সিৰমৌৰী ভাষাৰ নিজা লিপি সিৰমৌৰী লিপি[5] এই লিপিক ইউনিকোডত অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ ইতিমধ্যে বিবেচনাধীন।[6] স্থানীয়ভাৱে এই লিপিক ধনকাৰী বুলিও জনা হয়। তদুপৰি, জ্যোতিষীসকলেপবূচী নামৰ এটি লিপিত এই ভাষা লিখিছিল।
স্থিতি
সিৰমৌৰী ভাষাক প্ৰায় পাহাড়ী বা হিমাচলীও আখ্যা দিয়া হয়। এই ভাষাৰ কোনো আনুষ্ঠানিক স্বীকৃতি নাই আৰু ইয়াক হিন্দী ভাষাৰ উপভাষা হিচাপে নথিভুক্ত কৰা হয়।[7]ইউনেস্ক'ই এই ভাষাক 'বিষমভাৱে লুপ্তপ্ৰায়' শাখাত ৰাখিছে, যাৰ অৰ্থ প্ৰায় এই ভাষা কোৱা আটাইতকৈ কম বয়সীয়া লোকো বৰ্তমানে ককাক বা আইতাক, আৰু তেওঁলোকেও এই ভাষা কেতিয়াবা কেতিয়াবাহে বা অংশিকভাৱেহে কয়। ইয়াৰ এটা কাৰণ এই বুলিও ধৰা হৈছে যে ভাৰত চৰকাৰে হিন্দী ভাষাক অধিক প্ৰাধান্য প্ৰদান কৰে।
২০১০ চনত হিমাচল প্ৰদেশৰ বিধান সভাই ভাৰতৰ সংবিধানৰ অষ্ট অনুসূচীত 'পাহাড়ী (হিমাচলী) অন্তৰ্ভুক্ত কৰাৰ দাবী তুলিছিল।[8] ই হিমাচল প্ৰদেশৰ বিভিন্ন ভাষাক একেলগে প্ৰতিনিধিত্ব কৰাৰ উদ্দেশ্য ৰখা হৈছিল। পিচে তাৰ পাছত এই দিশে কোনো প্ৰগতি দেখা হোৱা নাই, যদিও অনেক সৰু সৰু সংগঠনে এই ভাষা ৰক্ষা কৰিবলৈ প্ৰচেষ্টা চলাই আহিছে।[9] ৰাজনৈতিক কাৰণত বৰ্তমানে সিৰমৌৰী ভাষাক হিন্দী ভাষাৰ উপভাষা হিচাপে নথিভুক্ত কৰা হয়, যদিও এই দুই ভাষা কোৱা লোকে ইজনে সিজনক সহজে বুজিব নোৱাৰে।