শ্ৰীধৰ কন্দলি
শ্ৰীধৰ কন্দলি (ইংৰাজী: Shridhor kandali) উত্তৰ-শংকৰী যুগৰ অসমৰ এগৰাকী বৈষ্ণৱ সাহিত্যিক৷ এওঁ ১৬-১৭ শতিকাৰ বুলি অনুমান কৰা হয়৷ ৰচনাৰাজিশ্ৰীধৰ কন্দলিৰ দুখন গ্ৰন্থ হৈছে 'কাণখোৱা' আৰু কীৰ্তন-ঘোষাৰ অন্তৰ্গত 'ঘুনুচা-কীৰ্তন'। মহাভাৰতৰ “অশ্বমেধ পৰ্ব’’ও তেওঁ অসমীয়ালৈ অনুবাদ কৰিছিল৷ তদুপৰি “কানাই ধেমেলীয়া’’ নামৰ এখন হাস্য-ৰসাত্মক পুথিৰ ৰচক বুলিও জনা যায়৷[1] কাণখোৱাৰ বিষয়বস্তু শিশু কৃষ্ণ আৰু তেওঁক নিচুকাবলৈ মাতৃ যশোদাই কৰা কাৰ্য৷ নিচুকণি গীতৰ আৰ্হিত বিষ্ণুৰ অৱতাৰৰ লীলা-মাহাত্ম্য সৰল প্ৰাঞ্জল আৰু অভিনৱ ৰূপত কবিয়ে 'কাণখোৱা'ত প্ৰকাশ কৰিছে।[2] ঘুনুচা কীৰ্তনৰ বিষয়বস্তু, কৃষ্ণৰ ইন্দ্ৰদ্যুম্নৰ পত্নী গুণ্ডিচাৰ(ঘুনুচা)ঘৰলৈ যাত্ৰা আৰু সেই কথাত ৰুক্মিণীৰ ঈৰ্ষা আৰু কৃষ্ণৰ ওপৰত খং আৰু অভিমান৷ 'ঘুনুচা-কীৰ্তন'ৰ কাহিনী 'স্কন্দপুৰাণ'ৰ উৎকলখণ্ডৰ কাহিনীৰ আলম লৈ ৰচনা কৰিছে।[2]
তথ্যসূত্ৰ
|
Portal di Ensiklopedia Dunia