সমৰ্পিত আৰু বিজিত প্ৰদেশ

সমৰ্পিত আৰু বিজিত প্ৰদেশ
Ceded and Conquered Provinces
অঞ্চল of ভাৰতৰ ব্ৰিটিছ সাম্ৰাজ্য
১৮০৫–১৯৩৪
ৰাজধানীআগ্ৰা
Area 
• ১৮৩৫ (?)
৯৪৭৯ বৰ্গ কি.মি.
জনসংখ্যা 
• ১৮৩৫ (?)
৪৫ লাখ
ইতিহাস 
• Established
১৮০৫
• Disestablished
১৯৩৪
পূৰ্বৱৰ্তী
পৰৱৰ্তী
মোগল সাম্ৰাজ্য
মাৰাঠা সাম্ৰাজ্য
আগ্ৰা প্ৰেচিডেঞ্চি
উত্তৰ-পশ্চিম প্ৰদেশ
Today part ofবৰ্তমান যাৰ অংশ
উত্তৰ প্ৰদেশ
উত্তৰাখণ্ড
দিল্লী
চিত্ৰ:SitaRam1814AllahabadTamarindTree.jpg
"এলাহাবাদত এডাল তেতেলী গছ", পানী ৰং (১৮১৪); সীতা ৰামৰ দ্বাৰা অংকিত, যিগৰাকী শিল্পীয়ে ভাৰতৰ গৱৰ্ণৰ জেনেৰেল লৰ্ড মইৰাৰ সৈতে কলিকতাৰ পৰা সমৰ্পিত আৰু বিজিত প্ৰদেশৰ মাজেৰে দিল্লীলৈ যাত্ৰা কৰিছিল।
চিত্ৰ:Ceded Conquered Provinces details.jpg
পৰৱৰ্তী কালৰ (১৯০৮) এখন বিশদ মানচিত্ৰ, য’ত আগ্ৰা আৰু অৱধ সংযুক্ত প্ৰদেশৰ মানচিত্ৰত “সমৰ্পিত আৰু বিজিত প্ৰদেশ”ক দেখুওৱা হৈছে।
১৯০৮ চনৰ পঞ্জাৱ (ব্ৰিটিছ ভাৰত)ৰ মানচিত্ৰত দেখুওৱা "দিল্লী টেৰিটৰী" যি সমৰ্পিত আৰু বিজিত প্ৰদেশ ৰ এটা অংশ আছিল।

সমৰ্পিত আৰু বিজিত প্ৰদেশ (ইংৰাজী: The Ceded and Conquered Provinces) হৈছে চনৰ পৰা ১৮৩৪ চনলৈকে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে শাসন কৰা উত্তৰ ভাৰতৰ এটা অঞ্চল।[1] ই অধুনা ভাৰতীয় প্ৰজাতন্ত্ৰৰ অৱধৰ লক্ষ্ণৌ আৰু ফৈজাবাদ সংমণ্ডল বাদি দি উত্তৰ প্ৰদেশ ৰাজ্য়ৰ প্ৰায় সমস্ত অঞ্চল আৰু দিল্লীৰ ভূখণ্ডক লৈ গঠিত হৈছিল। ১৮১৬ চনৰ পিছত কুমাওঁ সংমণ্ডল আৰু লগতে উত্তৰাখণ্ড ৰাজ্যৰ গড়ৱাল সংমণ্ডলৰ এটা বৃহৎ অংশ অন্তৰ্ভুক্ত কৰা হৈছিল।[2] ১৮৩৬ চনত এই অঞ্চলটো উত্তৰ-পশ্চিম প্ৰদেশলৈ (এজন লেফটেনেণ্ট-গৱৰ্ণৰৰ অধীনত) আৰু ১৯০৪ চনত আগ্ৰা আৰু অৱধ সংযুক্ত প্ৰদেশৰ অন্তৰ্গত আগ্ৰা প্ৰদেশত পৰিণত হয়।[1]

সমৰ্পিত প্ৰদেশ

উনবিংশ শতিকাৰ আৰম্ভণিতে কেৱল বেনাৰস সংমণ্ডল আৰু বৰ্তমানৰ উত্তৰ প্ৰদেশৰ এলাহাবাদৰ দুৰ্গটোহে ব্ৰিটিছ শাসনৰ অধীনত আছিল। ১৮০১ চনত আহমদ শ্বাহ দুৰানীৰ নাতি জামান শ্বাহ দুৰানীৰ উত্তৰ-পশ্চিমৰ পৰা হোৱা আক্ৰমণ ৰোধ কৰিবলৈ অৱধৰ নবাব সাদাত আলীয়ে অৱধৰ কিছু অঞ্চল ব্ৰিটিছৰ হাতত অৰ্পণ কৰে। এই অঞ্চলসমূহৰ ভিতৰত আছিল গোৰখপুৰ আৰু ৰোহিলখণ্ড, এলাহাবাদ, ফতেহপুৰ, কানপুৰ, ইটাৱা, মৈনপুৰী, ইটা জিলা; মিৰ্জাপুৰ জিলাৰ দক্ষিণ অংশ আৰু কুমাওঁৰ "তেৰাই" পৰগনা। এই অঞ্চলটোক "সমৰ্পিত প্ৰদেশ" বুলি জনা যায়। এবছৰ পিছত ফাৰুকাবাদৰ নবাবে ফাৰুকাবাদ জিলাখনকো ব্ৰিটিছৰ হাতত সমৰ্পন কৰে।[1]

বিজিত প্ৰদেশ

দ্বিতীয় ইংগ-মাৰাঠা যুদ্ধৰ সময়ত জেনেৰেল লেকে মিৰাট সংমণ্ডল (আলিগড় যুদ্ধৰ পিছত আলিগড়কে ধৰি) আৰু অনতিবিলম্বে আগ্ৰা সংমণ্ডলৰ বাকী অংশ (আগ্ৰা চহৰকে ধৰি) আৰু দিল্লীৰ আশে-পাশে থকা জিলাসমূহ জয় কৰে। তাৰ লগতে বান্দা আৰু হামিৰপুৰৰ “যমুনোত্তোৰ জিলাসমূহো সংযোজিত হয়। জালাওঁ জিলাৰ এটা সৰু অংশও ইয়াৰ লগত সংযোজন কৰা হৈছিল।[1]

১৮১৬ চনত চুগাউলী সন্ধি স্বাক্ষৰিত হোৱাৰ লগে লগে ইংগ-নেপাল যুদ্ধৰ (১৮১৪-১৮১৬) অন্ত পৰে। এই সময়ত বৰ্তমানৰ উত্তৰাখণ্ডৰ কুমাওঁ সংমণ্ডল আৰু দেৰাদুন জিলা অন্তৰ্ভুক্ত কৰা হৈছিল।[1]

প্ৰশাসন

ব্ৰিটিছ ভাৰতত কোম্পানীৰ শাসনকালত "সমৰ্পিত আৰু বিজয়ী প্ৰদেশ" বেংগল প্ৰেচিডেঞ্চিৰ এটা অংশ আছিল।[1] নতুনকৈ জয় কৰা ভূখণ্ডৰ পৰা প্ৰেচিডেঞ্চিৰ ৰাজধানী কলকাতালৈ দূৰত্ব অধিক হোৱাত প্ৰশাসনিক কামকাজত বিপত্তি আহিছিল।[3] ইয়াৰ বাবে কিছুমান অস্থায়ী ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। কিন্তু ই কাৰ্যকৰ নোহোৱাত ১৮৩১ চনত এই অঞ্চলৰ বাবে এখন স্বতন্ত্ৰ ৰাজহ ব'ৰ্ড আৰু পৃথক সদৰ দেৱানী আৰু নিজামত আদালত (মুখ্য দেৱানী আৰু ফৌজদাৰী আদালত) গঠন কৰা হয়।[3] ১৮৩৩ চনত ব্ৰিটিছ সংসদে এখন আইন গৃহীত কৰে। এই আইনখনৰ যোগেদি "সমৰ্পিত আৰু বিজয়ী প্ৰদেশ" সমূহক লৈ আগ্ৰা প্ৰেচিডেঞ্চিৰ সৃষ্টি কৰা হৈছিল। নতুন প্ৰেচিডেঞ্চিৰ বাবে এজন নতুন গৱৰ্ণৰো নিযুক্তি দিয়া হয়।[3] কিন্তু এই পৰিকল্পনা কাৰ্যকৰী নহ'ল। গতিকে ১৮৩৫ চনত ব্ৰিটিছ সংসদে আন এখন আইন গৃহীত কৰি সেই অঞ্চলটোক উত্তৰ-পশ্চিম প্ৰদেশ হিচাপে নিৰ্ধাৰণ কৰি প্ৰদেশখনৰ বাবে লেফটেনেণ্ট গৱৰ্ণৰৰ পদ সৃষ্টি কৰে। ১৮৩৬ চনত প্ৰথম লেফটেনেণ্ট গৱৰ্ণৰ চাৰ্লছ মেটকাফ নিযুক্তি দিয়া হয়।[3]

লগতে চাওক

টোকা

তথ্যউৎস

  1. 1.0 1.1 1.2 1.3 1.4 1.5 Imperial Gazetteer of India vol. XXIV 1908, পৃষ্ঠা 158
  2. It included the districts of Chamoli, Pauri, Dehradun, and Rudraprayag in present-day Garhwal division of Uttarakhand state; the Haridwar district of Uttarakhand had become a part of the Ceded and Conquered Provinces in 1805. The two remaining districts, Tehri Garhwal and Uttarkashi, of present-day Garhwal division of Uttarakhand state were part of the princely state of Tehri, and never a part of the Ceded and Conquered Provinces.
  3. 3.0 3.1 3.2 3.3 Imperial Gazetteer of India vol. V 1908, পৃষ্ঠা 72

গ্ৰন্থপঞ্জী

  • Alavi, Seema (1993), "The makings of Company power: James Skinner in the Ceded and Conquered Provinces, 1802–1840", Indian Economic and Social History Review খণ্ড 30 (4): 437–466, doi:10.1177/001946469303000403 
  • Bayly, C. A. (2002), Rulers, Townsmen, and Bazaars: North Indian Society in the Age of British Expansion 1770–1870, Delhi: Oxford University Press. Pp. 530, ISBN 0-19-566345-4 
  • Imperial Gazetteer of India vol. V (1908), Abāzai to Arcot ("Agra Province" pp. 71–72), Published under the authority of His Majesty's Secretary of State for India in Council, Oxford at the Clarendon Press. Pp. viii, 1 map, 437. 
  • Imperial Gazetteer of India vol. XXIV (1908), Travancore to Zīra ("United Provinces" pp. 132–276), Published under the authority of His Majesty's Secretary of State for India in Council, Oxford at the Clarendon Press. Pp. vi, 1 map, 437. 
  • Mann, Michael (1995), "A permanent settlement for the Ceded and Conquered provinces: Revenue administration in north India, 1801-1833", Indian Economic and Social History Review খণ্ড 32 (2): 245–269, doi:10.1177/001946469503200205