বিষ্ণুমূৰ্তি আৰু দুয়োকাষে জয়-বিজয়ৰ মূৰ্তি আছে৷ মঠটোৰ ঘেৰ ৬৬ হাত৷ বুলনি ঘৰটো ১৪×৮ বৰ্গ হাত, মূধচ ৭ হাত ওখ৷ মঠৰ গাটো থিয়কৈ চাৰিটা অংসত বিভক্ত: পাদ বা অধিষ্ঠান, জংঘা বা কঁকাল বা শৰীৰ বা বেৰ, কান্ধ বা গণ্ডী, শিখৰ বা মস্তক৷ আদিতে নিৰ্মিত মঠটি ১৮৯৭ চনত প্ৰাকৃতিক কাৰণত প্ৰায় ১০ ফুটমান মাটিল তলত সোমাই যায় আৰু বেৰৰ মূৰ্তিসমূহৰ কিছু অংশহে দৃশ্যমান হৈ আছে৷[1][2][5]

গুৰু আসন

আদিতে সুন্দৰীদিয়া সত্ৰত গুৰু আসন এখন আছিল যদিও পৰৱৰ্তীকালত গুৰু আসন তিনিখন হয়৷ মাধৱদেৱ গুৰুজনাই স্থাপন কৰা কীৰ্তনঘৰত এখনেই গুৰু আসন আছিল আৰু তাৰ সম্মুখতে শৰণ দিয়াৰ ব্যৱস্থা আছিল৷ গুৰু আসনখন কাঠেৰে নিৰ্মিত আৰু ইয়াত সপ্ত বৈকুণ্ঠৰ প্ৰতীক কল্পনাৰে সাতটা বেদী আছে৷ শীৰ্ষৰ পৰা তললৈ বেদীসমূহ ক্ৰমান্বয়ে বহল৷ প্ৰতিটো বেদীৰ মূৰৰ অংশত কাছ, হাতী, সিংহ আৰু গৰুড়ৰ মূৰ্তি আছে৷ গুৰু আসনত সাঁচীপতীয়া কীৰ্তন ঘোষা, জন্ম ৰহস্য আৰু নামমালিকা পুথি দুখন আছে৷[1] সেৱক ভকতসকলে এই তিনি গুৰু আসনত শংকৰদেৱ, মাধবদেৱ আৰু পদ্ম আতা বা বদুলা আতাৰ বুলি মান্যতা দি আহিছে৷[4] সুন্দৰৰীদিয়া সত্ৰৰ বন্তি পূবমুৱাকৈ জ্বলোৱা হয়৷[5]

ভাঁজ ঘৰ

শংকৰদেৱ গুৰুজনাৰ সৃষ্টি ভাঁজ ঘৰ অসমৰ প্ৰায় সকলো সত্ৰৰ কীৰ্তনঘৰতে আছে৷ সুন্দৰীদিয়া সত্ৰৰো কীৰ্তনঘৰৰ অগ্ৰভাগত বা মূধত দীঘলীয়া ভাঁজঘৰ বা মণিকূট গৃহ অৱস্থিত৷ টিনৰ চালিৰে ধেনুভিৰীয়াকৈ এই ভাঁজ ঘৰ সজা হয়৷ ভাঁজ থাকে বাবেই ই ভাঁজ ঘৰ৷ ইয়াৰ ভিতৰত প্ৰৱেশ কৰিবলৈ এখনি দুৱাৰ থাকে৷[4] সুন্দৰীদিয়া সত্ৰৰ ভাঁজঘৰত কোচ ৰজা ৰঘুদেৱে দিয়া শিলৰ কৃষ্ণমূৰ্তি আৰু তৰুণ দুৱৰা ফুকনে দিয়া শিলৰ ৰাধা-কৃষ্ণৰ মূৰ্তি সংৰক্ষণ কৰা আছে৷[5] এই ভাঁজ ঘৰৰ ভিতৰত এটি পাটনাদ আছে৷ এই পাটনাদৰ পানীৰেই গোঁসাই ধুওৱা আৰু মাহ-প্ৰসাদ ধোৱা কাম কৰা হয়৷[1]

দৌল গৃহ

সত্ৰ স্থাপত্য কলাৰ আন এক প্ৰধান অংগ হৈছে দৌলগৃহ৷ সুন্দৰীদিয়া সত্ৰতো দৌলগৃহ আছে৷ বৰ্তমান ইয়াক ন-কৈ সজাই-পৰাই লোৱা হৈছে৷ সপ্ত বৈকুণ্ঠৰ কল্পনাৰে সাতটা বেদীৰ ওপৰত দৌল নিৰ্মাণ কৰা হৈছে৷ এই দৌলৰ চাৰিওফালে চাৰিখন দুৱাৰ আছে৷ ইয়াৰ ভিতৰত বংশীগোপালৰ চৌদোলা দুটা খুঁটিৰ ওপৰত ওলোমাই ৰখা হৈছে৷ খুঁটিৰ ওপৰত বিপৰীত মুৱাকৈ দুটা মগৰ আছে৷ দৌল উৎসৱৰ সময়ত সত্ৰাধিকাৰ আৰু ভকতসকলে চৌদোলাত বংশীগপালৰ মূৰ্তি প্ৰতিষ্ঠা কৰে৷[4]

জগমোহন ঘৰ

দৌলগৃহৰ সম্মুখত যোগমোহন গৃহ বা ঘৰ, যাক সভাঘৰ বুলিও জনা যায়৷ ইয়াত দৌলৰ দিনা বংশীগোপালৰ অধিবাস কৰাৰ লগতে নাম-কীৰ্তন কৰা হয়৷ এই সভাগৃহতে আন সময়ত নাট-ভাওনা আৰু সভা-সমিতি অনুষ্ঠিত কৰা হয়৷[4]

আই গোঁসানীৰ ভিঠি

সুন্দৰীদিয়া সত্ৰৰ কীৰ্তনঘৰৰ কাষতে শংকৰদেৱৰ ভাৰ্যা আই কালিন্দ্ৰী গোঁসানীৰ গৃহ যাক আই গোঁসানীৰ ভিঠি বুলি জনা যায়৷ শংকৰদেৱৰ মৃত্যুৰ পিছত কিছুদিন পাটবাউসীতে থকা কালিন্দ্ৰী আইৰ তত্ত্বাৱধান লোৱাত অসুবিধা হোৱা দেখি মাধবদেৱ আৰু আন ভকতসকলে আই গোঁসানীক সুন্দৰীদিয়া সত্ৰলৈ আনি থাপে৷ ইয়াতে প্ৰায় সাত কুৰি বছৰ বয়সত আই গোঁসানীৰ মৃত্যু হয়৷ আই গোঁসানীৰ গৃহটি মাধব মৰলৰ দিনৰ পৰাই তেওঁলোকৰ বংশধৰসকলে চোৱা-চিতা কৰি আহিছে আৰু ১৯৮০ চনত এই গৃহটি নতুনকৈ নিৰ্মাণ কৰি উলিওৱা হয়৷[2] ইয়াতে আই গোঁসানীৰ পাঁজিকটা পীৰা, চালপীৰাত খুঁটা, সোণৰ কেৰু আদি সংৰক্ষিত হৈ আছে৷[1]

পাটকুঁৱা

সত্ৰৰ কীৰ্তনঘৰৰ দক্ষিণ দিশত ভবানীপুৰীয়া গোপাল আতা আৰু মাধবদেৱে খন্দা পাতকুঁৱাটো এতিয়াও সংৰক্ষিত কৰি ৰখা হৈছে৷ ভকতসকলে এই কুঁৱাৰ পানী পৱিত্ৰ জ্ঞান কৰি মূৰত লয়৷[1][2]

কেৱলীয়া ভকতৰ বাহা

মাধবদেৱৰ সময়ত আতৈসকলৰ নামেৰে তেওঁলোক থকা গৃহসমূক বাহা বোলা হৈছিল৷ যেনে: শ্ৰীৰাম আতাৰ বাহা, কৃষ্ণ আতৈৰ বাহা, যদুমণি আতৈৰ বাহা, হৰিকৃষ্ণ আতাৰ বাহা আদি৷ পৰৱৰ্তীকালত কেৱল কেৱলীয়া বা উদাসীন ভকতসকলৰ বাবে “বাহা’’ৰ ব্যৱস্থা কৰা হৈছিল৷ সুন্দৰীদিয়া সত্ৰত উদাসীন ভকতৰ বাবে পাঁচখন বাহাৰ ব্যৱস্থা কৰা হৈছিল৷ এইবোৰক নামাকৰণ কৰা হৈছিল; দক্ষিণৰ বাহা, পূবৰ বাহা, বৰ বাহা, মাজৰ বাহা আৰু পশ্চিমৰ বাহা৷ প্ৰত্যেক বাহাতে দুজন ভকত থকাৰ ব্যৱস্থা আছিল৷ এজন গুৰু আনজন আলধৰা৷ গুৰুৰ মৃত্যু হ’লে আলধৰাই গুৰু হৈছিল আৰু নতুন আলধৰা নিযুক্ত হৈছিল৷ এই ভকতৰ বাহাসমূহ গীত, পদ, নাচ, নাট, ভটিমা, ঘোষা চৰ্চ্চাৰ কেন্দ্ৰবিন্দু হৈ থকাৰ উপৰি শৰণ ভজন দিয়াৰ কাম হৈছিল৷ আজিও বুঢ়াভকতে শৰণ ভজন দিয়া, চৰিত তোলা আদি কাম এই কেৱলীয়া ভকতৰ বাহাতেই সম্পন্ন কৰে৷[2][1]

সত্ৰৰ সম্পদ

১৬৬০ শকত স্বৰ্গদেৱ শিৱ সিংহই তামৰ ফলিত লিখি সুন্দৰীদিয়া সত্ৰক ২০ পুৰা মাটি দান কৰে৷ বৰ্তমান এই সত্ৰত ১০৩ বিঘা নিস্পিখেৰাজ মাটি আছে৷[5] কীৰ্তনঘৰ, মঠ, দৌলগৃহকে আদি কৰি বিভিন্ন গৃহৰ উপৰি সত্ৰৰ ভাঁজঘৰত মাধবদেৱে নিজহাতে লিখা নামঘোষা, ভক্তি-ৰত্নাৱলী, শংকৰদেৱৰ আদি দশম, অষ্টম স্কন্ধ ভাগৱতকে ধৰি প্ৰায় ৭৫খন সাঁচিপতীয়া পুথি সংৰক্ষিত হৈ আছে৷ ইয়াৰে কিছুমান বিজ্ঞানসন্মতভাৱে সংৰক্ষণ নকৰাৰ ফলত নষ্ট হ’বলৈ ধৰা দেখা গৈছে৷ তদুপৰি পতলৰ গুৰু আসন, বৰচৰিয়া, বৰঠগী, পদশিলা, সহস্ৰগছা, কণ্ঠহাৰ, বংশীগোপালৰ মূৰ্তি আদি সম্পদ সংৰক্ষিত হৈ আছে৷[1][4]

পুথিভঁৰাল

মাধবদেৱৰ দিনতেই সুন্দৰীদিয়া সত্ৰত গ্ৰাম্য পুথিভঁৰালৰ ধাৰণাই গা কৰি উঠিছিল৷ মাধবদেৱৰ দিনৰ পৰাই দুজনা গুৰু আৰু আন আন আতা-আতৈসৱৰ ৰচিত বহু আপুৰুগীয়া সাঁচিপাতত লিখা পুথি সত্ৰত সংৰক্ষিত হৈ আছে৷[4]মাধবদেৱে সত্ৰত বিভিন্ন পুথি-পাঁজিসমূহ ভকতসকলৰ সৈতে নিতৌ চৰ্চা কৰাৰ ব্যৱস্থা কৰিছিল৷ কালিন্দী আই পাটবাউসী সত্ৰৰ পৰা সুন্দৰীদিয়ালৈ আহোঁতে শংকৰদেৱে লিখা পুথি-পাঁজিসমূহৰ বহুখিনি লৈ আহিছিল আৰু ৰামচৰণ ঠাকুৰদেৱে সেইবোৰ সংৰক্ষণ কৰি ৰাখিছিল৷ মাধবদেৱৰ দিনৰ পৰাই সত্ৰত পুৰুষানুক্ৰমে পুথি সংৰক্ষণ আৰু সংবৰ্ধন কৰাৰ পৰম্পৰা চলি আছে৷ ১৯১৪ চনত সত্ৰৰ কীৰ্তনঘৰৰ চৌহদত “মাধবদেৱ পুথিভঁৰাল’’ স্থাপন কৰা হয়৷ শতবৰ্ষ অতিক্ৰম কৰা এই পুথিভঁৰাল এতিয়াও চলি আছে৷ “মাধবদেৱ পুথিভঁৰাল’’ প্ৰতিষ্ঠাৰ বছৰতে পদ্মনাথ বৰুৱাৰ উদ্যোগত হাতে লিখা আলোচনী “সাধক’’ প্ৰকাশ কৰা হৈছিল৷[6]

যোগাযোগ

সুন্দৰীদিয়া সত্ৰলৈ যাতায়াতৰ বাবে কেৱল পথ পৰিবহনৰ ব্যৱস্থা আছে৷ বৰপেটা চহৰৰ পৰা কয়াকুছি-ভবানীপুৰলৈ যোৱা পথেৰে দুই কিলোমিটাৰ আগুৱাই গ’লেই সত্ৰ পোৱা যায়৷ সেইদৰে কয়াকুছি-ভবানীপুৰৰ পৰাও বিভিন্ন যাত্ৰীবাহী বাহনত উঠি সুন্দৰীদিয়া সত্ৰ পাব পাৰি৷ পথটি বিভিন্ন যান-বাহনৰ যাতায়াতৰ বাবে সুগম৷

তথ্য সূত্ৰ

  1. 1.00 1.01 1.02 1.03 1.04 1.05 1.06 1.07 1.08 1.09 1.10 পাঠক, ৰাতুল (সম্পাদক) (২০০৮). সচিত্ৰ সুন্দৰীদিয়া সত্ৰ. সুন্দৰীদিয়া সত্ৰ পৰিচালনা সমিতি. 
  2. 2.0 2.1 2.2 2.3 2.4 2.5 2.6 2.7 তালুকদাৰ, গোবিন্দ (১৯৯৬). সুন্দৰীদিয়া সত্ৰৰ ইতিবৃত্ত. প্ৰভাৱতী গ্ৰন্থাগাৰ. 
  3. 3.0 3.1 3.2 3.3 নেওগ, মহেশ্বৰ(সম্পা:) (১৯৮৬). গুৰু চৰিত কথা. লয়াৰ্ছ বুক ষ্টল. পৃষ্ঠা. ১৯৫. 
  4. 4.0 4.1 4.2 4.3 4.4 4.5 4.6 সত্ৰ পৰিচালনা সমিতি (২০১৭). সুন্দৰীদিয়া সত্ৰ আৰু ঐতিহ্য : এটি বিহঙ্গম দৃষ্টি. সুন্দৰীদিয়া সত্ৰ পৰিচালনা সমিতি. 
  5. 5.0 5.1 5.2 5.3 ৰাজকুমাৰ, ৺সৰ্বানন্দ (২০০০). ইতিহাসে সোঁৱৰা ছশটা বছৰ. বনলতা. পৃষ্ঠা. ৩৫০. ISBN 81-7339-308-7. 
  6. পাঠক, ড° ৰাতুল (২০১৭). "সাধক". স্মৃতিগ্ৰন্থ, শ্ৰীশ্ৰীমাধবদেৱ পুথিভঁৰালৰ শতবাৰ্ষিকী মহোৎসৱ: ৪০. 

 

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia