সাধনা শিৱদাসানী
সাধনা শিৱদাসানী(ইংৰাজী: Sadhana Shivdasani; জন্ম: ২ ছেপ্টেম্বৰ ১৯৪১ – মৃত্যু: ২৫ ডিচেম্বৰ ২০১৫),[1] যি কেৱল সাধনা নামেৰে জনাজাত, হিন্দী ছবিত কাম কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী। ভাৰতীয় চিনেমাৰ অন্যতম শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপে মান্যতা দিয়া সাধনাই তেওঁৰ মোহময়ী সৌন্দৰ্য আৰু প্ৰচলিত ফেশ্বন ষ্টেটমেণ্টৰ বাবে বিখ্যাত আছিল। ১৯৬০ চনৰ মাজভাগত ৰাজ খোছলাৰ পৰিচালনাত নিৰ্মিত ছাচপেন্স থ্ৰিলাৰ ট্ৰাইল’জী ছবিত "মিষ্ট্ৰী গাৰ্ল" হিচাপে কাম কৰাৰ বাবে তেওঁ জনপ্ৰিয়ভাৱে "দ্য মিষ্ট্ৰী গাৰ্ল" বুলি জনা গৈছিল।[2][3] কৰাচীত জন্মগ্ৰহণ কৰা সাধনা আৰু তেওঁৰ পৰিয়ালে ভাৰত বিভাজনৰ সময়ত সাধনাৰ ৭ বছৰ বয়সত বম্বেলৈ প্ৰব্ৰজন কৰে। শ্ৰী ৪২০(১৯৫৫) ছবিখনত অসাধাৰণ অভিনয় কৰাৰ পিছত সাধনা পৰিচালক শশধৰ মুখাৰ্জীৰ আশ্ৰিতা হৈ পৰে, যিয়ে তেওঁক লাভ ইন চিমলা(১৯৬০) ছবিত অভিনয় কৰাইছিল, য'ত তেওঁৰ বিশেষ স্বকীয় চুলিৰ ষ্টাইলে উন্মাদনাৰ সৃষ্টি কৰিছিল আৰু ই "সাধনা কাট" নামেৰে পৰিচিত হৈছিল। এই সফলতাৰ পিছত সাধনাই - পৰখ (১৯৬০), হাম দোনো (১৯৬১), আচলি-নকলি (১৯৬২), এক মুছাফিৰ এক হাছিনা (১৯৬২), মেৰে মেহবুব (১৯৬৩), ৱহ কৌন থি?(১৯৬৪), আৰ্জু (১৯৬৫), ৱাকট (১৯৬৫), মেৰা ছায়া (১৯৬৬) আৰু অনিতা(১৯৬৭) আদি ছবিৰে নিজকে এগৰাকী আগশাৰীৰ অভিনেত্ৰী হিচাপে প্ৰতিষ্ঠা কৰে।।[4][5] ষাঠিৰ দশকৰ শেষৰ ফালে হাইপাৰথাইৰয়ডিজমৰ বাবে সাধনাৰ স্বাস্থ্যৰ অৱনতি ঘটে, যাৰ বাবে তেওঁ কামৰ পৰা অলপ বিৰতি ল’বলৈ বাধ্য হয়। চিকিৎসাৰ বাবে তেওঁ বষ্টনলৈ যায় আৰু তাৰ পৰা উভতি আহি ১৯৬৯ চনত একেৰাহে বক্স অফিচত দুখন হিট ছবিত অভিনয় কৰে — এক ফুল দো মালী আৰু ইন্টেকাম। ১৯৭৪ চনত অভিনেত্ৰীগৰাকীয়ে ক্ৰাইম থ্ৰিলাৰ গীতা মেৰা নামৰ জৰিয়তে পৰিচালনাৰ আৰম্ভণি কৰে আৰু তাৰপিছত অভিনয় জগতৰ পৰা আঁতৰি যায়। তেওঁৰ সৰ্বশেষ কথাছবি আছিল, পলমকৈ মুক্তি পোৱা ছবি উলফট কি নই মঞ্জিলেঁ (১৯৯৪)। ২০০২ চনত আই আই এফ এৰ পৰা লাইফ-টাইম এচিভমেণ্ট বঁটা লাভ কৰে। সাধনাৰ বিবাহ হৈছিল তেওঁৰ লাভ ইন চিমলাৰ পৰিচালক আৰ.কে.নায়াৰৰ লগত, ১৯৬৬ চনৰ ৭ মাৰ্চত।[2] ২০১৫ চনৰ ২৪ ডিচেম্বৰত হিন্দুজা হাস্পতালত ভৰ্তি হোৱাৰ পিছত ২০১৫ চনৰ ২৫ ডিচেম্বৰত তেওঁৰ মৃত্যু হয়। প্ৰাৰম্ভিক জীৱন১৯৪১ চনৰ ২ ছেপ্টেম্বৰত ব্ৰিটিছ ভাৰতৰ কৰাচীৰ এটা সিন্ধী হিন্দু পৰিয়ালত অঞ্জলি শিৱদাসনী নামেৰে জন্মগ্ৰহণ কৰা সাধনা, পিতৃ-মাতৃ শিৱৰাম শিৱদাসানী আৰু লালী দেৱীৰ একমাত্ৰ সন্তান। কিন্তু দেউতাক বাংলা অভিনেত্ৰী-নৃত্যশিল্পী সাধনা বসুৰ বৰ অনুৰাগী হোৱাৰ বাবে ৫ বছৰ বয়সতে নিজ কন্যাৰ নাম সলনি কৰি সাধনা নামেৰে নামাকৰণ কৰে। তেওঁৰ পিতৃ অভিনেত্ৰী ববিতাৰ পিতৃ অভিনেতা হৰি শিৱদাসানীৰ জ্যেষ্ঠ ভাতৃ। ভাৰত বিভাজনৰ সময়ত কৰাচীৰ পৰা প্ৰব্ৰজন কৰি এই পৰিয়ালটোৱে বম্বে (বৰ্তমানৰ মুম্বাই)ত বসতি স্থাপন কৰিছিল। মাকে তেওঁক ৮ বছৰ বয়সলৈকে ঘৰতে পঢ়ুৱাইছিল, তাৰ পিছত তেওঁ ৱাডালাৰ অক্সিলিয়াম কনভেণ্ট স্কুলত অধ্যয়ন কৰিছিল। স্কুলীয়া শিক্ষাৰ পিছত জয় হিন্দ মহাবিদ্যালয়ত কলা ডিগ্ৰীৰ শিক্ষা গ্ৰহণ কৰিবলৈ যায়। কলেজীয়া দিনত তেওঁ কেইবাখনো নাটকত অভিনয় কৰিছিল যদিও যেতিয়া পৰিয়ালটোৱে জীৱন নিৰ্বাহ কৰিবলৈ যথেষ্ট অসুবিধা পাইছিল, তেতিয়া সাধনাই পৰিয়ালক আৰ্থিক সকাহ দিয়াৰ উদ্দেশ্যে কোলাবাত টাইপিষ্ট হিচাপে কাম কৰিবলৈ আৰম্ভ কৰিছিল। ৰাতিপুৱাৰ কলেজত পঢ়ি তেওঁ দিনটোৰ দ্বিতীয়াৰ্ধত কাম কৰিছিল। অৱশ্যে ডিগ্ৰী সম্পূৰ্ণ কৰিব নোৱাৰি পিছত ছবিত যোগদান কৰে। শৈশৱৰ পৰাই তেওঁ ছবি যোগে কেৰিয়াৰ গঢ়িবলৈ হেঁপাহ পুহি ৰাখিছিল আৰু তেওঁৰ প্ৰেৰণা আছিল অভিনেত্ৰী নুতন।[6] ইয়াৰ উপৰিও তেওঁ অভিনেতা দেৱ আনন্দৰ ডাঙৰ অনুৰাগী আছিল, যাৰ সৈতে তেওঁ হম দোনো (১৯৬১) আৰু আচলি-নকলি (১৯৬২) ছবিত কাম কৰিছিল। সাধনাই সৰুৰে পৰা অভিনেত্ৰী হোৱাৰ আকাংক্ষা পুহি ৰাখিছিল। ১৯৫৫ চনত ৰাজ কাপুৰৰ 'শ্ৰী ৪২০'ত "মূৰ মূৰ কে না দেখ মূৰ মূৰ কে" গীতটোত তেওঁ এগৰাকী কোৰাছ গাৰ্লৰ চৰিত্ৰত অভিনয় কৰে।[7] ১৫ বছৰ বয়সত কলেজৰ নাটকত কৰা অভিনয় দেখি কোনো প্ৰযোজকে তেওঁৰ কাষ চাপিছিল। তেওঁ ভাৰতৰ প্ৰথমখন সিন্ধী ছবি আবানা (১৯৫৮)ত অভিনয় কৰাইছিল, য’ত তেওঁ শীলা ৰমণীৰ কনিষ্ঠ ভগ্নীৰ চৰিত্ৰত অভিনয় কৰিছিল। এই চিনেমাখনৰ বাবে তেওঁক এটকা মাননি দিয়া হৈছিল। আবানা(১৯৫৮) ছবিখনৰ প্ৰচাৰমূলক শ্বুটিঙৰ সময়ত তোলা তেওঁৰ এখন ফটো পৰ্দানামৰ চিনেমা আলোচনীত প্ৰকাশ পাইছিল। তেতিয়াই সেই সময়ত হিন্দী চিনেমাৰ অন্যতম আগশাৰীৰ প্ৰযোজক শশধৰ মুখাৰ্জীৰ চকুত তেওঁ পৰিল। শশধৰৰ পুত্ৰ জয় মুখাৰ্জীৰ সৈতে মুখাৰ্জীৰ অভিনয় বিদ্যালয়ত যোগদান কৰে। ইয়াৰ পূৰ্বে কেইখনমান ছবিত সহকাৰী পৰিচালক হিচাপে কাম কৰা ৰাম কৃষ্ণ নায়াৰে এই ছবিখন পৰিচালনা কৰিছিল। তেওঁ ব্ৰিটিছ অভিনেত্ৰী আড্ৰে হেপবাৰ্নৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ ট্ৰেডমাৰ্ক লুকটোও সৃষ্টি কৰিছিল, যাক সাধনা কাট বুলি কোৱা হৈছিল।[7][8] এইদৰে ১৯৬০ চনত ফিল্মালয় প্ৰডাকচনে তেওঁলোকৰ ৰোমান্টিক ছবি লাভ ইন চিমলাত জয়, সাধনা আৰু তেওঁৰ আইকনিক হেয়াৰষ্টাইলৰ পৰিচয় দিয়ে। বক্স অফিচত হিট হিচাপে ঘোষণা কৰা এই ছবিখনে ১৯৬০ চনৰ শীৰ্ষ ১০ খন ছবিৰ ভিতৰত স্থান লাভ কৰে।[9] এই সময়ছোৱাত তেওঁ পুনৰ এক মুছাফিৰ এক হাছিনা'ত জয়ৰ বিপৰীতে একেখন বেনাৰত কাম কৰে।[10] অভিনয় জীৱনৰ শেষকালসাধনাৰ থাইৰয়ডৰ বাবে স্বাস্থ্যৰ সমস্যা হৈছিল, যাৰ বাবে তেওঁ বষ্টনত চিকিৎসা ল’ব লগা হৈছিল। আমেৰিকাৰ পৰা উভতি অহাৰ পিছত ইন্টেকাম (১৯৬৯), এক ফুল দো মালী (১৯৬৯), সচ্ছাই (১৯৬৯), দিল দৌলত দুনিয়া (১৯৭২) আৰু গীতা মেৰা নাম (১৯৭৪) নামৰ সফল চিনেমাত অভিনয় কৰে। ইন্টেকামত তেওঁ এগৰাকী মহিলাৰ চৰিত্ৰত অভিনয় কৰিছিল য’ত তেওঁক প্ৰতাৰণা কৰা নিজৰ ওপৰৱালাৰ পুত্ৰক মিছা অপৰাধত কাৰাগাৰৰ ভিতৰত থবৰ বাবে প্ৰতিশোধমূলকভাৱে প্ৰলোভিত কৰিছিল । ১৯৭৪ চনত তেওঁৰ পৰিচালনাৰে নিজা উদ্যোগৰ গীতা মেৰা নাম মুক্তি পায়। স্বামীয়ে প্ৰযোজনা কৰা এই ছবিখনত সুনীল দত্ত আৰু ফিৰোজ খানৰ সৈতে মুখ্য অভিনেত্ৰীৰ চৰিত্ৰত নিজেই অভিনয় কৰিছিল। স্বতন্ত্ৰ নৃত্য পৰিচালক হিচাপে সৰোজ খানৰ প্ৰথমখন ছবিও আছিল এইখন। ছবিখনে বক্স অফিচত "গড় ব্যৱসায়"ৰ ওপৰত ব্যৱসায় কৰিছিল।[11] ইয়াৰ পিছত তেওঁ অভিনয়ৰ পৰা অৱসৰ লয়, কিয়নো তেওঁ পাৰ্শ্ব অভিনেত্ৰী হিচাপে কাম কৰিব বা সহ-চৰিত্ৰত অভিনয় কৰিব নিবিচাৰিছিল।[7] পিছলৈ তেওঁ স্বামীৰ সৈতে এটা প্ৰডাকচন কোম্পানী গঠন কৰে। ১৯৮৯ চনত ডিম্পল কাপাডিয়াই অভিনয় কৰা পতি পাৰমেশ্বৰ নামৰ চিনেমাও প্ৰযোজনা কৰে।[12] তথ্য সূত্ৰ
|
Portal di Ensiklopedia Dunia