সমাসসমাস (ইংৰাজী: Compound Word) হৈছে পৰস্পৰ অৰ্থৰ সংগতি থকা বা পাৰস্পৰিক আৱশ্যকীয় অৰ্থৰ দুই বা ততোধিক পদ লগ লাগি এক হোৱা পদ।[1] বাক্য বা প্ৰকাশিত মনৰ ভাৱ চুটি বা সংক্ষেপ কৰাই ইয়াৰ উদ্দেশ্য। প্ৰকাৰসংস্কৃত ব্যাকৰণ মতে সমাসৰ সংখ্যা বেছি হ'লেও সংস্কৃত শব্দৰ ব্যৱহাৰ অধিক হোৱা বাবে অসমীয়াত প্ৰধানকৈ ছয়বিধ[2][3] সমাস আছে-
দ্বন্দ্ব সমাসদুটা বা ততোধিক সংজ্ঞা শব্দ নাইবা বিশেষণ শব্দৰ মাজৰ সংযোজক অব্যয় শব্দ লোপ কৰি সমাস কৰিলেই দ্বন্দ্ব সমাস বলে। ই তিনিবিধ - (ক) ইতৰেতৰ (খ) সমাহাৰ আৰু (গ) একশেষ দ্বন্দ্ব সমাস।[4][5] ইতৰেতৰ দ্বন্দ্ব সমাসসমাসৰ সমস্তপদ সমস্যমান পদবোৰৰ অৰ্থ স্পষ্ট হৈ থাকে বা অৰ্থ প্ৰধানভাবে থাকে তাকেই ইতনেতৰ সমাস বোলে। যেনে, ৰাম আৰু লক্ষ্মণ - ৰামলক্ষ্মণ, ধেনু আৰু শৰ ধেনুশৰ; উচ্চাৰণ সহজ সাধ্য কৰিবলৈ বা শ্ৰুতিমাধুৰ্যৰ বাবে এই সমাসত দীঘলীয়া পদটি সাধাৰণতে শেষৰ ফালে বহে। নাইবা প্ৰথম পদৰ শেষাংশ লোপ পায়। যেনে, ভাই আৰু ককাই—ভাইককাই, জয় আৰু পৰাজয় জয়পৰাজয়; আকৌ দুই বা ততোধিক বিশেষণ পদৰো সমাস হয়, যেনে— ভাল আৰু বেয়া ভালবেয়া, সাধু আৰু সন্ত- সাধুসন্ত ইত্যাদি। স্ত্ৰীলিংগ আৰু পুংলিংগ পদৰ সমাস হ'লে সাধাৰণতে স্ত্ৰীলিংগবাচক পদটো আগত বহে। যেনে, ৰাধা আৰু কৃষ্ণ— ৰাধাকৃষ্ণ, সাৱিত্ৰী আৰু সত্যবান- সাৱিত্ৰীসত্যৱান, জায়া আৰু পতি— দম্পতী, * জম্পতা, জায়াপতী (দম্পতী, জম্পতি বা জায়াপতি)। সমাহাৰ দ্বন্দ্ব সমাসযি দ্বন্দ্ব সমাসত অনেক সমাস হৈ ব্যস্ত পদবোৰৰ অৰ্থৰ উপৰিও অন্য অৰ্থ প্ৰকাশ কৰে তাকেই সমাহাৰ দ্বন্দ্ব বোলে। যেনে, 'কাঁহিবাটিয়ে কেৱল কাঁহী আৰু বাটিকেই বুজোৱা নাই কাঁহী, বাটি আৰু এই জাতীয় লোটা, ঘটী, কলহ আদিকো বুজায়। কিন্তু কেৱল কাঁহী আৰু বাটিকেই বুজালে ইতৰেতৰ দ্বন্দ্ব সমাস হ’ব। তেনেকৈ ‘আমকঁঠাল, আম-কঁঠালৰ বাৰী বুলিলে আম, কঁঠাল আৰু এই জাতীয় অন্যান্য ফলৰ বাৰীকেই বুজায়। তেনেকৈ তেলটেঙা, ভাতমাছ ইত্যাদি। নামধাতু বা তুমৰ্থক ক্ৰিয়াৰো সমাহাৰ দ্বন্দ্ব হয়। একশেষ দ্বন্দ্ব সমাসএকশেষ দ্বন্দ্ব সমাসত ব্যস্তপদবোৰৰ ভিতৰত কেৱল প্ৰথম ব্যস্তপদটোহে বহুবচন যুক্ত হৈ ব্যৱহাৰ হয়। বাকী ব্যস্তপদবোৰ লোপ পায়। এই দ্বন্দ্ব সমাসত কেইবাটাও শব্দৰ সলনি একেটি অৱশেষ থাকে আৰু সিয়ো বহুবচন যুক্ত হৈ ব্যৱহাৰ হয়। সেই বহু বচনযুক্ত পদটিয়ে আটাইবোৰ ব্যস্তপদকেই বুজায়, সেইবাবেই ই একশেষ দ্বন্দ্ব সমাস। যেনে- ৰাম, হৰি, যদু, মধু, আদি ‘ৰামহঁত’, পিতা, খুৰা আদি ‘পিতাহঁত’, ‘আহমেদ, আফান আদি 'ৰুস্তমহঁত, 'ৰংপি’ তেৰণ আদি ৰংপিহঁত। দ্বিগু সমাসদুই বা তাতোকৈ অধিক সংখ্যাবাচক শব্দৰ লগত অন্য শব্দ লগ হৈ সমাহাৰ বুজালে যি সমাস হয়, তাকে দ্বিগু সমাস বোলে।[6] উদাহৰণ:
দ্বিগু সমাসত কেতিয়াবা অ-কাৰন্ত পদৰ পিছত 'আ' বা 'ঈ' যোগ কৰা হয়। বহুব্ৰীহি সমাসযি সমাসত সমস্ত পদে ব্যস্ত পদবিলাকৰ ব্যুৎপত্তিগত অৰ্থ নুবুজাই আন কোনো বিশেষ অৰ্থহে বুজায়, তাকে বহুব্ৰীহি সমাস বোলে।[7] বহুব্ৰীহি সমাস তিনি প্ৰকাৰৰ-
সমানাধিকৰণ বহুব্ৰীহি সমাসসমস্যমান বিশেষ্য আৰু বিশেষণ পদ একে বিভক্তিত থাকি দুয়োটাৰে সংযোগত সিদ্ধ হোৱা বহুব্ৰীহি সমাসক সমানাধিকৰণ বহুব্ৰীহি সমাস বোলে। উদাহৰণ–
উক্ত উদাহৰণটোত সমস্যমান পদ বা ব্যস্ত পদ (পীত) বিশেষণৰ দৰে ব্যৱহাৰ হৈছে আৰু অম্বৰ (কাপোৰ) ৰ লগত তুলনা বুজাইছে। গতিকে ই সমানাধিকৰণ বহুব্ৰীহি সমাস। ব্যধিকৰণ বহুব্ৰীহি সমাসযি বহুব্ৰীহি সমাসত সমস্যমান পদে অধিকৰণ অৰ্থ প্ৰকাশ কৰে তাকেই ব্যধিকৰণ বহুব্ৰীহি সমাস বোলে। বহুব্ৰীহি ব্যধিকৰণ সমাসত সমস্যমান বিশেষ্য পদ দুটা একে বিভক্তিত নাথাকে আৰু এটা বিশেষ্য পদত সপ্তমী বিভক্তি যোগ হয়। উদাহৰণ–
ব্যতিহাৰ বহুব্ৰীহি সমাসপৰস্পৰ একে কাৰ্য বুজোৱা বহুব্ৰীহি সমাসক ব্যতিহাৰ সমাস বোলে। উদাহৰণ–
কৰ্মধাৰয় সমাসবিশেষণ আৰু বিশেষ্য পদত সমাস হৈ যদি বিশেষ্যৰ অৰ্থটো প্ৰধানভাৱে প্ৰতীয়মান হয় তাক কৰ্মধাৰয় সমাস বোলে। যেনে -
কৰ্মধায় সমাস দুবিধ -
মধ্যপদলোপী কৰ্মধাৰয় সমাসযি কৰ্মধাৰয় সমাসৰ ব্যাসবাক্য বা সমাস বাক্যৰ মধ্যস্থিত পদ লোপ পায় তাকে মধ্যপদলোপী কৰ্মধাৰয় সমাস বোলে। উদাহৰণ–
অন্ত্যপদলোপী কৰ্মধাৰয় সমাসযি কৰ্মধাৰয় সমাসৰ ব্যাস বাক্যৰ শেষ পদ লোপ পায় তাকে অন্ত্যপদলোপী কৰ্মধাৰয় সমাস বোলে। উদাহৰণ–
কৰ্মধাৰয় সমাসক তুলনা বা ৰিজনি অনুসৰি তিনি ভাগত ভাগ কৰিব পাৰি –
উপমান কৰ্মধাৰয় সমাসউপমানবাচক পদৰ সৈতে সাধাৰণ গুণবাচক পদ লগ হৈ সিদ্ধ হোৱা কৰ্মধাৰয় সমাসক উপমান কৰ্মধাৰয় সমাস বোলে। উদাহৰণ–
উপমিত কৰ্মধাৰয় সমাসউপমান আৰু উপমেয় পদৰ মাজত সাদৃশ্য কল্পনা কৰি সিদ্ধ হোৱা কৰ্মধাৰয় সমাসক উপমিত কৰ্মধাৰয় সমাস বোলে। উদাহৰণ–
ৰূপক কৰ্মধাৰয় সমাসউপমান আৰু উপমেয়ক অভেদ ৰূপে কল্পনা কৰি সিদ্ধ হোৱা কৰ্মধাৰয় সমাসক ৰূপক কৰ্মধাৰয় সমাস বোলে। উদাহৰণ -
তৎপুৰুষ সমাসযি সমাসত দুটা ব্যস্ত পদৰ প্ৰথম পদটো প্ৰথম বিভক্তিৰ বাহিৰে আন বিভক্তিত থাকে আৰু এই বিভক্তি লোপ হৈ সমাস হয় তাকে তৎপুৰুষ সমাস বোলে। উদাহৰণ -
তৎপুৰুষ সমাস ছয় প্ৰকাৰৰ:
দ্বিতীয়া তৎপুৰুষপ্ৰথম ব্যস্ত পদৰ দ্বিতীয়া বিভক্তি লোপ হৈ সিদ্ধ হোৱা সমাসক দ্বিতীয় তৎপুৰুষ সমাস বোলা হয়। উদাহৰণ–
তৃতীয়া তৎপুৰুষব্যস্ত পদ দুটাৰ প্ৰথমটো তৃতীয়া বিভক্তি লোপ হৈ সিদ্ধ হোৱা সমাসক তৃতীয়া তৎপুৰুষ সমাস বোলে। উদাহৰণ–
চতুৰ্থী তৎপুৰুষপ্ৰথম ব্যস্ত পদৰ চতুৰ্থী বিভক্তি লোপ হৈ সিদ্ধ হোৱা সমাসক চতুৰ্থী তৎপুৰুষ সমাস বোলে। উদাহৰণ–
পঞ্চমী তৎপুৰুষপ্ৰথম ব্যস্ত পদ দুটাৰ প্ৰথমটোৰ পঞ্চমী বিভক্তি লোপ হৈ সিদ্ধ হোৱা সমাসক পঞ্চমী তৎপুৰুষ সমাস বোলে। উদাহৰণ–
ষষ্ঠী তৎপুৰুষপ্ৰথম ব্যস্ত পদৰ ষষ্ঠী বিভক্তি লোপ হৈ হোৱা সমাসক ষষ্ঠী তৎপুৰুষ সমাস বোলে। উদাহৰণ–
সপ্তমী তৎপুৰুষব্যস্ত পদৰ সপ্তমী বিভক্তি লোপ হৈ সিদ্ধ হোৱা সমাসক সপ্তমী তৎপুৰুষ সমাস বোলে। উদাহৰণ–
ওপৰত আলোচনা কৰা ছয় প্ৰকাৰৰ তৎপুৰুষ সমাসৰ উপৰিও আৰু দুবিধ তৎপুৰুষ সমাস আছে। সেয়া হ'ল -
উপপদ তৎপৰুষ সমাসউপপদৰ সৈতে কৃদন্ত পদৰ সহযোগত সিদ্ধ হোৱা সমাসক উপপদ তৎপুৰুষ সমাস বোলে। উদাহৰণ–
নঞ্ তৎপুৰষ সমাসনিষেধ বা নঞ্ অৰ্থবোধক অব্যয়ৰ সৈতে বিশেষ্য বা বিশেষণ পদ লগলাগি সিদ্ধ হোৱা সমাসক নঞ্ তৎপুৰুষ সমাস বোলে। উদাহৰণ–
অব্যয়ীভাৱ সমাসযি সমাসত অব্যয়ৰ অৰ্থ প্ৰধানৰূপে প্ৰতীয়মান হয় আৰু পূৰ্বপদত অব্যয় থাকে তাক অব্যয়ীভাব সমাস বোলে। উদাহৰণ -
অব্যয়ীভাৱ সমাস তলত দিয়া ধৰণে বিভিন্ন অৰ্থত ভাগ কৰিব পাৰি - অভাৱ অৰ্থত
সমীপ্য অৰ্থত
পৰ্যন্ত অৰ্থত
বীপ্সা (পুনঃ পুনঃ) অৰ্থত
সাদৃশ্য অৰ্থত
উলংঘন অৰ্থত
যোগ্য অৰ্থত
পশ্চাৎ অৰ্থত
বিপৰীত অৰ্থত
বাহ্যিক সংযোগতথ্যসূত্ৰ
|
Portal di Ensiklopedia Dunia