মাৰাঠা সাম্ৰাজ্য
মাৰাঠা সাম্ৰাজ্য (Marathi : मराठा साम्राज्य) সোতৰ শতিকাৰ পৰা ঊনবিংশ শতিকাৰ আৰম্ভণিলৈকে (১৬৭৪ - ১৮১৮) সমগ্ৰ ভাৰতবৰ্ষৰ অধিকাংশ অঞ্চলতে বিদ্যমান এক ঐতিহাসিক সাম্ৰাজ্য। ইয়াৰ প্ৰতিষ্ঠাপক আছিল ছাত্ৰপতি শিৱাজী ৷ মোগল সম্ৰাট ঔৰংজেবৰ মৃত্যুৰ পিছত পেশ্বৱাৰ অধীনত মাৰাঠা সাম্ৰাজ্য বহুগুণে সম্প্ৰসাৰিত হয়।বিস্তাৰৰ সৰ্বোচ্চ সময়ত ই উত্তৰত পেশোৱাৰৰ পৰা দক্ষিণ ভাৰতৰ তামিলনাডুলৈকে বিস্তৃত আছিল। মোগল সাম্ৰাজ্যৰ পতনৰ পিছত মাৰাঠা সাম্ৰাজ্যক ভাৰতৰ শেষ হিন্দু সাম্ৰাজ্য বুলি গণ্য কৰা হৈছিল। ১৭৬১ চনত পানীপথৰ তৃতীয় যুদ্ধত মাৰাঠাসকল পৰাজিত হয়, যাৰ ফলত তেওঁলোকৰ সাম্ৰাজ্যৰ উত্তৰ দিশলৈ সম্প্ৰসাৰণ বন্ধ হৈ পৰে। ফলত উত্তৰ ভাৰতে কাৰ্যতঃ কিছু সময়ৰ বাবে মাৰাঠা সাম্ৰাজ্য এৰিলে। কিন্তু ১৭৭০ চনত উত্তৰ ভাৰত পুনৰ মাৰাঠা সাম্ৰাজ্যৰ অধীনলৈ আহে। পিছলৈ এজন সম্ৰাটৰ অধীনত কেন্দ্ৰীয়ভাৱে শাসন কৰাৰ পৰিৱৰ্তে পেশ্বৱাৰ অধীনত মাৰাঠা সাম্ৰাজ্য বিভাজিত হৈ কনফেডাৰেচন হিচাপে আত্মপ্ৰকাশ কৰে। ১৮১৮ চনৰ ভিতৰত মাৰাঠা সাম্ৰাজ্যই এংলো-মাৰাঠা যুদ্ধত ব্ৰিটিছৰ হাতত চূড়ান্ত পৰাজয়ৰ সন্মুখীন হয়। সাম্ৰাজ্যৰ এটা বৃহৎ অংশ স্থলপথত আবদ্ধ আছিল আৰু কানোজী আংৰেৰ দৰে এজন সক্ষম সেনাপতিৰ অধীনত শক্তিশালী নৌসেনাৰ দ্বাৰা সুৰক্ষিত আছিল। তেওঁ বিৰোধী বিশেষকৈ পৰ্তুগীজ আৰু ব্ৰিটিছৰ নৌসেনাৰ আক্ৰমণ সফলতাৰে প্ৰতিহত কৰিছিল। [3] মাৰাঠাসকলৰ সামৰিক ইতিহাসত দুৰ্গযুক্ত সাগৰীয় সীমা আৰু শক্তিশালী দুৰ্গসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তথ্যসূত্ৰ
|
Portal di Ensiklopedia Dunia